ফটাঢোল

গেলাতে টেঙা – কুমাৰিকা তালুকদাৰ

দেওবাৰ বুলি গোটেই ভাৰস্তখনে আৰাম কৰে৷ আৰাম নাই কেৱল জুলিৰ। খোলা বাৰত স্কুল/অফিচৰ বাবে দৌৰা-দৌৰি৷ সন্তান দুটিৰ লগতে গৃহস্থকো খুৱাই-বোৱাই, সময়মতে নিজ নিজ স্থানলৈ উলিয়াই পঠিওৱাটো, কম বেমেজালিৰ কাম নহয়! যেন এখন যুদ্ধহে। সকলো ওলাই যোৱাৰ পিছতহে অলপ আজৰি পায়, নিজৰ কৰিবলগীয়া কামবোৰ সামৰে।

দেওবাৰ বুলি সকলোৱে নিজৰ নজৰ ৰুটিনৰ মতেহে চলে। দেৰিকৈ উঠা, দেৰিকৈ খোৱা, দেৰিকৈ গা-ধোৱা…..মুঠতে সকলোতে দেৰি মাথোঁ দেৰি৷ জুলিৰো মন যায়, সপ্তাহটোৰ অন্তত কিছু আৰাম কৰিবলৈ৷ কিন্তু দেৰিৰ সৈতে বন্ধুত্ব কৰিলে, ইফালে সময়ৰ নাটনি হয়গৈ কামবোৰ সামৰি আজৰি হৈ নিজৰ বাবে কিছু সময় উলিয়াবলৈ৷ পূজা সংখ্যাত দিবলগীয়া কেইবাটাও লেখা আধৰুৱা হৈয়েই আছে এতিয়াও, সময়ৰ অভাৱত৷ আজি যেনেতেনে শেষ কৰিবই লাগিব। লেখা দিয়াৰ নিৰ্দ্দিষ্ট সময় ইতিমধ্যে পাৰ হৈয়েই গৈছে৷ বৰ দোষী যেন অনুভৱ কৰে তাই, সময়মতে কামবোৰ শেষ কৰিব নোৱাৰিলে৷

সেয়ে দেওবাৰ যদিও সোনকালেই বিচনাৰ পৰা উঠি নিজৰ যাৱতীয় কাম-কাজখিনি শেষ কৰি, গা-পা ধুই, গোঁসাই সেৱা কৰি, পোৱাৰ আহাৰ প্ৰস্তুত কৰিবলৈ ৰান্ধনি ঘৰত সোমালগৈ জুলি৷ ইতিমধ্যে সকলো উঠি খোৱাৰ টেবুলত বহিলহি। হাঁহি-ধেমায়লীৰে সেয়াও সমাপ্ত হ’ল৷ তেতিয়ালৈকে বাহী বন কৰা মিনতিৰ দেখা সাক্ষাৎ নাই৷ জুলিৰো উচপিচনি বাঢ়ি গ’ল লাহে-লাহে। ঘনে পতি বাটলৈ চাইছে তাই৷

ঠিক তেনেতে বন্দুকৰ গুলি অহাদি আহি মিনতিয়ে উশাহ নসলোৱাকৈ বলকি গ’ল,

: অ’ বাই, মই আজি বেছি কাম নকৰোঁ দেই, বৰ ভাগৰ লাগিছে। দেওবাৰ বুলি আজি বাকী কেইঘৰত বহুত কাম কৰিবলগা হ’ল।

কথাখিনি কৈ শেষ নৌহতেই তাই ঢেৰমেৰ খাই মাটিতে বহি পৰিল৷ তাইৰ কথাত উচপিচাই থকা জুলিৰ মূৰটো ভমককৈ জ্বলি উঠিল৷

: কি বাই বাইকৈ মাতি থাক। বাইদেউ বুলি ক’বলৈ কৈছিলোঁ নহয়৷ পাহৰিলি নেকি? আৰু কাম নকৰোঁ বুলি ক’লেই হ’ব নে! চব কামেই পৰি আছে।

খঙতে জুলিৰ মাতটো অলপ ডাঙৰকৈয়েই ওলাল।

: এ বাই, আপুনি বৰ হুলস্থূল কৰে দেই৷ মই কাম নকৰোঁ বুলি কোৱা নাই নহয়৷ বেছি কাম নকৰোঁ বুলিহে কৈছোঁ৷ বাকী দুঘৰৰ বাইকেইজনী সদায় অফিচলৈ যায়৷ আজিহে অকল ঘৰত থাকে৷ সেই কাৰণেহে তাত কাম বেছি হয়৷ আপুনিতো সদায় ঘৰতে থাকে ….

মিনতিও পিছ পৰি নাথাকিল৷

এইবাৰ কিন্তু জ্বলা জুইত ভালকৈয়ে ঘিঁউ পৰিল৷ অত বছৰ গুজৰি-গুমৰি থকা, তাইৰ অন্তৰৰ নিভৃত কোণৰ আটাইতকৈ কোমল অংশত বজ্ৰাঘাট পৰিল৷

: কি ক’লি তই, মই সদায় ঘৰতে থাকোঁ….ক’ত পালি তই এই সাহ! মই ঘৰত থাকোঁ, পৰত থাকোঁ, তাতে তোৰ কি আহে-যায়। পইছা লৈছ, কাম কৰিছ। দয়া কৰা নাই তই আমাক৷ অফিচত কাম নকৰোঁ কাৰণে মোৰ কি তই পঢ়া-শুনা নাই বুলি ভাবিছ নেকি! নালাগে তই আৰু আমাৰ ইয়াত কাম কৰিব৷ হিচাব লৈ যাগৈ যা। নমৰোঁ তই নাথাকিলে৷

জুলিয়ে উষ্মাৰে সৈতে মিনতিক ক’লে। কথা বিষম যেন দেখি, অতপৰে দূৰৈৰ পৰা ৰেহ-ৰূপ চাই থকা মৃণাল অৰ্থাৎ জুলিৰ মানুহজনে মুখ খুলিলে,

: কি হ’লনো, ইমান চিঞৰ-বাখৰ যে পুৱাই-পুৱাই। দেওবাৰ যেতিয়া লাহে-ধীৰে কামবোৰ কৰিলেই হ’ল৷ দেৰিকৈ আহিছে যেতিয়া, দেৰিকৈয়ে যাব তাই৷

তেওঁৰ কথাত সুবিধা বুজি মিনতি একেকোবে গৈ কামত ধৰিলেগৈ।

: তোমাৰ কাৰণেই মূৰত উঠিছে তাই। কথাৰ সুৰ শুনিছা তাইৰ৷ মই সদায় ঘৰতে থাকোঁঁ৷ কি বুলি ভাবিছে মোক। নপঢ়া-নুশুনা অলগৰ্ধ! ঘৰখনৰ কথা ভাবিয়েই চাকৰি নকৰিলোঁ কাৰণেহে। নহ’লে আজি ময়ো…..

শোকে খুন্দা মাৰি ধৰিলে জুলিৰ৷

: নহয় হে, ইমান দকৈ ভাবিবলৈ তাইৰ মগজ জানো আছে! দেৰিকৈ অহা বাবে, নিজৰ দোষ ঢাকিবলৈকে, যি পায় তাকে বলকিছে তাই। তাই নহা হ’লে, তোমাৰ অসুবিধা হ’ব বুলিহে মই তেনেকৈ ক’লোঁ। বাদ দিয়া এইবোৰ। তোমাৰ কিবা এটা লিখিবলৈ আছে বুলি কৈছিলা নহয়, যোৱা তুমি ঠাণ্ডা মগজেৰে টেবুলতে বহাগৈ। আজি ভাত ময়ে ৰান্ধিম, তুমি ভালপোৱা বস্তুৰে

মৃণালৰ কথাত জুলিৰ সকলো খং নিমিষতে কেনিবা উৰিল৷ মনটো সুখেৰে ভৰি পৰিল তাইৰ৷ মুখত এটি মিচিকিয়া হাঁহিৰে সৈতে নিজৰ ৰূমলৈ বুলি আগবাঢ়িল জুলি৷

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *