জীৱনৰ খালে ডোঙে – অগ্নিভ দত্ত
তেতিয়া আমি আছিলোঁ এ ই চি ৰ মেকানিকেল বিভাগৰ ছাত্ৰ। এ ই চি ত সোমোৱাৰ দিনাই চিনিয়ৰ এজনে কৈছিল, “হোষ্টেল ছয়ত সোমালি যেতিয়া এতিয়াৰ পৰা পঢ়া–শুনাক এক্সট্ৰা কাৰিকুলাৰ একটিভিটি বুলি ধৰি ল’বি আৰু বাকী খেলা ইনক্লুডিং তিন পাত্তি, ৰামী আৰু নেখেলিলেও খেলৰ সময়ত খেলুৱৈক উৎসাহিত কৰিবলৈ চিঞৰ বাখৰ কৰা, মালিগাঁৱৰ লাখুভাইৰ ঘৰৰ পৰা পুলিচৰ চকুত ধৰা নিদিয়াকৈ দুপৰ নিশা বিলাতী বিধ অনা, গাড়ী গাঁৱৰ লগত দৰকাৰ পৰিলে কাজিয়া কৰা এই বোৰহে মেইন একটিভিতি। চিনিয়ৰৰ এইহেন ধৰ্মবানী অৱশ্যেই আমি কোনোদিন নমনাকৈ নাথাকিলোঁ হোষ্টেলৰ পাছৰ ছোৱাকাল। এনেকৈ কেতিয়ানো সাত ষান্নাষিক পালোঁ গৈ গমেই নাপালো।
এদিন কেণ্টিনত চাহ চিগাৰেট লৈ বহি থাকোঁতে বিৰাট টেনচনত ফোঁফাই জুফাই মানৱ ওলালহি। আহিয়েই বোলে ব’ল প্ৰজেক্ট গাইদ এজন ল’ব লাগে সোনকালে। চবেই ল’লেই ইতিমধ্যে। নহ’লে ভাল গাইদ যাব হাতৰ পৰা। আমাৰ কাৰণে ভাল গাইদ মানেতো আছিল যিজন চাৰ বাইদেউৱে আমাৰ এক্সট্ৰা কাৰিকুলাৰ একটিভিটিবোৰত বৰ গুৰুত্ব নিদি আমাৰ দুখত দুখী হৈ প্ৰজেক্ট ত্ৰজেক্তত নম্বৰ অলপ সৰহকৈ দিব বুলি আশা কৰিব পাৰি সেইয়াই আমাৰ ভাল গাইদ। যি কি নহওক বহু কষ্ট তষ্ট কৰি নাগ চাৰকে প্ৰজেক্ট গাইদ হিচাবে পালো সাত নম্বৰ ৰপ্ৰজেক্ট গ্ৰুপ হিচাপে।
আমাৰ গ্ৰুপত মানুহ হ’ল পাঁচটা, তাৰে চাৰিটাই মেইন কামত ব্যস্ত। বাকী থাকিলগৈ মানৱ; সি পঢ়া শুনা নামৰ এক্সট্ৰা কাৰিকুলাৰ একটিভিজিত ভাল যদিও আমাৰ চাৰিটাৰ প্ৰকোপত তাৰো সেইফালে মোটামোটি আধ্যা পৰাৰ নিচিনা। সি আহি মাজে মাজে বৰ দুখ কৰে কিয় সি সুজয়হঁতৰ নিচিনা চিৰিয়াছ মানুহৰ গ্ৰুপত নহৈ আমাৰ তাত সোমালহি বুলি। মাজে মাজে আমাক ভয়ো খুৱাই এনেকৈ থাকিলে চব ফেল কৰি মৰিবি ৰহ বুলি। আমাৰ মাজৰ বাবী বোলাতো আকৌ আটাইতকৈ সাংঘাটিক। সি হোষ্টেলৰ নাছিল আৰু নুনমাটিৰ ঘৰৰ পৰা কলেজলৈ বুলি ওলাই আহি তিনি পত্তি ৰামীত বহি দি দুদিন বা তিনিদিনৰ পাছতহে কলেজ পাইহি। মুঠতে আমি যদি গ্ৰুপটোৰ সোণ বাবী হ’ল গ্ৰুপটোৰ একমাত্ৰ হীৰাটুকুৰা। বাবীক লৈ চবতকৈ চিন্তা মানৱৰ – কি কৰে এই বাবীয়ে ঠিক নাই বুলি মাজে মাজে আমাকো ভয় খুৱাই নথকা নহয়। আমাৰো কেতিয়াবা চিন্তা হয় তথাপি আমাৰ মেইন কাম বিলাকৰ ভৰত সেই বাবীৰ চিন্তা সোমাবলৈ সাহস নকৰেহি।
এনেকৈয়ে গৈ গৈ এদিন ফাইনেলৰ দিন পালেহি; ইতিমধ্যে প্ৰজেক্টটোও ৱৰ্কচপত থকা আমাৰ শুভচিন্তক বন্ধু বান্ধৱৰ সহযোগত প্ৰায় সম্পুৰ্ণ হৈ উঠিল। আমাৰ প্ৰজেক্ট আছিল নদীত বিদ্যুৎ উৎপাদনৰ কাৰণে ব্যৱহাৰ হোৱা টাৰবাইন। এনেতে এদিন চাৰে ঘোষণা কৰিলে যে টাৰ্বাইটো নি এদিন বশিষ্ট মন্দিৰত থকা সৰু নৈকেইখনত ঘূৰাই চাই পৰীক্ষা কৰাৰ কথা।আমিও বৰ এটা চিন্তা নকৰি চাৰৰ কথাত হয়ভৰ দিলোঁ। এনেকৈয়ে গৈ গৈ এদিন সেই নিৰ্দিষ্ট দিনটো পালেহি টাৰ্বাইনতো চলোৱাৰ। কলেজৰ আধা ট্ৰাক আধা বাছৰ নিচিনা যাক আমি নৰসিংহ বুলি মাতিছিলোঁ তাত টাৰ্বাইন উঠাই ৰেডি কৰা হ’ল, তাৰ পৰা চাৰক ঘৰৰ পৰা উঠাই নিব লাগে। কিন্তু সেইখিনিতে লাগিল ঘমঘণ্টডাল। মানৱে সদায় ভয় খাই থকাটোৱেই হ’ল। সময়ত আহি বাবী নোলালহি।
কি কৰা যায়? চিন্তা কৰি আছোঁ। মানৱে বকি আছে –কৈছিলোঁ নহয় সি ডুবাব গোটেই কেইটাক। তাৰ কথাত পাত্তা নি দি চেঙে এটা উপায় দিলে ব’ল বাপ্পেক্কে হোষ্টেলৰ পৰা কোনোবা এটাক বাবী বনাই লৈ যাওঁ। মানৱে আকৌ –এইবাৰ তঁহতি পুৰা ফেল কৰাইহে এৰিবি গম পাইছোঁ বুলি চিঞৰাত লাগিল। কিন্তু কোনে আৰু সেই সময়ত তাৰ কথা শুনে? নৰসিংহ গৈ হোষ্টেল পালেগৈ একেকোবে। চেঙেই ক’লে ৰাজেনকে লৈ যোৱা ভাল চেহেৰাটোও অলপ মিলিব (অৱশ্যে চাৰে যে আমাক ভালদৰে দেখিছিল তাত সন্দেহ আছিল।) কথামতেই কাম চিধা চিভিল ডিপাৰ্টমেণ্টৰ ৰাজেনৰ ৰুমত হাজিৰ গোটেইকেইটা।
“ৰাজেন বিৰাট ডাঙৰ কাম আছে, ওলা সোনকালে” কিবা কোৱাৰ আগতেই মই মাত দিলোঁ।
সিও ক’ৰবাত কিবা হৈছে বুলি চাৰ্টটো গাত সোমোৱাই ক’ত যাব লাগে সুধিলে। যেতিয়া মানৱে ক’লে যে সি বাবী হৈ আমাৰ লগত যাব লাগে, লগে লগে চাৰ্টটো খুলিবলৈ লৈ সি ক’লে –আবে পগলা হৈছ নেকি তঁহতি, ধৰা পৰিলে মোক ফেইল কৰাই দিব মোৰ ডিপাৰ্টমেণ্টত কৈ।
চেঙে লাহে কৈ মাত দিলে –আবে তই ধৰা পৰিলেহে ফেইল কৰিবি আৰু তই অকলে নকৰ দে তেতিয়া আমি গোটেই গালে একেলগে ফেইল কৰিম। কিন্তু তই যদি এতিয়া নাযাৱ বাবীটো আজিয়েই ফেইল কৰি যাব।অলপটো তাৰ কথা চিন্তা কৰ।
বাবী ফেল কৰি যাব! এই কথা শুনাৰ লগে লগেই আকৌ খুলি থ’ব খোজা চাৰ্টটো গাত সুমুৱাই লৈ- ব’ল যি হয় হ’ব দেখা যাব বুলি বাবী হৈ ওলাই আহিল ৰাজেন আমাৰ লগত নৰসিংহোখনত উঠিবলৈ।
নিজে ফচি গ’লেও একো নাই অথচ বন্ধুৱে ফেইল কৰিলে কি হ’ব? এইয়াই হয়তো বন্ধুত্ব। কি এক নিৰ্ভেজাল অনুভূতি।
☆★☆★☆
1:15 pm
বৰ ভাল লাগিল পঢ়ি
2:40 pm
বাবী দেখিয়েই পঢ়ি পেলালোঁ গোটেইটো একে উশাহে। মোৰ ঘৰত মতা নাম বাবী ?
2:41 pm
এয়াই হোষ্টেলৰ জীৱন, য’ত নিজৰ জীৱনতকৈও বন্ধুত্বক বেছি গুৰুত্ব দিয়া হয় ৷ ভাল লাগিল পঢ়ি ৷
2:53 pm
হাঃ হাঃ