ফটাঢোল

স্মৃতি জীৱনৰ – ৰিমঝিম ৰিমা

স্কুল আৰু কলেজীয়া দিনৰ স্মৃতিয়ে কাকনো আমনি নকৰে! কিমানযে হাঁহি উঠা ঘটনা! কিমানযে ফুচুৰি কথা কোৱা মানুহ! দুই-একেটো এনেকুৱা কথা কৈছিল যে আজিও আনৰ আগত কৈ হাঁহো। সেইবাবে, মোৰ স্কুলীয়া আৰু কলেজীয়া দিনৰ মনত পৰিলে হাঁহি উঠা কিছু ঘটনাকে লিখিলোঁ।

(১)
১৯৯৭ চন:
ধিং শংকৰদেৱ শিশু নিকেতনত মই অংকুৰ শ্ৰেণীৰ ছাত্ৰী তেতিয়া। স্কুলখন অস্থায়ীৰূপে আমাৰ ঘৰৰ ওচৰতে আছিল। মুকুল শ্ৰেণী পাওঁতে স্কুলৰ স্থায়ী নিৰ্মাণ হ’ল। ঘৰৰ পৰা দূৰত্ব ৪কিঃমিঃ । মই আৰু মোৰ ভাইটিৰ দুয়ো সেইখন স্কুলতেই পঢ়োঁ। সি মোতকৈ ৩ বছৰ সৰু । তাক পোনপটীয়াকৈ মুকুলত নাম লগাই দিলে কাৰণ মোৰ লগত ঘৰতে পঢ়ি সি অলপ এডভান্স হৈ আছিল। দুয়োটাকে দেউতাই চাইকেলত অনা-নিয়া কৰিছিল।তেতিয়া মই তৃতীয় শ্ৰেণীত, দেউতাৰ হোজাইলৈ বদলি হ’ল। আমি দুটা তেতিয়াৰ পৰা ৰিক্সাত অহা যোৱা কৰা হ’লো। ৰিক্সাৰ ভাড়া আছিল ৫ টকা অৰ্থাৎ ঘৰৰ পৰা বজাৰ ২ টকা বজাৰৰ পৰা স্কুল ৩ টকা.. যিহেতু টিফিন মায়ে ঘৰতে বনাই দিছিল, গতিকে হাতত বেলেগকৈ টকা দিয়া হোৱা নাছিল। কিন্তু লগৰবোৰে তেঁতেলি, চকলেট আদি খোৱা দেখি মোৰো মন গ’ল। মোৰ সৰু মগজুত এটা “টুফানি আইডিয়া” আহিল.. বজাৰলৈকে ৰিক্সাত গৈ বাকী ৩ টকা বচাই বগৰী গুৰিৰ পেকেট আৰু তেঁতেলী পেকেট মজা ল’বলৈ আৰম্ভ কৰিলোঁ দুয়ো। সি সৰু আছিল কাৰণে তাৰ বেগ ময়ে লৈছিলোঁ আৰু তাক প্রায় চোঁচৰাই নিয়া দি টানি নিছিলোঁ। এনেকৈ কেইবাদিনো ভালেৰেই গ’ল। যদিও অলপ কষ্ট হৈছিল সেয়া বগৰী পেকেটৰ মজাৰ আগত একো নাছিল। এনেতে আহক এজন সম্বন্ধীয় খুড়া! মাৰ আগত মোৰ বৃত্তান্ত গাই দিলে তেওঁ। মায়ে এচাৰি লৈ আঁঠু কঢ়াই যিহে পিটন দিলে, আজিও পাহৰিব পৰা নাই।

(২)
এই কাহিনীটো আমাক কলেজত পঢ়োৱা ছাৰ এজনৰ। ছাৰে প্ৰতিটো কথাই বহুত বঢ়াই বঢ়াই কৈছিল। ছাৰৰ ধপৰ আগত, পৃথিৱীৰ সকলো ধপ ফেইল। ছাৰে কৈছিল-

ছাৰৰ হেনো এটা কেমেৰা আছে, যিটো আমাৰ কলেজৰ সন্মুখত ৰৈ পানীগাঁও চাৰিআলিত থকা ফলক এখন যদি জুম কৰা যায়, অলপো ফাটি নোযোৱা কৈ দেখা পায়। দুয়ো ঠাইৰ দূৰত্ব প্ৰায় ৪ কিঃমিঃ। এতিয়া কথাখিনি ভাৱক, অৱশ্যে মোৰ লগতে বহুতেই চাৰে কোৱা বুলিয়েই কথাষাৰ বিশ্বাস কৰিছিলোঁ। পিছত অলপ জনা হোৱাতহে গম পালোঁ।

এদিন ক্লাছত কম্পিউটাৰৰ বিষয়ে কিবা এটা কথা ওলাওঁতে ছাৰে কৈছিল, লণ্ডনত থকা তেওঁৰ ককায়েকে হেনো ছাৰক এটা লেপটপ কিনি দিছে, যিটোৰ RAM 200GB আৰু সেইটোৰ দাম 2 লাখ টকা।

ছাৰে হেনো গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত এবাৰ ঘৰলৈ আহি থাকোঁতে বাটত বহুত গাড়ীৰ জাম দেখি নামি আহি গম পালে আহতগুৰি বিষ্ণু মন্দিৰৰ ওচৰত গঁড় দুটা ওলাইছিল। পুলিচ বা ফৰেষ্টৰ মানুহে খেদিবই পৰা নাছিল। ৰাস্তাৰে গাড়ী মটৰ পাৰ হ’ব পৰাই নাছিল। ফৰেষ্টাৰবোৰে গুলী ফুটাইও খেদিব পৰা নাছিল। ছাৰে বোলে লগৰটোৰ সৈতে খেদি খেদি কাজিৰঙাত গঁড় দুটা এৰি দি আহিছিল। ছাৰৰ বন্ধুটোৱে ভয় খাইছিল, কিন্তু ছাৰে সাহস দি দি আনিছিল।

কিছুমান কথা তেতিয়া অলপ বিশ্বাস কৰিছিলোঁ যদিও পিছলৈ বুজি পোৱা হ’লোঁ যে ছাৰৰ প্রতিটো কথাই অসত্য আৰু এটা এটা মস্ত ধপ। এতিয়া যদি আমাৰ কেইজনমান বন্ধু বান্ধব লগ পাওঁ পুৰণি এই কথাবোৰ ওলাই আমি খুব হাঁহো। এনেকুৱা অনেক কথাই এতিয়াও মনটোক জীপাল কৰি ৰাখে। অলপমান মিছলীয়া মানুহো জীৱনত লাগে দিয়ক, এইবোৰ কথা মনত পেলাই হাঁহি থাকিবলৈ। নহয় জানোঁ?

☆★☆★☆

7 Comments

  • কংকন বৰা

    মজা লাগিল ৰিমা

    Reply
  • ডলী তালুকদাৰ

    বৰ মজা লাগিল দে ।

    Reply
  • Bagmita Rajkhowa

    ৰিমা অ’ ছাৰজনৰ নামটো জানিবলৈ মন গৈছে অ’

    Reply
  • হিৰণ্যজ্যোতি দাস

    কলেজৰ চাৰো এনে ধপ হয়!

    Reply
  • Rituparna

    ভাল লাগিল পঢ়ি।

    Reply
  • ৰুণী

    শৈশৱতে ধেমালিতে ।স্কুলীয়া জীৱনৰ আমেজ কৈ শেষ কৰিব নোৱাৰি ।পঢ়ি মোৰ সহপাঠী সকলৰ কথা বোৰে দুলাদি ফুৰিছে ।ফেচবুক খূছৰি বিচাৰি হাবাথুৰি খাই ফুৰো।আপোনাৰ লিখনি পঢ়ি বহুত ভাল লাগিল ।ময় নিয়মীয়া পঢ়ুৱৈ ।

    Reply
  • Subhalaxmi Gogoi

    vl lgel pohi

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *