ফটাঢোল

সাৰথি – নীলাঞ্জনা মহন্ত

ঘড়ীত পুৰা চাৰে ছয়৷ চিটিবাছবোৰ কমি আহিছে৷ ৭ বজাৰ পিছত মিনিবাছ এখনো নাথাকিব এইটো ৰাস্তাত৷ চৰকাৰী ভঙা বাছ দুখনমান আধাঘণ্টামানৰ মূৰে মূৰে দহবজালৈকে আহি থাকিব যদিও সেই কেইখন নিৰাপদ নহয়৷ মদাহী লোকৰে ৰাজত্ব তাত৷ দিনটো শ্ৰম কৰি গধূলি পানী এটুপি ধৰি ভাগৰ পলুৱাই অহা মানুহৰ ঘৰলৈ উভতনি যাত্ৰা ঘটে সেই কেইখন বাছত৷ ৰাস্তাৰ সিপাৰে তাই এতিয়াও ৰৈ আছে বাছষ্টপতে৷ চিন্তিত যেনো লাগিছে তাইক, কাৰণ তাই বাৰে বাৰে চাইছে বাছ আহিছে নেকি৷ তাৰ চকুয়ে চকুয়ে পৰিল এবাৰ৷ তাইক যেন চাই থকা নাই তেনে ভাৱতে সি পকেটত হাত ভৰাই দূৰলে এবাৰমান চালে যেন সিয়ো কাৰোবাৰ কাৰণে ৰৈহে আছে৷ এনেই তাৰ অফিচ ছুটি পাঁচ বজাতে হয়৷

তিনিমাহমানৰ আগতে বিশেষ কাৰণত তাৰ অফিচত এঘণ্টা দেৰি হৈছিল, এসপ্তাহমানৰ কাৰণে৷ এঘণ্টাৰ ভিতৰতে ঠাইখন মৰিশালিৰ দৰে হৈ পৰে৷ প্ৰায়বোৰ দোকান ছয় বজাৰ লগে লগেই বন্ধ হয়৷ মানুহ-দুনুহ কমে আৰু বাছো কমে৷ তাৰ বাছখন যোৱাৰ উলোটাফালে তাইক সেইখিনি সময়তে ৰৈ থকা দেখা পায় সি৷ কেতিয়াবা বাছ অহা পলম হয় পোন্ধৰমিনিটৰ পৰা আধাঘণ্টা পৰ্যন্ত৷ তাই ৰৈয়ে থাকে৷ কিছুমান উদঙীয়া ল’ৰাই তাইক ঘূৰি ঘূৰি চাই যায় প্ৰায়ে৷ তাৰ বৰ অস্বস্তি লাগে৷ তাইৰ বা কেনে লাগে বেচেৰী৷ তাৰ মন যায় ল’ৰা কেইটাক গৈ দুষাৰ শুনাই আহিবলৈ৷ তাৰ বয়সৰে হ’ব কিজানি সিহঁত! আৰু প্ৰায় একে কেইটা ল’ৰাই সদায়ে তাইক জোকাই আমনি দিয়ে৷ তাই সিহঁত ওচৰ চাপিলেই “দাদা পাইছহি ন?“ বা “অঁ মোৰ ছুটি হ’ল আহ“, বা “বাছষ্টপত আছো এতিয়া“ এনেধৰণৰ কিবা এষাৰেৰে ডাঙৰকৈ ফোনত কথা পাতে৷ কিন্তু কোনোদিন সি তাইৰ সেই বিশেষ দাদাকক অহা দেখা নাই৷ তাৰ মনত পৰে তাৰ বায়েকলৈ। ভয়-ভীত নোহোৱা বায়েকে ৰাতি ন বজাত কচিং চেন্টাৰত পঢ়াই অকলে স্কুটি চলাই ঘৰলৈ আহে৷ মাজে মাজে তাক কয় কাক কাক দম দি আহিল সেইদিনা৷ তাৰ বায়েকলৈ সিমান চিন্তা নাই, তাইৰ যি দম উলটাই এসাঁজ খোৱাইহে আহিব কোনোবাই দিগদাৰি দিলে৷ তথাপিও সি আগবাঢ়ি আহে যিখিনি পাৰে খোজ কাঢ়ি কাঢ়ি৷ কিন্তু খীণ মিন এই ছোৱালীজনীক লৈ তাৰ সঁচাই দেখোন কিবা এটা চিন্তা হ’বলৈ ধৰিলে৷ ব্যস্ততাপূৰ্ণ সপ্তাহটো শেষ হোৱাৰ পিছতো বচক কৈ সি ৰাতিপুৱা এঘণ্টা দেৰিকৈ আহি সন্ধিয়া এঘণ্টা দেৰিকৈ যোৱা কৰিবলৈ ধৰিলে৷ তাইক যেন মনেই কৰা নাই এনেকুৱা ভাৱত যেতিয়ালৈকে তাই বাছত উঠি নাযায় সিয়ো ৰৈ থাকিবলৈ ল’লে৷ সি দেখিছে তাই প্ৰায়ে ফোনটো কাণত লৈয়ে থাকে আৰু সেই উদঙীয়া কেইটা ওচৰলে আহিলে মাতটো ডাঙৰ কৰি কথা কয়৷ হয়তো বন্ধু-বান্ধৱী বা ককায়েক বা মাক বা আন কোনোবালৈ ফোনকে কৰি ব্যস্ত হৈ থাকে বাছলৈ অপেক্ষা কৰা সময়খিনিত৷ আৰু ল’ৰাকেইটাক ভয় খুৱাবলে সিহঁত ওচৰ চাপিলে দাদাকলৈ ফোন লগায়৷ ফোনৰ সিফালৰ পৰা কিজানি কোনোবাই তাইক সাহস দি থাকে সেয়ে বেছি কথা নকয় তাই এইফালৰ পৰা। কেৱল শুনি থাকে৷ তাৰ এটা কথাই ভাল লাগিল যে অন্ততঃ তাইৰ কোনোবা আছে যাক তাই বিশ্বাস কৰি কথা ক’ব পাৰে৷ বুকুখন অলপ গধুৰ যেনো লাগিল কোন বা সেইজন যি জানে তাইৰ অৱস্থাতো…, কিন্তু ইমাননো ব্যস্ত নে যে কোনোদিনে তাইক নিবলৈকো আগবাঢ়ি নাহে!

উদঙীয়া জাকটোৰ কিন্তু দিনক দিনে অতপালি বাঢ়িছে৷ তিনিটা ওখ পাখ ল’ৰা, পালোৱান বাহুবলীৰ দৰে৷ এইকেইটাই কিবা কৰিলে জানো তাই তক্কৰ দিব পাৰিব? সিও পাৰিবনে নাই সন্দেহহে! কালি তাইৰ গাৰফালেই এটাই ধোঁৱা উৰুৱাই থৈ গৈছে৷ যোৱা সপ্তাহতে ইহঁতৰে বেসুৰা এটাই কোনো অশালীন গানৰ কলি উকিয়াই থৈ গৈছে৷ এটা ক্ষোভভাৱ তাৰ মনলৈ আহিল৷

সাত বাজিল৷ তাই ফোনত৷ কাকনো ইমান ফোন মাৰি থাকে এই?? ৰাস্তাটো পাৰ হৈ সি তাইৰ পৰা অলপ দূৰত ৰ’ল৷ তাই কোৱা শুনিলে সি ’অ’ দাদা পাইছহি ন?’ আচৰিত হ’ল সি৷ কি দাদাক অ’ এইজন এদিনো দেখা নাই৷ এদিনতো প্ৰায় আঠ বাজো বাজো হৈছিল৷ কথা হয়তো অন্য কিবাহে৷

হঠাতে উদঙীয়া কেইটা আহি ওলাল৷ তিনিওটাই আজিচোন চাইকেলত উঠি আহিছে কিৰিলিয়াই কিৰিলিয়াই৷ কিবা মতলব নাইতো আজি ইহঁতৰ? বুকুখন চিৰিংকৈ গ’ল তাৰ৷ তাইৰ প্ৰায় তিনিফুট মান দূৰত সি ৰ’ল আৰু তীক্ষ্ণ দৃষ্টি ৰাখিলে সিহঁতৰ ওপৰত৷ হঠাৎ এটাই তাইৰ ওচৰেদিয়েই চাইকেল চলাই যাওঁতে তাইৰ ফোনটো টান মাৰি লৈ গ’ল৷ আইঔ বুলি তাই চিঞৰ এটা মাৰিলে৷ তাই ফোনত আছিল দাদাকৰ লগত কথা পাতি৷ কথাৰ পৰা গম পাইছিল দাদাক চাগে আজি সঁচাই আহি আছে কিজানি৷ অন্ততঃ আজি আহি তাইৰ এই অৱস্থাটো তাইৰ ঘৰৰ কোনোবাই দেখাতো দৰকাৰী৷ সি বৰ ভয় খালে যদিও হেই হেই বুলি ল’ৰাটোক খেদি গ’ল৷ ল’ৰাটোৱে জোৰত চাইকেল চলাইছে৷ কিৰিলি পাৰি এবাৰ পিছলৈ সিহঁতলৈ চাওঁতে বাছষ্টপৰ অলপ আগত থকা আহঁতজোপাত খুন্দা খাই বপুৰা হামখুৰি খাই পৰিল৷ চাইকেল ওপৰত, ল’ৰা তলত৷ দৌৰ মাৰি গৈ সি তাৰ ওপৰত চাইকেলখন গছকি থাকি তাক হেঁচি ধৰিলে৷ ল’ৰাটোৰ লগৰ বাকীকেইটা ইতিমধ্যে পলাইছিল৷ ভয়ত, দুখত আৰু খঙত থকা ছোৱালীজনী এইবাৰ নিজেই আগবাঢ়ি আহিছে সেইপিনে৷ ম’বাইলটো বুটলি সি তাইৰ হাতত দিবলৈ গৈ হঠাতে ৰৈ গ’ল! কাৰণ সেইটো এটা সৰু টিভি ৰিমোটহে আছিল৷ তাৰ মানে? তাইৰ দাদাকৰ কথা সুধিব খোজোতেই তাই কৈ উঠিল, মোৰ ফোন নাই, দাদাও নাই৷ ঘৰত অকল মা হে আছে৷ মই চাকৰি নকৰিলে আমি খাবলৈ নাপাওঁ৷ ঘৰত টিভিও নাই কিন্তু এই সৰু ৰিমোটটো অফিচৰ পৰা গধূলি মই লগত লৈ আঁহো ৰাতিপুৱা আকৌ ঘূৰাই আনো৷ ইয়েই মোৰ সাৰথি৷

☆★☆★☆

5 Comments

  • কাবেৰী মহন্ত

    সুন্দৰ ৷ সমাজত এচামৰ অৱনতি আৰু মাজতে একোটা আশা … বঢ়িয়া

    Reply
  • মিনতি মহন্ত ।

    বহুত ভাল লাগিল । তাই নিজৰ বুদ্ধিটোৱেই সাহসৰ পৰিচয় । কথাটো সৰু যদিও বুদ্ধিটো হাতীৰ সমান শকত । বঢ়িয়া ।

    Reply
  • হিৰণ্যজ্যোতি দাস

    সুন্দৰ ৷

    Reply
  • Anonymous

    সুন্দৰ উপস্থাপনত মোহিত হ’লো

    Reply
  • ৰিণ্টু

    ভাল লাগিল নীলাঞ্জনা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *