সাক্ষী কলে চিনি অসমীয়াক – অনুজ বৰুৱা
বজালেই কাঁহ পাত্ৰ ভগাভাল চিনি, সাক্ষী ক’লে চিনি লোক কত দূৰ জ্ঞানী… !
ফেচবুকত বুলিয়েই নহয়, আন মাধ্যমতো, ভাল কমেণ্ট কৰিবলৈ বা পঢ়িবলৈ পালে ভাল লাগে৷ কমেণ্ট কৰাৰ অভ্যাসৰ লগতে কাৰ কিমান সহিষ্ণুতা আছে, কোন কিমান ভদ্ৰ, কোন কিমান পানীৰ মাছ আদিবোৰো ওলাই পৰে !
দেখা যায় যে – ফেচবুকত একাউণ্ট থকাসকলৰ কেইটামান স্তৰ আছে, য’ত বৰ কমেইহে এটা স্তৰৰ প্ৰাণী আনটো স্তৰলৈ ভেদ কৰি আহি আলোচনা কৰেহি৷ কিছু লোকৰ বাবে আলোচনা মানেনো কি, ঘপকৈ টাকোনদাল লৈ মন্তব্য প্ৰহাৰ একোটা কৰি দিয়েহি ! তেতিয়া অৱশ্যে, প্ৰায় অলপ আগলৈকে এজনে আনজনৰ লগত যুদ্ধংদেহী হৈ থকা দুজনেও একেঘৰীয়া হৈ তৃতীয় পক্ষৰ লগত ফেপিৰি পতা দেখা যায়৷ সকলোৰে মন্তব্যবোৰো নিজকে প্ৰতিনিধিত্ব কৰে৷
এই স্তৰবিলাকত থাকে কিছুমান শিক্ষিত ভদ্ৰ, কিছুমান অশিক্ষিত ভদ্ৰ, আৰু কিছুমান অশিক্ষিত অভদ্ৰ, যিসকল ঘকপৈ য’তে ত’তে সোমাই নাহে ময়দান-ই-জং লৈ…! কিন্তু তেওঁলোকৰ এলেকাত গৈ নলগা জেঙাত লাগি ল’লে – ফালি পেলাবলৈ চেষ্টা কৰে।
এতিয়া আহোঁ আচল কথাটোলৈ৷ ফেচবুকত মই গোটেইকেইটা স্তৰতে ভুমূকি মাৰি চাইছোঁ, তৰোৱাল ঘূৰোওৱাও দেখিছোঁ আৰু এটা কথা মন কৰিছোঁ যে আমি অসমীয়াবোৰে আমাৰ বাপতিসাহোন গালিবোৰ প্ৰায় পাহৰি যোৱাৰ নিচিনাই হৈছেগৈ ! ইমানবোৰ ৰসাল ঘৰুৱা গালি শপনিখিনি থাকোঁতে আমিনো কিয় লোকৰ বজৰুৱা মাত কথাৰে গালি পাৰিব লাগে নিজৰেই অসমীয়া এজনক?
জানোতে সকলোৱেই জানে, তথাপি, মই অলপমান মনত পেলাই দিছোঁ দুফাঁকিমান, অনুশীলন কৰিবলৈ আৰম্ভ কৰিব পাৰে…!
নৰম স্তৰত সাধাৰণতে কঁঠালগুটি মেইন; মাত লগোৱানো কি কথা, খোৱাটোহে আচল; গাহৈধৰণৰ অসমীয়া ভদ্ৰ কথা বাৰ্তা আদি থাকে৷ ফকৰা-যোজনা আদিৰ পেৰডী আদিৰেই চলি যায়৷ এইটো স্তৰত নপতা ফুকন, উফাইদাং মৰা সেইকেইটাই ভিলেইন! তাতকৈ অলপ গৰম স্তৰত প্ৰযোজ্য হ’ব পৰা গালি তথা কথাবতৰাবোৰ এনেধৰনৰ –
আৰম্ভণিবোৰ সৰুসুৰা অস্ত্ৰৰেই হৈ যায়…
…একে চৰে দাঁত সৰাই দিম, একেপাত চৰতে মাৰ বাপেৰ বিয়া দেখিবি, নৰকী, পঘাখোৱা, ৰসাতলে যোৱা, কেঁচাইখাইটি, শগুণে খোৱা, নিলাজ, আওমৰণে মৰা, কলিজা খোৱা, মৰতী, শনি, নাম কটা যোৱা, খাই পাত ফলা, খাই লৈ পাহৰা, খৰা খঁকুৱা, গেন্ধেলা, গেন্ধেলী, গজমূৰী, গোলামৰ সঁচ, গাধটো, গাহৰি, গৰু, ইত্যাদি৷
তাৰ পাছত – বিশেষ্যবিশেষণসৰ্বনাম আদি আৰম্ভ…
চুৱাচেলেকা, চুৱাখোৱা, চদকা খোৱা, চপনীয়া জাত, চোৰৰ জাত, চুলি ছিঙিম, চৰিয়াই কাণ ছিঙিম, চুৱা পাতনি চেলেকা, চৰত মাৰ বাপেৰৰ বিয়া দেখিবি, চুৱৰৰ পুতেক, গোলামৰ পুতেক, জাগলত যোৱা, জুই লাগি মৰা, জাপৰী, জহৰা, জহৰী, জহনীত যোৱা, জখিনী, জহনীজাতি, টুটকীয়া, টেটেৰা, টোকোনা, টেটেৰী, টোটোৰা পৰ, টোকোনা, টিকা ফালিম, টকলা, টাকলী, টাটকীয়া, ঠগৰী, ঠঁগতী, ঠগৰা, ঠেহেৰা মৰা, ঢেপেচা, ঢেপেচী, দাংকাটি, দঁতুৱা, দগধা, থুপৰী, থুপৰা, তেজ খাইতী, ডাইনী, ডাঁহী, ডঁহা, ডাকিনী, ডাকু, ডাফলী, ডাল ডঙ্গুৱা, দন্দুৰী, দন্দুৰা, ঢেঁৰা, ঢেঁকেৰি, ঢেলা-চকুৱা, ধমনাটো, ধৰ্মভ্ৰষ্টটো, ধিতিঙ্গা, ধূৰ্ত, ধোদ, ধোদোঙ্গা, ধোদৰ পচলা, নাৰদ, নাম কটা যোৱা, নিধক, নাক কাটি, নটিনী, নাটেশ্বৰী, নাক কটা যোৱা, নষ্ট যোৱা, ভিতৰ গুটি, ভীৰু, ভুৰুকিয়া, ভেঙ্গুৰাটো, ভোটোঙ্গা, ভোটোহা, ভেমতী, ভেঁমেচি, নৰকনিত বাস কৰ,নৰকী, নাস্তিকটো, নিছলা, নিঠৰুৱাটো, নিন্দুকটো, নিৰক্ষৰ, নপুংসক, নিলাজ, পগলা, পাতকী, পাপিষ্ঠ, পিটিকি পেলাম, পদূলি শুঙা, পৈয়েৰে মৰা, পাষণ্ড, পটেশ্বৰী, পপীয়া, পাপী, বান্দৰ, বজৰুৱা, বলীয়া, বনৰীয়া, বান্দৰী, বান্দী, ব্যভিচাৰী, বাঘৰ তেল খোৱা, বইজাত, বনৰী, বনৰীয়া, বুঢ়া শগুণ, বাৰেবনৰী, বেঙ্গা, বাপেৰৰ মূৰটো, বাপেৰৰ মূৰ চোবোৱা, ভ্ৰষ্টাচাৰী, ভদ্ৰ-কালী তিৰী, ভৰিয়ে মূৰে কঢ়া, বাঁজী, বৰ বেমাৰী, বাঢ়নীৰ কোব খোৱা, বাপেৰ মাৰৰ মূৰ খোৱা, বৰ বেমাৰী, বাপেৰ মূৰত টেকেলি ভাঙি খোৱা, পৰকতি লৰা, বুকুত জুই লগা, বৰবিহ খোৱা, ভূতুনি, ভোদা, ভিকহুৰ পো, ভিকহুৰ জীয়েক, ভ্ৰষ্ট জোৱা, ভঙ্গুৱা, ভগীয়া তিৰী, ভতুৱা…
ক্ৰিয়া:
ধৰফৰাই মৰিবি, নিৰ্ব্বংশ হ’বি, বীজ মৰিব তোৰ, ভেঁটিত তিতা লাও গজক, ভৰ বয়সত মাদলী ফুটিব, ভৰ বয়সত পৈয়েৰ মৰিব, ভৰ বয়সত ঘৈণী মৰিব, ঢেলপুঙ্গা দিবি, তোৰ মুখত পোক লাগক, তেজ পিম, তুলা ধুনাদি ধুনিম, তোৰ সবংশে নাশ হওক, তিৰোতাৰ মেখেলা শুঙা, তপামূৰী, তপামূৰা, তিৰীমতী, তিৰোতা সেৰুৱা, তোৰ পিণ্ড দিবলৈ কোনো নাথাকক, তোৰ ভেটিত তিতা লাও গজক, তোৰ মুখ গেলিব, তোৰ মুখত ছাই পৰক, ভিকাচন ভাগিব, ভেঁটি মৰিব, ভেটি উছন যাওক, ভেটিত বন গজক, মাউৰত মৰা, মৰিবলৈ ধৰা, মৰিবলৈ নেদেখা, মাৰ-বাপেৰৰ মূৰ খোৱা, গেলি মৰিবি, গাত জুই লাগি মৰিবি, গাত পোক লাগি মৰিবি…
বিক্ৰিয়া:
দম নিদিবি, দগৰি পিটিম, দাঁত ভাঙিম, মাছ বছা দি বাছিম, ভুকুৱাই মাৰিম, ভাপত সিজাম, মাৰ বাপেৰৰ বিয়া দেখুৱাম, মেখেলাৰে বান্ধিম, মেখেলাৰ তলতীয়া, মদাহী জাত, মেলেচৰ জাত, মতাছাৰী, মেখেলাৰে কোবাম, গৰল খুৱাই মাৰিম, গেলা ঘাত নিমখ সানিম, গাত চোৰাত পাত সানিম, নচঁচা শূলত দিম, বাঢ়নীয়ে কোবাম, মাৰ ঘাত মাৰিম, মহতিয়াই পেলাম, মহাপাপী, মহুৰা সূঁতা মেৰোৱাদি মেৰাম, মাইকী তলতীয়া, মাউৰীয়া, মেটুৰা, মূৰ ফালিম, মেমেৰা, মাউৰা, মোচোকা মাৰি ধৰিম, মোহাৰি পেলাম, মেখেলা শুঙা, মেকুৰী চকুৱাটো, মতাকালু, যঁতেৰি ফেঁটী তিৰী, যখ, যখিনী, যমে নিনিয়াটো, যম ডাকিনী, যমে নেদেখাটো, যৌতুকীয়াত যোৱাটো, কেতুটো, লুধুমী, লোকৰ পদূলি শুঙা, লোকৰ চৰুৰ জুতি লোৱা, লুতুৰা, লম্পট, লেহেতিয়া, লোধোমা, ৰটনি, ৰচকী, শিয়ালটো, শাখিনী, শনিটো, শতৰুটো, শনাহী তিৰী, শালচকুৱাটো, শুকানী, হাৰামী, সন্নিপাত, সেলেকা দঁতীয়া, হটঙ্গী, হাৰামজাদা, ৰঙা-ৰাঙলী কৰিম, ডেমাকী নেদেখুৱাবি, ৰমলিয়াই নাথাক, ৰাইডাঙে পিটিম, যমৰ ঘৰ দেখুৱাম, যমৰ যাতনা দিম, হনু ভাঙিম, হাড় ডাল ডাল কৰিম, হাড় গুৰি কৰি পেলাম, হাড়ত বন গজিব, হালোৱা ৰাখিম, শোটাই কোবাম, শালত দি মাৰিম, লেংটি খুলি মাৰিম, লাওখোলা উৰুৱাই দিম, লাও-লোৱা, লুটিয়াই লুটিয়াই পিটিম, শালত দি মাৰিম, শৰাধ খাবলৈ যাম, সেঙ্গেটা লাগি মৰ, সাত পুৰুষৰ বিয়া দেখিবি, ৰসাতলে যাবি, ৰাজ যক্ষ্মা হৈ মৰিবি, ৰাহুটো, ৰৌ ৰৌ নৰকত পৰিবি, শোটোৰা পৰ, সমুলঞ্চে ধ্বংস হ, সেপ চোবাই মৰিবি, হাইজাত যোৱা, হতশ্ৰী হোৱা….
অসমীয়া মানুহৰ জাতবোৰ:
ভিকহু জাত, ভগনিয়াৰ জাত, ভাওধৰা জাত, ভিক্ষাৰীৰ জাত, ধোদৰ জাত, পিশাচৰ জাত, নিলাজীৰ জাত, ধোঁৱা-খোৱা জাত, শিয়ালৰ জাত, খেতৰৰ জাত, খোজনীয়াৰ জাত, গোলামৰ জাত, বগৰা জাত, খেকাৰ খোৱাৰ জাত, সৰু পানী খোৱা জাত, বৰ পানী খোৱাৰ জাত, ধুবুনী জাত, বুৰ্বকৰ জাত, বঁহীয়াৰ জাত, ডকাইতৰ জাত, দস্যুৰ জাত, থোৰা চিগা জাত, তেজ পিয়া জাত, উদণ্ড, উদঙ্গীয়া, ৰুগীয়া জাত, লগনীয়াৰ জাত, ৰাজদ্ৰোহীৰ জাত, ৰাৱণৰ জাত, উতনুৱাৰ জাত, ইতৰ জাত, শগুণে নোখোৱা জাত, চপনীয়াৰ জাত, শিয়াল টেঙৰৰ জাত, তেজ খোৱাৰ জাত, হতমূৰ্খৰ জাত, হিংসাকুৰীয়াৰ জাত, যখৰ জাত, অহৌবলীয়াৰ জাত, টোকোনাৰ জাত, অধমৰ জাত, অসুৰৰ জাত, মগজ নাইকিয়া জাত, মিছলীয়াৰ জাত, মাগনীৰ জাত, শগুণে খোৱা জাত, সিয়ানৰ জাত, মেতৰৰ জাত, স্বাৰ্থপৰৰ জাত, মেখেলা পিন্ধা জাত আৰু বহুতো !!
বজাই থাকক…
(সৰ্বদোষ মৰিষণ ৰাইজ !)
☆★☆★☆
7:16 am
হে ভগবান ! কম গালি আছেনে আমাৰ এই মৰমৰ ভাষাটোত ৷