কমিনাপন – ৰমেন কুমাৰ দাস
শৰতৰ পৰশত শেৱালী ফুলক বা নুফুলক নৈৰ পাৰত কহুৱাই হাত বাউল দি মাতক বা নামাতক আমিতো ‘বাবা বিশ্বকৰ্মা’ৰ দিৱসটো পালন কৰিবই লাগিব ন। দিনৰ ভাগত পূজা ৰাতি পাৰ্টি, তাৰ মাজে মাজে নাচ… আৰু বহু কিবা কিবি। তাৰ মাজতে নিউজ চেনেলকেইটাই সৰস্বতী পূজাত সৰস্বতী দেৱীক বিচৰাৰ দৰে আমাৰ মাজতো বিশ্ব খনিকৰৰ সন্ধান কৰিবহি। ৱাহ…গুৰু…ৱাহ…! কি মস্তি…!
বিশ্বকৰ্মা পূজা বুলিলে মোৰ ওচৰত ইঞ্চুৰেঞ্চ ফেইল হোৱা ক’লা ধোঁৱা মৰা বুঢ়া বাইকখন আৰু দোকানত স্ক্ৰু-ড্ৰাইভাৰ দুডালমান। সেয়াই মোৰ ওচৰত বিশ্ব খনিকৰৰ অৱদান। অইন বেলিৰ দৰে এইবেলিও আমি লগৰ দোকানীকেইজনে একেলগে প্ৰভুৰ পূজা ভাগ আগবঢ়াও বুলি মনস্থ কৰিলোঁ। সেয়ে আজি বাবাৰ পূজাৰ উপাচাৰবোৰ যোগাৰ কৰাৰ নিমিত্তে পুৱাই মোৰ লগৰ দোকানী এজনৰ লগত চহৰ পালোঁহি। সকলো বজাৰ-সমাৰ কৰি ঘৰলৈ বুলি চিটি বাছতে উঠিলোঁ বাছখন প্ৰায় খালী আছিল বাবে আমি আমাৰ নিজৰ পচন্দ মতে খিৰিকী মুখৰ আসন দুখনত আৰামেৰে বহি ললোঁ। বাছখন চলিল। আবেলিৰ এজাক মৃদু বতাহে বাছৰ খিৰিকীৰে সোমাই আহি আমাক চুই গ’ল। বতাহজাকৰ এটি মিঠা পৰশত মোৰ দেহ-মন শাঁত পৰাৰ লগতে চকুহালো ক্ৰমাৎ মুদ খাই আহিব ধৰিলে।
ঠিক তেতিয়াই স্বয়ং বিশ্ব খনিকৰ বিশ্বকৰ্মা প্ৰভুৱে ক’ৰবাৰ পৰা ফোঁপাই-জোঁপাই আহি মোৰ ওচৰৰ খালী আসনখনত বহিলেহি। তেখেতক এইদৰে দেখি মই আচৰিত! কোনোদিনে প্ৰভুৱে এইদৰে ঘূৰা-ফুৰা কৰা দেখাতো নাছিলোৱেই শুনাও নাছিলোঁ। তথাপিতো প্ৰভুলৈ সেৱা এটা জনাই ভয়ে ভয়ে সুধিলোঁ,
:প্ৰভু আপোনাৰ বাইকখন মানে হাতীটো, মানে আপোনাৰ বাহন ক’ত এৰিলে?
:বুজিছা বৎস, সেইবোৰ বৰ দীঘলীয়া কাহিনী। পাহাৰবোৰত গজেন্দ্ৰৰ বাবে খাদ্য নোহোৱা হ’ল। বাঁহ-কল সকলো তোমালোকে কাটি খাছটাং কৰিলা। সেয়ে এইবাৰ আমাজনৰ হাবিত তাক চৰিব পঠাইছিলোঁ, তাতো বনজুই লাগিল। তেতিয়াৰ পৰাই গজেন্দ্ৰৰ একো পাত্তাই পোৱা নাই। সি মৰিলেই নে ক’ৰবালৈ পলাই পত্ৰংয়েই দিলে…!
প্ৰভুই শেষৰ কথাষাৰ বৰ দুখেৰে কৈ এটা হুমুনিয়াহ এৰিলে। প্ৰভুৰ মুখলৈ চাই বেয়াই লাগিল। তথাপিতো মনৰ খুদুৱনি মাৰিব নোৱাৰি আকৌ ক’লোঁ,
:অ’ সেই বাবেই চাগে এইবাৰ আপোনাৰ আহি পোৱাত কেইঘণ্টামান পলম হ’ল। মানে আপুনি এইবাৰ ট্ৰেইনতে আহিলে?
:ধেই…কি কোৱা, আমাৰ ইমান প্ৰেষ্টিজ নাই বুলি ভাৱিছা নেকি? তোমালোকে আকাশী যানেৰে যোৱাৰ দৰে মইও ইন্দ্ৰদেৱৰ আকাশী ৰথখন লৈ এটা টিলিকিতে বিশ্বৰ যেনি-তেনি যাব পাৰোঁ।
:অ’ মানে আপুনিও আনৰ বাইক-চাইক লৈ লেবেল দি ফুৰে?
:ধুৰ্… সেই চব ময়েই বনোৱা না… নিদিব…? সৱৰে ব্ৰেক ফেইল কৰি দিম বাপ্পেকে!
প্ৰভুৰ দম দেখি তবধ মানিলোঁ। প্ৰভুৰ মানে স্বৰ্গত কিছু পাৱাৰ আছে!
:দোষ মৰিষণ কৰিব প্ৰভু! মই মানে আপোনাৰ লেট্ হোৱাৰ কাৰণটো বুজি পোৱা নাই।
:নুবুজিবা বৎস! সেইবোৰ বহু কথা। সৱ তোমালোক নৰ-মনিষৰ বাবে হৈছে। যোৱা মাহৰ পৰা ‘তেৰি মেৰি তেৰি মেৰি’ শুনি শুনি স্বৰ্গাধিপতি ইন্দ্ৰদেৱ একদম ব’ৰ হৈ পৰিল। নাৰদেও কেৱল তেৰি মেৰিয়েই গাই থকা হ’ল। আনকি ৰম্ভা-মেনকাইও কেৱল তেৰি মেৰিতেই ডান্স কৰা হ’ল। সেয়ে তোমালোকৰ মৰ্ত্যৰ অতপালি বিশেষণেৰে বিভূষিত ওজা পালিৰ দলটোক স্বৰ্গলৈ আমন্ত্ৰণ জনোৱাৰ দায়িত্ব মোকেই দিলে। ওজা পালিৰ পদ ফাঁকি শুনি ইন্দ্ৰদেৱ খুবেই খুচ। এতিয়া সেই ওজা পালিৰ দলটোক মৰ্ত্যৰ চুকে-কোণে বিচাৰি ফুৰোঁতে মোৰ দিন ৰাতি পাৰ হ’ল। কলাফুলৰো বিষ উঠিল। সিহঁতৰ ছাঁটোকে এতিয়া দেখিবলৈ পোৱা নাই।
:অ’…মানে কেচ্ সেইটো,
:হুম…তোমালোকে ঠিক বুজিছা। গতিকে এতিয়া তোমালোকে মোক ওজা পালি দলটোৰ ওচৰলৈ লৈ ব’লা।
প্ৰভুই কথাষাৰ কৈ মোৰ ফালে চোৱাৰ লগে লগে মই চকুৰ ঠাৰেৰে মোৰ লগৰজনৰ ফালে দেখুৱাই দিলোঁ। ইমান পৰে আমাৰ মুখলৈ টেলেকাই চাই থকা মোৰ দোকানী বন্ধুজনে এইবাৰ কেপ্-কেপাই উঠিল।
:মই নোৱাৰিম প্ৰভু…!
:কিয়…? কি আপত্তি?
:মানে প্ৰভু মোৰ বাইকৰ ইঞ্চুৰেঞ্চও নাই, মোৰ লাইচেঞ্চও নাই।
:তাতে কি হ’ল?
:হ’ব প্ৰভু হ’ব। ট্ৰেফিকে পালে মোৰ বাইকতকৈ চালানৰ মূল্য বেছি হ’ব। সেই বাবেই বাইক চলাব এৰি আজি বাচত ছফৰ কৰি আছোঁ।
মোৰ লগৰটোৰ খাতিৰ নোহোৱা কথাবোৰ শুনিয়ে নেকি প্ৰভুৰ চকুহাল ৰঙা পৰাৰ লগতে নাকৰ পাহি দুটাও ক্ৰমাত ফুলি উঠিব ধৰিলে।
:ত’ মই কি কৰিব লাগে?
:আপুনি ৰিস্ক ল’ব লাগিব প্ৰভু।
:কি…? মই ৰিস্ক ল’ব লাগে? তহঁত ইঞ্জিনিয়াৰসোপাৰ বাবে মোৰ নিজৰ লাইফৰে ৰিস্ক নোহোৱা হ’ল। মই তহঁতৰ ৰিস্ক ল’ব লাগে?
প্ৰভুৰ খং দেখি মই বিচুৰ্তি খালোঁ। মোৰ লগৰটোৱে পুনৰ কিবা কোৱাৰ আগেয়ে প্ৰভুৱে তেওঁৰ হাতত থকা শিল ভঙা হাতুৰীটো তাৰ মূৰত ধাম কৈ মাৰি দিলে। একে কোবতে সি ক’ৰবাত ছিটিকিয়েই পৰিল নে পাতালতে সোমাই গ’ল একো টলকিবই নোৱাৰিলোঁ। প্ৰভুৱে মুখৰ ভিতৰতে কিবা ভোৰভোৰাই হাতত উন্মুক্ত কৰতখন লৈ তাৰ গল কাটিবলৈ তাক বিচাৰিবলৈ ধৰিলে। মোৰ বুকুৱে ভয়তে ঢিপিং ঢিপিং কৰিছে যদিও প্ৰভুৱে তাক এশিকনি দিয়াৰ বাবে মনে মনে ভালেই পালোঁ। মোৰ ওপৰত ওস্তাদি মাৰিব যোৱা মজাতো পাওক বেটাই ।
লাষ্ট ষ্ট’পেজ…লাষ্ট ষ্ট’পেজ নামি ল’ব।
ধাম…ধাম…ধাম…
প্ৰভুই মোৰ পিঠিতে হাতুৰীটো বহাই দিয়া বুলি জোৰেৰে চকু মেলি দিলোঁ। মোৰ সন্মুখৰ খিৰিকীৰ মুখৰ চিটত বহি মোৰ লগৰটোৱে তেতিয়াও টোপনিত লালকাল। বাচৰ হেণ্ডিমেনে বাচত ধম ধমাই থপৰিওৱা শব্দতহে মই সাৰ পালোঁ। মিৰ্জাত নামিব লগা মানুহ এতিয়া ছয়গাঁও পালোহি।
☆ ★ ☆ ★ ☆
8:51 pm
সুন্দৰ ব্যঙ্গ