চুৰুণী নম্বৰ ৱান – ডলী তালুকদাৰ
ডলী ক্ৰিয়েচনৰ চতুৰ্থ নিবেদন
ছবি : চুৰুণী নম্বৰ ৱান
পৰিচালনা : ডলী তালুকদাৰ
কাহিনী, চিত্ৰনাট্য, সংলাপ,
প্ৰযোজনা, একচন, কৰিঅ’গ্ৰাফী : ডলী তালুকদাৰ
লাইট : হিতেশ বি বৰুৱা
কেমেৰা : দিম্পল কলিতা
শব্দযন্ত্ৰী : পাৰ্থপ্ৰতীম শৰ্মা
সঙ্গীত পৰিচালনা : হেমন্ত কাকতি
অভিনয়ত : বাৰ্বী পূন্নাগ, মনিকা শৰ্মা, পূৰ্ণাময়ী মেধী, কমলা দাস, চিত্ৰলেখা দেৱী, মন্দিৰা শৰ্মা, অভিজিত দত্ত, জিতু শৰ্মা, হৃষীকেশ ডেকা, টবিবৰ ৰহমান, অৰবিন্দ গোস্বামী।
আইটেম গাৰ্ল : মৌচুমী গগৈ
গ্ৰাফিক্স আৰু পোষ্টাৰ ডিজাইন : পৰশমনি শৰ্মা
১ম দৃশ্য
লাইট, কেমেৰা, একচন
কেমেৰাৰে প্ৰথমতে ফটাবাৰী পুলিচ ষ্টেচনৰ বেনাৰ দেখুওৱা হ’ব। লাহে লাহে কেমেৰাৰে ভিতৰলৈ দেখুওৱা হ’ব। ভিতৰত এখন টেবুলত চিপাহী কলিতাই (এই ৰ’লটো কৰিব টবিবাৰ ৰহমানে)এফ.আই.আৰ লিখি থাকে। সমুখত থিয় হৈ থাকে এজন লোক ৰসেশ্বৰ (এই চৰিত্ৰটো কৰিব জিতু শৰ্মা)। লক আপৰ ভিতৰত ইন্সপেক্টৰ অৰবিন্দ গোস্বামীয়ে এজন কয়েদীক সোধ পোছ কৰাৰ লগতে পিটন দিয়ে। কয়েদীৰ চিঞৰ বাহিৰত আহে। ৰসেশ্বৰ লাহে লাহে চিপাহী কলিতাৰ কাষলৈ আহে।
ৰসেশ্বৰ : ছাৰ মোৰ কেচটো কি হ’ল?
চিপাহী কলিতা : (তলমূৰকৈ লিখি থাকিয়েই) কোনটো কেচ।
ৰসেশ্বৰ : আও, কি কয়হে আপুনি? যোৱা এসপ্তাহ ধৰি আহি আছোঁ আৰু আপুনি কয় কোনটো কেচ? কিয় যোৱা সপ্তাহত যে মোৰ মাছ মৰা জালখন চুৰি হোৱা বুলি থানাত এজাহাৰ দিয়া নাছিলোঁ? পালে নে বিচাৰি?
কলিতা : অ’ সেইটো কথা? বিচাৰিম ৰ’ব। আগতে মেইন কেচটো চম্ভালি লওঁ।
ৰসেশ্বৰ : কি মেইন কেচ? মোৰ কেচটো সৰু নেকি? জানেনে জালখন নোহোৱাৰ পৰা কি অৱস্থা হৈছে? মোৰ মানুহজনীয়ে মাছ নহ’লে ভাতেই নাখায়।
কলিতা : কিনি আনি দিব বজাৰৰ পৰা! আপোনাৰ জালখনৰ পিছত থাকিলে নহ’ব নহয়৷ কিমান কাম আছে আমাৰ।
ৰসেশ্বৰ : মোৰ মানুহজনীয়ে ব্ৰহ্মপুত্ৰৰ জীয়া মাছহে খাই ভাল পায়। বজাৰৰ চালানী মাছ নাখায় বুজিছে? মোৰ জাল বিচাৰি দিয়ক।
কলিতা : আপুনি যাওক। আমি পালে খবৰ দিম। এনেয়ো আপোনাৰ পুৰণি জালখন নি কাৰ বা লাভ হ’ব ভগৱানে জানে!
ৰসেশ্বৰ : পুৰণি নক’ব! আপুনি জানেনে সেইখন……
এনেত ইন্সপেক্টৰ দত্ত (এই ৰ’লটো কৰিব অৰবিন্দ গোস্বামীয়ে)সোমাই আহে। ৰসেশ্বৰৰ কথা আধা কোৱা হয়। ইন্সপেক্টৰ দত্তক দেখি চিপাহী কলিতা থিয় হয়।
ইন্সপেক্টৰ দত্ত : কলিতা কিহৰ ইমান হাল্লা হৈ আছে? আপুনি দেখা নাই ভিতৰত মই কাম কৰি আছোঁ?
কলিতা : ছাৰ ময়ো কাম কৰিয়ে আছোঁ, কিন্তু এখতেহে বৰ দিচটাৰ্ব কৰি আছে।
ৰসেশ্বৰ : মইনো ক’ত দিগদাৰ দিলোঁ? নিজৰ দায়িত্ব কৰিছোঁ।
দত্তই ৰসেশ্বৰক তলৰ পৰা ওপৰলৈ চাই আৰু কয়
দত্ত : আপোনাক প্ৰায়ে দেখোঁ যে থানাত?
কলিতা : ছাৰ, এখেতে মাহত তিনি চাৰিবাৰ এজাহাৰ দিয়ে; সদায় তেখেতৰ ঘৰতহে চুৰ হয়। আজি যদি কুঠাৰ কাইলৈ কোৰখন পৰহিলৈ চিপৰাংখন। জেওৰাৰ খৰি চুৰ হ’লেও থানালৈ দৌৰে। আমাৰনো বেলেগ কাম নাইনে? আজি এসপ্তাহ আহিছে পুৰণি মাছ মৰা জালখন বিচাৰি।
ৰসেশ্বৰ : উৱ..আপোনালোক পুলিচবোৰ থাকোঁতে মইনো আনৰ ওচৰত কিয় যাম?
দত্ত : সেইবুলি সৰু সৰু কামতো দৌৰে! আপোনাৰ জেওৰাখন কোনোবাই নি খৰি খালে আপুনি পুলিচক বিচাৰিব দিলে কেনেকে হ’ব?
ৰসেশ্বৰ : পুৰণি নক’ব! ইমান পুৰণি নহয়। মোৰ স্মৃতি জড়িত হৈ আছে। মোৰ ককাৰ দেউতাকৰ দিনৰে জাল সেইখন। আৰু চুৰিৰ কি সৰু ডাঙৰ আছে! ডাঙৰ বস্তু নিলেও চুৰ কৰা আৰু সৰু বস্তু নিলেও চুৰ কৰা।
ইন্সপেক্টৰ দত্ত আৰু চিপাহীয়ে দুয়োৰে মুখলৈ চায়। এনেতে দত্তৰ মোবাইলত ফোন আহে। দত্তই কলিতাক কাষলৈ মাতি আনি কিবা কয় সৰুকৈ। ৰসেশ্বৰে শুনিবলৈ চেষ্টা কৰে।
২য় দৃশ্য
এটা আন্ধাৰ কোঠালিত একেলগে তিনিগৰাকী মহিলা ক্ৰমে ছোটি চৰ্দাৰনী(মন্দিৰা শৰ্মা), বেবী ডন(বাৰ্বী পূন্নাগ), মাজু চৰ্দাৰনী(চিত্ৰলেখা দেৱীয়ে) প্ৰবেশ কৰে। মন্দিৰা শৰ্মাই মম এডাল জ্বলাই কোঠাটো পোহৰ কৰে। চিত্ৰলেখা দেৱীয়ে হাতৰ পৰা টোপোলা এটা নমাই থয়।
সৰু চৰ্দাৰনী : মাজু চৰ্দাৰনী আজি বহুত দিনৰ মুৰত বড়া হাত মাৰিলোঁ। বহুত মজা লাগিল।
মাজু চৰ্দাৰনী : হা সৰু চৰ্দাৰণী। বহুত ভাল লাগিল। পুলিচৰ ঘৰত চুৰ কৰাৰ মজায়ে বেলেগ। কিন্তু এই নতুন ছোৱালীজনীক অলপ আৰু টেৰেইনিং দিব লাগিব। নহ’লে কেতিয়াবা বৰ বেয়াকে ফচিম।
বেবী ডন : মাজু চৰ্দাৰনী মোক শিকাই দিলে ভালকৈ শিকি ল’ম। চাই থাকিব এদিন মই এনেকুৱা এক্সপাৰ্ট চুৰুণী হ’ম আৰু আপোনালোকৰ নাম ৰৌশন কৰিম।
মাজু চৰ্দাৰনী : তই আমাৰ নাম উজলাব লাগিব। সেইকাৰণে তোক ইমান টেৰেইনিং দিছোঁ। ডন হ’ব লাগিব তই ডন। বেবী ডন।
লগে লগে বেকগ্ৰাউণ্ডত বাজি উঠিব “বেবী বেবী বেবী ডন…বেবী বেবী বেবী ডন”
ক্ল’জআপত বেবী ডনৰ চকুযুৰি দেখা যাব য’ত প্ৰচণ্ড খং, দুখ, প্ৰতিশোধৰ জুই জ্বলিব।
হঠাতে এটা শব্দ শুনা যাব বাহিৰত। মাজু চৰ্দাৰনীয়ে আঙুলিৰে মনে মনে থাকিবলৈ ঈঙ্গিত দিব। এনেতে দৰ্জাত হেঁচিব কোনোবাই। লগে লগে দৰ্জা খোল খাব আৰু বেৰত এটি ছায়া পৰিব। ছায়াটোৱে তিনিওকে উদ্দেশ্যি ক’ব “ৱেল ডান মাই গাৰ্লচ”তোমালোকে কৰি দেখুৱালা। চুৰি বিদ্যাৰ জয় হওক, চুৰুণীৰ ৰাজ হওক।
তিনিও একেলগে : চুৰুণীৰ ৰাজ হওক, চুৰি বিদ্যাৰ জয় হওক ডাঙৰ চৰ্দাৰনী।
ডাঙৰ চৰ্দাৰনী : তোমালোকে বহুত ভাল কাম কৰিছা আজি। কিন্তু বেবী ডনক অলপ আৰু ভালকৈ শিকাব লাগিব। আজি কোনোমতে বাচিলা তোমালোকে বেবীৰ কাৰণে। নহ’লে তাইৰ লোভৰ বাবে ধৰা পৰিলা হয়। আৰু বেবী কেতিয়াও চুৰ কৰিবলৈ গ’লে গৃহস্থনীৰ ড্ৰেছিং টেবুলৰ পৰা মেক আপ সনাত নালাগিবা। যদি গৃহস্থ সাৰ পালেহেঁতেন কি হ’লহেঁতেন ভাবিছিলানে?
