ফটাঢোল

ELLE 18 – মনালিছা পাঠক নেওগ

গৰমত ৰঙা-চিঙা পৰি অহা স্বামীলৈ চায় পত্নীয়ে কয়,

: হেৰা আহিলা। বৰ গৰম পৰিছে ন আজি। বেগটো মোক দিয়া, তুমি মুখ হাত ধুই আহাগৈ। মই নেমু চৰবত বনাওঁগৈ ৰ’বা। ভাল লাগিব তোমাৰ।

: অ’ বনোৱা বনোৱা গৰমত অৱস্থা কাহিল হৈ আহিছে। বৰ ভিৰ আজি বজাৰত।

মুখহাত ধুই আহি মানুহজন বহে। মানুহগৰাকীয়ে নেমু চৰবত আৰু মানুহজনে ভাল পোৱা বিনা চেনী লাল চাহ একাপ লৈ আহে।

: চৰবত গিলাছ খাইহে উশাহটো ঘূৰাই পোৱাৰ নিচিনা লাগিছে জানা! গোটেই বজাৰখন ঘূৰিলোঁ আজি।

: কিয়? ইমান গৰমত গোটেই বজাৰখন কিয় ঘূৰিব লগা হ’ল নো?

: তোমাৰ বস্তুটো আনিবলৈ আকৌ। ক’তো বিচাৰি নাপালোঁ জানা। কাইলৈ তুমিও ওলাবা। মাইকী মানুহৰ বস্তুবোৰ মই বিচাৰি নাপাওঁ দেই।

: কোনটো বস্তু আনিবলৈ কৈছিলোঁ নো?

: নিজেই পাহৰিলা নে? কিয় তুমি কোৱা নাই Elle 18 নম্বৰ ৰঙা ৰংটো আনিবা। এখনো কচমেটিক দোকান নাই বাদ পৰা নাই। ক’তো নাপালোঁ 18 নম্বৰ ৰঙা ৰংৰ নেইলপলিছ।

পত্নীয়ে মূৰে কপালে হাত দি,

: হে হৰি! ক’তে মৰোঁ মই সেইটো এটা ব্ৰেণ্ডহে নেইলপলিছৰ Elle18। নাম্বাৰ নহয়।

স্বামীয়ে ভেবা লাগি পত্নীৰ মুখলৈ চাই ৰয়।

☆★☆★☆

6 Comments

  • Rintumoni Dutta

    এইবোৰ কাৰণতে কেতিয়াও মাইকী মানুহৰ বজাৰ কৰিবলৈ অকলে যাব নালাগে, মইতো মৰি গ’লেও নাযাওঁ।

    আজিলৈ ময়ো সেইটো নম্বৰ বুলিয়েই ভাবি আছিলো।

    ভাল লাগিল পঢ়ি

    Reply
  • HEMANTA KAKATI

    হয় হয়, ময়ো গৈ পোৱা নাই বিচাৰি৷ ভাল লাগিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    কৃষ্ণ!

    Reply
  • চিদানন্দ বৰা

    হাঃ হাঃ হাঃ

    Reply
  • Mikut bhattacharjya

    এইটো ব্ৰেণ্ড হে নেকি , একদম যাব নাপাই অকলে এইবোৰ কিনিব।
    বঢ়িয়া লাগিল পঢ়ি

    Reply
  • হিৰণ্যজ্যোতি দাস

    ব্ৰেণ্ড হে নেকি? নাজানো দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *