ফটাঢোল ই-আলোচনী, September, ২০১৯ – ৰিমঝিম বৰঠাকুৰ
‘ৰিমঝিম’
‘হয় দাদা’
‘কামটো হ’লনে?’
‘কোনটো কাম দাদা?’
‘কি কোনটো কাম? মাহৰ আৰম্ভণিতে যে দিছিলোঁ।’
‘অঃ আচ্ছা, আচ্ছা বুজিছোঁ। সেইটো কাম হৈ যাব, চিন্তাই নকৰিব।’
‘বাঃ, এইয়াহে আমাৰ ছোৱালী। পাৰিলে আজি ৰাতিলৈ মেইল কৰিবা দেই।’
‘বাৰু, দাদা।’
এই যে ডাঃ পাৰ্থসাৰথি ভূঞা। এইবাৰ ফটাঢোল ই-আলোচনীৰ সম্পাদক হোৱাৰেপৰা মানুহজন কিবা সলনি হৈ গ’ল। সেই আগৰ হাঁহিমুখীয়া মানুহজন এতিয়া আৰু নাই। মই আকৌ তেওঁক সম্পাদক পাতোঁতে ভালেই পাইছিলোঁ। হাঁহিমুখীয়া সম্পাদক, তাতে ডাক্তৰ। হাঁহি হাঁহিয়েই কিবাকিবি বেমাৰ আছে যদি সুধি-মেলি প্ৰেছক্ৰিপচনখন লিখাই ল’ম। কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি বুলি ইয়াকে কয়। প্ৰথম দুদিনমান ঠিকেই আছিল মানুহজন। তাৰপিছত যেতিয়া সকলোকে দায়িত্ববোৰ ভগাই দিলে তেতিয়াৰপৰা তেওঁৰ ছেওৱেই সলনি হৈ গ’ল। মানে এক্সট্ৰা এটা গহীন দি থ্ৰেডলৈ আহিব, আহিয়েই কোনে কি কৰিছে খুচৰিবলৈ লাগি যাব। মোক এনে এটা গধুৰ কাম দিলে যে কামটো প্ৰায় শেষ হওঁ হওঁ হৈয়ে আছে। কিন্তু দেখাত সৰু যদিও এটা ডাঙৰ সমস্যাত পৰি আছোঁ। সেইটো আকৌ তেওঁক কওঁ কেনেকৈ! সেইটো কাম কৰাৰ বিনিময়ত যে চিৰজীৱনৰ কাৰণে বিনামূলীয়া স্বাস্থ্য সেৱা অল অভাৰ ইণ্ডিয়াৰ চাৰ্টিফিকেটখন লৈ থৈছোঁ। গতিকে এইটো সমস্যাৰ সমাধান নিজেই কৰিব লাগিব। চাওঁচোন দুদিনমান, কিবা এটা আইডিয়া উলিয়াব পাৰো নেকি! কিন্তু আইডিয়া ভাবিবলৈ ধৰোঁতেই ইনবক্সটোৱে আকৌ টুঙটুঙালেই নহয়।
‘ৰিমঝিম, আজি ৰাতি কেইমান বজাত পাম বাৰু?’
মেছেজটো দেখিয়েই মই বোলো কিমান আৰু মিছা মাতিম। সঁচা কথা কৈয়েই দিওঁ-
‘দাদা, সঁচা কথা ক’বলৈ গ’লে মোৰ কামটো হৈয়েই আছে, খালী এটা কনফিউজন আছে। তাৰ কাৰণে মোক দুদিনমান সময় দিয়ক প্লীজ।’
‘আৰু দুদিনমান সময়! আজি কেই তাৰিখ জানানে? ২৭ তাৰিখ। তুমি কি এইখন অক্টোবৰ মাহৰ আলোচনী বুলি ভাবিছা নেকি? পোন্ধৰ তাৰিখেই দিব লগা বস্তুটো আজি ২৭ তাৰিখেও নহ’ল। তোমাতকৈ আগৰজনেই ভাল আছিলহে। পইচা দুটামানৰ লোভ কৰিলেও সময়ত দি দিয়ে। কিন্তু এইবাৰ মই ডাক্তৰ বুলি অলপ বেছিয়েই ফাইডা উঠাবলৈ যোৱাৰ কাৰণে কামটো তেখেতক নিদিলোঁ। আৰু তোমাক কাকতি দা আৰু ৰিণ্টুৱেও ৰিকমেণ্ড কৰিছিল কাৰণেহে।’
এই লম্বা মেছেজটো দেখি অলপ সময়ৰ কাৰণে মই কি লিখোঁ ভাবিব লগাত পৰিলোঁ। কিবা এটা লিখিবলৈ লওঁতেই আকৌ এটা মেছেজ আহিল
‘কৰিব নোৱাৰা যদি কৈ দিয়া, নিজেই কৰিম শেষত গৈ। খালী এই নেতাবোৰৰ নিচিনাকৈ মোৰ আগত আজি দিম কাইলৈ দিম কৰি নাথাকিবা। কেনেবাকৈ তুমিও ক’ৰবাত কিবা নেতাগিৰিৰ মাথা মৰা নাইতো?’
মেছেজটো পঢ়িয়েই মই টপককৈ ৰিপ্লাই এটা লিখিলোঁ,
‘ধেই দাদা, কি যে ভাবে। যিজনী ছোৱালীয়ে গ্ৰুপত কিবা এটা লিখিলে ২০ টাৰ ওপৰত লাইক নাহে, তাইক আকৌ আপুনি ক’ত মাথা মৰাৰ কথা ভাবিছে। আপুনি চিন্তা নকৰিব এই দুদিনতে মই আপোনাক কামটো কৰি দি আছোঁ।’ মেছেজটো দি যি হয় দেখা যাব বুলি নেটফ্লিক্সত অহা ‘ষ্ট্ৰেঞ্জাৰ থিংছ’ৰ নতুন চিজনটো চাবলৈ ধৰিলোঁ।
কিন্তু কামটো কৰিবলৈ মোক দুদিন সময় নালাগিলেই। এদিনতে এটা নতুন আইডিয়া লগাই মই মোৰ কামটো সমাপ্ত কৰি সম্পাদকলৈ পঠিয়াই দিলোঁ।
‘ৰিমঝিম, এইটো কি লিখিলা?’
‘কোনটো দাদা?’
‘মাহৰ নামটো ইংৰাজীত লিখিছা যে চবতে। এইটো চোৱাচোন কেনেকুৱা লাগিছে দেখিবলৈ-
ডাঃ পাৰ্থসাৰথি ভূঞা, সম্পাদক
ফটাঢোল ই-আলোচনী September, ২০১৯।’
‘হয় দাদা। এইবাৰ এইটো নতুন ষ্টাইল। কাকতি দাকো কৈছোঁ চবতে ফটাঢোল ই-আলোচনী September, ২০১৯ লিখিবলৈ।’
‘কিয়?’
‘কিয় মানে! মই আচলতে বিতৰ্কত সোমাবলৈ একেবাৰে নিবিচাৰো। সেয়ে September লিখিছোঁ।’
‘মানে মই বুজা নাই।’
‘চাওক দাদা সৰুতে স্কুললৈ যোৱাৰপৰা অহালৈ সকলোতে এই অমুকীৰ কমপ্লেইন থাকেই। এই বোলে অমুকাক জোকালো, এই বোলে মাষ্টৰক মুখে মুখে ক’লো, অমুক তমুক, মুঠতে ধেৰ। তেতিয়া মায়ে কৈছিল যে এইজনীক এইখন মুখৰ কাৰণে গিৰিয়েকে আগদিনা লৈ গৈ পিছদিনা থৈ যাব। সেই ভয়টো মোৰ মনত বৰ বেয়াকৈ সোমালে। সেয়ে…’
‘ৰ’বা ৰ’বা এইবোৰ কোৱাতকৈ এতিয়া আচল কথাটো কোৱা।’
‘আচল কথাটো এনেকুৱা মানে। আমাৰ যে দুটা ‘চ’ ‘ছ’ আছে। সিহঁতৰ মাজত এটা কনফিউজন আছে। আমি সৰুতে দুইটাৰে উচ্চাৰণ একেটা কৰিয়েই পঢ়িছিলোঁ। সেয়ে এতিয়াও ইয়াৰ শুধৰণি নহ’ল। এতিয়া এই Septemberটো অসমীয়াত লিখিলে ‘চেপ্তেম্বৰ’ লিখিম নে ‘ছেপ্টেম্বৰ’। কাৰোবাৰ মতে ‘চ’ কাৰোবাৰ মতে ‘ছ’। ইমান কষ্ট কৰি আলোচনীখন উলিওৱাৰ পিছত যদি এই দুটাৰ কাৰণে এটা বিতৰ্ক হয়, ভাল নালাগিব নহয়। বিশেষকৈ মোৰ ভাল নালাগিব। কাৰণ সম্পাদকীয় লিখাৰ দায়িত্ব যদি মই লৈ মইয়ে এনেকুৱা এটা ভুল কৰোঁ, পিছত আপুনি মোকে ভুল বুজিব। সেয়ে এইবাৰ নতুন ষ্টাইলত আই মিন ইংমীয়াত (ইংৰাজী/অসমীয়া)ত September, ২০১৯ কৰাৰ কথা ভাবিছোঁ। এইবাৰ বেনাৰত থাকিব, “ফটাঢোল ই-আলোচনী – September, ২০১৯”। হ’ব নে দাদা?’
ইমান দীঘল মেছেজটো লিখি ইমানবাৰ সুধিলোঁ হ’বনে দাদা, হ’বনে দাদা। কিন্তু সম্পাদকৰ লগতে সকলোৱে মেছেজটো চিন কৰি থৈহে দিলে। আলোচনীৰ সম্পাদনা সমিতিৰ প্ৰত্যেকজন সদস্যক মেনছন কৰি মাতিলো, কিন্তু কাৰোৰেপৰা ৰেছপঞ্জ বোলা বস্তুটো নাপালোঁ। আকৌ এবাৰ মেছেজ কৰিবলৈ গৈ দেখো ‘You can’t reply in this conversation’। কথাটো বুজি পাওঁতে এই টেলেণ্টেড অমুকীৰ অলপো সময় নালাগিল।
আচ্ছা, মোক তাৰমানে ব্লক কৰিলে। ভলাই কা জামানা হি নেহী ৰাহা ৰে বাবা। মানুহবোৰ আচলতে বিতৰ্কত সোমাই ভাল পায়। সেয়ে মোক ব্লক কৰিলে। মই কিনো বেয়া কথাটো ক’লো!
‘ফটাঢোল ই-আলোচনী – September ২০১৯’ এইটো কিনো বেয়া দেখিছে! আপোনালোকেই কওকচোন বেয়া লাগিছে নেকি? মইতো ভালেই দেখিছোঁ, ইংমীয়াত এটা নতুন ষ্টাইল। জাষ্ট চ্ছিল।
☆★☆★☆
1:05 pm
তামাম প্লট উলিয়াই দিলা হে৷ মানি গলো৷ ধুনীয়া ৷
10:26 pm
ধন্যবাদ কাকতি দা
6:09 pm
ৱাহ…ওস্তাদ ৰিমঝিম…! বঢ়িয়া বিষয় পালা বিচাৰি, মজা হৈছে?
6:56 pm
বঢ়িয়া লাগিল
10:19 pm
তামাম দেই ৰিম