ফটাঢোল

বিৱৰ্তন – নীলাঞ্জনা কাশ্যপ

মহানন্দ মাষ্টৰে গাঁৱৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰোঁতে চেণ্ডেলৰ তল ক্ষয় হ’ল, তথাপিও কামটো হোৱাৰ কোনো আশা নেদেখিলে। স্কুলৰ পৰা অৱসৰ লোৱাই আজি দুবছৰ উকলিল অথচ পেঞ্চনৰ কামটো হোৱা গৈ নাই। অফিচৰ কেৰাণীসকলৰ মেৰপাকত তেওঁৰ ফাইল ইখন টেবুলৰ পৰা সিখন টেবুললৈ ঘূৰি ফুৰিবলৈ ধৰিলে। যিদিনা তেখেতে প্ৰথম অফিচলৈ আহিছিল, সিদিনা অফিচৰ দুৱাৰমুখতে আঁ‌ৰি থোৱা ফলকখনলৈ চকু গৈছিল, তাত লিখা আছিল যে “ভেটি লোৱা আৰু ভেটি দিয়া দুয়োটাই সমানেই অপৰাধ।” ফলকখনত থকা সেই মহত্‍ লোকৰ বাণী সদৃশ আখৰকেইটা পঢ়ি তেখেতৰ সেই মূহুৰ্তত আনন্দতে মুখখন উজ্বলি উঠিছিল! স্বতঃস্ফূতভাৱে তেখেতৰ মূৰ দোঁ‌ খাইছিল অফিচৰ কৰ্মচাৰীসকলৰ প্ৰতি। কাৰ্য্যালয় বুলি নাভাৱি এখন ৰাম ৰাজ্যত প্ৰৱেশ কৰা বুলি অনুমান কৰিছিল তেখেতে! তেখেতে দোকান বুলি আখ্যা দিয়া চকুচৰহাহঁতক নিপাতে যোৱাৰ অভিশাপ দিছিল…!

সময় বাগৰিল, পিছে তেখেতৰহে ফাইল গতিৰ পৰা দ্ৰুতগতি লাভ কৰিবলৈ ইন্ধনৰ প্ৰয়োজন হ’ল, সেই কথা অফিচৰ কৰ্মচাৰীসকলে তেখতক বুজাই দিলে যে, “আপোনাৰ এইটো বৃদ্ধকালীন নতুন চাকৰি, চাকৰি এটা পাবলৈ খৰচ আছেই।” ঠিকেই মহানন্দ মাষ্টৰৰ ক’ব লগা একো নাই, ক’লেও তেখেতৰ হকে শুনিবলৈ কোনো শ্ৰোতা নাই,। এওঁ‌লোকতো তেখেতৰ ছাত্ৰ-ছাত্ৰী নহয় যে তেখেতে যি ক’ব তাকেই শুনিব!

অৱসৰ লোৱাৰ দিনা তেখেতক ছাত্ৰ-ছাত্ৰীসকলে এখন সুন্দৰ সাহিত্যিক ভাষাৰ মানপত্ৰৰ লগতে এখন ধৰ্মপুঠি আৰু দুই-এপদ বস্তুৰে ঘৰলৈ স-সন্মানেৰে আগবঢ়াই থৈছিল….।ছাত্ৰ-ছাত্ৰীসকলক বিদায় দি তেখেতে ঘৰৰ আগফালৰ বাৰান্দাখনত কাঠৰ চকী এখনত বহি দীঘলকৈ হুমুনিয়াহ কাঢ়িছিল, মনতে ভাৱিছিল তেখেতে, ইমান বছৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থাকি অৱসৰৰ পিছৰ সময়চোৱা কেনেদৰে পাৰ কৰিব….। অনুভৱ কৰিছিল তেখেতে কিমান বেদানাদায়ক হৈ পৰিব সময়বোৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আঁ‌তৰি থকাতো…..।

আওহতীয়া গাঁওখনত সময়বোৰ কটাব পৰাকৈ তেওঁৰ এটা বিশেষ বন্ধুৰ গোটো নাই। অৱশিষ্ট মানুহখিনিৰ লগত বাকী সময়খিনি অতিবাহিত কৰাৰ বাহিৰে তেখেতৰ অন্য উপায় নাছিল। আৰ্থিকভাৱে স্বচ্ছসকলে চহৰ অভিমূখে ৰাওনা হৈছেই। ত্ৰিছ বছৰ আগতে মহানন্দ মাষ্টৰৰ গাঁ‌ৱৰ চেহেৰা বেলেগ আছিল। মানুহেৰে গিজগিজাই আছিল গোটেই গাওঁখন। গাঁ‌ৱৰ সোঁমাজত থকা পুথিভঁৰালটোৰ এটা ফালে মেল-মিটিঙৰ বাবে ঠাই আছিল। এতিয়া গাঁ‌ওখনৰ পৰিৱৰ্তন চকুত লগা ধৰণৰ, গাঁ‌ৱত এতিয়া ঢেঁকী প্ৰচলন নোহোৱা হ’ল, ইঘৰে সিঘৰৰ লগত অহা-যোৱা নোহোৱা হ’ল আৰু মানুহবিলাক ব্যক্তিকেন্দ্ৰিক হ’ল।

এক নিষ্ঠুৰ নিৰৱতাই গ্ৰাস কৰা গাঁ‌ওখন এৰি মহানন্দ মাষ্টৰ ক’লৈকো নগ’ল আৰু যাব বিচাৰিলেও যাবও নোৱাৰে, কাৰণ চাকৰিৰ মাহেকীয়া আয় বন্ধ। ল’ৰাৰ অধীৰ অপেক্ষাৰ ফলস্বৰূপে চাৰিজনী কন্যা সন্তানে ঘৰখন জকমকাই তুলিলে, শেষত যেনিবা ভগৱানে তেখেতসকলৰ কাকূতি শুনিলে। মলয়াৰ ল’ৰা সন্তান এটাৰ জন্ম হ’ল, গতিকে সাতটি পৰিয়ালৰ সংসাৰখন চলাই নিয়াত তেওঁ বাৰে বাৰে উজুটি খাবলৈ ধৰিলে।

সেয়েহে আজি তেখেতে সকলোবোৰ নীতি-আদৰ্শৰ কথা পাহৰি আকৌ আহিছে অফিচলৈ তেখেতৰ পেঞ্চনৰ কামত। ঘৈনীয়েক মলয়াই তেখেতক মুগাৰ মেখেলা-চাদৰ এযোৰৰ কথা প্ৰায়েই কয়, তেখেতে “এই মাহত নহ’ব, অহা মাহত হ’ব, অলপ ধৈৰ্য্য ধৰা” বুলি কৈ আজি দুবছৰে ঘূৰালে কিন্তু এইবাৰ তেখেতে দিবই লাগিব আৰু তাৰ বাবে তেখেতে পেঞ্চনৰ কামটো কৰিব। সমাধান কৰিব লাগিব। হ’ল বুলিনো কিমান আশা দিব বেচেৰীজনীক!

কথাবোৰ ভাৱি বাস্তৱৰ নিৰ্মম আঘাত সহ্য কৰি অথাই সাগৰত ডুব যোৱা মহানন্দ মাষ্টৰ এটুকুৰা কাঠৰ দৰে। ৰাম ৰাজ্যৰ প্ৰহৰীসকলৰ পূজা-সেৱাত ত্ৰুতি নহ’বলৈ তেখেতে চেষ্টা কৰিলে। বিদায় মূহুৰ্তত তেখেতক ছাত্ৰ-ছাত্ৰীসকলে দিয়া মানপত্ৰৰ আখৰখিনিলৈ মনত পৰি গ’ল, নিজকে যেন তেখেতে অপমানবোধ কৰিলে। ছাত্ৰ-ছাত্ৰীসকলে তেখেতক মহাপুৰুষৰ শাৰীত ৰাখিছে, দেৱতুল্য পুৰুষ বুলি অভিহিত কৰিছে, অথচ সেইজন ব্যক্তিয়েই আজি প্ৰাপ্য পেঞ্চনখিনিৰ বাবে কাৰ্য্যালয়ৰ টেবুলৰ তলেৰে উপঢৌকন দিয়াৰ বাবে হাতখন সুমুৱাই দিয়াৰ কথা ভাৱিছে, ছিঃ তেখেত ইমান তললৈ নামি যাবলৈ ওলাইছে…! মূহুৰ্ততে তেখেতৰ আত্মাই কান্দি উঠিল, বুকুখনত এটা গধুৰ শিল তুলি থোৱা যেন অনুভৱ হ’ল। ক’ব নোৱাৰাকৈয়েই তেখেতৰ দুধাৰি অশ্ৰু নিগৰি আহিল….।

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    বাস্তবৰ নিৰ্মোহ বিশ্লেষণ ৷ ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *