ফটাঢোল

তামোলৰ পিক্ – বিকাশ শইকীয়া

হয় তামোলৰ পিক্ মানে পিকোৱাজন অসমীয়াই হয়। কোন হ’ব আৰু শাওনৰ পথাৰত তামোল খাই কোৰ মাৰি থকা আমাৰ নগেন আকৌ’।

নগেনে আমেৰিকাৰ কথা সৰু কালৰ পৰা শুনি আহিছে। এইবাৰ ধান পকাৰ আগতেই নগেনে ভাবিলে আমেৰিকাখন এবাৰ চাই অহা হওক। কথা মতে কাম। নগেনে তামোল এটোপোলা লগত লৈ আমেৰিকা পালেগৈ।

আমেৰিকাৰ ৰাজ পথত তামোল পকতিয়াই পকতিয়াই খোজকাঢ়ি গৈ আছিল। অসমৰ দৰে বাটতে দিলে পিকাই। তাৰপিছত কি হ’ব বুজি পাইছে নিশ্চয়। হয় ৫০ ডলাৰ জৰিমনা ভৰিল। মনে প্ৰায় তিনি হাজাৰ পাঁচশ টকা (৩৫০০)। যি হ’ল হ’ল আৰু বুলি পুনৰ সি বাট ল’লে। কিন্তু কি হ’ব, য’তে বাঘৰ ভয় তাতে ৰাতিও হয়। অসমীয়া জাতীয়তাবাদৰ মহান অনুভূতিৰে বিদেশত থকা অসমীয়া বিচাৰি আমাৰ বিতোপন সাংবাদিক সেই সময়ত সেই জেগাতে বিচৰণ কৰি ফুৰিছিল। বিতোপন সাংবাদিকে সৰ্ম্পূণ পৰিঘটনাটো কেমেৰাৰ ভিতৰত বন্দী কৰি ৰাখিলে। তাৰপিছত ধৰিল আগভেটি আৰু ক’লে, এই পৰিঘটনাটো অসমত বিগ্ ব্ৰেকিং নিউজ বনাই দিয়া হ’ব। নগেনে কি কৰিব মাথো অনুৰোধ কৰিলে যে তেনে নকৰিব। তেনে কৰিলে নগেনৰ মান সন্মান তেনেই শেষ হ’ব। সাংবাদিকজনে ক’লে ঠিক আছে কিন্তু এটা চৰ্ত আছে। যদিহে নগেনে পাঁচ হাজাৰ টকা তেওঁক দিয়ে, তেন্তে ভিডিঅ’টো তেওঁ‌ ডিলিট কৰি দিব। নগেনৰ এনেই মাথা বেয়া আকৌ ইয়াক পাঁচ হাজাৰ টকা লাগে। নিদিলেও উপাই নাই। তেনে বাতৰি ওলালে নগেনে হ’ব লগা শহুৰৰ ঘৰলে যাব কেনেকৈ। পাছলিৰ দৰ দাম মৰা দৰে কিছু সময় দৰ দাম মাৰি বিতোপনক হাজাৰ টকীয়া তিনি খন নোট দি মান্তি কৰিলে আৰু আহি বুক কৰি ৰখা হোটেল পালেহি।

এইবাৰ নগেনৰ মনত অসমীয়া জাতীয়তাবাদৰ মনটো পোখা মেলিল। বাদ দিয়া হে!! কি আমেৰিকা এইখন। তামোল খাই পিকাবলৈও সৰ্বমুঠ ছয় হাজাৰ পাঁচশ (৬৫০০=সাংবাদিক + জৰিমনা) টকা খৰচ কৰিব লগা হৈছে। অসমত এক টকাও নালাগে, য’তে ৰাতি ত’তে কাটি। য’তে মন তাতে দিয়া পিকাই। নগেনে ভাবিলে এইবাৰ অসমবাসীসকলো ৰাইজক সজাগ কৰি তুলিম যে “জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী”। তাক বুজাই তোলাৰ আগতে সাংবাদিকৰ এই কুস্বভাৱৰ মুখাখন খুলি দিব লাগিব। নহ’লে কি বাতৰি প্ৰচাৰ কৰিব কোনো দিহ নাই।

