ফটাঢোল

ভুতৰ প’ষ্টমৰ্টেম – চন্দন মহন্ত

ৰাতিপুৱাই নিৰিবিলি গাওঁখন মুখৰ হৈ পৰিল। সকলোৰে মাথোঁ এটা কথাৰেই আলোচনা৷ সকলো ঠাইতে একেটাই কথা। জুহাল, চোতাল, পথাৰ, ৰাস্তা, মদ ভাঙৰ খোলা, চাৰিআলিৰ কেৰমৰ আড্ডা ক’তোৱেই বাকী নাই৷ চুবুৰীয়ে চুবুৰীয়ে মানুহবোৰ ভয়, বিশ্বাস-অবিশ্বাসৰ দোমোজাত একাকাৰ হৈ পৰিছে।

“অ’ হয়নে বোলো কথাটো কি নো।”

“হে হৰি। আপুনি শুনাই নাই হ’পায়৷ ভূত ওলাইছে ভূত৷”

“ভূত? ক’ত? কেতিয়া?”

“কালি ৰাতি বটানী স্কুলৰ ওচৰত।”

মানুহবোৰ দৌৰিছে এটা নিৰ্দিষ্ট ঘৰলৈ। বেজ আহিছে জাৰিবলে। ঘৰৰ ভিতৰত পাটি এখনত অৰ্ধচেতন অৱস্থাত পৰি আছে মনোহৰ। মনোহৰ গাওঁখনৰ ভিতৰতে এটা খামিডাঠ ল’ৰা। হটঙা ল’ৰাটো লেবেজান হৈ পৰি আছে৷ মুখেৰে বিৰবিৰাই আছে… ভূত…ভূত…৷ বিহলঙনি, জলকীয়া পাত, শুকান জলকীয়া জ্বলাই বেজৰ ভূত খেদাৰ প্ৰযত্ন৷ অঙতি ভঙতি কৰি বেজে মন্ত্ৰ মাতি মাতি মাজে মাজে দীঘলকৈ ফু মাৰে., জলকীয়া এমুঠি জুইত দিয়ে ধোঁৱাৰ পোৰণিত ৰ’ব নোৱাৰি মনোহৰে জঁপিয়াই উঠে। উঠিব নোৱাৰে… সাতটা বলধেও চিঙি যাব নোৱাৰাকৈ আঁটি আঁটি বান্ধি থৈছে তাক৷ জলকীয়াৰ পোৰণিত চকু ৰঙা। মানুহবোৰলৈ চাই চকু চলচলীয়া হৈ গৈছে তাৰ….৷

“বুজিছে জানটো কা গোটেই গাওঁ হাল্লা৷ মানুহবোৰ ফুটগধূলিতে ভাত-পানী খাই শুই থাকে। মনোকাইটিৰ পিছত কেইবাটাও মানুহক ভূতে পালে৷”

“মনোহৰৰ কেনেকুৱা এতিয়া?”

“মানুহটো জয় পৰি গ’ল৷ জুপুকা মাৰি বহি থাকে। মাজে মাজে উচপ খাই উঠে।”

“হুমম। মই সব বুজিলোঁ‌৷ বাৰু তই যা এতিয়া। গাঁৱত গৈ ক’বি আজি জানটো আহিব ভূত খেদিবলৈ৷”

ল’ৰাটো যোৱাৰ পিছত জানটো বহুত সময় বাৰাণ্ডাতে বহি থাকিল৷ এটা সময়ত সি বহাৰ পৰা উঠি কাপোৰ পিন্ধি ওলাল৷ মাকক ক’লে, গাঁৱৰ ঘৰৰ পৰা আহোঁ। কেইবামাহো যোৱা নাই। ভাত বৰবাইৰ ঘৰত খাম৷

সৰু শান্ত গাওঁখন। এফালে সৰু নৈখন৷ গাঁৱৰ সোঁমাজতে জানটোৰ দেউতাকৰ দিনৰ ঘৰখন। পঢ়াই শুনাই চোকা সকলো কামতে আগৰণুৱা জানটো সৰুৰে পৰা উগ্ৰ সাহসী। মাইনাকন, ধুন আৰু জানটো তিনিওটা নলেগলে লগা বন্ধু। গাঁৱৰ এচাম মানুহৰ ভাষাত অঘাইটঙৰ শিৰোমণি তিনিওটা। বহুতৰে মনত আকৌ সিহঁতৰ প্ৰতি সুকীয়া মৰম। এক কথাত সোঁতৰ বিপৰীতে সাঁতোৰা ল’ৰা তিনিওটা৷ সময়ৰ লগে লগে সকলো সলনি হয়৷ দেউতাক ঢুকোৱাৰ পিছত জানটো গুচি আহিল টাউনতে থকা সিহঁতৰ ভাড়াঘৰ কেইটালৈ৷ অকলশৰীয়া মাককো লৈ আনিলে৷ কলেজৰ চাকৰিটো হোৱাত সি তাতে নিগাজি হ’ল। ধুন গ’ল তেল কোম্পানীৰ ড্ৰাইভাৰৰ চাকৰিত পাছ কৰি দুলীয়াজানলৈ। মাইনাকনে টাউনতে দোকান এখন তৰিলে, বিক্ৰী বাৰ্তা ভাল৷ সময়ৰ লগে লগে সিহঁতৰ অঘাইটং চৰিত্ৰও সলনি হ’ল।

সন্ধিয়াৰ আগে আগে জানটো গাঁৱৰ ঘৰ পালেগৈ৷ ঘৰৰ দুৱাৰখন খুলি ভিনীয়েকলে ফোনটো লগাই ৰাতি ভাত খাবলৈ যাম বুলি ক’লে৷ তাৰপিছত ঘৰটো চাফ চিকুণ কৰি ওলাই গ’ল। নামঘৰৰ ফালে অলপ দূৰ গৈ সোঁহাতেৰে দীঘল পদূলিটোৰে সি সোমাই গ’ল৷ সেইটো মনোহৰৰ ঘৰ। ঘৰখন নিজম পৰি আছে৷ সি বাৰাণ্ডাৰ পৰাই মাত দিলে

“খুৰীটি ঔ আছানে?”

“কোন নো অ’।”

“ অ’ মই জানটোহে।”

“ উৱৱ জানটো নি আহ আহ বোপাই। ক’ৰ পৰা ওলালিহি? বহুদিনৰ মূৰত আহিলি। মাৰৰ কেনে? বাইটিজনীক বহুতদিন দেখা নাই পাই।”

“মাৰ ভালেই৷ মই টাউনৰ পৰাই আহিলোঁ‌৷ মনোহৰৰ কথাটো শুনি খবৰ এটা কৰি যাওঁ বুলি আহিলোঁ‌৷”

“কি কবি ঔ বোপাই ৷ এই প্ৰদীপ জহনীটোৱে পুতেকক বাৰু আলি কানতে খৰি দিব লাগেনে? সি এতিয়া গোটেই গাওঁ জ্বলাই মাৰিছে৷”

“মনোহৰ ক’ত? চাওঁ তাক।”

“ব’ল ভিতৰতে আছে। বিছনাতে শুই থাকে৷ সেইহেনটো ল’ৰা কেনেকে জঁয় পৰি গ’ল ঔ উস উস।”

জানটো মনোহৰৰ ওচৰ পালেগৈ৷ কেইবাবাৰো মাতিলত এবাৰ চকু মেলি চালে৷ একো উত্তৰ নিদিলে। লাহেকৈ জানটো কোঠাটোৰ পৰা ওলাই আহিল৷

“ঐ খুৰীটি মই যাওঁগে। ”

“ক’লৈ যাৱ এই ৰাতিখন। ভাতমুঠি খাই যাবি।”

“নেখাওঁ অ’৷ বাৰবাইক ৰান্ধিবলে কৈছো তাহাঁতৰ ঘৰলে যাওঁ। আৰু শুনা ইয়াক একো ভূতে পোৱা নাই৷ মই দেবেনক কৈ যাম পৰহিলে মোৰ তালে লৈ যাব৷”

কৈ কৈ জানটো ওলাই আহিল৷ সি পোনে পোনে গৈ সোমালগৈ একেলগে পঢ়া দেবেনৰ ঘৰত। দেবেনৰ ঘৰত তাক দেখি সব আচৰিত৷ ফুটগধূলিতে সবেই ভাতপানী খাই শোৱাৰ যো-জা কৰা দেখি জানটোও আচৰিত হ’ল।

“তহঁত শুবলে ল’লিয়ে যে?”

