কিছু অস্বস্তিকৰ পৰিস্থিতিৰ ৰোমন্থন – শ্ৰী দেবীচৰণ বৰা
মোৰ দৰে আপুনিও কেতিয়াবা এটা অস্বস্তিকৰ পৰিস্থিতিত পৰিছে নিশ্চয়। এই পৰিস্থিতিবোৰে কঢ়িয়াই অনা মূহুৰ্তবোৰ কোনো আগ জাননী নিদিয়াকৈ শিহুটো ওলোৱাদি ভুৰুংকৈ ওলাইহি যদিও ইহঁতে কিন্তু বেছি দেৰিলৈ আপোনাৰ ডিঙিত ওলমি নাথাকে। পাছে এই কম সময়ৰ ভিতৰতে ই আপোনাৰ কাণ মূৰ গৰম কৰি ৰঙা কৰি দিব পাৰে নতুবা চকুহাল অলপ সময়ৰ কাৰণে বহলকৈ মেলি টেলেকা কৰি দিবও পাৰে; নহ’লে নাকৰ পাহি দুটা দুই-তিনি বাৰ মান ফুলাই দিবও পাৰে বা ওঁঠ দুটা শূণ্যটোৰ দৰে আকূতি কৰি দি তাৰ মাজেদি অস্ফুট শব্দ এটা ভিতৰৰ পৰা উলিয়াই দিব পাৰে – অঃ…।
এই পৰিস্থিতি বোৰে কেতিয়াবা আপোনাৰ জীৱনলৈ কিবা পয়মাল লৈ আহিব পাৰে, কেতিয়াবা হয়তো আপোনাক লাজতো পেলাব পাৰে নহ’লে অন্ততঃ অস্বস্তিকৰ এটা অৱস্থালৈ ঠেলি দিব পাৰে। মই হ’লে ভাবোঁ এই অস্বস্তিকৰ পৰিস্থিতি বোৰে আপোনাক হাঁহিবৰ সমলো দিব পাৰে। কেনেকৈ তাকেই কম। যি ঘটনাই আপোনাক এই পৰিস্থিতিত পেলালে তাক মনৰ পৰা এলাগি বুলি আঁতৰাই নেপেলাব। কেতিয়াবা অকলসৰে চকু মুদি গোটেই ঘটনাটোৰ আকৌ এবাৰ ৰোমন্থন কৰি পেলাওক; শেষ হোৱাৰ পাছত দেখিব আপুনি হাঁহিবলৈ ধৰিছে। এই সুত্র টোক প্রমান কৰিবলৈকে মোৰ জীৱনত ঘটা এনে কেইটামান ঘটনা তলত আগ বঢ়ালোঁ। আপুনি পঢ়ক; মোৰ বিশ্বাস আপোনাকো হঁহুৱাইহে এৰিব।
মই তেতিয়া সচিবালয়ত উপসচিব পদত আছিলোঁ। আমাৰ আয়ুক্ত মহোদয়ৰ ল’ৰাৰ বিয়ালৈ নিমন্ত্রণ কৰিলে। সাধাৰণতে সেই বিয়ালৈ মই এটা ভাল উপহাৰ লৈ যাব লাগে। পিছে তেতিয়া মাহৰ শেষ হোৱাৰ বাবে ভাবিলোঁ লেফাফা এটাত এশ টকাৰ নোট এখন ভৰাই দি কামটো কৰিম; কোনেনো গম পাব মই কি দিলোঁ? সেই মতে টেবুলৰ পৰা অতি ধুনীয়া, চকুত পৰা লেফাফা এটাত নোট এখন ভৰাই জেপত ভৰাব খোজোঁতেই পৰিবাৰে ক’লে “তোমাৰ যদি মতলব টো তেনে হয় ইমান ধুনীয়া লেফাফা টো লৈছা কিয়? এইটো লেফাফা যেয়ে দেখিব মনত ৰাখিব কোনে দিছে, আৰু ভিতৰটো ঘুকুতিলেই তুমি কিমান দিছা অনায়াসে গম পাই যাব। গতিকে এটা সাধাৰণ লেফাফাতহে দিয়াতো উচিত হ’ব।”
কথাটো মোৰ বৰ পচন্দ হ’ল। সেই মর্মে ধুনীয়া লেফাফাটো থৈ টেবুলৰ ওপৰৰপৰা দেখাত সাধাৰণ যেন লগা আন এটা লেফাফা আন একো নোচোৱাকৈ তাতে নোট খন ভৰাই বিয়াঘৰ পালোঁগৈ। যথা সময়ত উপহাৰটো দিবৰ সময় হোৱাত জেপৰ পৰা লেফাফাটো উলিয়াই দৰাৰ হাতত দিবলৈ যাওঁতেই দেখিলোঁ লেফাফাটোৰ ওপৰত ধুণীয়া হাতৰ আখৰেৰে ডাঙৰ ডাঙৰকৈ লেখা আছে – প্রতি – শ্রী দেবী চৰণ বৰা – হাতিগড় চাৰিআলি। ইত্যাদি মসৰ সম্পূর্ণ ঠিকনা ; তলত পিন, কোড নম্বৰ টো আৰু তাৰ তলত প্রয়সজন হ’লে যোগাযোগ কৰিবলৈ মোৰ ম’বাইলৰ নম্বৰটোও। এতিয়া মোৰ অৱস্থাটো অনুভৱ কৰক। না মই হাত খন আগ বঢ়াই উপহাৰটো দৰাৰ হাতত তুলি দিব পাৰোঁ, না মই হাত খন পিছুৱাই আনিব পাৰোঁ। লেফাফাটোৰ ওপৰৰ আখৰ খিনি দেখি মোৰ চকুহাল অলপ সময়ৰ বাবে হ’লেও বহলকৈ মেল খাই তেলেকা হৈ গৈছিল নেকি বাৰু?
মই তেতিয়া ইঞ্জিনিয়াৰিং কলেজৰ হ’ষ্টেলত আছিলোঁ। ডাঙৰ মামাৰ বিয়া হল, নতুন মামী ঘৰলৈ আহিল। মই বিয়া খাবলৈ যাব পৰা নাছিলোঁ, গতিকে নতুন মামীৰ লগত চিনাকি হ’বলৈ উত্তৰ গুৱাহাটীৰ মামাৰ ঘৰলৈ গলোঁ। মামীও কলেজৰ পৰা ওলাইছেহে; গাত যেন কলেজৰ গোন্ধ লাগিয়েই আছে। গতিকে কলেজ, হ’ষ্টেল, বন্ধু-বান্ধৱ আদিবোৰক লৈ লাহে লাহে আমাৰ কথোপকথন গাঢ় হৈ আহিছিল। সুযোগ বুজি মই আলোচনাৰ আঁত ধৰি এটা কৌতুক ক’লোঁ। মামীয়েও ‘হাম ভি কুচ কম নেহী’ ভাৱত মিল থকা আন এটা কৌতুক ক’লে। দুৰদৰ্শণত ‘অন্তাক্ষৰী’ নামৰ এটা গানৰ প্রতিযোগিতা হয়। এটা গানৰ অন্তত তাৰ নেগুৰত ধৰি মিল থকা আন এটা গান গাব লাগে। আমাৰ দুয়োৰে মাজত যেন কৌতুকৰ ‘অন্তাক্ষৰী’হে আৰম্ভ হৈ গ’ল। দুটামান ৰাউণ্ডৰ কৌতুকৰ আদান প্রদানৰ পাছত মই ল’ব লগা সতর্কতা খিনিও পাহৰি গ’লোঁ। মোৰ পাল পৰাত মই নাভাবা নিচিন্তাকৈয়ে এটা কৌতক আৰম্ভ কৰি আধা মান হ’ওতেই দেখোঁ সর্বনাশ কৌতুকৰ বাকী অংশ মামীক ক’ব নোৱাৰি; কোনোবা অন্তৰংগ বন্ধুৰ আগত হোৱা হ’লে হয়তো ক’ব পৰা গ’ল হেতেন৷
কিন্তু মামীৰ আগত ক’ব নোৱাৰি । চলিথকা গাড়ী এখন পেট্র’ল নাহোৱা হ’লে যেনেকৈ হঠাৎ মাজবাটতে ৰৈ যায় মইও তেনেকৈ আধাতে ৰৈ গ’লোঁ।
“কি হল ?” মামীয়ে শুধিলে। মামীৰ মুখলৈ চালোঁ ,চকুৱে মুখে দুষ্টালিৰ হাঁহি ।
“বাকী খিনি মই পাহৰিলোঁ “মই মিছাকৈয়ে ক’লোঁ।
“নালাগে দিয়া বাকীখিনি মই জানোৱেই” মামীয়ে ক’লে।
