যি মূলা বাঢ়িব তাৰ দুপাততে চিন! – অশোক কুমাৰ নাথ
: আপুনি বাৰু সৰুতে আৰ্ট্ শিকিছিল নেকি?
: হয়। কিয় সুধিলে?
: মানে আপুনি শ্বেইভিং(shaving ) ক্ৰীমখিনি শ্বেইভিং-ব্ৰাছেৰে খুব সুন্দৰকৈ দুগালত সানিব পাৰিছে যে, সেইবাবেই অনুমান কৰিব পাৰিছোঁ।
: অ’ আচ্ছা!
: এই দুদিন আপোনাৰ লগত থাকিয়েই গম পাই গৈছোঁ– আপুনি বহুত ধৈৰ্যশীল। আপোনাৰ ধৈৰ্যশক্তি বহুত বেছি।
: ধন্যবাদ।
: সেই তাহানিতে এল. পি. স্কুলত পঢ়ি থাকোঁতে আপুনি বাৰু মুখত এই সোমাওঁ সোমাওঁ হোৱা শেঙুনখিনি বহু সময় ধৰি নমচাকৈ ৰাখি থৈছিল নেকি?
: কিয় সুধিলে?
: মানে যি মূলা বাঢ়িব তাৰ দুপাততে চিন। এল. পি. স্কুলত পঢ়ি থাকোঁতে যিবোৰ ল’ৰা-ছোৱালীয়ে এই মুখত ‘সোমায় সোমায়’ শেঙুনখিনি নমচাকৈ বহু সময় থাকিব পাৰিছিল বা কোনোবা সময়ত তাৰে এচিকটা মুখত সোমায়ো গৈছে, তথাপিও কোনো বিৰক্তি প্ৰকাশ নকৰাকৈ থাকিব পাৰিছিল, সেই শিশুসকলেই হেনো ভৱিষ্যতে এগৰাকী এগৰাকী ধৈৰ্যশীল ব্যক্তিত পৰিণত হয়। আপোনাৰ ধৈৰ্যশক্তি দেখি, সৰুতে আপুনিও ঠিক তেনেকুৱাই কৰিছিল বুলি মই নিশ্চিত হৈছোঁ।
: হেৰি ডাঙৰীয়া! এই গৰমখনত আপুনি মোৰ ধৈৰ্যশক্তিৰ আৰু পৰীক্ষা নল’ব বুলি কৈছোঁ। ভালে ভালে আঁতৰ হওক। নহ’লে ভগৱানে আপোনাক প্ৰদান কৰা আপোনাৰ একমাত্ৰ নাকটো মই ঘুচিয়াই ভাঙি দিম কিন্তু!
☆★☆★☆
10:15 pm
বঢ়িয়া
7:43 am
হা হা হা
7:01 pm
Amazing ?