ৰেচিপি – ৰিঙ্কুমনি মজুমদাৰ
আবেলি পৰত ঘৰৰ গৃহস্থই অফিচৰ পৰা ঘৰ সোমাইছে মাত্ৰ। মাছৰ বেপাৰীটো আহি পদূলি মুখতে ৰৈ চিঞৰিছে,
: তাজা তাজা সৰু মাছ। বাইদেউ সৰু মাছ ৰাখক।
মই নুশুনা ভাৱত আছোঁ। এইখিনি সময়ত বাৰু কোনে মহৰ কামোৰ খাব বিচাৰে ন! ভিতৰি ভিতৰি মোৰ খং,
: ম-ৰ-ন-হ তয়ো এতিয়াহে সময় পালি।
সৰু মাছৰ কথা গৃহস্থই শুনিলে হ’ল আৰু! খাই ভাল পায় যে। অলপ আগুৱাই আহি আকৌ মাতিছে,
: অ’ বাইদেউ তাজা তাজা সৰু মাছ। অ’ বাইদেউ….
“হে হৰি! ফাট দিয়া আই বসুমতী, পাতালে লুকাওঁ মই!”
ভগৱানক খাতিছোঁ, “গৃহস্থই নুশুনিলে হয় আৰু”।
ভগৱানে মোৰ কথা নুশুনিলে। গৃহস্থই পিচে বেপাৰীৰ মাতটো ঠিকেই শুনিলে। ঔ আই! গৃহস্থৰ দিল একেবাৰে গাৰ্দেন গাৰ্দেন। ময়ো একো নকৈ মুখখন এপাচি মান কৰি মাছৰ টোপোলা লৈ পিছফালে বহি ল’লোঁ। আ্স-উস্ কৈ মৰিছোঁ। বেজীয়ে ভালদৰে বিন্ধিছে ঐ। সিহঁতৰো খুব ফূৰ্তি৷ এনেকুৱা আকালৰ দিনত পেট পূৰাই খাবলৈ পাইছে ন?
আজি পিচে ভাগ্য সুপ্ৰসন্ন মোৰ। গৃহস্থই দৌৰাদৌৰি কৈ মোৰ চাৰিও দিশত চাৰিটা ধোঁৱা ওলোৱা খুটি পুতি দিলে চোন। মহ একেবাৰে গায়ব।
উহ্ ৰাম! ভূল কেলেই বুজিছে বাৰু? এয়া পেন্দুকণা মাছকেইটাৰ জহতহে পোৱা মৰম আকৌ। এতিয়া মোৰো মনটো গাৰ্দেন গাৰ্দেন। ভাবিছোঁ, সৰু মাছৰ বেলেগে বেলেগে কেইটামান ৰেচিপি বনাই ফটো মাৰি ৰাতিলৈ গ্ৰুপত লেবেল এটা দিব পাৰিম আজি।যাহওক বহি বহি পেন্দুকণা মাছসোপা বাচোঁতে বাচোঁতে কঁকাল বেকা হ’লেও কামত আহিছে ন?
ৰেচিপিৰ নামকেইটা ভাবি ভাবি, বেলেগ বেলেগ জুতিৰে ৰন্ধা পৰ্ব আৰম্ভ কৰিছোঁ। ‘সৰু মাছেৰে পচলা’, ‘সৰু মাছৰ চাটনি’, ‘সৰিয়হ বতাৰ সৈতে সৰু মাছ পাতত দিয়া’, ‘সৰু মাছেৰে আদা আৰু মানধনিয়া পাতৰ জ্বাল’। তৈয়াৰ হৈ গ’ল মোৰ সৰু মাছৰ ৰেচিপি।এতিয়া সোনকালে ফটো কেইখনমান লৈ গ্ৰুপত আপলোডাব লাগে। ভবা মতেই কাম৷ এবাৰ যদি চকীৰ ওপৰত, এবাৰ টেবুলৰ ওপৰত উঠি ৰেচিপিৰ ওপৰে ওপৰে দ্ৰোণৰ ৰূপত মোবাইলটো ঘূৰাই ফুৰিছোঁ।ফটোবোৰো ধুনীয়া হৈছে। মনতে ভাবিছোঁ,
“গ্ৰুপত যদি আজি জিভাৰ পানীৰে নৈ বোৱাব নোৱাৰোঁ এই আমুকীৰ নাম সলাই থ’বি বাপ্পেকে!”
মাজতে গৃহস্থই দুবাৰমান পাগঘৰত পাক মাৰি মুখতে ভোৰভোৰাই গৈছে,
“আজি খাবলৈ পামনে, নাপাম ঈশ্বৰে জানে। ৰাইজে আগেয়ে খাব চাগে।”
সকলো ঠিকেই চলি আছিল। শেষৰ ৰেচিপিটোৰ ফটোগ্ৰাফ কাৰ্য্যটো চলি থাকোঁতে ঘটিলে নহয় অঘটনটো। মোৰ অত্যাচাৰ সহিব নোৱাৰি দ্ৰোণ মহাশয়ে মোৰ হাতৰ পৰা আদা-মানধনিয়া পাতৰ জ্বালত দিলে জাঁপ মাৰি। আপদীয়া কাৰেণ্টটোও সিই সময়তে যাব পায়নে বাৰু? গ্ৰুপত লেবেল এটা দিম বুলি ভাবোঁতে, মোবাইলেই লেবেলটো দেখুৱাই দিলে বাপ্পেকে। পিছৰখিনি নকওঁ বাৰু। পিছৰ ছবি-ভাগ ৰাইজলৈ এৰিলোঁ। ৰাম ৰাম বুলি কাণতহে ধৰিলোঁ দেই। ৰেচিপি দিবলৈ গৈ ফটালেবেল আৰু নামাৰোঁ পায় কোনোদিনে।
☆★☆★☆
4:11 pm
হা হা হা