প্ৰতিদান – জীমণি গগৈ
পল্লৱী, নিৰ্মালি, জুৰি, বৰ্ণালী, ৰুণজুন আৰু মই – আমাৰ এই ছজনীয়া গেংটোক হোষ্টেলত এনেই সন্ত্ৰাসবাদী গেং বুলিয়ে জানিছিল। আমাৰ এটা ‘উচুল’ আছিল আমি যাৰে-তাৰে লগত কূটাঘাতমূলক কাৰ্য সংঘটিত নকৰোঁ। অৰ্থাৎ ধেমালি নুবুজাসকলৰ লগত আমি কাহানিও ধেমালি নকৰোঁ। আটাইকেইজনীৰে ডিপাৰ্টমেণ্ট বেলেগ। পল্লৱী, জুৰি আৰু বৰ্ণালী ইংলিছৰ, নিৰ্মালি পলিটিকেল চায়েন্সৰ, ৰুণজুন চচিয়’লজীৰ আৰু মই অসমীয়াৰ। গতিকে সেইসূত্ৰে আমাৰ দ্বাৰা হোষ্টেলত সংঘটিত সু-কীৰ্তি, কু-কীৰ্তিবিলাকৰ ডুখৰিয়া খবৰে আমাৰ নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ বাহিৰেও সংশ্লিষ্ট ডিপাৰ্টমেণ্টসমূহতো অফ্ পিৰিয়ডৰ আড্ডাত ঠাই পাইছিল। সেই কথাৰ উমান পাইছিলোঁ এদিন যেতিয়া ইংলিছৰ ৰিপুঞ্জয়ে ৰাস্তাত পাওঁতে বিৰাট চিৰিয়াছ ভাও এটা দি কৈছিল- “চব সময়তে হাই হিল পিন্ধাটো কিন্তু বিপদজনক দেই জীমণি!” মোৰ বুজিবলৈ বাকী নাথাকিল যে বাহিৰত ফুলাই থকা মোৰ গাম্ভীৰ্যৰ বেলুন ইতিমধ্যেই ফুটিল।
কাহিনীটো এনেকুৱা- –
এদিন মানসীৰ ৰূমৰ দুৱাৰ মুখত ছেন্দেলযোৰ খুলি থৈ ৰূমত সোমাই দুইজনীয়ে কিবা এটা আলোচনা কৰি আছিলোঁ। মাজতে দুবাৰমান কোনোবাই দুৱাৰত নক্ কৰাত দুৱাৰ খুলি কাকো নেদেখি মানসীয়ে ভিতৰৰ পৰা দুৱাৰৰ খিলিটো লগাই থ’লে। আলোচনা শেষ কৰি দুৱাৰ খুলি দেখোঁ যে থোৱা ঠাইত মোৰ ছেণ্ডেলযোৰ নাই। হোষ্টেলত সাধাৰণতে যিকেইজনীয়ে তেনেকুৱা কামবোৰ কৰাৰ সম্ভাৱনীয়তা আছিল আটাইকেইজনীক প্ৰথমে দম দি, তাৰপাছত মৰমেৰে, তাৰপাছত তেলীয়াই চেষ্টা কৰিলোঁ। কোনোপধ্যে মোৰ ছেণ্ডেলৰ সম্ভেদ উলিয়াব নোৱাৰিলোঁ। নাই মানে ছেণ্ডেলযোৰ তিনিদিনলৈ নিৰুদ্দেশ হৈ থাকিল। হাৱাই ছেণ্ডেল মোৰ সেই এযোৰেই আছিল। সেই তিনিদিন হোষ্টেলত মই আনকি লেট্ৰিনলৈও হাই হিল পিন্ধি যাব লগা হ’ল। চতুৰ্থ দিনা ৰাতিপুৱা মোৰ ৰূমৰ দুৱাৰ খুলি দেখোঁ দুৱাৰ মুখত হাতযোৰ কৰাৰ ভঙ্গীত মোৰ হাৱাইযোৰ সজাই থোৱা আছে। পাছত মোৰ ‘খুফিয়া’ এজেন্টৰ যোগেদি মোৰ ছেণ্ডেল অপহৰণকাৰী(জুৰি)ৰ ঠিকনা উলিয়াই লৈছিলোঁ।
দুসপ্তাহমানৰ পাছত সেই ঘটনাৰ প্ৰতিদান বেচেৰীয়ে দিব লগা হৈছিল এনেকৈ–
আবেলিৰ পৰা দোপালপিটা বৰষুণ হৈছিল সেইদিনা। ধাৰাষাৰ বৰষুণৰ ফলত ৰাস্তাৰ কাষৰ নৰ্দমাত পানী উপচি পৰি লেতেৰা পানীবোৰে আমাৰ হোষ্টেলৰ সমুখৰ ৰাস্তাটো বুৰাই পেলাইছিল। আকাশে কলহৰ কাণে পানীঢালি থকা সময়খিনিতে হোষ্টেলৰ আটাইতকৈ নিমাখিত, চিধাচিধি ছোৱালী বুলি খ্যাত ‘প্ৰজ্ঞা’ক জুৰিৰ ৰূমলৈ পঠালোঁ। কামটোৰ বাবে প্ৰজ্ঞাক বাছনি কৰাৰ উদ্দেশ্যে হ’ল যে, মই বা আমাৰ গেঙৰ কোনোবা এজনীয়ে ক’লে জুৰিয়ে চিধাই সন্দেহ কৰিব। প্ৰজ্ঞাই প্ৰথমে মিছা কথাটো ক’বলৈ যাবলৈ হেহু-নেহু কৰিছিল। পল্লৱী, মই, নিৰ্মালিয়ে একো নহয় বুলি তাইক এনেকৈ পতিয়ন নিয়ালোঁ যে বেচেৰী যাবলৈ বাধ্য হ’ল। আমাৰ হোষ্টেলীয়া দিনত মবাইল নাছিল। হোষ্টেলৰ লেণ্ড লাইনত আমাৰ ফোন আহে। প্ৰজ্ঞাক বুজাই দিয়া হ’ল যে তাই গৈ জুৰিক এইবুলি ক’ব – “মই গেষ্টৰূমত বহি আছিলোঁ, ফোনটো কেইবাবাৰো ৰিং কৰি আছিল প্ৰমীলাবাই নাছিল বাবে (প্ৰমীলাবাই আমাৰ হোষ্টেলৰ ৱাৰ্ড গাৰ্ল) ময়ে ফোনটো ৰিচিভ কৰিলোঁ। ‘গেট’ৰ পৰা ফোন কৰিছিল মানুহ এজনে। আপোনাক বিচাৰিছিল। মই খবৰ দিব লাগিব ৰ’ব বুলি কোৱাত ক’লে বোলে আপুনিয়ে খবৰটো দি দিয়কচোন তেওঁৰ কাপোৰ এযোৰ চিলাবলৈ দিছিল, পৰহিলৈ ৰাতিপুৱা নিয়াৰ কথা আছিল কিন্তু মই আজি ৰাতিলৈ এফালে যাব লাগিব তিনিদিনমান নাথাকিম। গতিকে আজি যেনেতেনে লৈ যাবলৈ ক’ব মই ৰেদি কৰি থৈছোঁ। মই চাৰি বজাত দোকান বন্ধ কৰিম।” – কাপোৰযোৰ চিলাবলৈ দিবলৈ যাওঁতে জুৰিৰ লগত ময়ো গৈছিলোঁ বাবে কেতিয়া চিলাই দিব ইত্যাদিবোৰ মই জানিছিলোঁ। খবৰটো পাই জুৰিৰ অৱস্থা বেয়া। তেতিয়া চাৰি বাজিবলৈ মাত্ৰ আধা ঘণ্টা বাকী আছে। হোষ্টেলৰ পৰা ‘গেট’লৈ মানে মাৰ্কেটলৈ দূৰত্ব প্ৰায় দুই কিলোমিটাৰ। অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল – কাপোৰযোৰ তাই পৰহিলৈ ইউনিভাৰ্চিটিৰ জেনেৰেল ফেচাৰ্ছত পিন্ধিবলৈ স্পেচিয়েলি চিলাবলৈ দিছিল। জ্বলি-পকি বেচেৰীজনীয়ে ছাতিয়ে বচাব নোৱৰা বৰষুণৰ মাজেৰে লেতেৰা পানী ফেনেকি ‘গেট’ গৈ পাই গম পালে যে কাপোৰযোৰ চিলোৱা হোৱা নাই আৰু মানুহজনে বোলে কোনো ফোন কৰা নাই! – সেই মুহূৰ্তটোত জুৰিৰ মুখৰ বৰণটো ঠিক কেনেকুৱা হৈছিল সেইটো চাবলৈ আমাৰ মানে পল্লৱী, মোৰ আৰু নির্মালিৰ আজিও হেঁপাহটো থাকি গ’ল!
☆★☆★☆
3:39 pm
চুড়ান্ত আছিলা মানে! ভাল লাগিল জীমনি৷
5:07 pm
ধন্যবাদ দাদা
11:09 pm
সাংঘাতিক গেং আছিল দেই তোমালোকৰ। ভাল লাগিল??জীমণি।
5:22 pm
এনে ডেনজেৰাছ বুলি ভবা নাছিলো ৷ জুৰিয়ে পাছত প্ৰতিশোধ লব পাৰিলেনে?
5:48 pm
এই কাহিনীটো আপোনাৰ কোনোবা ষ্টুডেন্টে পঢ়িলে হ’ল আৰু।
5:53 pm
ইমান শান্ত
5:04 pm
আন্তৰিক ধন্যবাদ আটাইলৈ ?
6:44 pm
Vl lgl prhi