ৰমণী প্ৰিয় – মানসী বৰা
:- কিযে আজেবাজে ফোনবোৰ আহি মাথা নষ্ট কৰেহি নহয়!
:-কি হ’ল নো? কাক বলকি আছা? কথাটো সুধিয়েই বজাৰৰ বেগটো মোৰ হাতৰ পৰা নীৰাই লৈ গ’ল ।
:-এইসব ফোন কৰি কৰি অশান্তি দিয়া মানুহ। মই বুজি নাপাওঁ সিহঁতবোৰে মোৰ ফোন নম্বৰটো কেনেকৈ পায়।কোনোবাটো ওলাব ক্ৰেডিট কাৰ্ড বিকা, কোনোবাটো পলিচি বিকা, নাইবা কোনোবাটো হ’বগৈ নেটৱৰ্কিং ব্যৱসায়ৰ বাবে কৰা ফোন। এইবাৰৰ পৰা অচিনাকি নম্বৰ দেখিলে বাপেকে ফোনেই নোতোলো যাহ! কি কৰ কৰি থাক।
মোৰ কথা শুনি নীৰাই মুখ টিপি টিপি হাঁহিলে ।
:-দিয়া দিয়া চাহ একাপ দিয়া।
ইফালে সিফালে চাই বেলকনিৰ চকীখনতে অলপ হেলান দি কঁকালটো পোনাই ল’লো। ফিৰফিৰিয়া বতাহ এচাটিয়ে ক’ৰবাৰ পৰা কোমল সুবাস এটি কঢ়িয়াই আনিলে। মনটো ভাল লাগিল। হঠাতে দেখিলোঁ কাষৰ বেলকনিত চুলিকোচা মেলি কোনোবা এগৰাকী বহি আছে। অহ, তাৰমানে আমাৰ নতুন প্রতিবেশী। বহুত দিন ফ্লেটটো খালী হৈ পৰি আছিল।
পিছে কোনবা আহিল? চুলিখিনি বেচ ধুনীয়া দেখিছোঁ। মুখখনো কেনেবাকে এবাৰ চাব পৰা হ’লে!
কিমান পৰ তেনেকৈ তাইক চাই ৰ’লো ঠিক ক’ব নোৱাৰোঁ। ওঁঠৰ ভাঁজটিত কাঁচিজোন এটি ওলমিবলৈ লৈছিল।নীৰাই আহি লাহেকৈ হেঁচুকি দিলে। মই থতমত খালোঁ। জোনটো খঁহি পৰিল ।
মই নক’লেও কিবা এটা যেন বুজি পালে তাই। আজিকালি তাই লগত থাকিলে বাটে-পথেও সুদর্শনা ছোৱালীবোৰ চাব নোৱাৰা হ’লোঁ। সুন্দৰৰ পূজাৰী ধাৰণাটো তাই একেবাৰে পচন্দ নকৰে। মোলৈ চকু পকাই চাহৰ কাপটো আগবঢ়াই দিলে।এনেইও আজিকালি কোমল চকুৰ চাৱনি নেদেখাই হ’লোঁ। বিয়াৰ আগৰ সেই টনা টনা চকুৰ চাৱনি কাহানিবাতেই অতীত হ’ল।
:- ভিতৰলৈ সোমাই চেঁপা মাতেৰে তাই চিঞৰিলে
:- ভিতৰলে আহা বুলিছোঁ নহয়–
:-গৈছোঁ অ’
মুখখন চোৱাৰ আশা বুকুত লৈ চাহৰ কাপটোৰ সৈতে মই ভিতৰলৈ সোমাই আহিলোঁ।
:-তেনেকৈ কি চাই আছিলা? কেতিয়াও ছোৱালী দেখি নোপোৱাৰ দৰে কিয় কৰা? এই মানুহটো মানে ছোৱালী দেখিলে ৰ’ব নোৱাৰে।
ক’বৰ মন আছিল “তুমি চাবলৈ দিলেহে”। পিছে নক’লো। ভেকাহি মাৰি ক’লো
:-ক’তনো চাইছোঁ। চকুৰ আগত ওলাল বাবেহে। চকু কেইটাটো ঈশ্বৰে চাবৰ বাবেই দিছে। পিচে কেতিয়া আহিল?চিনাকি হৈছানে?
:- কোন ক’ত আহিছে খবৰ লৈ থকাই মোৰ কাম বুলি ভাৱিছা নেকি? মই নিজেও কালিহে দেখিছোঁ। মুখামুখি হোৱা নাই এতিয়ালৈকে।
ক’বৰ মন আছিল এদিন মাতিবা আমাৰ ঘৰলৈ, নক’লোঁ। ওলাবা এদিন চিনাকি হ’ম বুলিও ক’বলৈ মন গৈছিল। তথাপি নক’লো। জানো, ক’লেই যে ঘৰত এখন মহাভাৰত হ’ব। মোৰ মনটোকে এবাৰ বুজি পোৱা হ’লে!নাই ভগৱানে সেইকণ সুখ নিদিলে আৰু!
মই টিভি চোৱাত লাগিলোঁ। কিন্তু ঘৰৰ ভিতৰতো তেতিয়ালৈকে নীৰাৰ ঠাট্টা শেষ নহ’ল। একেখন ৰেকর্ড আকৌ বাজিল।
:- ভাদমহীয়া জন্ম হোৱা মানুহৰ লগত মানুহে কেতিয়াও বিয়া সোমাব নালাগে।সেইবোৰ মানুহ ৰমণী প্রিয় হয় বুলি লিখাই আছে। ছোৱালী দেখিলে ক’ব নোৱৰা হয়।
মই একো নামাতিলোঁ। জানো, এখন তাল অকলেনো কিমান সময় বাজিব।
ট্রেফিকৰ যান-যটৰ বাবে পিছদিনা অফিছৰ পৰা ঘৰ পাওঁতে অলপ পলম হ’ল। টেবুলত শর্মা চুইটচৰ মিঠাইৰ পেকেট এটা থোৱা আছিল। নীৰাক সুধিলোঁ,
:-মিঠাই কোনে আনিলে?
:-আমাৰ নতুন প্রতিবেশীয়ে। নাম মেঘা শইকীয়া। ছোৱালীজনীৰ লগত চিনাকি হৈ ভাল লাগিল। দেওবাৰে আমাক ভাত খোৱাকৈ মাতি থৈ গৈছে। অ’ পিচে ছোৱালী নহয়, বোৱাৰীহে।
ইহ! ছোৱালী বুলি ক’লেই যেনিবা কিটো হয়। বৰ সন্দেহবাদী মনৰ মানুহ। মনৰ মাজতে ক’লোঁ। মুখ ফুটাই আজিকালি কিছুমান কথা নোকোৱা হৈছোঁ।নোকোৱাটোৱেই বুদ্ধিমানৰ কাম বুলি ভাবোঁ।
দুদিনৰ পিছত অফিছৰ পৰা বজাৰ কৰি ঘৰলৈ আহিছোঁ। তেনেতে বিল্ডিঙৰ লিফটত সোমাওঁতে এটা দম্পতিও খৰ খোজেৰে আহি মোৰ লগত সোমালহি।মোক দেখি মাতো মাতোকৈ হাঁহিলে দুটাই। মই থতমত খালোঁ। আচলতে মোক দেখি হাঁহিছেনে আন কাৰোবালৈ চাই হাঁহিছে নিশ্চিত হ’বলৈ এবাৰ ইফালে সিফালে চাই ল’লোঁ। নাই কোনো নাই চোন মোৰ আশে-পাশে। অ’ তাৰমানে মোক দেখিয়েই হাঁহিছে।
:-সেইবাৰ হেবাঙটোৰ নিচিনাকৈ মইও হাঁহিলোঁ।
ঘৈণীয়েকজনী বেচ ধুনীয়া। পিচে বেছি সময় চাই থকাটো ঠিক নহ’ব বুলি গিৰিয়েকলৈকে চালোঁ।
আপোনাক চিনি পাইছোঁ। মই কালি আপোনালোকৰ ঘৰলৈ গৈছিলোঁ। ঘৰত আপোনাৰ ফটো দেখিছিলোঁ বাবে চিনিব পাৰিলোঁ। আমি নতুনকৈ আহিছোঁ। আপোনালোকৰ নেইবাৰ।
ঘৈণীয়েকে সৰসৰাই কথাবোৰ কৈ গ’ল।
কথাখিনি তত ধৰিবলৈ নৌপাওঁতেই আমি ফ’র্থ ফ্লৰ পাইছিলোঁহি। লিফটৰ পৰা সিহঁত আগতে ওলাই গ’ল। বহুতদিন ধৰি খালী হৈ থকা এপার্টমেণ্টটোৰ দর্জাৰ মুখত থিয় হ’ল।
মোৰ বুজিবলৈ বাকী নাথাকিল। মোৰ কাষৰ বেলকনিৰ সেই সুবাস, সেই ধুনীয়া দীঘল চুলিৰ সুন্দৰী আচলতে কোন?
:- দেওবাৰে দুপৰীয়া আহিব দেই । কথা পাতিম ভালকৈ। গিৰিয়েকে ক’লে ।
:- অ’ নিশ্চয়, কথা পাতিম।
তেনেতে ঘৰৰ দর্জাখন নীৰাই খুলি দিলে। হয়তো তাই আমাৰ কথা-বতৰা শুনিছিল। মই ঘৰলৈ সোমাই গ’লোঁ।
:- ইতিমধ্যে দে’তা আহি গ’ল বুলি টুকটুক আৰু গুণগুণে জোৰেৰে মোৰ ভৰি দুটাত সাৱটি ধৰিলে।
:- নতুন মানুহ ঘৰক লগ পালা নেকি?
:- অ’ পালোঁ। ইয়ালৈ অহাৰ কথা কৈছে।দেওবাৰে আমাক মাতিছে।
:- ঘৈণীয়েকজনী ধুনীয়া নহয়নে? নীৰাৰ ওঁঠত মিচিকি হাঁহি।
:- তুমি কি মই কেৱল লোকৰ ঘৈণীয়েকবোৰকে চাই থাকোঁ বুলি ভাবা নেকি? বেলেগ কাম নাইহে যেনিবা। মই ভেকাহি মাৰিলোঁ।
:- ইহ্ সেইদিনা বেলকনিত যি চাৱনি! মই দেখা নাই যেনিবা।
মই মনে মনে ৰ’লোঁ। এইবিলাক কথাত নমতাই ভাল।
ভাত পানী খাই উঠি ৰাতি বিচনাত শুই শুই মোবাইলটো পিটিকিলোঁ। গুগুলত চার্ছ কৰি লাহেকৈ ফে’চবুকটো খুলিলোঁ।ফে’চবুক এপ নীৰাৰ উৎপাতত কেতিয়াবাই ডিলিট মাৰিলোঁ। পিচে ফে’চবুক খুলি বিশেষ ক’তো চকু ফুৰাবলৈ মন নগ’ল।
:-কি নাম আছিল ছোৱালীজনীৰ?এহ মনত পৰিল
এম ই জি এইটচ এ …চিধাই ‘মেঘা শইকীয়া ‘ নামটোকে টাইপ কৰিলোঁ।মেঘাৰ নামেৰে কেইবাটাও একাউণ্ট খোল খালে। নির্দিষ্ট একাউণ্টটোৰ বাবে সেইবাৰ প্রফাইল ফটোবোৰ চালোঁ। যিটো ভাবিছিলোঁ সেইটোৱেই। হাঁহি থকা মুখ এখনেৰে ফটোখন জিলিকি উঠিল। এখন এখনকৈ মেঘাৰ ধুনীয়া ধুনীয়া ফটোবোৰ চাই গ’লোঁ। দেওবাৰটো কেতিয়া আহে আহে লাগিল।
সাধাৰণতে দেওবাৰৰ দিনটো নিজৰ মতে কটাই ভাল পাওঁ। সেইদিনা অলপ দেৰিলৈকে শোও। পিচে এই দেওবাৰটো যে বিশেষ দেওবাৰ। বাথৰোমত অলপ বেছি সময় ল’লোঁ। যি নহওক প্রথম যাম। নীৰাই কোৱাত আগদিনাই মিঠাই অলপ আনি থৈছোঁ।
যথাসময়ত নতুন প্রতিবেশীৰ ঘৰ পালোঁগৈ। দুখোজৰহে বাট। বৰ আদৰ-সাদৰ কৰিলে। গৈ পোৱাৰ লগে লগে চর্বত আৰু লগত বহুত কিবা কিবা যাচিলে। তাৰ পিছত ভাতৰ পর্ব।কেইবাবিধো ৰান্ধিছে।
হাঁহি-স্ফূর্তিৰে বৰ সুন্দৰকৈ সময়খিনি পাৰ হ’ল।
:-কথাপাতি পাতি আজি ভাত দুটামান বৰ বেছিকৈ খাই দিলোঁ হে। গাটো গধুৰ লাগি গৈছে। মই হাঁহি হাঁহিয়েই ক’লোঁ।
:-হয় নেকি ৰ’ব। আৰু এটা খাব লগা বস্তু আছে। মেঘাই মিচিকিয়া হাঁহিটোৰে ক’লে।
:- লওক ইয়াৰে পৰা এটা খাওক।গিৰিয়েকে বটল এটা আগবঢ়াই দিলে।
:- এইটো কি হয়? মই সুধিলোঁ।
:-খাওকচোন, মুখখন ভাল লাগিব। হজমো হ’ব সোনকালে। হার্বেল প্রডাক্ট।আমি খাওঁ। হজমী বড়ি।
:- মই খাই চালোঁ। হাজমলাৰ নিচিনাই লাগিল। নীৰাই মুখত লৈ তপৰাই সুধিলে।
:-বৰ ভাল দেখোন খাবলৈ। ক’ত পাম হে? কিমান দাম লয়?
:-।লাগে যদি মই দিব পাৰিম। আছে।মেঘাই উৎসাহ দেখুৱালে।
:- মোৰ গাটো অলপ চেবালে।
:-মেঘাই সেইবাৰ ভিতৰৰ পৰা হাততে ডাঙৰ বেগ এটাৰ সৈতে ফাইল এটা লৈ আহিল।
:-আপুনি যদি কম দামত বস্তুটো পাব খুজিছে তাৰো উপাই দিম মই।
মোৰ বুজিবলৈ আৰু বাকী নাথাকিল।
:-হে ঈশ্বৰ কিহৰ পাল্লাত পেলালাহি। মই মনে মনে ঈশ্বৰক সোঁৱৰিলোঁ।
:-হ’ব, কম দামত নালাগে আমাক। যিটো দাম সেইটোৱেই দিম।
মই কবলৈহে পালোঁ নীৰা দাং খাই উঠিল।
:-নাই, কম দামত কিনিম আকৌ। কিয় বেছি দামত কিনিম? তাৰ কি উপায় আছে? মোৰ অলপ খঙো উঠিল। তাইযে নিজেই ফান্দত পৰিছে, গমেই নাপালে।মেঘাই মিচিকিয়াই হাঁহিলে।
কলম কাগজেৰে আঁক-বাঁক কৰি মেঘাই নীৰাক কিবা বুজোৱাত লাগিল। লগতে টুথ পেষ্ট, হেয়াৰ অইল, এণ্টি এজিং, ডিটার্জেণ্ট আদিকে ধৰি আন বহুবোৰ প্রডাক্ট দেখুৱালে।
কিছুপৰ চাই নীৰাই চুলি সৰিছে বুলি হেয়াৰ অইল ফর্মূলা আৰু হজমী বড়িটো লোৱাৰ কথা ক’লে। হজমী বড়িৰ বটলটোৰ দাম পাছশ টকা।
নীৰাই সোধাৰ আগতে মই আকৌ সুধিলোঁ
:-আৰু হেয়াৰ অইলটোৰ দাম?
:-বেছি নহয় দাদা। মাত্র নশ নিৰানব্বৈ টকা।
মই মনতে বোলো তাতকৈ এহাজাৰ টকা বুলিয়েই নক’লি কিয়?
মই ভবাৰ লগে লগে মেঘাই আকৌ ক’লে, পিচে বৌৱে যদি মই কোৱাৰ দৰে চাৰিজন কাষ্টমাৰ দিব পাৰে তেন্তে সকলো প্রডাক্টত থার্টী পার্চেণ্ট ৰেহাই পাব।
হাঁহি হাঁহিয়ে যেন তাই মোৰ কটা ঘাঁত চেঙা তেল মাৰিছিল। নাজানো কিয় পলকতে ধুনীয়া বুলি ভবা তাইৰ সেই হাঁহিটোৰ সৈতে তাইক চলনাময়ী ৰাক্ষসী শূপর্ণখাৰ দৰে লাগি গ’ল।
হে ভগৱান! আকৌ এই নেটৱর্কিং ব্যৱসায়ৰ পাল্লাতে বাৰু কিয় পেলালা?পাঁচশ টকাৰ খানা খুৱাই পোন্ধৰশ টকাৰ ভৰণি, তাকো বিনা ৰিচিপ্তত। বিনামূলীয়া আছিল যদি সেই দুঘণ্টা বুজনি মিহলি মূৰৰ কামোৰণি।
☆★☆★☆
2:34 pm
হাঃ হাঃ ! মজ্জা লাগিল পঢ়ি।
8:27 pm
অশেষ ধন্যবাদ…
2:35 pm
হাঃ হাঃ ! মজ্জা লাগিল পঢ়ি।
8:26 pm
বহুত ধন্যবাদ…
3:00 pm
কেনে মজা?
8:26 pm
বহুত ধন্যবাদ…
4:36 pm
দেৰ হেজাৰৰ বাঁহ খালে মানে৷ মজা লাগিল মানসী৷
8:25 pm
বহুত বহুত ধন্যবাদ দাদা. ..এই উৎসাহেই আমাৰ প্ৰেৰণা…
12:44 am
ভালেই হ’ল ব্যৱসায়টো তেখেতৰ পকেট খালী কৰা বিধৰ, অন্যথা কাহিনীয়ে বেলেগ গতি ল’লে হেতেঁন ।।
বৰ ভাল লাগিল পঢ়ি ?
10:36 am
মন্তব্যৰে উৎসাহিত কৰা বাবে অশেষ ধন্যবাদ …
5:00 pm
ভাল লাগিল ৷
10:36 am
বহুত বহুত ধন্যবাদ…