হট্স্পট্ – ঋতুপৰ্ণ শৰ্মা
সন্ধিয়া ক্লাবঘৰতে আদ্দা দি আছিলো আমি চাৰিটায়। আমি চাৰিটা মানে মই, মোৰ লগৰ আকাশ, পাৰ্থ আৰু নয়নদা। বাকীবোৰ এতিয়াও আহি পোৱা নাই। আদ্দা মানেনো আৰু কি! প্ৰথমতে আৰম্ভ হোৱা দেশ বিদেশৰ ৰাজনীতিৰপৰা আহি শেষ হয়হি অমুকৰ জীয়েক তমুকৰ লগত পলাই গ’ল নহয় তেনে এক পাতল বিষয়তে।
লাহে লাহে প্ৰত্যেকেই নিজৰ নিজৰ মোবাইল উলিয়াই লয় আৰু আপোন মনে মোবাইল চোৱাত ব্যস্ত হৈ পৰে। হঠাতে মোৰ বাহিৰে বাকীবোৰ উত্তেজিত হৈ পৰে আৰু নয়নদাই মোৰ ফালে চোচা লৈ আহে।
: আজিও তই পাছওৱৰ্ড সলাবলৈ আহিছ। ৰহ আজি তোক।
একে সুৰতেই আকাশেও আৰম্ভ কৰি দিয়ে –
: তোৰ একো পকেটৰপৰা নাযায় নহয়। তোৰ দেখোন গোটেইবোৰ ফ্ৰীয়েই! তাৰ পিছতো এনে কনজুচামি কিয় কৰ হাঁ?
: ৰহ না! ৰাতিকৈ মই নতুন চিনেমা এখন চাম। কোটাটো এতিয়াই শেষ হৈ গ’লে পিছত নেট শ্লো হৈ যায়। ভালকে চাব নোৱাৰি।
মোৰ কথাৰ কোনো গুৰুত্ব নিদি গোটেইবোৰে মোক হেঁচা মাৰি ধৰিলে। উপায় নাপাই ময়ো আকৌ মোৰ মোবাইলৰ হট্স্পটো অন কৰি দিলো। সিহঁতেও নিজৰ মোবাইলৰ ৱাই ফাই কানেক্ট কৰি আম্বানিয়ে দিয়া সুবিধা উপভোগ কৰাত লাগিল।
এয়া জিঅ’ই 4G আৰম্ভ কৰা সময়ৰে কথা। পুৰণা ফোনটো বেয়া হোৱাত নতুন এটা ল’বলৈ দোকানলৈ গ’লো। আগৰটোৰ নিচিনাই এটা দিবলৈ ক’লো। পিছে দোকানীয়ে মোকেই ডাউনদি ক’লে বোলে কিহৰ ইমান পিছ পৰি থাকেহে! এতিয়া 4Gৰ যুগ। আম্বানিয়ে বহুত সুবিধা দি আছে। বিনামূলীয়াকৈ। মই বোলো 4G কি বস্তু মই একো নেজানো। এইবোৰ ভালুকৰ সাঙীহে হ’ব। আৰু বাজেটৰো কথা আছে দিয়াচোন। তেতিয়া দোকানীয়ে মোক মোৰ বাজেট কিমান সুধিলে। মোৰ বাজেট শুনি দোকানীয়ে বৰ মোলায়েম হাঁহি এটা মাৰি ক’লে আপোনাৰ বাজেটতকৈ বহু কমত আপুনি এই মোবাইলটো লওক লগতে এই চিমখন। তেওঁ আৰু যিবোৰ সুবিধাৰ কথা ক’লে মোৰ চকু কপালত উঠিল। ইমান সুবিধা! তাকো বিনামূলীয়াকৈ! কৃষ্ণহে বুলিলো আৰু!
তাৰপিছতেই মই বহুত ভেলুৱেবুল পাৰ্চন হৈ গ’লো। লাহেকৈ আহি সকলোৱে মোৰপৰা আম্বানিয়ে দিয়া সুবিধা উপভোগ কৰিবলৈ লাগি যায়। বাকীবোৰ ঠাইত অলপ লেভেল দেখুৱাই কেতিয়াবা নিদিওঁ যদিও ক্লাবঘৰত পিছে সেই সাহস নকৰো। দেখিলেই নহয় আজি কি অৱস্থা কৰিছে। কেৱল চুই কিলাবলৈহে বাকী আৰু।
সিদিনাৰ ঘটনা শুনক। মোৰ ছোৱালীক ভাত খুৱাবলৈ লৈছে মাকে। ইফালে ভণ্টী আহিছে, ভণ্টীয়েও তাইৰ ল’ৰাটোক ভাত খুৱাবলৈ লৈছে। আজিকালিৰ ল’ৰা ছোৱালী, মোবাইলৰ গান নেদেখিলে মুখেই নেমেলে। পিছে কোনো চিন্তা নাই। কাৰণ মই আছোঁ। মোৰ হাতত আম্বানিয়ে দিয়া বৰদান আছে। ইউটিউব আছে। মোৰ মোবাইলকে কেন্দ্র কৰি কক্ষপথত সিহঁতৰ ইউটিউব আৰামত চলি আছে। মই পিছে কথাটো গম পোৱা নাছিলো। লগৰ এটাই চিঞৰি মতাত ঘৰৰ পৰা ওলাই গ’লো। পিছে আধা ঘণ্টামান পিছত আহিহে গম পালো সিহঁতৰ সেইদিনা ভালকৈ ভাত খোৱা নহ’ল।
শেষত এটাই ক’ম আৰু বোলো, আম্বানি তোমাৰ মহিমা অপাৰ। পিছে আগতকৈ তুমি বহুত বেয়া হ’লা। সময় থাকোতেই নিজক সংশোধন কৰা। নহ’লে আমিও বেলেগ আম্বানি বিচাৰিম।
☆★☆★☆
3:06 pm
হা হা।ভাল লাগিল
9:39 pm
ধন্যবাদ।