ফটাঢোল

সাৱধান দেই – মানৱজ্যোতি বৰা

গুৱাহাটীৰ উজান বজাৰৰ এটা ভাড়াঘৰৰ নাম আছিল “সাৱধান দেই”।

প্ৰথম অৱস্থাত সেইটো এটা ভাড়া ঘৰ আছিল যদিও পাছলৈ মেছলৈ পৰিণত হৈছিল। সেই মেছৰ নামেই হ’ল – সাৱধান দেই মেছ।

এই মেছটোৰ লগত মোৰ সম্পৰ্ক অতি মধুৰ। মই গুৱাহাটী পঢ়াও নাছিলোঁ নাইবা চাকৰিও সূত্ৰেও গুৱাহাটীৰ নাছিলো তথাপিও বিভিন্ন কাৰণত সঘনাই গুৱাহাটীলৈ যাব লগা হৈছিল। গুৱাহাটী গ’লেই মোৰ চিনাকি ঠিকনা এই মেছটো। এই মেছটোৰ লগত মোৰ জীৱনৰ বহুত কাহিনী জড়িত হৈ আছে।এক কথাত ক’বলৈ গ’লে জীৱন নাটকখনত এই মেছটোত মোৰ অভিনয় দুৰ্দান্ত। সেই বোৰ একাষৰীয়াকৈ থৈ মই সেই মেছৰ কেইটামান কাহিনী ক’ব বিচাৰিছো। সেই মেছটোৰ বহু কাহিনী আছে ।আজিলৈকে লিখিত ৰূপ পোৱা নাই যদিও অসমৰ বিভিন্ন প্ৰান্তত এই মেছটোৰ কথা বহুতে জানে, কাৰণ এই মেছটোত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক আছিল।

মেছটোৰ নাম কিয় সাবধান দেই মেছ হল

মেছটোত থকা প্ৰত্যেকটো ল’ৰাই ইটোতকৈ সিটো চ’ৰা আছিল। ঘৰটোৰ মালিকতো আমাৰ মেছটোৰ পৰা
অলপ দুৰত বেলেগ এটা ঘৰত থাকে কিন্তু সঘনাই আহ-যাহ কৰি খবৰ ৰাখি থাকে। মালিকজন মেছলৈ আহিলে ল’ৰাবোৰৰ প্ৰতি সদায় এটাই বাণী – সাৱধান দেই এইটো নকৰিবা,সেইটো নকৰিবা…! সদায় একেটা কথাকে শুনি শুনি মেছটোৰ ল’ৰাবোৰ অতিষ্ঠ হৈ গৈছিল। হ’ল বুলি ইমান বান্ধোনত থাকিব কোনে? সময়ত পইচা দিয়াৰ পিছতো সদায়ে এইটো নকৰিবি, লেতেৰা নকৰিবি, বেলেগ মানুহক ভাড়া দিম সাৱধান দেই এনেবোৰ কথা প্ৰতিদিনেই। লাহে লাহে মালিক আহি পালেই সাৱধান দেই বুলি সকলোৱে ভোৰ-ভোৰাবলৈ আৰম্ভ কৰে।তেনে সময়তে এদিন মই সেই মেছটোলৈ গৈছিলো। নিশাৰ আদ্দাত মেছটোৰ নাম সাৱধান দেই বুলি এখন বেনাৰ বনোৱাৰ সিদ্ধান্ত হ’ল আৰু বেনাৰখন বনোৱাৰ দায়িত্ব পৰিল মোৰ ওপৰত। পাছদিনাই মই নগাঁও আহি
বেনাৰ ডিজাইন কৰিলো- এটা ভুতৰ নখৰ পৰা তেজ নিগৰি থকা.., তলত ডাঙৰকৈ সাবধান দেই মেছ ।দুদিন মান পাছতেই বেলেগ এটা কামত গুৱাহাটীলৈ যাওঁতে বেনাৰখন লৈ গ’লো। গৈ বেনাৰ খন লগোৱা হ’ল। পিছদিনা মালিক অহাৰ সময়ত আমি মালিকক মন কৰি থাকিলো,মালিকৰ মুখৰ ৰিয়েকচন কি হ’ব! মালিক আহিল ।আমি সকলো খিৰিকীৰ কাষে কাষে। মেছৰ পৰ্দা কেইখন কিন্তু গপছ গপছ কাৰণ বাকীখিনি ইমান মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰি। বুজাই বুজিছে।

মালিকে আহিয়ে প্ৰথমে বেনাৰখনলৈ চালে। তাৰ পিছত,চকু টিপি বিষাক্ত হাঁহি এটা মাৰিলে। সেইদিনাৰ পৰা তেওঁৰ মুখত সাৱধান দেই শব্দটো এবাৰো শুনিব নাপালে ল’ৰাবোৰে। কিছুদিন গ’ল এদিন মালিকনী আহিল। মালিকনীয়ে আহিয়ে হাঁহি হাঁহি বাগৰি পৰিল। মেছত থকা ল’ৰা কেইটামান ওলাই গল। মালিকনীয়ে কলে- “অ…. আজিকালি সেইকাৰণে মোৰ মানুহটোৰ মুখৰ পৰা সাৱধান দেই শব্দ দুটা নুশুনা হ’লো। এই শব্দ দুটাই মোক বিয়া হোৱাৰ পৰা টেঙাই দিছে বুজিছা। যিয়ে এইটো কৰিছে মই আশীৰ্বাদ কৰিছোঁ বহুত ভাল হ’ব তাৰ ভৱিষ্যত।”

কোন অ এইটো তপাকৈ

মেছটোত যদি কোনোবাই বে’ল বা দুৱাৰত টোকৰ মাৰে তেতিয়া ভিতৰৰ পৰা এটা বাক্য শুনা যায় কোন অ এইটো তপাকৈ।

প্ৰথম অৱস্থাত এটা দুটাই কৈছিল যদিও পাছলৈ সকলোৱে মুখত এই বাক্যটো আখৈ ফুটাদি ফুটিছিল ..।যদিহে মেছটোৰ দুৱাৰ মুখত আহি কোনোবাই বে’ল বা দুৱাৰত টোকৰ দিয়ে। এনেকৈ দিনবোৰ পাৰ হ’ল । আমাৰ লগৰ এটাৰ দেউতাক আহিল। নামটো উল্লেখ কৰাটো ভাল ন’হব । লগৰ জনৰ দেউতাক জনে দুৱাৰত টোকৰ মাৰিলে। সেই সময়ত কাৰেন্ট নাছিল বাবে বে’লটো বজা নাছিল। দুৱাৰৰ টোকৰ শুনি ভিতৰত থকা নিজৰ পুতেকে মাত লগালে কোন অ এইটো তপাকৈ ভিতৰত থকা আৰু দুটামানৰ মুখৰ পৰা ভাহি আহিল একেটাই কথা- “কোন অ এইটো তপাকৈ…………..”

নিজৰ পুতেকে মাত মতাৰ লগে লগে চিনি পালে দেউতাকে। এইবাৰ দেউতাকে মাত লগালে – “বেলেগ কোনো নহয় মই তোৰ বাপেৰ তপাকৈ…… !!

লগৰ ল’ৰাটোৰ বাপেক তপা আছিল। পুতেকে বাপেকৰ মাত শুনি ভিতৰলৈ আদৰি সাদৰি নিলে ।তাৰপিছৰ সময়কণ সাৱধান দেই মেছ মৰিশালিত পৰিণত হ’ল। নিগনি কেইটাৰ মাতৰ বাহিৰে বেলেগৰ মাত নোলোৱা হল।

যেতিয়া পুতেকক লগ কৰি বাপেক মেছৰ পদূলি পাইছিল হাঁহিৰে গিজ গিজাই উঠিছিল গোটেই মেছটো।

☆★☆★☆

8 Comments

  • বাগ্মীতা

    হাঃ হাঃ ! কম নহয় দেই মানৱদা? চাইন বৰ্ড খন নগাঁৱৰ ক’ত বনাইছিল বাৰু

    Reply
  • বঢ়িয়া মানৱ

    Reply
  • Bidyut

    Monot pore

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • হিৰণ্যজ্যোতি দাস

    পঢ়ি ভাল লাগিল

    Reply
  • Tishna good Bora

    গুৱাহাটীত বেনাৰ বনোৱা দোকান নাছিল নেকি বাৰু ।তুমি নিশ্চয় সুলভ মূল্যত নহয় বিনামূল্যে বনাই নিছা ন?

    Reply
  • মানসী বৰা

    বৰ হাঁহিলো দেই ..বঢ়িয়া

    Reply
  • HEMANTA KAKATI

    তামাম দেই৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *