স্বাধীনতাৰ সোৱাদ – ৰঞ্জিত কুমাৰ শৰ্মা
”হেৰি, গৰম বৰকৈ পৰিছে। পুৱাৰ পৰাই ৰ’দটোও চোকা হৈ আহিছে। নগ’লে নহয়নে?”– জলপানৰ বাটিটো আগবঢ়াই দি ঘৈণীয়েকে কোৱা কথাষাৰত অনন্ত চৌধুৰীয়ে নতুনত্ব একো নাপালে। তথাপিও জলপানৰ বাটিটো নিজৰ হাতত লৈ চৌধুৰীয়ে উত্তৰ দিলে– ”এহ, তুমি এনেই চিন্তা কৰিছা। আগষ্ট মাহত গৰম হ’বই। সেইবুলি দেশৰ স্বাধীনতা দিৱসলৈ নোযোৱাকৈ থাকিমনে? প্ৰতি বছৰে দেখোন গৈয়েই আছোঁ। অনুপে চিঠি এখনো দি থৈ যোৱা নাই জানো?”
”আগৰ কথা বেলেগ আছিল। এতিয়া বয়স হৈছে বাবেহে কৈছোঁ।”
”কিনো বয়স হৈছেহে? অৱসৰ লোৱা তিনি বছৰহে হ’ল। অৱসৰ ল’লেই মানুহ বুঢ়া হয়নেকি?”
”এহ, যি ভাল দেখে কৰক। চিন্তা হয় বাবেহে কৈছোঁ।”– মুখেৰে ভোৰভোৰাই অনন্ত ঠৌধুৰীৰ পত্নী বনলতা চৌধুৰী পাকঘৰ পালেগৈ। মুখত জলপান ভৰাই চৌধুৰীয়ে ভাবিলে– হওতে… বনলতাই ঠিকেই চিন্তা কৰিছে। অৱসৰী চাকৰিয়ালক মানুহে বুঢ়া বুলি ভাবে। বিশেষকৈ শিক্ষকসকলকতো তেনেকৈ ভাবেই।নহ’লেনো বিদায়ী সভাত ছাতিটো আৰু লাখুটিডাল দিয়েনে? সমাজেই বুঢ়া কৰা মানুহজনক লৈ কোন পত্নীয়ে বাৰু চিন্তা নকৰাকৈ থাকিব পাৰে। তাতে আকৌ ‘হাইপ্ৰেচাৰ’, ‘ডায়বেটিছ’ আদি দু:চিন্তাবোৰেও মনত বাহ লয় নহয়। তেওঁৰ তেনে ৰোগ নাই, সেইবুলি আৰু ঘৈণীয়েকে চিন্তা নকৰাকৈ থাকিবনে?
উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী অনুপে চাৰিদিনমান আগতে চৌধুৰীৰ ঘৰলৈ আহি চিঠিখন দি গৈছিল। জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় গান্ধী ময়দানত ৰাজহুৱাকৈ উদযাপন কৰিবলৈ লোৱা স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ জনোৱা চিঠি। স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ এনে আমন্ত্ৰণী চিঠি চৌধুৰীয়ে আগতেও পাইছে। শিক্ষকতা কৰি থকাৰ সময়তো পাইছিল, অৱসৰৰ পিছতো পাইছে। প্ৰশাসনৰ পৰা কিছুসংখ্যক ব্যক্তিক এনেদৰে মতা হয়েই। ঘৈণীয়েকে বয়সৰ কথাৰে সতৰ্ক কৰি দিলেও চৌধুৰীয়ে ধূতি-কামিজ পিন্ধি গান্ধী ময়দানলৈ যাবলৈ সাজু হ’ল। ঘৈণীয়েকৰ সৈতে ঘৰৰ চোতালত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰাৰ পিছত অৱসৰী শিক্ষক চৌধুৰীয়ে গান্ধী ময়দানলৈ বুলি খোজ দিলে।
চৌধুৰীৰ ঘৰৰ পৰা গান্ধী ময়দানলৈ খোজ কাঢ়ি গ’লে দহ মিনিটমানৰ বাট। অনন্ত চৌধুৰীয়ে উপ-পথৰ পৰা চহৰখনৰ মূল পথত উঠাৰ সময়তে চাইৰেণ বজাই চাৰিখনমান গাড়ীৰ কনভয় এটা পাৰ হৈ গ’ল। সন্মুখত এখন আৰক্ষীৰ বাহন।
”মন্ত্ৰী আহিলেই যেন পাইছোঁ”– স্বগতোক্তি কৰি চৌধুৰীয়ে খোজৰ গতি বঢ়াই দিলে। অনন্ত চৌধুৰীয়ে গান্ধী ময়দানৰ কাষ পাওঁতেই দেখিলে– কেইমুহূৰ্তমান আগতে তেওঁক অতিক্ৰম কৰি অহা গাড়ীকেইখনৰ পৰা নমা কেইবাগৰাকী ব্যক্তি এক নম্বৰ প্ৰৱেশদ্বাৰেৰে গান্ধী ময়দানত সোমাইছে। ক’লা ৰঙৰ কোট-ছুট পিন্ধা লোক এজনৰ আগে-পিছে দুজনমান বন্দুকধাৰী নিৰাপত্তাৰক্ষী। তেওঁৱেই মন্ত্ৰী। লোকজনৰ কাষে কাষে প্ৰশাসনিক আৰু আৰক্ষী বিষয়া। পিছে পিছে আন কেইজনমান নিৰাপত্তাৰক্ষী আৰু দৌৰী যোৱাৰ দৰে গৈ থকা এগালমান লোক। ভীষণ ব্যস্ততা দেখুৱাই মন্ত্ৰীৰ পিছে পিছে মাৰাথন দৌৰ দিয়াসকল স্থানীয় নেতা-পালিনেতা, চামচা বা মন্ত্ৰীৰ আলধৰাই যে হ’ব সেয়া বুজাত অনন্ত চৌধুৰীৰ অসুবিধা নহ’ল।
গান্ধী ময়দানখনত সোমাবলৈ তিনিখন প্ৰৱেশদ্বাৰ আছে। মাজৰখন ডাঙৰ আৰু দুই মূৰত থকাদুখন সৰু। স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস উদযাপনৰ দিনা দক্ষিণ মূৰত থকা এক নম্বৰ প্ৰৱেশদ্বাৰখন উদ্যোক্তা, অতিথি আৰু আমন্ত্ৰিত লোকসকলৰ বাবেহে খোলা ৰাখি প্ৰৱেশদ্বাৰত নিৰাপত্তাব্যৱস্থা কটকটীয়া কৰা হয়। সন্ত্ৰাসবাদী বা কোনো দুৰ্বৃত্তই যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা। আন দুখন প্ৰৱেশদ্বাৰ সাধাৰণ ৰাইজৰ বাবে মুকলি ৰখা হয়। এই দুখন প্ৰৱেশদ্বাৰতো নিৰাপত্তা ব্যৱস্থা কটকটীয়াই হয় যদিও প্ৰথমখন প্ৰৱেশদ্বাৰৰ দৰে নহয়। মন্ত্ৰী আৰু তেওঁৰ লগত অহাসকলৰ একাংশ বিষয়াৰে সৈতে প্ৰথমখন প্ৰৱেশদ্বাৰেৰে গান্ধীময়দানত প্ৰৱেশ কৰিলে। কেইজনমানক প্ৰৱেশদ্বাৰত থকা আৰক্ষীয়ে আগভেটি ধৰাত সেইকেইজনে সেমেনা-সেমেকিকৈ উভতি আহিল। মন্ত্ৰীৰ দলটোৰ ভিৰ কমাত চৌধুৰীয়েও সেইখন প্ৰৱেশদ্বাৰৰ পিনে আগবাঢ়িল। আগতেও তেওঁ তেনেদৰেই সোমাইছিল। প্ৰৱেশদ্বাৰ পোৱাৰ লগে লগে তাত আৰক্ষীৰ জোৱানৰ সৈতে থকা আৰক্ষীৰ এ এছ আই পৰ্যায়ৰ আৰক্ষী বিষয়াজনে চৌধুৰীৰ পৰা আমন্ত্ৰণী চিঠিখন বিচাৰিলে। চৌধুৰীয়ে কামিজৰ জেপত হাত দিলে। কিন্তু জেপত আমন্ত্ৰণী চিঠিখন নাই। দুবাৰমান দুয়োখন জেপতে খেপিয়াই চাইও তেওঁ চিঠিখন নাপালে। তাৰ মানে অহাৰ সময়ত তেওঁ চিঠিখন কামিজটোৰ জেপত নভৰালেই নেকি! এই পাহৰা ৰোগটোৱে চৌধুৰীক কেতিয়াবা বৰ আহুকালত পেলায়। আজিও সেয়াই হ’ল। ঘৈণীয়েকে বয়স হোৱা বুলি যে কয়, এনেই নকয়। মুহূৰ্ততে কথাফাঁকিয়ে চৌধুৰীৰ মনত ক্ৰিয়া কৰি গ’ল। আমন্ত্ৰণী চিঠিখন জেপত নাপাই চৌধুৰীয়ে ডেকা আৰক্ষী এ এছ আইজনক ক’লে– ”বোপা, চিঠিখন আনিব পাহৰিলোঁ অ’।”
”তেন্তে এইফালেদি ভিতৰলৈ যোৱাত অসুবিধা হ’ব খুৰা। বেয়া নাপাব।… মই ইয়ালৈ অহা বেছিদিন হোৱা নাই।… সকলোকে চিনি নাপাওঁ। নতুন এছ পি আহিছে। তেওঁ বৰ ‘ষ্ট্ৰিকট্’। ‘আন অথ’ৰাইজড্’ বা… আমন্ত্ৰণী পত্ৰ নোহোৱা লোকক সোমাবলৈ নিদিবলৈ তেওঁ নিৰ্দেশ দি থৈছে।”– আমন্ত্ৰণী চিঠি চাই চাই আন লোকক সোমাবলৈ দি থকাৰ মাজতে এ এছ আইজনে চৌধুৰীক কথাখিনি ক’লে। কাষতে থকা জোৱানসকলৰ দুজনমানে চৌধুৰীক চিনি নোপোৱা নহয়, কিন্তু ওপৰৱালাৰ নিৰ্দেশৰ বিৰুদ্ধে যাবলৈ তেওঁলোকৰো সাহস নহ’ল। চৌধুৰীয়ে পুনৰ এবাৰ অনুৰোধ কৰি চালে যদিও কাম নহ’ল। সেইপিনেৰে সোমাবলৈ ৰৈ থকা কেইজনমান লোকে এই দৃশ্য প্ৰত্যক্ষ কৰি আছিল। এজনে আৰক্ষী এ এছ আইজনক ক’লে– ”আপুনি এওঁক বোধকৰোঁ চিনি নাপায়। এওঁ আমাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ প্ৰিন্সিপাল আছিল।”
আন এজনে মাত লগালে– ”এওঁক যাবলৈ দিলে একো নিৰাপত্তা বিঘ্নিত নহয় দিয়ক। দৰকাৰ হ’লে অ’ চি বা আন কোনোবা বিষয়াক আপুনি মাতি দিব পাৰে।”
”অ’ চি ছাৰ এতিয়া ব্যস্ত আছে।”– আৰক্ষী এ এছ আইজনে উত্তৰ দিলে।
এনে সময়তে অনন্ত চৌধুৰীক চিনি পোৱা জোৱান এজনে সহকাৰী এ এছ আইজনক কাণে কাণে ক’লে– ”ছাৰ, এওঁৰ দেউতাক মুক্তি যুঁজাৰু আছিল।”
অৱশেষত সমস্যা আঁতৰিল। চৌধুৰীয়ে প্ৰৱেশদ্বাৰখনেৰে সোমোৱাৰ অনুমতি পালে। আৰক্ষী সহকাৰী উপ-পৰিদৰ্শকজনে এবাৰ অনন্ত চৌধুৰীৰ মুখলৈ চাই সোঁহাতখন গান্ধী ময়দানৰ ফালে আগুৱাই দি ক’লে– ”যাওক ছাৰ, বেয়া নাপাব। ওপৰৱালাৰ অৰ্ডাৰ। কি কৰিম।”
অনন্ত চৌধুৰী কিন্তু ভিতৰলৈ সোমাই নগ’ল। একাষৰীয়াকৈ ঠিয় হৈ আৰক্ষী এ এছ আইজনক ক’লে– ”তোমাৰ একো দোষ নাই বোপা। মোৰেই ভুল, চিঠিখন আনিব পাহৰিলোঁ। কিন্তু এটা কথা। দেশ স্বাধীন হ’ল, সকলোৱে মিলি বিদেশীৰ পৰাধীনতাৰ শিকলিডাল ছিঙিলে। কিন্তু তাহানিতেই ছিঙি পেলোৱা সেই শিকলিডালৰ দাগ যেন সৰ্বসাধাৰণে আজিও সম্পূৰ্ণকৈ মচিব পৰা নাই। হয়তো পৰিস্থিতিয়েই ইয়াৰ বাবে দায়ী।”
চৌধুৰীয়ে সেইখন প্ৰৱেশদ্বাৰেৰে গান্ধী ময়দানৰ ভিতৰলৈ সোমাই নগ’ল। দুখোজ পিছুৱাই তেওঁ কোনো আমন্ত্ৰণী পত্ৰ নোহোৱাকৈ স্বাধীনভাবে সোমাব পৰা ৰাইজৰ প্ৰৱেশদ্বাৰখনলৈ আগবাঢ়িল।
(বি:দ্ৰ: মোৰ চকুৰ সন্মুখতে মহাবিদ্যালয়ৰ অধ্যক্ষ এগৰাকীয়ে সন্মুখীন হোৱা অবাঞ্ছিত পৰিস্থিতিৰ আঁত ধৰি গল্পটো লিখাৰ চেষ্টা কৰিলোঁ।)
☆★☆★☆
10:26 pm
ভাল লাগিল পঢ়ি।
10:53 pm
সুন্দৰ গল্প
5:47 pm
পঢ়ি ভাল লাগিল, বিভিন্ন ক্ষেত্ৰত বহু জ্যেষ্ঠ লোক এনে পৰিস্থিতিৰ সন্মুখীন হয়।