বেবী ডন : মাফ কৰি দিয়ক ডাঙৰ চৰ্দাৰনী। আগলৈ কেতিয়াও এনে ভুল নহয়।
ডাঙৰ চৰ্দাৰনী : তুমি নতুন বাবে মাফ কৰিলোঁ এইবাৰলৈ। কিন্তু পুনৰ এনেকুৱা ভুল কৰিলে চাবা। তুমি তোমাৰ উদ্দেশ্য নাপাহৰিবা।
বেবী ডন : হ’ব চৰ্দাৰনী(সৰুকৈ)
ডাঙৰ চৰ্দাৰনী : মাজু চৰ্দাৰনী, সৰু চৰ্দাৰনী তোমালোকে বেবীক ভালকৈ প্ৰশিক্ষণ দিয়া চুৰি কৰাৰ লগতে নৃত্যৰ অনুশীলন কৰোৱা। ভাল ভাল আইটেম গান বাচি উলিওৱা। আৰু আইটেম নাচৰ ৰাণী মৌচুমীৰ ওচৰত নাচৰ প্ৰশিক্ষণ দিয়া। এইবাৰ এচ.পি.ৰ ঘৰত আমাৰ টাৰ্গেট। যিদিনালৈকে মই এচ.পিৰ ঘৰত চুৰি কৰিব নোৱাৰোঁ সিদিনালৈকে মোৰ প্ৰতিশোধ পুৰণ নহ’ব।
দুয়োগৰাকী চৰ্দাৰণীয়ে একেলগে : জী প্ৰধান চৰ্দাৰণী। আপুনি চিন্তা নকৰিব।
প্ৰধান চৰ্দাৰনী : চিন্তাৰ কাৰণ আছে। আমাৰ গুপ্তচৰৰ পৰা গম পাইছোঁ থানালৈ হেনো নতুন পুলিচ ইন্সপেক্টৰ এজন আহিব। আমাৰ চুৰুণী দলক ধৰিবলৈ। বহুত বাহাদুৰ হেনো। এতিয়ালৈ তেওঁ কোনো কেচতে হৰা নাই। কেইবাজনো হাঁহ চোৰ, ছাগলী চোৰ, চাইকেল চুৰক ধৰিছে। ল’ৰা ছোৱালী পলাই যোৱাও কেইবাজনক ধৰি মাক বাপেকক গটাই দিছে। গতিকে সাৱধান। সেইবাবে বেবীক ৰেডি কৰা তাক ফচাব লাগিব।
লগে লগে ছায়াটো আঁতৰি যায় আৰু কোঠাটো এন্ধাৰ হয়।
৩য় দৃশ্য
থানাৰ ভিতৰৰ চিন। ৰসেশ্বৰে গালে মুখে হাত দি কলিতা পুলিচক চাই আছে সমুখৰ বেঞ্চত বহি আছে। কলিতাই টেবুলত বহি কিবা কিবি ফাইল উলিয়াই চাই আছে। দত্ত পুলিচে লক আপত পকেটমাৰ এজনক পিটি আছে। কলিতাই মাজে মাজে ৰসেশ্বৰক চাই আৰু মুখখন ভেঙুৱাই দিয়ে। ৰসেশ্বৰে একেথৰে চাই থকাত খং উঠে।
কলিতা পুলিচ : কি চাই আছে হে এনেকৈ? কাম কৰিব দিয়ক মোক।
ৰসেশ্বৰ : চোৱা নাই! ভাবিছোঁহে।
কলিতা : কি ভাবিছে মোক চাই?
ৰসেশ্বৰ : ভাবিছোঁ! আপুনি বাউ কেনেকে চাকৰি পালে পুলিচত? একোটো কাম নাই।
কলিতা : কি ক’লে মোৰ কাম নাই? মনে মনে থাকক। মুখ চম্ভালি কথা ক’ব। একো কাম নোহোৱাকৈ মই থানাত আছোঁ নেকি আজি দহ বছৰে?
ৰসেশ্বৰ : তেনেহ’লে মোৰ মাছ মৰা জালখন আজিলৈকে বিচাৰি দিব পৰা নাই কিয়? মোৰ মানুহজনীয়ে মাছ নোহোৱাকে ভাত নাখায়
কলিতা : আপোনাৰ সেই আজো ককাৰ দিনৰে ফটা পুৰণি জালখন মোৰ বিচাৰিবৰ সময় নাই। নাজানে নেকি চহৰত যে দিনে দিনে চুৰুণী নম্বৰ ৱাণ গেঙৰ যে উৎপাত বাঢ়ি গৈছে। যোৱা সপ্তাহত আমাৰ এচ.আই. দত্ত ছাৰৰ ঘৰৰ গোটেই বাচন লৈ গ’ল। ইমান দিন হ’ল কলপাতত ভাত খায় আছে। সেয়ে ছাৰে সকলো খঙ কয়েদীৰ ওপৰতে উঠাইছে।
ৰসেশ্বৰ : চুৰ হৈছে ক’ত? ও মোৰ গোঁসাই। পুলিচৰ ঘৰতে চুৰ হ’ল যেতিয়া মোৰ দৰে সাধাৰণ মানুহনো কি আৰু? মোৰ মানুহজনী..
তেনেতে ফোন বাজে। কলিতাই ফোন ধৰে আৰু লগে লগে থিয় হৈ চালাম কৰে। হয় ছাৰ, ওকে ছাৰ বুলি কয়। আৰু লগে লগে এচ.আই দত্তৰ ওচৰলৈ গৈ কয় যে এচ.পি ছাৰ আহি আছে। দত্ত আৰু কলিতা থানাৰ বাহিৰলৈ ওলাই আহে। এচ.পিৰ গাড়ী আহি ৰয়।এচ.পি ছাৰ গাড়ীৰ পৰা নামি আহে। কলিতা আৰু দত্ত দুয়োৱে চেলুট মাৰে। এচ.পি ছাৰ ভিতৰলৈ সোমাই আহে (এই ৰ’লটো কৰিব অভিজিত দত্তই) ক্ল’জ আপত এচ.পি তালুকদাৰৰ মুখখন দেখুৱাব। চিন্তাক্লিষ্ট মুখ। তেওঁ ইঞ্চপেক্টৰ দত্তৰ মুখলৈ চাব। দত্তকো ক্ল’জ আপত দেখুওৱা হ’ব। চকুৰ গুড়ি ক’লা পৰি গৈছে চিন্তাত, মুখ শুকাই গালৰ হনু ওলাই গৈছে। ভালকৈ যে খাবলৈ পোৱা নাই দেখিলে গম পোৱা যায়।
এচ.পি তালুকদাৰ : দত্ত চোৰ ধৰা পৰিলনে? এইবোৰ কি হৈছে চহৰত? আপোনালোক এতিয়ালৈ কিয় সফল হোৱা নাই? ক’ৰ ‘চুৰুণী নম্বৰ ৱান’ গ্ৰুপ ওলাইছে এইটো। আপোনালোকে জানেনে পৰৱৰ্তী টাৰ্গেট মোৰ ঘৰত?
কলিতা : ছাৰ আপুনি কেনেকে গম পালে?