মোৰ কাণ মূৰ গৰম হৈ গৈছিল নিশ্চয়৷ মই তেতিয়া সচিবালয়ত সচিব হৈ আছিলোঁ। কৃষি বিভাগৰ সচিব গৰাকীয়ে মোক মাতি নি এটা অনুৰোধ কৰিলে – বিশেষ ৰাস্তা এটা প্রাককলন এটা বনাই দিব লাগে। যথা সময়ত সেইটো তৈয়াৰ কৰি তেখেতৰ হাতত দিলোঁ। তেখেতে পঢ়ি ক’লে “বৰ ভাল হৈছে। পিছে এইটো কি লিখিলে?” আঙুলিয়াই দিয়া শব্দটো লৈ চালোঁ, W.B.M.৷ মানে কাদাম চাহাবে উদ্ভাৱন কৰা ৰাস্তা বনোৱাৰ এটা বিশেষ পদ্ধতিৰ নাম W.B.M. এইটো এটা চিভিল ইঞ্জিনিয়াৰিঙৰ শব্দ। গতিকে মই বহলাই তেখেতক বুজাবলৈ নগৈ থোৰতে কৈ থলোঁ “চাৰ এইটো চিভিল ইঞ্জিনিয়াৰিঙৰ কথা। আপনি বিশেষ চিন্তা নকৰি পঠাই দিব পাৰে।”
তেখেতে আৰু একো নক’লে ;মিচিকিয়া হাঁহি এটা মাৰি, ধন্যবাদ দি কাগজ কেইখন সামৰি থ’লে। কেই দিনমানৰ মুৰত সচিবালয়ৰ এটা কোণত আমাৰ আয়ক্ত মহোদয়ে সেই সচিব গৰাকিৰ লগত কথা পাতি থকা দেখি মই আগবাঢ়ি গ’লোঁ। মোক দেখি আয়ক্তই সচিব গৰাকীৰ লগত চিনাকি কৰি দিব খোজোতেই মই কলোঁ “আমাৰ চিনাকি আছেই আৰু আমি ইতিমধ্যে লগো পাইছোঁ।” আয়ক্তই ক’লে “নহয় মই মাথোঁ আপোনাক জনাব খুজিছোঁ যে তেখেত এজন প্রশাসনিক বিষয়া যদিও মুলতঃ তেখেত এজন দক্ষ চিভিল ইঞ্জিনিয়াৰ হে”। ততালিকে মোৰ ওঁঠ দুটা শূণ্যটোৰ দৰে আকৃতি ধাৰণ কৰিলে আৰু ভিতৰৰ পৰা অস্ফুট শব্দ এটা ওলাই আহিল “… অঃ…”
☆★☆★☆
2:16 pm
বিয়াখনত পিছে কি কৰিলে?
6:57 pm
চাৰ- আপোনাৰ লিখনিটো পঢ়িলো বৰ ভাল লাগিল আৰু বহুত হাঁহিলো ৷ এনেকুৱা আৰু ৰসাল কি আছে লিখকচোন ৷অসমীয়া সাহিত্যলৈ আপুনি এটা নতুন ধাৰা বোৱাই আনিব পাৰিব ৷ ৰচনা খনত পৰিবেশ সৃষ্টি কৰাতো আপুনি সফলকাম হৈছে ৷ ভবিষ্যতেও এনকুৱা বহু কিবা আপোনাৰ কাপ মৈলামৰ মাজেৰে ওলাই আহক এই আশাৰে ৷
2:45 pm
কি সুন্দৰ,এটি মহুৰা ৰ পৰা যেনএডাল সোনালী সূতা হৈ ৰসাল কথাবোৰ…. খৰ ধৰ কৈ শেষ কৰিলো, অলপ হাঁহিলো…,অলপ ভাবিলো, অৰ্থ নিবিচৰাকৈ বহু অৰ্থ পালো । বহুত ধন্যবাদ । আপোনাৰ কলমে আমাৰ হাঁহি আৰু চিন্তাক গতি দিয়ক,এই প্ৰাৰ্থনা ।
11:55 pm
সচাঁকৈ চাৰ বৰ সুন্দৰ ভাবে বৰ্ণনা কৰিলে । সকলোবোৰ যেন মোৰ চকুৰ আগত ঘটি আছে তেনে লাগিল । ধন্যবাদ আপোনাক ।
4:08 pm
পঢ়িলো।ৰসৰ সোৱাদ ল’লো।