ফটাঢোল

বটলাটংক – মিনতি মহন্ত

চুবুৰীয়াৰ কোলাহল ৰাতিপুৱাতেই আৰম্ভ হ’ল। ৰাতিৰ প্ৰচণ্ড গৰমৰ বাবে শেষ নিশাহে কোনোমতে টোপনিটো আহিছিল। হৈ হাল্লাত উঠি আহিবলৈ বাধ্য হ’ল নীহাৰ। প্ৰকৃততে ক’বলৈ গ’লে বন্ধু এজনৰ জন্ম দিন উপলক্ষে অফিছৰ মানুহ গৈ শেষ হোৱাৰ পাছত চাৰি বন্ধুৱে লগ হৈ অনুষ্টুপীয়াকৈ পালন কৰিছিল। ঘূৰি আহি বিচনাত পৰোঁতেই ৰাতি এক মান বাজিছিল চাগে, ঘড়ী অৱশ্যে চোৱাই নহ’ল।

পাছদিনা নিত্য নৈমিত্তিক কামখিনি কৰি চাহ, জলপান খাই হয় মানে ৮:০০ বাজিল‌। অফিছলৈ লৰা-ধপৰাকে ওলাই যাওঁতেহে অনুভৱ হ’ল মূৰটো গধুৰ লগাৰ কথা। অফিছৰ কাষতে ভাৰাঘৰত থকা বাবে সিমান অসুবিধা নহয় যদিও ৮:০০ বজাত কৰ্তব্যত বহিবই লাগে।

ইটো সিটোকে ৪ জন বন্ধু আহি নিজৰ নিজৰ চকীত বহি লেপটপ খুলিলেহি। চাৰিওজনৰে ৰাতি টোপনি খতি হোৱা বাবে মনবোৰ গোমা। ইজনে সিজনক সু- প্ৰভাত দিয়াৰ বাদে আন কথা-বতৰা হোৱা নাই। তেনেতে ফোঁপাই-জোপাই পিয়নজনে আহি দুৱাৰ টুকুৰিয়ালহি। জীৱনে উঠি গৈ দুৱাৰ খুলি দিয়াৰ লগে লগে খবৰ দিলে —- গ্ৰাউণ্ড ফ্ল’ৰত ব’ম ওলাইছে, থানাৰ পৰা পুলিচ আহি পাইছেহি। চাইনিজ বেগ এটা চকীদাৰে প্ৰত্যক্ষ কৰি থানাত খবৰ দিলে। কৰিডৰৰ চুকতে আছিলে হেনো! পিয়নজনে খবৰটো দিয়েই লিফ্টেদি তললৈ নামি গ’ল। নীহাৰ, বিপুল, অৰিন্দম আৰু জীৱনে ইটোৰ মুখলৈ সিটোৱে ভেবা লাগি চাইছে। জীৱনে ৰাতি বেগটো ক’ত থৈছিল নীহাৰক সুধিলে। নীহাৰে — “হেই মনে মনে থাক, কাম কৰ”। বিপুলেও সুধিলে — চাইনিজ বেগ তই অনাটো নহয়টো! “হেই, মনে মনে থাক বুলিছোঁ নহয়! কাম কৰ”, নীহাৰে উত্তৰ দি গহীন হৈ ৰ’ল। মনবোৰ শান্ত কৰিব নোৱাৰি চাৰিওটায়ে উঠি এইবাৰ আয়নাৰ খিৰিকিৰে তললৈ চালে। কথা বিষম!.. ক্ল’জ চাৰ্কিউত কেমেৰাৰ স্কীনখনত চাৰিজুৰা চকু —- অকল পুলিচেই নহয়, বোমা বিশেষজ্ঞও আহি পালেহি। বৰমূৰীয়া সকলো তলত গোট খাইছে। তলৰ পৰা বোমা বিশেষজ্ঞই মাইকত ঘোষণা কৰা শুনিবলৈ পালে ——- “যিয়ে য’তে আছে একে ঠাইতে থাকক। কোনেও তললৈ নামি নাহিব”। ক্ল’জ চাৰ্কিত কেমেৰাৰ মণিটৰত সকলো দৃশ্যমান হ’ল। বোমা বিশেষজ্ঞই দীঘল হাঁকোটাৰে অনতি দূৰৰ পৰা বেগটো দাঙি নিয়াৰ ব্যৱস্থা প্ৰতীয়মান হ’ল। অৰিন্দমে চিঞৰি উঠিল — ঐ, কালি আমাৰ বেগটো –? “এই কেইটা চুপ থাকিলিনে? ইমান ৰাতিখন কলৈ নিম হাঁ”…. কৰিডৰৰ চুকতে থৈ গৈছিলোঁ। ৰাতিপুৱা পাহৰিলোঁৱেই। বাদ দে, যি হয় হ’ব। বিপুলে ফুচফুচাই কোৱাদি ক’লে — হাতৰ চিন পাব লাগিলে চাৰিওটা ফিনিচ!! কি কৰিবি এতিয়া? নীহাৰৰ একেটাই উত্তৰ — “মনে মনে থাক, কাম কৰ”।

পথৰ আৰু চাৰিওকাষৰ মানুহখিনি আঁতৰাই বিশেষজ্ঞই বেগটো গেটৰ বাহিৰলৈ নি খুচি খুচি চালে। হাতেৰেও বেগটোৰ মুখখনৰ চেইন ডাল খুলিলে, ডাঙিও চালে — ঘিটলিং টিং শব্দ হ’ল। আঁতৰত মানুহৰ জুম। চাদৰ ওপৰতো চাৰিওফালে মানুহেই মানুহ। ইহঁত চাৰিটা সোমাই আছে চাৰ্ভাৰ ৰূমত! যেন একোৱেই শুনা নাই, দেখা নাই, এই ভাৱত। অৱশ্যে তেতিয়া কাৰো মুখত একো কথা নাই, কেৱল মনিটৰতহে চকু।

বিশেষজ্ঞৰ বিশেষ অনুসন্ধানত সকলো ফটফটীয়াকৈ ওলাই পৰিল ——- চাৰিটা বহুত দামী খালি বটলহে। বেগটো চাইনিজ। চাইনাৰ পৰা বেগ সহ বটল আনি কোনে খাইছিল, সেইটো অনুসন্ধান নকৰাকৈয়ে সকলো আঁতৰি গ’ল।

বটলাংকৰ কথা অজ্ঞাত হৈয়ে ৰ’ল।

☆ ★ ☆ ★ ☆

2 Comments

  • কাবেৰী মহন্ত

    হা হা৷ বটলৰ বাবেই ধৰ্মঘন্ট খন হ’ল৷
    মজা লাগিল

    Reply
  • কমলা দাস

    আজিকালি এনেকুৱা হৈয়েই থাকে কেতিয়াবা কেতিয়াবা ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *