ফটাঢোল

ডাক্তৰৰ ইটো সিটো বহুতো – অনুৰাধা দেৱী

ডাক্তৰৰ এই কাহিনী কিছুমান শুনা কাহিনী৷ তাকেই অলপ ৰহণ লগোৱা হৈছে৷

ডিফুৰ এই ৰংপি ডাক্তৰজনৰ কথাখিনি কিন্তু একদম সঁচা৷ আমি তেতিয়া কলেজত পঢ়ি আছোঁ৷ আমাৰ লগৰ ছোৱালী এজনীৰ মাকৰ কলৰ পাৰত পৰি সোঁভৰিখন ভাগিল৷ ঘৰৰ মানুহে লগে লগে গাড়ী এখন ভাৰা কৰি হস্পিতাললৈ লৈ গ’ল৷ হস্পিতালত তেতিয়া ডা° ৰংপি আছিল৷ ডাক্তৰে লগে লগে বাওঁ ভৰিখন প্লাষ্টাৰ কৰিবলৈ লাগি গ’ল৷ খুৰীৰ লগতে ঘৰৰ মানুহ সকলোৱে চিঞৰিবলৈ ধৰিলে, বোলে সোঁভৰিখনহে ভাগিছে৷ নাই ডাক্তৰে কোনো পধ্যেই কাৰো কথা নুশুনে৷ ডাক্তৰেও সমানে চিঞৰিছে, “ঐ মই ডাক্তৰ নে তুই ডাক্তৰ৷ তুই বেছি জানিছে৷”

ডাক্তৰৰ কথা লিখি থাকোতে আমাৰ ডাক্তৰ মহা এজনৰ তেখেতৰ জীৱনত ঘটা ঘটনা কেইটামান মনত পৰিল৷ তেতিয়া মহাই ভিতৰুৱা গাওঁ এখনৰ হস্পিতাল এখনত কাম কৰিছিল৷ গাওঁখনৰ মানুহৰ জ্বৰ হ’লে এজন মানুহে হেনো ভাৰ এখনত গোটেই গাওঁখনৰে মানুহৰ খালি বটল লৈ আহিছিল৷ মহাই বটলবোৰত পনীয়া দৰব ভৰাই পঠিয়াই দিছিল৷ কেতিয়াবা অসুখ টান হ’লে ডাক্তৰক ঘৰলৈ মাতছিল৷ বেজি দিবলৈ৷ তাৰ বিনিময়ত কোনোবাজনে হাঁহ, কোনোবাই পাৰ এযোৰ, আনকি কণী এহালি দিছিল৷

এবাৰ দূৰৈৰ মানুহ এঘৰত ৰাতি বেমাৰী চাবলৈ যাবলগীয়াত পৰিল৷ মহাই কম্পাউণ্ডৰজনক লগত লৈ চাইকেল চলাই ৰাতি বেমাৰী চাবলৈ গ’ল৷ বেমাৰী অলপ সুস্থ হোৱাত আহিবলৈ ওলোৱাত মোনা এখন দিলে৷ মোনাৰ মুখখন ৰচি এডালেৰে বান্ধি থোৱা৷ ঘৰৰ মানুহজনে ক’লে, “চাৰ আজি দিবলৈ একো নাই। ডুৰা কাছ এটা পথাৰত পাইছিলো, তাকেই দিলো বেয়া নাপাই যেন৷” মহাই ভালেই পালে৷ সদায় হাঁহ, পাৰ খাই আমনি লাগিছে আজি কাছ খাবলৈ পাম বুলি৷ দুয়ো পথৰুৱা বাটটোৰে ৰাতি আহি আছে৷ বাটতে ছিআৰপি কেইজনমানে পালে৷ তেতিয়া ৮২ চনৰ আন্দোলনৰ দিন৷ মোনাত বোম্ব অনা বুলি সিহঁতে হুলস্থূল লগাই দিলে৷ এজনে ৰচিডাল খুলি হাতখন ভৰাই দিলে৷ লগে লগে কাছটোৱে ছিআৰপিজনৰ আঙুলি এটাতে কামুৰি ধৰিলে৷ ছিআৰপিজনে কছোৱা কছোৱা কৰি ছিঞৰিবলৈ ধৰিলে৷ হাতখন উলিয়াই অনাত কাছটো হাততে লাগি আহিল৷ কাছটো ধৰি মেলি সকলোৱে এৰুৱাই দিলে৷ মহাই আঙুলিটোত বেণ্ডেজ কৰি দিলে৷ মহা ডাক্তৰ বুলি শুনি সন্মানেৰে বিদায় দিলে৷ বিনিময়ত কাছটো লৈ গ’ল৷ মহাহঁতেও উঠ মুখ চেলেকি ৰাতি এপৰত ঘৰ পালে৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *