ভাৰতৰ ৰাজনৈতিক নেতাৰ বিষয়ে এখন ৰচনা – অৰবিন্দ গোস্বামী
পাতনি: ৰাজনৈতিক নেতা পৃথিৱীত প্ৰচলিত শাসন ব্যৱস্থাসমূহৰ অবিচ্ছেদ্য অংগ। পৃথিৱীৰ সকলো দেশতে ৰাজনৈতিক নেতা আছে যদিও ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাৰ সৈতে অন্য দেশৰ ৰাজনৈতিক নেতাৰ বৰ বিশেষ সাদৃশ্য দেখা নাযায়। সাধাৰণ জনগণৰ বাবে ই এটি আচহুৱা প্ৰাণী।ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাৰ গুণৰাশিৰ পৰিধি ইমান বহল যে একে আষাৰে কৈ পেলোৱা সম্ভৱ নহয়।
বৰণ: পৃথিৱীত বগা, ক’লা, ঢেলঢেলীয়া বগা, এঙাৰ ক’লা আদি নানা বৰণৰ ৰাজনৈতিক নেতা পোৱা যায় যদিও ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাৰ ৰঙৰ বিষয়ে সঠিককৈ ক’ব নোৱাৰি। পূৰ্বতে উল্লেখ কৰাৰ দৰে যিহেতু ই এক আচহুৱা প্ৰাণী, গতিকে ই মুহুৰ্ত্তৰ ভিতৰতে ৰং সলাব পৰা আশ্চৰ্য্যজনক গুণৰ অধিকাৰী। বাহ্যিকভাৱে দেখা পোৱাৰ ভিতৰত বগা আৰু ক’লা এই দুই বৰণেই প্ৰধান। তথাপি বগা দেখাজনেই এঙাৰ ক’লা আৰু ক’লা দেখাজনেই চূণ বা গাখীৰৰ দৰে বগা হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
প্ৰকাৰ: ভাৰতবৰ্ষত প্ৰধানতঃ দুই ধৰণৰ ৰাজনৈতিক নেতা পোৱা যায়।(১)জনহিতৈষী (২)জনৰক্তপিপাসু
(১)জনহিতৈষী নেতাসকল সহজ-সৰল। এওঁলোকে বৰ ভালকৈ ভাষণ দিব নাজানে। মাথো ‘কৰ্মই ধৰ্ম’ বুলি জনহিতৈষী কামত ব্যস্ত থকাৰ বাবে এওঁলোকক মানুহে বৰকৈ চিনি নাপায়।আজিকালি দুই এজনে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে যদিও জনৰক্তপিপাসু সকলে প্ৰায়ে এওঁলোকক জাবৰে-জোঁঠৰেৰে মেৰিয়াই ডাষ্টবিনত ভৰাই থয়। এওঁলোকৰ সাজ-পোচাকৰ প্ৰতি ধ্যান নাথাকে। দুই এজনে কৰ্মস্থলীলৈ যাওঁতে চাইকেল লৈও সদন, সংসদলৈ ওলাই যোৱা বুলিও বাতৰি প্ৰচাৰ হয় বা প্ৰবাদ আছে। এওঁলোকে গাড়ী লৈ চাইৰেণ বজাই যোৱা দূৰৰে কথা, নিজৰ চাইকেলৰ টিলিঙাই ভালদৰে নাবাজে। অৱশ্যে চিনি পোৱাসকলে এওঁলোকক চিনি পায়।
(২) জনৰক্তপিপাসু ৰাজনৈতিক নেতাৰ পয়োভৰ ভাৰতবৰ্ষত অত্যন্ত বেছি।এওঁলোকৰ বেছিভাগেই নিজৰ জীৱনৰ শিক্ষা লাভৰ সময়ছোৱাত ‘পুৰীয়া বাবা’ৰ কৃপাত উত্তীৰ্ণ হয়, নাইবা শিক্ষা গ্ৰহণ আধাতে সামৰি দেশৰ হকে নিজক উচৰ্গা কৰে। ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকে কেতিয়াবা অলপ আচহুৱাধৰণে প্ৰৱেশ কৰে। ভাৰতীয় সংবিধানৰ কৃপাত এওঁলোকে জেল-হাজোতৰপৰা নিৰ্বাচন খেলে তথা জিকেও। প্ৰথম অৱস্থাত এওঁলোকে আচৰিত কৰ্মৰে সকলোৰে দৃষ্টি কাঢ়ি নিয়ে। ‘চাদেন ভিজিট’ এই আচৰিত কৰ্মৰে অন্যতম। নিৰ্বাচনত জিকিয়েই কাৰ্য্যালয়ে কাৰ্য্যালয়ে ‘চাদেন ভিজিট’ দি দুই এজনক চাকৰিৰপৰা নিলম্বিত কৰে।নিলম্বিত হোৱাজনে দুই-এবছৰ ঘৰতে বহি খাই খাই গাহৰীৰ নিচিনা নোদোকা হৈ পূৰ্বৰ সকলো দৰমহা আদায় কৰি পুণৰ একেখন চকীত বহেহি। এই জনৰক্তপিপাসু জননেতাই দিন যোৱাৰ লগে লগে তাহানিৰ সেই নীলা শিয়ালৰ ৰূপটো বেছিদিন লুকুৱাই ৰাখিব নোৱাৰি ‘হোৱা’ দিবলৈ আৰম্ভ কৰে। অৱশ্যে তেনে জননেতা যিহেতু মানৱ, গতিকে তেওঁলোকৰ সেই ‘হোৱা হোৱা’ ৰাইজৰ কাণত নপৰিবলৈ পালি-পহৰীয়া এচাম সদায় যোগাৰ কৰি ৰাখে। চলাহী-বাৰেভচহু কথাৰে এওঁলোকে জনসাধাৰণক বিভ্ৰান্ত কৰি আন্দোলন-ধৰ্ণাৰে জনৰক্তপিপাসুজন নেতাৰ প্ৰকৃত আৱাজ জনসাধাৰণৰ কাণত পৰিবলৈ নিদিয়ে। এই পালি-পহৰীয়াসকলেও তাহানিৰ লক্ষ্যধৰ চৌধুৰীৰ কবিতাটোক অলপ ‘ৰিমিক্স’ কৰি “মই চাৰৰ দৰে হ’ম,
সদায় মিছা কথাই ক’ম
জাতি-ভেদৰ বীজ সিঁচিম
মিছা কথাই ক’ম
মই আমাৰ চাৰৰ দৰেই হ’ম।
কবিতাফাঁকি আওঁৰাই ভৱিষ্যতে চাৰৰ দৰে এজন দগাবাজ নেতা হোৱাৰ আশাত চাৰক ‘পৰম গুৰু’ মানি গুৰুক তৈলমৰ্দন কৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে আমাৰ চাৰে ধীৰে ধীৰে ‘এদেও দুদেও লোটা নিয়াৰ চেও’ৰে জনসাধাৰণক লুটিবলৈ আৰম্ভ কৰে। লাহে লাহে এওঁলোকে নিজৰ পালি-পহৰীয়াৰ সৈতে মিলি জনসাধাৰণৰ কোটি কোটি টকা বিভিন্ন কৌশলেৰে শৰাধ কৰি পৃথিৱীৰ প্ৰায় সকলো বেঙ্কৰে গ্ৰাহক হৈ পৰে। নিজৰ অঙহী-বঙহী, পালি-পহৰীয়াক চাকৰি-বাকৰি আদি সকলো সুবিধা কৰি দিয়াৰ উপৰিও ভাৰতবৰ্ষৰ ধনী নেতাসকলৰ লগত সমানে সমানে ফেৰ মাৰিবপৰা পৰ্য্যায় পায়গৈ। এক কথাত ক’বলৈ গ’লে এওঁলোক একপ্ৰকাৰে ‘কৌশলী সন্মানীয় চোৰ-ডকাইত’ত পৰিণত হয়। কোনো কোনোৱে ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰখনক নিজৰ পৰিয়ালৰ সম্পত্তি বুলি ভাবিবলৈ গণ্য কৰে। লাহে লাহে এওঁলোকৰ মুখখন নৰখাদক বাঘৰ দৰে হ’বলৈ আৰম্ভ কৰে।নৰখাদক বাঘে যেনেকৈ মানুহৰ তেজৰ গোন্ধ পাই বলীয়া হয়, ঠিক তেনেদৰে এওঁলোকেও তেনে বলীয়াৰ নিচিনা আচৰণ কৰিবলৈ লয়। সন্মানীয় সদন বা সংসদত এওঁলোকে গালি-গালাজ, চিঞৰ-বাখৰ কৰি নিজকে কাউৰীৰ বংশধৰ বুলি পৰিচয় দিয়ে। লাহে লাহে এওঁলোকৰ টোপনি কুকুৰৰ নিচিনা হ’বলৈ আৰম্ভ কৰে। ৰাতি দুঃশ্চিন্তাত শুব নোৱাৰে। সপোনে দিঠকে বিৰোধী দেখি থাকে। চুৰ কৰা টকাবোৰ ক’ত থ’ব, কি কৰিব তাৰে চিন্তাত নিদ্ৰাদেৱী এওঁলোকৰ জীৱনৰপৰা উধাও হয়। মদ-মাংস জনসাধাৰণৰ টকাৰে কিনি কিনি খাওঁতে দিনক দিনে তেলাল গাহৰীটোৰ ৰূপ ধাৰণ কৰে। এনে প্ৰায়বোৰ নেতা দিনক দিনে বৰ্গাকাৰ হৈ গৈ যায়। কোনোবাই কোনোবাই এওঁলোকক জোতা-ছেণ্ডেল নিক্ষেপ কৰি পুলিচৰ দাণ্ডা খাবলৈও কেৰেপ নকৰা হয়। এনে কোনো কোনো জননেতাক ৰাইজে নিজৰ সমষ্টিৰপৰাই ‘পহুখেদা’ দি পঠায়। জনৰক্তপিপাসু নেতাই অৱশ্যে এই কথাবোৰক কেৰেপ নকৰে। তাতকৈও ডাঙৰ কথা হ’ল এওঁলোকৰ ‘লাজ’ বোলা অনুভূতিটো ক’ৰবাত পলাই পত্ৰং দিয়ে। প্ৰকৃততে লাজেও এনে নিলাজৰ ওচৰলৈ আহিবলৈ লাজ কৰে। কোনো কোনো জননেতাৰ বাবে আকৌ থানা, জেল, ক’ৰ্ট-কাছাৰী শহুৰৰ ঘৰৰ দৰে হৈ পৰে। এওঁলোকে নিৰ্বাচনত জিকাৰ বাবে শেষৰফালে ধন, জন, বাহুবল সকলো প্ৰয়োগ কৰে।ভীতি-প্ৰদৰ্শন এওঁলোকৰ অন্যতম অস্ত্ৰত পৰিণত হয়। এওঁলোকৰ ক’ৰ্টত হাজিৰ হোৱাৰ সময়ত প্ৰায় স্বাস্থ্যৰ অৱনতি ঘটে।জেল-হাজোততো এওঁলোকক ৰাজআতিথ্য দিয়া হয়। গ্ৰেপ্তাৰ হ’লে এওঁলোকৰ পৰিয়ালবৰ্গ আৰু নেতা-পালিনেতাই নিজ গুৰুৰ অপমান সহ্য কৰিব নোৱাৰি ধৰ্ণা-আন্দোলনেৰে পৰিৱেশ বিনষ্ট কৰে। কিছুমান জনৰক্তপিপাসুৰ এনেদৰে মহামান্য আদালতত বিচাৰ চলি থাকোঁতেই যমদূতে বিচাৰ কৰিবলৈ উঠাই লৈ যায়। কোৱা বাহুল্য যে এওঁলোকে কীৰ্তি শুনি যমৰাজ হয়তো কিমানবাৰ বেহুচ হয় আৰু কিমানবাৰ সংবিধানখন মেলি চায় তাৰ ঠিকনা নাই।
এনে নেতাসকলৰ কিছু অংশই আকৌ যৌন কেলেঙ্কাৰীতো সাঙুৰ খাই পৰে। ভাৰতবৰ্ষত চলি থকা বেছিভাগ বেশ্যালয় এইচামৰ ছত্ৰছাঁয়াতে চলি থকা বুলি ভূ-ৰখা মহলে কয়।
উপকাৰিতা: এই জাতীয় প্ৰাণীৰপৰা উপকাৰ বিশেষ একো নাই। থাকিলেও নগণ্য। এওঁলোকে নিৰ্বাচন জিকাৰ পাছতো আব্দুল, চন্দন, জীৱনহঁত দৈনিক হাজিৰা কৰিবলৈ যাবই লাগে।জীয়ৰী-বোৱাৰীৰ ধৰ্ষণ হৈয়ে থাকে, কেতিয়াবা এওঁলোকেই আগভাগ লয়।অৱশ্যে এওঁলোকৰ পৰিয়ালবৰ্গৰ উপকাৰ হয়। পৰিয়ালবৰ্গ মানে এক্কেবাৰে আগামী চৈধ্য গোষ্ঠীলৈকে বহি বহি খোৱাৰ যোগাৰ হৈ যায়।
অপকাৰিতা: ভাৰতবৰ্ষৰ ৯০% সমস্যা এই জননেতাসকলেই সৃষ্টি কৰা। সেয়ে এওঁলোকৰ অপকাৰিতাৰ বিষয়ে লিখিবলৈ গ’লে মই সাতবাৰ মৰি পুণৰ জনম লৈ লিখি থাকিলেও সমাপ্ত নহ’ব।সেয়ে নিলিখোঁ।
সামৰণি: গেলা-পচা বস্তু গঙ্গাজলেৰে পবিত্ৰ কৰিব নোৱাৰি। হেন জানি গেলা-পচা জাবৰ-জোঁঠৰবোৰ আঁতৰাই সাধাৰণ পানীৰে ঠাইখিনি পৰিষ্কাৰ কৰি ফেনাইল-ডেটল ছটিওৱাৰ দৰে এইজন নেতাসকলক বিবেক ভোটেৰে পৰাজিত কৰি সংস্কাৰী নৱযুৱকৰূপী ফেনাইল ডেটলবোৰ ৰাইজে ছটিয়ালে এখন সুন্দৰ ভাৰতবৰ্ষ কল্পনা কৰিব পাৰি।
☆★☆★☆
8:38 pm
সুন্দৰ ব্যঙ্গ ৰচনা। ভাল লাগিল
11:41 am
বৰ্তমানৰ সমাজ ব্যৱস্থাৰ অতি উচ্ছ খাপৰ ব্যংগাত্মক বিশ্লেষণ ৷ ভাল লাগিল পঢ়ি ৷
3:45 pm
ধন্যবাদ।
4:01 pm
বঢ়িয়া ৷
5:04 pm
এইডাল অলপ নহয় ৷ সিহঁতেে পঢ়া হ’লে চেকচেকাই গ’ল হয় ৷
5:44 pm
সুন্দৰ ব্যংগ। ভাল লাগিল পঢ়ি
6:44 pm
Val lagisa pohi
9:21 pm
সুন্দৰ লেখা।
7:18 pm
সুন্দৰ লিখনি । পঢ়ি ভাল লাগিল ।