“তই মনোৰ কাহিনীটো শুনা নাই নি।”

“কাহিনীটো কি মোক ক’চোন৷ মই মনোক চাই আহিলোঁ‌ এতিয়া।”

“সেইদিনা মঙলবাৰ আছিল৷ মনোৱে খনিকৰ গাঁৱৰ জগত বায়েনৰ লগত কচুমাৰিত ভাওনাৰ আখৰা কৰি ঘূৰি আহিছিলে৷ জগত বায়নক এৰি সি বটানী গাঁৱেদি ঘৰলে আহিছিল। আমাৰ সেই গদং প্ৰদীপৰ ঘৰটো পাৰহৈ বটানী স্কুলৰ কেঁকুৰিটো লওঁতেই তাক প্ৰদীপৰ পুতেকে গিৰাই দিলে৷ কিহবাই তাৰ চাইকেলখন টানি ধৰিলে। পৰাৰ পৰা উঠোঁতেই স্কুলৰ ফালৰ পৰা ওখ মানুহৰ নিচিনা কিন্তু মূৰটো নথকা কিবা এটাই খেদি আহিলে৷ মনোৰ দৰে খামীডাঠ ল’ৰাটো চিঞৰত গগন ফালি দৌৰি অচ্যুতৰ ঘৰত সোমাই পৰি দিলে৷ এই পুহমহীয়া জাৰটো গোটেইটো ঘামিজামি তিতি গ’ল। তাতেই সি বেহুঁচ৷ অচ্যুতে চিঞৰ বাখৰ কৰাত ওচৰৰ মানুহ ওলাই আহিলে৷ বেজেও জাৰি তাক ঠিক কৰিব পৰা নাই৷ তাৰ পিছত ধৰ্ম আৰু ডিম্বেশ্বৰকো পেলালে। সিহঁতৰো একেই অৱস্থা৷ এক্সিডেণ্টত প্ৰদীপৰ পুতেকটোৰ মূৰটো চেপেটা হৈ গৈছিলে নহয়৷ তাৰেই ভূত সেইটো৷ স্কুলৰ গেটৰ মুখত সি ৰৈয়ে থাকে৷ তাৰ পিছত কোন সাহেৰে মানুহ সোনকালে নোশুৱাকে থাকে ক’চোন৷”

“বাৰু সব বুজিলোঁ‌৷ তই এটা কাম কৰিবি পৰহিলে তই মনোক মোৰ তালে লৈ যাবি৷ তাক ডাক্তৰক দেখুৱালেই আগৰ নিচিনা হ’ব৷ মই যাওঁ৷”

“এই ৰাতি তই কেনি যাৱ?”

“প্ৰদীপৰ পুতেকক চাই আহোঁগে৷”

“ঐ জানটো হ’ল বুলি এই ভূতৰ লগত ধেমালি নকৰিবি দেই৷”

“হ’ব দে৷ মোৰ কিবা হ’লে হ’ব৷ তহঁতে সকামটো পাতি দিবি।”

জানটো ওলাই গ’ল। সবেই জানে তাক বাধা দিয়া আৰু নৈৰ উজনি সোঁত ভেটা একেই কথা। জানটো গৈ ঘৰ সোমাল। মটৰচাইকেলখন ভিতৰলৈ ভৰাই সি বাপেকৰ দিনৰ বাইচাইকেলখন উলিয়াই আনিলে। চাইকেলখন চোতালতে এপাক চলাই চালে ঠিকেই আছে৷ অলপ কেৰকেৰাই আছে যদিও চলাব পৰা যাব৷ সি লাহে লাহে ওলাই গ’ল কচুমাৰিৰ ফালে৷ কচুমাৰিলৈ যাবলে সি বটানী হৈ নগ’লেও হয় যদিও সি বটানী হৈয়েই গ’ল৷ বাটতে বৰবায়েকৰ ঘৰ। লণ্ঠন জ্বলাই বায়েকৰ ঘৰত ট্ৰেক্টৰে মৰণা মাৰিছে, দহটামান মানুহ আছে। তাত নোসোমাল সি। শীতৰ ফেৰফেৰীয়া বতাহজাক ফালি সি গৈ বটানী স্কুল পালেগৈ। ক’তো একোডাল নাই। কচুমাৰি চাৰিআলি পাই সি পুনৰ উভতি অহাৰ সিদ্ধান্ত ল’লে৷ মানুহবোৰ শুই নিঃপালি দিলে। দূৰৈত কুকুৰৰ ৰাউচিৰ বাহিৰে সকলো নিঃসাৰ, সবফালে নিজম পৰি আছে। মানুহবোৰ ভূতৰ ভয়ত শুলেই৷ ধুৰৰ ক’ৰ ভূত ক’ত পলাল ঠিকনা নাই। পিশাচ দেখি ভূত পলাই পত্ৰং দিলে ৷ নিজে নিজকে কৈ সি উভতিলে। লাহে লাহে গৈ আকৌ মনোহৰক ভূতে পোৱা কেঁকুৰিটোৰ ওচৰ পালেগৈ। কিন্তু এইবাৰ বটানী স্কুলৰ সন্মুখ পাওঁ নৌপাওঁতেই হঠাৎ তাৰ চাইকেলখন লাগি ধৰিলে। কোনোবাই যেন টানি ধৰিছে পিছৰ পৰা। সি ঘপকৈ সোঁভৰিটো মাটিত দি চাইকেলৰ পৰাই টৰ্চটো জ্বলাই চাৰিওপিনে চালে.. নাই…ক’তো একো নাইচোন৷ কিন্তু কিহে টানি ধৰিছিলে চাইকেলখন? সঁচাকৈ ভূত আছে নেকি? কিবা অজান ভাব এটাই তাৰ বুকুত ঢপঢপাই উঠিল৷ সি পুনৰ পেডেলত জোৰ দিলে। নাই.. একেই… ইমান জোৰ লাগিছে, কোনোবাই টানি ধৰিছে যেন…কি হৈছে? ঠাণ্ডা দিনতো জানটোৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙিবলৈ ধৰিলে৷ এইবাৰ সি চাইকেলৰ পৰা নামি দিলে। ভৰি দুটা সোমাই যোৱাৰ নিচিনা লাগিল৷ টৰ্চটো জ্বলাই সি মাটিলৈ চালে৷ “আইজ্জৈ ঐঐঐ ….. দীঘেশ্বৰী…” তিনি চাৰিখন গাওঁ ৰজনজনাই যোৱাকৈ ওলাই আহিল তাৰ মুখৰ সেই বিখ্যাত উকিটো। সাৰ পোৱা সকলোৱে বুজিলে… জানটো…জানটো সেইটো…৷

ভূতৰ ৰহস্য ভাঙি জানটো আগবাঢ়িল। বায়েকৰ ঘৰত মৰণা মৰা শেষ হ’ল৷ সকলোৱে খেৰ জোকাৰি আছিল। নঙলাডাল খুলি সি সোমাই গ’ল৷ নঙলাৰ শব্দত পখৰা কুকুৰটোৱে ভুকভুকাই খেদি আহিল। সি গলখেকাৰি মাৰি দিলত চিনি পাই কুঁ কুঁৱাই ওচৰ চাপি গায়ে মূৰে জপিয়াবলৈ ধৰিলে। ভিনীহিয়েকে ৰিঙিয়ালে

“কোন অ।”

“মই অ’ ভিনি।”

সি গৈ চোতাল পালেগৈ৷ তাৰ মাতটো শুনি ভিতৰৰ পৰা বকি বকি বায়েক ওলাই আহিল৷

“এই ৰাতিখনহে আহিবলে পালি৷ মোৰ ভাত পানী কেতিয়াবাই হ’ল। তোৰ এই নিশাচৰ স্বভাৱ এৰিবৰ হ’ল। গাঁ‌ওখনত কি হৈছে শুনা নাই? কচুমাৰিলে এইফালেদি মানুহ যাবলেই এৰিছে৷”

“উৱৱ৷ মইচোন সেইপিনৰ পৰাই আহিলোঁ‌।”

“হে হৰি৷ তই পগলা হ’লি নি? গোটেই গাঁৱতে ভূতে কি কৰিছে তই নেজান নি হাঁ।”

“হেই৷ মই শুনিহে সেইফালৰ পৰা আহিছোঁ‌। ভূতটোক লগো পালোঁ‌৷ কথা বতৰা পাতি খা-খবৰো লৈ আহিছোঁ‌ হিঃ…হিঃ…হিঃ৷”

“তোক কৈ লাভ নাই। এতিয়া তই আগৰ নিচিনা হৈ থাকিলে নহ’ব নহয়৷ কলেজত কাম কৰ৷ তই নিজে অগৰুৱা হ’লে ল’ৰা-ছোৱালীক কি শিকাবি।”

“বৰ বাই অ’। তই যে আগৰ দৰেই থাকিলি৷ তোৰো সলনি হ’বৰ হ’ল৷ তহঁতমখাই যে ভূত ভূত বুলি চিঞৰ বাখৰ লগাই সেইফালে যোৱা বাদ দিলি, ভূতৰ ভয়ত ফুটগধূলিতে ভাত-পানী খাই বিছনাত উঠিবলে ল’লি, এইবোৰ এৰিবৰ হ’ল। আচল কাহিনী মই কওঁ শুন৷”

জানটোৱে এফালৰ পৰা কৈ গ’ল৷ মনোহৰৰ ঘৰত সোমোৱাৰ পৰা উকি মৰালৈকে৷ মাটিত ভৰি দিওঁতেই তাৰ ভৰিটো সোমাই গ’লত সি তললৈ চাই দেখিলে গোটেইখন বালি৷ বালিত চকাটো লাগি ধৰিছে, ভৰি দুটাও সোমাই গৈছে। স্কুলৰ বাউণ্ডেৰী ৱাল মাৰিবলৈ তাত ঠিকাদাৰে পেলোৱা বালিবোৰ গৰুৱে খচকি ঠুম মাৰি, ল’ৰা-ছোৱালীয়ে জঁপিওৱা মেলা কৰি সব ফালে খহি গৈছে। ৰাস্তাৰ ফালে দ’ কাৰণে সেইফালে বেছি খহিছে৷ কচুমাৰিফালে যাওঁতে ৰাস্তাৰ সিটো কিনাৰে যায় কাৰণে গম পোৱা নাযায়৷ তাতে দিনত বালিবোৰ শুকাই থাকে আৰু মানুহেও বৰকৈ গুৰুত্ব নিদিয়ে বাবে গম পোৱা নাযায়৷ কিন্তু ৰাতি কুঁৱলী পৰি বালিবোৰ তিয়াই দিয়ে৷ তেতিয়া চাইকেলৰ চকা বালিত লাগি ধৰে। চাইকেলখন ঠেলি আনিলে একো নহয় কিন্তু চলাই আহিলে লাগি ধৰে৷ বেছি জোৰ দিলে পিচলি পৰি যায়৷ কাষতে বাঁহজোপা থকা কাৰণে ঠাইখন অলপ আন্ধাৰ। বাঁহগছৰ ফাঁকেৰে অলপ জোনৰ পোহৰ পৰে। সেই পোহৰ আৰু কুঁৱলী পৰি স্কুলৰ গেটৰ খুটাটো মানুহ যেন ভাব হয়৷ মনোহৰৰো সেয়াই হ’ল।

এতিয়া বুজিলি বৰবাই প্ৰদীপৰ পুতেকৰ ভূতটো কেনেকে মনোহৰৰ গাত লম্ভিলে। তহঁতৰ ভয়টোৰ কাৰণেই এই গতি হয়। মই আজি মনোক দেখিয়েই গম পালোঁ‌ সি হাৰ্টত শ্বক পাইছে৷ তাৰ কলিজাটো অলপ ডাঠ বাবে হাৰ্টফেইল নকৰিলে। অলপধতুৱা কোনোবা এটা হোৱা হ’লে বাহিৰে বাহিৰে শ্মশান নিবলগীয়া হ’লহেঁতেন৷”

“উৱৱ। তইচোন ভূতৰ পোষ্টমৰ্টেমৰ ৰিপৰ্ট দি দিলি৷”

“কি কবি অ’ বৰ বাই৷ এই ভূতবোৰ বৰ অদ্ভুত৷”

“তাকেহে পাই৷ এতিয়াহে মনটো মুকলি হৈছে৷ হ’লেও কাইলে এপাক চাই আহিব লাগিব দেই৷”

“পিছে এটা কথা। ভূতৰ ভয়ত তই কেইবাৰ বিছনাত সৰুপানী কৰিলি সেয়া ভিনীয়েহে ক’ব পাৰিব দেই৷”

“হেই চুপ থাক হতশ্ৰীহোৱাটো৷”

হাঃ হাঃ হাঃ হাঃ….৷ হাঁহিবোৰ ৰজনজনাই গ’ল ৰাতিৰ নিস্তব্ধতা ভেদি।

☆★☆★☆

4 Comments

  • HEMANTA KAKATI

    “এই প্ৰদীপ জহনীটোৱে পুতেকক বাৰু আলি কানতে খৰি দিব লাগেনে? সি এতিয়া গোটেই গাওঁ জ্বলাই মাৰিছে৷”

    এইটোহে মেইন! তামাম লাগিল গল্পটো৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল পঢ়ি।

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply
  • Georges Kaddar

    বৰ মজা লাগিল দেই!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *