জল কীয়া আখ্যান (হোষ্টেল পুৰাণ) – লিকুমা শইকীয়া
“জ্বলা নহ’লে যে কেনেকে ভাত খাম!”
বৰ্ণালীবাৰ (ৰুমমেট) কথাষাৰে মোকো চিন্তাত পেলালে। চেহ্ এনেও নিৰামিষ ভাত তাতে আজি জলকীয়াও নাই। অলপ পৰ ভাবি মূৰৰ টিউব লাইটটো ভমককৈ এল ই ডিৰ দৰে জ্বলি উঠিল। বুঢ়াই (হোষ্টেলৰ মালিকক আমি মৰমত দিয়া নাম) এনেই মাছৰ কাৰ্টুনত লহপহীয়া জলকীয়াকেইজোপা কৰিছেনি! কলেজলৈ আহোঁতে-যাওঁতে আজি-কালি মোৰটো তাতেই চকু। গতিকে দিনৰ পোহৰত কৰিব নোৱাৰা কামফেৰা এতিয়া কৰি পেলোৱা যাওঁক…। সৰ্বসন্মতিক্ৰমে আমি অভিযানত আগবাঢ়িলোঁ। ৰুমৰ খিৰিকীৰে চাই গম পালোঁ বুঢ়াৰ ঘৰৰ মানুহে টোপনিত নিঃপালি দিলে (সময় প্ৰায় ১১ বজা)। গতিকে অপেক্ষা কিহৰ? হাতত সাৰে ভৰিত সাৰে গৈ বাৰীত সোমাই কামটো সমাধা কৰিলোঁ। তাৰপিছত ভাতকেইটা পৰম তৃপ্তিৰে খালোঁ; ঘৰৰ বাৰীৰে যেতিয়া জলাও বহুত।
বিছনাত পৰাৰ লগে-লগেহে আচল পোৰণিটো উঠিল যেতিয়া মোৰ ডিটেক্টিভ মাইণ্ডটোৱে কৈ উঠিল ”ন’ ক্ৰাইম ইজ্ পাৰফেক্ট” (সদায় ক্ৰাইম পেট্ৰল চোৱাৰ ফল দেই)। ক্ৰিমিনেলে কিবা নহয় কিবা ক্লু এৰি আহেই! আমি যে চেণ্ডেলৰ চাপবোৰ বাৰীৰ আলতীয়া মাটিত এৰি আহিলো।
ৰাতি বহুত দেৰিকৈহে টোপনি আহিল। কিন্তু ব্ৰহ্মপুৱাতে বাজি উঠা কলিং বেলৰ টিং টিং শব্দইহে লগালে পয়মাল। শেষ মানে আজি আমি। বুঢ়াৰ তীক্ষ্ণ দৃষ্টিৰ পৰা আমাৰ চেণ্ডেলৰ চাপ সাৰি নগ’ল। এতিয়া যদি জোখ লয় চেণ্ডেলৰ। হে ভগৱান মইয়ে আগেয়ে মৰিম। বচোৱা ঈশ্বৰ! চোৰৰ লিডাৰ হোৱাৰ মজা ওলাব এতিয়া বাপ্পেকে।
মইতো দৰ্জা খুলিবলৈ নাযাওঁ, সেইটো খাটাং। ছিঃ ছিঃ কেনেকৈ ফেচ কৰিম (ডেকা পুতেক কেইটাইও যে গম পাব।) উফ্ জলকীয়া চোৰৰ টেগটো লৈ এইটো হোষ্টেলত আৰু থাকিব পাৰিমনে? অলেখ চিন্তা আহিল তৎমুহূ্ৰ্ততে। এগৰাকীক বলিৰ পঠা বনাই দৰ্জা খুলিবলৈ পঠিয়াই আমি কাণ উনাই থাকিলোঁ, বুঢ়াই কি কয় শুনিবলৈ। বুকু ঢক্-ঢক্ সবৰে। পিছে যিষাৰহে কথা শুনিলোঁ কাহানিও কল্পনা কৰা নাছিলোঁ (বুঢ়া চিপচ বৰ)
“বাৰীত নতুনকৈ জলকীয়া আৰু নেমু লাগিছিল। আজি প্ৰথম ছিঙিলোঁ; ভাবিলোঁ তোমালোককো দুটামান দি থৈ যাওঁ। ঘৰুৱা বস্তুৰ সোৱাদ ল’বা…….।”
☆★☆★☆
1:35 pm
হাঃ হাঃ শেষৰ টুইষ্টটো তামাম দিলা৷ মজা লাগিল৷
1:41 pm
ইয়ে কি মৰমিয়াল বুঢ়া।ভাল লাগিল পঢ়ি ।
2:01 pm
লেখনীটো ভাল লাগিল
10:05 pm
বৰ ধুনীয়া লিখিছা।।।