হেৰুৱা বাৰীৰ বাট আৰু নাপাহৰা কথাবোৰ – পার্থ আদিত্য শইকীয়া
আজিৰপৰা কিছুবছৰ আগলৈকে বেছিভাগ গাঁও অঞ্চলৰে মানুহৰ বাৰীখনৰ মাজেৰে কাষৰ ঘৰলৈ সহজে যাব পৰাকৈ একোটা সৰু বাট আছিল৷ খালৰ ওপৰত দুদাল বাঁহৰ সাঁকো অথবা হাফ জপনা এখনৰ মাধ্যমেৰে ইঘৰৰ মাত কথা, মানুহৰ অহা যোৱা, থাওকতে খোজা শাকৰ ভাজিখন, আচাৰ অকণ, কণি দুটা, ৰঙাচাহৰ মেল এইবোৰেই বাৰীৰ বাটৰ মূল উদ্দেশ্য আছিল৷ আনকি বহু ঠাইতে এঘৰত সোমাই মূল বাট নগচকাকৈয়ে আধা গাঁওখন পাৰ হৈ যাবই পাৰি৷
বহুবাৰ আমিও বিয়া সবাহ মাতিবলৈ যাওঁতে তেনে বাৰীৰ বাটৰে সহায় লৈছিলোঁ৷ বাৰীৰ বাটবোৰৰ পাচৱৰ্ড হয়তো “অ নবৌ, ভালনে?”, “অ খুৰী আজি কিহেৰে ৰান্ধিছে”, “দদাইদেউ গাটো কেনেকুৱা” এনেধৰণৰে আছিল৷ বাঁহৰ জেওৰাবোৰৰ সলনি যেতিয়াৰে পৰাই কাঁটা তাঁৰৰ ফেন্সিং, ইটাৰ দেৱাল আৰু লোহাৰৰ বেৰাৰ পয়োভৰ ঘটিল, তেতিয়াৰে পৰাই কিন্তু এই বাটবোৰ বিলুপ্তিৰ পথত৷
আগতে দেখোন কাৰোবাৰ চোতাল, কাৰোবাৰ বাৰান্দা, কাৰোবাৰ গোহালীৰ কিনাৰেদিয়েই ইঘৰলৈ গৈছিলোঁ৷ তেতিয়াটো অবিশ্বাস বা সন্দেহৰ কোনো ভয় নাছিল৷ বাৰীৰ বাটবোৰ নোহোৱাৰে পৰা মানুহবোৰৰ মাজত সম্পৰ্কবোৰ ক্ৰমে থুনুকা হ’বলৈ লৈছে৷ আজিকালি গেটখনতো সন্ধিয়াতেই তলা৷ ইঘৰৰ লগত কাষৰ ঘৰৰ কোনো বিশেষ যেন মতলবেই নাই৷ গাঁওবোৰৰ হৃদস্পন্দন আছিল এই বাটবোৰ৷ এতিয়া বাটবোৰ পকী হ’ল, বোকা আলিবাটবোৰ নাইকীয়া হ’ল, মানুহৰো কাষৰ ঘৰবোৰৰ লগত আন্তৰিক বাটবোৰ সংকুচিত হৈ যেন পৰিল৷ এতিয়াও বহু কম ঠাইতহে হয়তো বাৰীৰ বাটবোৰ জী আছে একান্তই এৰাব নোৱাৰা কাৰণত৷
জপনাৰ সলনি লোহাৰৰ গেটবোৰ অহাৰ পাছতে বুকুবোৰতো তলা লাগিল৷ একেটা চুবুৰীতে থাকিও আমি লাহে লাহে কক্ষপথৰ পৰা বিচ্যুত হৈ যোৱা গ্ৰহৰ দৰেই হৈছোঁ নিকি বাৰু! ফটাঢোলৰ মজিয়াত বাৰু আপোনালোকে বাৰীৰ বাটৰ সুন্দৰ উপলব্ধিবোৰ বিলাব নোৱাৰোনে৷ শেষত কওঁ, বাঁহৰ জপনাখনৰ কেৰেক কৈ উঠা শব্দবোৰ, পিৰালিৰ চুকৰ পৰা পৃথিৱীৰ খবৰ পোৱা ব্যৱস্থাবোৰে আমাৰ বুকুত ক’ৰবাত নহয় ক’ৰবাত চাগে গভীৰ দাগ বহুৱাই থৈ গৈছে৷ পাছৰ প্ৰজন্মৰ বাবে এয়া মাথোন এটা সাধুকথাৰ দৰেই হ’বগৈ৷
☆★☆★☆
7:49 am
কিছুমান অঞ্চলত এতিয়াও বাৰীৰ বাট আছে ৷ চহৰ সমূহত নাই যদিও গ্ৰামাঞ্চলত বৰ্তমানো ব্যবহাৰ চলি আছে আৰু কৰ্মসূত্ৰে আমি এনে বাট এতিয়াও ব্যবহাৰ কৰি আছো ৷
6:20 pm
হয দেই। এই কথাবোৰ এতিয়া সাধুকথাৰ দৰে হৈছে।।