এচ.পি. : এইখন চোৱা কলিতা। চিঠি এখন দি গৈছে যে মোৰ ঘৰত চুৰ কৰিব।
দত্ত : ছাৰ আপোনাকো এৰা নাই? মইতো আজি এসপ্তাহে কলপাতত ভাত খাই আছোঁ। কাপোৰো দুসাজেই মাত্ৰ। এযোৰ থানাত পিন্ধি অহাযোৰ আৰু এযোৰ ঘৰত পিন্ধা। দৰমহা নোপোৱাৰ বাবে কিনিবও পৰা নাই। নতুনকৈ বিয়া কৰাইছোঁ ছাৰ, মানুহজনীৰ আগত কম লাজ পাইছোঁনে? ভাগ্য মানুহজনীয়ে লগত অনা নাই বাবেহে তাইৰ কাপোৰ, অলংকাৰবোৰ বাচি গ’ল।
এচ.পি. : এতিয়া এনেকৈ বিলাপ কৰিয়ে কটাব নে? আমাৰ থানাত দুজন নতুন পুলিচ অফিচাৰ আহিব।এতিয়াৰ পৰা তেওঁলোকে চলাব এই কেচটোৰ তদন্ত।আপোনালোকৰ কোনো কাম নাই।
এনেতে বাহিৰত ধিচুম ধিচুম শব্দ শুনা যাব। সকলোৱে আচৰিত হ’ব। লগে লগে দুজন ল’ৰা থানাৰ ভিতৰত এচ.পি.ৰ ভৰিত কাষত পৰিব আৰু কেঁকাবলৈ ধৰিব।নাকেৰে তেজ ওলাই থাকিব। আৰু সিহঁতৰ পিছে পিছে প্ৰায় উৰি অহাৰ দৰে এজন কেটেং মেটেং ল’ৰা আহি ওলাব। ৰজনীকান্তৰ দৰে ষ্টাইলত চচমাযোৰ পিন্ধি পিটি গুৰুলা কৰা ল’ৰা দুজনক চাৰ্টৰ কালাৰত ধৰি উঠাই দিব।
দত্ত : কোন আপুনি আৰু এনেকৈ কিয় পিটিছে ইহঁতক? জানেনে এনেকৈ মানুহক পিতিব নোৱাৰে আইনমতে। যদি ইহঁতৰ কিবা এটা হয় আপোনাৰ কি অৱস্থা হ’ব?
লগে লগে ল’ৰাজনৰ মুখখন ক্ল’জআপত দেখুওৱা হয়। এখন শুকান কিন্তু বুদ্ধিদীপ্ত মুখ, একোচা ডাঙৰ মোচ, গালত এটা ডাঙৰ মাহ। পিন্ধনত এটা জালি বনিয়ন আৰু ৰঙা লংপেণ্ট (এই ৰ’লটো কৰিব হৃষীকেশ ডেকাই)৷ লগে লগে তেওঁ কৈ উঠে আপুনি যাৰ কাৰণে ইমান দৰদ দেখুৱাইছে ইহঁত দুজন চহৰৰ আটাইতকৈ ঘাগু পকেটমাৰ চংগু আৰু মংগু। আজি চাৰিবছৰ ধৰি আপোনালোকে যাক ধৰিব পৰা নাছিল।
লগে লগে এচ.পি. তালুকদাৰৰ মুখ উজলি উঠে আৰু…
এচ.পি. : ৱেল ডান মাই বয়। মই জানিছিলোঁ এই কাম তোমাৰ বাহিৰে কোনেও কৰিব নোৱাৰিব। দত্ত, কলিতা এয়া আমাৰ নতুন ইন্সপেক্টৰ হিচি কুমাৰ। এওঁক আমাৰ ডিপাৰ্টমেণ্টলৈ নতুনকৈ আনিছে। আমাৰ চহৰৰ চোৰৰ গেংটো ধৰাৰ বাবে।
হিচি কুমাৰে মোচ কোচা আৰু মাহটো আঁতৰাই পেলায় মুখৰ পৰা।
হিচি : নমস্কাৰ। মই ইন্সপেক্টৰ হিচি। দুদিন হ’ল আপোনালোকৰ চহৰলৈ অহা আৰু আহিয়ে এই পকেটমাৰ দুজনৰ সন্ধানত আছিলোঁ। আজি ধৰা পৰিল ইহঁত।
এচ.পি. : তোমাৰ বাবে ৰৈ আছিলোঁ। আমাৰ চহৰত চোৰৰ উৎপাত বহুত বাঢ়ি গৈছে যোৱা পাঁচবছৰ ধৰি।আমি সফল হ’ব পৰা নাই ধৰিবলৈ গেংটো।
হিচি কুমাৰ : ছাৰ এনি ক্লু। কিবা সম্ভেদ পাইছে নেকি চোৰৰ?
এচ.পি. : তেনেকে পোৱা নাই কিন্তু মোৰ ঘৰত চুৰ কৰিব বুলি এখন কাগজ দি গৈছে। এইখন চোৱা।
হিচি কুমাৰে পঢ়ে মনোযোগেৰে আৰু হাঁহি মাৰি কয় ছাৰ চুৰি গেংটো ছোৱালীৰ হয়। আৰু ইহঁতৰ দুচমনি পুলিচৰ লগতহে আছে।
দত্ত : আপুনি কেনেকৈ গম পালে?
হিচি কুমাৰ : কিয়নো চোৰে চিঠিত শেষত লিখিছে চুৰি বিদ্যাৰ জয়। চুৰুণীৰ জয় হওক। গতিকে চুৰুণী বুলি কৈছে যেতিয়া এইটো লেডিজ গেং।
এচ.পি. : ৱাও! ইউ আৰ জিনিয়াছ। তুমিহে পাৰিলা।আজি পাঁচ বছৰে কোনেও উলিয়াব পৰা নাছিল।
এনেতে ৰসেশ্বৰে মাত দিয়ে। ছাৰ মোৰ মাছ মৰা জালখনো বিচাৰি দিব। নহ’লে মোৰ মানুহজনীয়ে সুদাই নেৰে।
৪ৰ্থ দৃশ্য
এটা সুন্দৰ কোঠালি। কেইবাজনো ফিল্মৰ প্ৰডিউচাৰ বহি আছে। মৌচুমী সাৱন্তে কাষত বহি কথা পাতি আছে।
মৌচুমী : মই দুমাহ আপোনালোকৰ লগত কাম কৰিব নোৱাৰিম। মই নতুন ছাত্ৰী এজনীক নাচ শিকাই আছোঁ। আপোনালোকে প্লীজ বেলেগ আইটেম গাৰ্লৰ লগত যোগাযোগ কৰক।
প্ৰডিউচাৰসকল যোৱাৰ পিছত ভিতৰৰ পৰা মাজু চৰ্দাৰণী, সৰু চৰ্দাৰণী আৰু বেবী ডন ওলাই আহে।
বেবী ডন : চাব্বাচ! আপুনি বৰ ধুনীয়াকৈ সকলোকে ঘূৰাই পঠিয়ালে। আজিৰ পৰা আপুনি মোক নাচ শিকাব লাগিব। আৰু আমি আপোনাৰ ঘৰতে থাকিম।খবৰদাৰ যদিহে পুলিচক খবৰ দিয়ে তেনেহ’লে লগে লগে আপোনাৰ মূৰ উৰাই দিম এই পিস্তলেৰে।
মাজু চৰ্দাৰনী : আৰু এটা কথা, আমি দুয়োও থাকিম তোমাৰ ইয়াত। তোমাৰ ঘৰত আমাৰ বাহিৰে কোনো থাকিব নোৱাৰে।
মৌচুমী সাৱন্ত : কিন্তু মোৰ ৰান্ধনীজনীতো থাকিব লাগিব। তাই নাথাকিলে মোৰ বহুত দিগদাৰ হ’ব। মই ঘৰৰ কাম কৰিব নোৱাৰোঁ। আফটাৰ অল মই চেলেব্ৰেটি হয়। নহ’লে আপোনালোকে কৰিব লাগিব।
সৰু চৰ্দাৰনী : মই কৰিব নোৱাৰোঁ। কান্ধৰ বিষ হৈ আছে। সিদিনাযে কাঁহৰ বাচনবোৰ দাঙি আানিছিলোঁ যে দত্ত পুলিচৰ ঘৰৰ পৰা।
মাজু চৰ্দাৰণী : ময়ো নোৱাৰোঁ কৰিব। দিনটো কাম কৰি ভাগৰি গ’লে ৰাতি চুৰ কেনেকে কৰিবলৈ যাম।বেবীয়ে কৰিবা নহ’লে। যদি ৰান্ধনী গৰাকীয়ে কৈ দিয়ে কাৰোবাক? ডাঙৰ চৰ্দাৰণীয়ে আমাক সুদাই নেৰে।
বেবী ডন : মই কেনেকৈ কৰিম। এচ.পিৰ ভনীয়েকৰ বাৰ্থ ডেলৈ বেছিদিন নায়েই। নাচটো শিকিব লাগিব।দিনটো নাচ শিকিম আৰু ৰাতি চুৰ কৰিবও লাগিব।গতিকে কাম কেনেকৈ কৰিম। আৰু আমি নাচ শিকিবলৈহে আহিছোঁ কাম কৰিবলৈ অহা নাই নহয়।মৌচুমী সাৱন্ত হ’ল কি হ’ল তাতে।
মৌচুমী : সেইকাৰণে কৈছোঁ মোৰ ৰান্ধনীগৰাকীক আহিবলৈ দিয়ক। আপোনালোকে চিন্তা নকৰিব। তাই কাকো নকয়।
তিনিওগৰাকীয়ে মাতিবলৈ দিয়ে ৰান্ধনী গৰাকীক।মৌচুমীয়ে মাতে ফোন কৰি। কিছু সময়ৰ পিছত এগৰাকী ওখ পাখ লাহী দেহৰ ধুনীয়া ছোৱালী আহে (এই ৰ’লটো কৰিব পূৰ্নাময়ী মেধিয়ে)৷ আহিয়ে মৌচুমীক নমস্কাৰ দিয়ে।
মৌচুমী : ৰাধা তই আহিলি যে মাৰ ক’ত?
ৰাধা : আজি মাই আইহবা নৰে বুলে বাই। দাঁতোৰ বিষ হৈছি। জামি দাঁত এটা কলকলে লৰি আছে।
মৌচুমী : কেতিয়া আহিব?
ৰাধা : আকমাহ মান নৰে আইহবা। মইয়ে কৰিম দ্যা মাই নাহাক গেলি।
মাজু চৰ্দাৰণী : মেডাম, এই বিশ্বাসীতো। এই আগে পিছে কাম নকৰে নেকি তোমাৰ তাত? চাবা কিন্তু বেছি চালাখি কৰিলে গুলিয়াই দিম।
মৌচুমী : নাই নাই তাই বিশ্বাসী।
ৰাধা : ও মোৰ মাই কি এগ্লাখান? আৰু একেইটা কুনি হা। কেনাই ডকাইতৰ দৰে কিন্তু চুন্নী হান দেখা তিৰী দুখু।
সৰু চৰ্দাৰণী : আমি চুৰুণীয়েই। তয়ো কৰিব লাগিব চুৰ আমাৰ লগত।
তিনিও গৰাকী চুৰুণীয়ে ৰাক্ষসীৰ দৰে হাঁহি দিব
: হাঃ হাঃ হাঃ!
মৌচুমী আৰু ৰাধাই ভয় খাব।
৫ম দৃশ্য
পুখুৰীৰ পাৰত ৰসেশ্বৰে দুখ মনেৰে বহি আছে। এনেতে এগৰাকী তিৰোতা আহি ৰসেশ্বৰক হেচুকী দিব।ৰসেশ্বৰে থিয় হৈ মহিলা গৰাকীক কিবা ক’ব।বেকগ্ৰাউণ্ডত মিউজিক বজাব যাৰ ফলত সিহঁতৰ কথা শুনা নাযাব। মহিলা গৰাকীয়ে ৰসেশ্বৰক এক থাপ্পৰ মাৰে। ৰসেশ্বৰে তলমূৰকৈ থাকে একো নকয়।
ক্ল’জআপত তিৰোতাগৰাকীক দেখোৱা হয়। ডাঙৰ ৰঙা চকুৰে কপালত ডাঙৰ ৰঙা ফোট। চকুত ডাঠ কাজল, ওঁঠত টিকটিকিয়া ৰঙা লিপষ্টিক। পিন্ধনত জিনচ্ পেণ্ট আৰু ৰঙা চাৰ্ট (এই ৰ’লটো কৰিব কমলা দাসে)৷ ৰসেশ্বৰে এবাৰ তলৰ পৰা ওপৰলৈ চাব আৰু ডায়লগ দিব।
ৰসেশ্বৰ : বাইদেউ তই মোৰ চাৰ্টটো কেলেই পিন্ধিছ?
বাইদেউ : মোৰ ভাল লাগিছে বাবে পিন্ধিছোঁ। কোই শ্বক?
ৰসেশ্বৰ : কোনো শ্বক নাই। কিন্তু চক খাইছোঁ মাত্ৰ তোৰ ৰূপ দেখি। মানুহে ৰাস্তাত বেহুঁচ নহ’লেই হ’ল আৰু তোক দেখি।
বাইদেউ : আই ডু নট কেয়াৰ। মই অলপ ওলাই যাওঁ।বাইকৰ চাবিটো দে। কেৰাটে ক্লাছত ৰৈ আছে মোৰ ছাত্ৰীসকল।
ছাবিটো লৈ এক কিকত বাইক ষ্টাৰ্ট কৰি বাইদেউ যায়গৈ। ৰসেশ্বৰে বায়েক যোৱাৰ ফালে চাই থাকে দুখমনেৰে আৰু কয় পাগলী কৰি দিলে মোৰ বাইদেউক। সুদাই নেৰোঁ কাকো।
৬ষ্ঠ দৃশ্য
আইটেম গানৰ শ্বুটিং ..
“ছোৰ ছাৰকে অপনে চলীম কি গলি….
অনাৰকলি ডিস্কো চলি
চলিৰে চলি ডিস্কো চলি
অনাৰকলি ডিস্কো চলি”
আগফালে বহি সৰু চৰ্দাৰণী, মাজু চৰ্দাৰণীয়ে বহি নাচ চাই থাকে। ৰাধাই কাষতে বহি পাচলি কুটি থাকে।
নাচ চলি থাকোঁতে গুলিৰ শব্দ হয় আৰু টেপ ৰেকৰ্ডাৰ বন্ধ হয়। সকলোৱে ভয় খায়। আৰু থিয় হয়। তেনেতে হঠাতে শুনা যায় এক কণ্ঠস্বৰ “চুৰুণীৰ জয় হওক।পুলিচৰ নাক কটা যাওক।”
লগে লগে বেবী ডন, সৰু চৰ্দৰণী, মাজু চৰ্দাৰণীও কৈ উঠে “চুৰুণীৰ জয় হওক, পুলিচৰ নাক কটা যাওক।”
বেবী ডনে ৰাধা আৰু মৌচুমীক ভিতৰলৈ যাবলৈ ঈঙ্গিত দিয়ে। বেৰত ছায়া মূৰ্তি এটা আহি ৰয়। ছায়াই কয় বেবী চৰ্দাৰণী তোমাৰ অনুশীলন কেনেকুৱা নাচৰ?চুৰি কৰাত এক্সপাৰ্ট হৈছানে?
বেবী ডন : চৰ্দাৰণী মই পুৰা চেষ্টা কৰিছোঁ। নাচটোও ভালকৈ শিকিছোঁ। এইবাৰ এচ.পিৰ ঘৰত ময়েই লুটিম।
ডাঙৰ চৰ্দাৰণী : এইবাৰ এচ.পিৰ ঘৰত পাৰ্টিৰ দিনা তুমি নাচিবা। আৰু সেই সুযোগতে আমি সকলোৱে চুৰ কৰিম। পাৰ্টিত খোৱা সকলো বাচন আৰু ঘৰৰ সকলো বাচন লুটিবা। যাতে এচ.পি.ৰ ঘৰত কলপাতেৰে ভাত খাব লগা হয়।
এচ.পি.ক লাজত পেলোৱাই মোৰ প্ৰধান লক্ষ্য।
কিন্তু সাৱধান! কুমাৰ হিচি বুলি নতুন অফিচাৰ এজন আহিছে পুলিচত। বহুত হুচিয়াৰ পুলিচ। তাৰ চকুত ধূলি দিয়া কঠিন। তাৰোপৰি আৰু এজন নতুন অফিচাৰ অহা শুনিছোঁ। কিন্তু এতিয়ালৈ কোনেও দেখা নাই তেওঁক। শুনিছোঁ তেঁৱো যাব পাৰ্টিলৈ। গতিকে তোমালোকে বহুত সাৱধানেৰে আগবাঢ়িব লাগিব।
কাষলৈ আহা বুলি ছাঁয়াই মাতে তিনিওকে। আৰু সৰুকৈ কয়। বেকগ্ৰাউণ্ডত ফুল বনে অঙ্গাৰে৷ এনেতে কিবা ধমকৈ আৱাজ হয়। আৰু ছায়া মূৰ্তি আঁতৰি দিয়ে। ভিতৰলৈ তিনিও চুৰুণী গৈ দেখে যে ৰাধা বেহুঁচ হৈ মাটিত পৰি আছে। মৌচুমীয়ে কাষত থিয় হৈ আছে।
আটাই কেইগৰাকীকে দেখাত ক’লে গুলীৰ আৱাজ শুনি ভয় খাইছে।
৭ম দৃশ্য
এচ.পি.ৰ কোৱাৰ্টাৰ। চাৰিওফালে নানা ৰঙী লাইট জ্বলি আছে। নানা বৰণৰ ফুলৰ থোপাৰে সজাইছে।চাৰিওফালে কাঢ়া চিকিউৰিটি। লাহে লাহে অতিথিবোৰ আহিব আৰম্ভ কৰিছে। ইন্সপেক্টৰ দত্ত, কলিতা চিপাহীকে আদি কৰি সকলো আহিছে। এচ.পি.দত্তৰ ভনীয়েক মনিয়ে ধুনীয়াকৈ সাজি কাচি ওলাই আহে (অতিথি শিল্পী মনিকা শৰ্মা) আৰু কেক কাটে আৰু ককায়েকক খুৱাই দিয়ে। হিচি কুমাৰে ঘোষণা কৰে যে পাৰ্টিৰ মুখ্য আকৰ্ষণ ছবিৰ জনপ্ৰিয় আইটেম ডেঞ্চাৰ মৌচুমী সাৱন্ত আৰু বেবীয়ে সকলোৰে আগত এটি নৃত্য প্ৰদৰ্শণ কৰিব। লগে লগে হাত চাপৰিৰে দুয়োকে আদৰা হ’ল।
মঞ্চত দুয়োৱে নৃত্য আৰম্ভ কৰে ….
ৰঙা নীলা লাইট কেৱল বেবী আৰু মৌচুমীৰ মুখত পৰিব।
“বচকে তু ৰেহনা ৰে বচকে তু ৰেহনা..হেঃ হেঃ খল্লাছ….এ এ খল্লাছ…”
এই গানটো নাচিব ধৰে।
সকলোৱে নাচ চাই আনন্দ কৰে। তেনেতে খাবলৈ গৈ দেখে যে বাচনবোৰ নাই আৰু খানাও নাই। সকলো অতিথিয়ে খাবলৈ ৰখি থাকে আৰু এচ.পিয়ে মূৰে কপালে হাত দিয়ে। ভনীয়েক মনিয়ে চিঞৰি চিঞৰি কান্দে। এইবাৰৰ সৈতে চাৰিবাৰ হ’ল তাইৰ জন্মদিনত আলহীয়ে খাব নোপোৱা। প্ৰত্যেকবাৰে চোৰে সিহঁতৰ ঘৰত আলহী আহিলে বা কিবা অনুষ্ঠান পাতিলে সকলো খোৱা বস্তু লৈ যায়। ককায়েক আজিলৈ পাঁচ বাৰ বদলি হ’ল চোৰৰ উৎপাতত। কিন্তু চোৰে যেনেকৈ নহওক বিচাৰি উলিয়ায়।
সকলো আলহীয়ে ঠাট্টা কৰিব ধৰে। কমিচনাৰে মাইকত ঘোষণা কৰি কয় যে এনেকুৱা এচ.পি. ৰ দৰকাৰ নাই যি নিজৰ ঘৰতে চুৰ কৰা ধৰা পেলাব নোৱাৰে। কালিৰ পৰা থানাত যোৱা দৰকাৰ নাই।সকলোৱে হাঁহে। লাইটৰ পোহৰত এচ.পিৰ কৰুণ মুখখন দেখায়। বেকগ্ৰাউণ্ডত কৰুণ মিউজিক বাজে।
এচ.পি. : মই ফেল। মই এজন দক্ষ পুলিচ হ’ব নোৱাৰিলোঁ।
তেনেতে কুমাৰ হিচিয়ে সৰু চৰ্দাৰণী, ডাঙৰ চৰ্দাৰণীক ধৰি আনে। ছাৰ এয়া চুৰুণী কেইজনী। সিহঁত দুয়োকে দেখি কলিতা পুলিচ আৰু ইন্সপেক্টৰ দত্ত চক খাই উঠে।
৮ম দৃশ্য
এচ.পি.ৰ দ্ৰয়িং ৰুমত সকলো বহি থাকে। কমিচনাৰ (অতিথি শিল্পী ভাস্কৰ বৰডেকা) মনি, দত্ত, কলিতা আৰু চৰ্দাৰণী দুগৰাকীৰ লগতে বহুতো মানুহ।
কলিতা : সৰু চৰ্দাৰণীলৈ চাই তুমি? তাৰমানে ইমান দিনে আমাৰ ঘৰত যে চুৰ হৈছিল তুমি চুৰ কৰিছিলা?
সৰু চৰ্দাৰণী : চুৰ নহয় লুকাই থৈছিলোঁ। দিনটোত চাৰি পাঁচ বাৰ ভোক লাগি থাকে তোমাৰ। মই বনাই ভাগৰি যাওঁ, বাচন ধুই ভাগৰি যাওঁ। নিজেতো একো এটা নকৰেই ঘৰত কাম। তাতে আকৌ লগৰ সোপাকো মাতিব খুৱাবলৈ। এতিয়া কোনে কলপাতত খায়? হুহ্।
ইফালে দাসৰো অৱস্থা বেয়া মাজু চৰ্দাৰণীক দেখি।
দাস : তুমি? তুমি কৰিছা এইবোৰ? নিজৰ ঘৰতে চুৰ কৰিবলৈ লাজ লগা নাই?
মাজু চৰ্দাৰণী : কিহৰ লাজ লাগে? দিনে ৰাতিয়ে কেৱল খোৱা আৰু খোৱা। ইমান খকুৱা মানুহ দেখা নাই।কাপোৰ এবাৰ পিন্ধাৰ পিছতে ধুই দিয়া বুলি হাল্লা কৰা। হুহ্ মোৰ কিবা দুখ ভাগৰ নাই। এতিয়া কেনে কলপাতত যে ভাত খাইছা! এযোৰ কাপোৰে যে পিন্ধি আছা?
তেনেতে এচ.পি.য়ে মাত লগাই,
: কিন্তু মই কি কৰিলোঁ?মোৰ ঘৰত আজি পাঁচ বছৰ ধৰি কিয় চুৰি হৈ আছে?
তাৰ কাৰণ মই কওঁ। সকলোৱে পিছফালে ঘূৰি চাই।লাইট সেই মাতটোৰ ফালে পৰে। প্ৰথমে মূৰৰ টুপী আৰু পুলিচৰ পোচাক দেখায় মুখখন দেখায়। সৰু আৰু মাজু চৰ্দাৰণীয়ে আচৰিত হয় আৰু কয় ৰাধা?
ৰাধা : হয় মই চি.আই.ডি.ইন্সপেক্টৰ ৰাধা। মৌচুমীৰ ভনীয়েক। আপোনালোকৰ কথা মোক মৌচুমীয়ে জনাইছিল। আৰু কমিচনাৰ ছাৰে যেতিয়া মোক ইয়াতে পোষ্টিং কৰিছিল তেতিয়াই মৌচুমীয়ে মোক আপোনালোকে নাচ শিকোৱা কথা কৈছিল আৰু মই বুজি পাইছিলোঁ সকলো কথা। তাৰোপৰি মোক হিচিয়ে সহায় কৰিছে। আমি দুয়ো মিলি কেচটো চল্ভ কৰিছোঁ। হিচি মেইন মানুহ দুজনক আনা।
হিচিয়ে মুখত কাপোৰ বান্ধি এজন মতা মানুহ আৰু এগৰাকী মাইকী মানুহ আনে। দুয়োৰে কাপোৰ গুচাই দিয়ে। সকলোৱে আচৰিত হয়। ক্ল’জ আপত সকলোৰে আচৰিত হোৱা চেহেৰা দেখাব। লগে লগে লাইট পৰিব দুয়োৰে মুখত। সেই দুজন হ’ল ৰসেশ্বৰ আৰু বাইদেউ(কমলা দাস)
কুমাৰ হিচি : যেতিয়া ৰসেশ্বৰে প্ৰায়ে থানালৈ গৈ থকা বুলি কৈছিল তেতিয়াই মোৰ সন্দেহ হৈছিল। আৰু সৰু সৰু বস্তু হেৰালে গোচৰ দিয়াৰ চলেৰে সি সকলো গম লৈছিল আৰু বাইদেউক কৈছিল। এই বাইদেউৱে ইহঁতৰ লিডাৰ।
ৰাধা : মই সেইদিনা মৌচুমীৰ ঘৰত সকলো প্লেন ইহঁতৰ শুনিছিলোঁ আৰু বেহুঁচ হোৱা এক্টিং কৰিছিলোঁ। এই বেবী ডন হ’ল ৰসেশ্বৰৰ ঘৈণীয়েক। এই ৰসেশ্বৰ ইহঁতৰ খবৰী। এই বাইদেউৰ এচ.পি. ছাৰৰ লগত কিবা পুৰণা দুচমনি আছে আৰু বদলা ল’বৰ বাবে এইবোৰ কৰিছে। লগতে কলিতা পুলিচ আৰু ইন্সপেক্টৰ দাস পুলিচৰ ঘৈণীয়েককো উচটাইছে।
কুমাৰ হিচি : বাইদেউ কওক! কিয় এনে কৰিলে?
এইবাৰ বাইদেউৰ মুখত লাইট পৰে আৰু কেমেৰা ঘূৰে তাৰপিছত এচ.পি.দত্তৰ মুখত।
বাইদেউ : পাতি মুতৰা মোক চিনি প’নাই তুমি।
লগে লগে এচ.পি. দত্ত চক খাই উঠে।
: গেদ গেদী তুমি?
বাইদেউ : অ’ মই। তোমাৰ পৰা পোৱা এই গেদগেদী নামৰ কাৰণে মোক কায়ো বিয়া নকৰালাক। সকলে গেদ গেদী বুলি হাঁহে।
এচ.পি. : সৰুতেহে মাতিছিলোঁ ধেমালিতে।
বাইদেউ : আৰু মোৰ ভনীজনীকো তুমি ভখ্ৰি পুঠি বুলি জোকাইছিলা। সকলোৱে তাইক সেই নামে দি মাতে বাবে মনৰ দুখত তাই হিমালয়ত গুচি গ’ল। তাইৰ জন্মদিন আছিল সিদিনা। তাইৰ বয়ফ্ৰেণ্ডেও যেতিয়া তাইক ভখ্ৰি পুঠি বুলি জোকাইছিল তাই সহ্য কৰিব নোৱাৰিলে। দুখতে সন্যাসী হৈ গ’ল তাই।
এচ.পি. : মোক ক্ষমা কৰি দিয়া। মই ধেমালিতে কৈছিলোঁ। কিন্তু মোৰ ভনীজনীৰ জন্মদিনত কিয় বাৰে বাৰে খোৱা বস্তুবোৰ চুৰ কৰি লাজত পেলোৱা? আৰু তুমি কেনেকে ইমান নিপুনতাৰে চুৰ কৰিছিলা? আমি ধৰিবই পৰা নাছিলোঁ।
বাইদেউ : সেই কথা তুমি ভনীয়েৰক সোধা।
এইবুলি বাইদেউৰ লগতে বেবী ডন, সৰু আৰু মাজু চৰ্দাৰণীয়ে হাঁহিবলৈ ধৰে আৰু লগে লগে এচ.পি. দত্তৰ ভনীয়েকে মণিয়ে হাঁহিবলৈ ধৰে।
মনি : দাদা ময়ে ইমান দিনে এওঁলোকক সহায় কৰি আছিলোঁ। সেইবাবে তুমি বদলি হৈ গ’লেও বাইদেৱে গম পায়।
এচ.পি. : কিয়? তই কি কাৰণত এনেকুৱা কৰিলি?
মণি : কিয়নো মই যাক ভাল পাওঁ তুমি মোক তাৰ লগত বিয়া দিব নোখোজা সেইবাবে।
সমাপ্ত।
☆★☆★☆
11:49 am
??? বঢ়িয়া চিনেমা বনাইছা হে ভখ্ৰি পুঠী !
5:40 pm
ধন্যবাদ বাইদেউ
12:31 pm
হাঃ হাঃ বেবী চৰ্দাৰনী মই
5:42 pm
বঢ়িয়া হৈছে তোমাৰ অভিনয়
2:22 pm
গেদগেদী আৰু ভখ্ৰী পুঠিয়ে তামাম বদলা ল’লে দেই।
বঢ়িয়া লাগিল ডলী, হিটাব এইখন
5:43 pm
আন্তৰিক ধন্যবাদ দিলো।
2:36 pm
Tamam… 1st day collection record breaking.. 100 crore
5:43 pm
ধন্যবাদ
3:58 pm
তামাম৷
দেন্সটোত গোটেই হ’লটোৰ ৰাইজে হুইছেল বজাই তামামফুৰ্টি কৰিছে৷
গেদগেদী আৰু ভখ্ৰী পুঠিৰ বদলা বঢ়িয়া লাগিল৷
5:44 pm
ধন্যবাদ
10:52 pm
গেদগেদি কা বদলা তামাম লাগিল…
4:15 pm
হাঁহি হাঁহি পাগল হৈ গ’লো বা??
5:46 pm
হাঃ হাঃ! ধন্যবাদ
4:29 pm
হা হা মজা ৷ বঢ়িয়া লাগিল
5:46 pm
ধন্যবাদ
6:14 pm
মজ্জা লাগিল দেই চিনেমাখন কৰি ।ইমান নাচিলো ।কেইদিনমান এতিয়া ৰেষ্ট কৰিব লাগিব ।
6:59 pm
বৰ আশা এটা পুৰন কৰিলা ডলী,ৰিয়েলত নহ’লেও ৰীল লাইফত টো চিআইডি ইন্সপেক্টৰ হ’ব পাৰিলো। বাকী মহিলা গেং আছো যেতিয়া চিনেমা হিট।
11:44 pm
হাঃ হাঃ বেল্লেগ চিনেমা বনাইছে হে, মজ্জা লাগিল বাইদেউ।
11:11 am
বাপৰে! কি চিনেমা হে! মিউজিক তামাম৷
5:10 pm
ফাটাফাটি।
5:41 pm
মজ্জা চিনেমা
6:40 pm
বঢ়িয়া৷
9:58 am
জুই জুই হিট হিট।
11:50 pm
বঢ়িয়া। চুপাৰ হিট ছিনেমা।
11:34 pm
পঢ়িলো ৷ পৰ্দাত চাব পৰা হলে বেছি ভাল লাগিলহেঁতেন ৷