আমাৰ বিতোপন সাংবাদিকও অসম আহি পালেহি আৰু অসমৰ হত্যা, হিংসা, দুৰ্নীতিৰ ফটো তোলাত ব্যস্ত হৈ পৰিল। দুদিনমানৰ পিছতে দেখিলে নগেনৰ নেতৃত্বত সাংবাদিকৰ বিৰুদ্ধে তীব্ৰ আন্দোলন। আন্দোলনৰ প্ৰথম পৰ্য্যায়ত অসম বন্ধৰ ঘোষণা। সেই বন্ধৰ দিনা আকৌ আমাৰ খগেনৰ পুতেক ৰমেন দিল্লী যাব লগা আছিল, প্ৰতিযোগিতামূলক এটা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ। কিন্তু বন্ধৰ কাৰণে যাব নোৱাৰিল আৰু যোগ্যতা থকা স্বতেও সি চাকৰিটো নাপালে। বেলেগ ৰাজ্যৰ কোনো ল’ৰাই চাকৰিটো পালে। ফলত খগেনৰ পৰিয়াল দুখীয়া হৈয়ে থাকিল।

ইফালে বিতোপনে নগেনৰ পৰা লোৱা হাজাৰ টকীয়া তিনিখন নোট নতুন মূদ্ৰা নীতিৰ ফলত অচল হৈ পৰিল। তাতে আকৌ’ তেওঁলোকৰ বিৰুদ্ধে আন্দোলন আৰম্ভ। বিতোপনৰ দৰে সাংবাদিক সকলে ভাবিলে। এই কথা ভাল হোৱা নাই। সাংবাদিকতাৰ দৰে পবিত্ৰ কাম কৰিছোঁ আমি। আমাক ইমান অপমান কিয় কৰিব। সাংবাদিকৰ ৰক্ষা কবচ দৰকাৰ আছে। এইবাৰ সাংবাদিক ৰক্ষা কবচৰ বাবে আন্ধোলন। পুনৰ প্ৰথমে সাংবাদিক ৰক্ষা কবচৰ দাবীত “অসম বন্ধ”। সেইদিনা আকৌ বহিৰাগত দুটামান কোম্পানী অসমৰ ইঞ্জিনিয়াৰিং ক’লেজ সমূহত কেম্পাচিংৰ কাৰণে অহা দিন আছিল। অসম বন্ধৰ প্ৰভাৱত আহিব নোৱাৰিলে আৰু বেলেগ প্ৰদেশৰ বেলেগ কলেজৰ ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰি কোম্পানীৰ কামত নিয়োগ কৰিলে। আৰু কোম্পানীৰ কাম কাজত কোনো বাধা নহাকৈ আগুৱাই লৈ গ’ল। ফলত অসমৰ নিবনুৱা সংস্থাৰ সদস্য সংখ্যা বঢ়িল। যিটো সংস্থাৰ পৰা পিছলৈ আৰু কিছুমান “ক খ গ ঘ” বহু কেইটা জাতীয়তাবাদী দল/সংগঠনৰ জন্ম হ’ল আৰু বিভিন্ন সময়ত বিভিন্ন কাৰণত তেওঁলোকে অসম বন্ধৰ দৰে পথ বন্ধ আদি কায্যসূচী পালন কৰিছে। কিন্তু আনন্দোলনৰ বাদে একোকে হোৱা নাই৷

নগেনৰ তামোলৰ পিকৰ পৰা দেখা গ’ল যে সি পিকালে আমেৰিকাত। ৰেভিনিউ পালে আমেৰিকা চৰকাৰে, আন্দোলন তথা বন্ধ হ’ল অসমত। আৰু দেখা গ’ল যে জাতীয়তাবাদ অসমৰ দৰে বাকীবোৰ ঠাইত নাই কিন্তু তাৰ ফলত সমস্যা বা বন্ধও হোৱা নাই। অসমত ইমান জাতীয়তাবাদ কিন্তু ইমান সমস্যা বা বন্ধ কিয়? অচলতে এই কলি যুগত ভগৱানে কলিক অসমৰ জাতীয়বাদত আশ্ৰয় দিছে নেকি বাৰু। কলি বহিস্কাৰৰ বাবে কি বন্ধ দিব পৰা যায়। কলি বহিস্কাৰৰ বাবে বন্ধক বন্ধ দিব পৰা যাবনে ?

বিঃ দ্ৰ: – কাহিনীটো সম্পূৰ্ণ কাল্পনিক। সাংবাদিকতাৰ পেছাত বা জাতীয়তাবাদত কোনো গ্লানি সানিব বিচৰা হোৱা নাই৷

☆★☆★☆

One comment

  • চেমিন

    কলি বহিষ্কাৰৰ বাবে বন্ধক বন্ধ দিব পৰা যাবনে নাই নাজানো, কিন্তু নগেনৰ তামোলৰ পিকে যে ইমানেই শিপালে, ভাল লাগিল পঢ়ি। সুন্দৰ ব‍্যংগ।??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *