স্মৃতি – ৰিতন বৰা
পূজাৰ বতৰ । সৰুতে পূজাত ৰাতি ৰাতি ঘৰৰ ডাঙৰ মানুহৰ লগত বাগান শ্ব’ চোৱাৰ আমেজেই সুকীয়া। চিনেমাৰ এক্টৰসকলক চিনি নাপালেও তেতিয়া চিনেমাৰ কাহিনীটো আচল কথা আছিল । আৰু এটা কথা, বেছিভাগ চিনেমা একেজন এক্টৰৰ ( মানে ধৰক অমিতাভ বচ্চনৰ দুই /তিনিখন, ধৰ্মেন্দ্ৰ, জিতেন্দ্ৰৰ দুই /তিনিখন ) আনিছিল বাবে সদায় সদায় একেজন মানুহকে দেখি ভাবিছিলোঁ, চিনেমাখন চাগেʼ টুকুৰা-টুকুৰকৈ দেখাইছে। কেতিয়াবা এক্টৰকেইটাক একোটা নিজৰ নাম দি লৈছিলোঁ। যেনে, অমিতাভ বচ্চনক বাওঁহতীয়া, ধৰ্মেন্দ্ৰক “গগলামাতীয়া”, অৰ্থাৎ মাতটো গল্গলীয়া । তদুপৰি পূজাৰ স্থলীত অস্থায়ীভাৱে দিয়া দোকানবিলাক চাই ভাল লাগিছিল। ৰংচঙীয়া বস্তুৰে ভৰি থকা দোকানবিলাক চাই আহি পুনৰ চিনেমা চোৱাত ব্যস্ত হওঁ । চিনেমা চাই থকাৰ মাজতেই বাইদেউহঁতে বুট ভজা, চানা, মিঠাপাণ, পকৰি আদি খাবলৈ দিয়ে। বেঞ্চত বহি “বাৰ মিছল”, কেঁচা চানা, গৰম গৰম বুট ভজা, পকৰি, পাপৰ আদি চোবাই চোবাই শৰৎকালৰ ৰাতি বাগান শ্ব’ চোৱাৰ কি যে আমেজ ভৰা আছিল ।
সেই সময়ত আমি দুই-এটকা খুচুৰা পইচা পালে পূজাৰ আগৰে পৰা বাঁহৰ চুঙাত ভৰাই সাঁচি ৰাখিছিলোঁ পূজালৈ। পূজাৰ সময়ত চুঙাটো কাটি যি পইছা ওলায় সেয়াৰে পূজাৰ খৰছ হৈ যায়। ৰঙা ৰঙাকৈ খৈৰ্ সানি ৰং বিলাই থোৱা মিঠা-পাণবিলাকৰ দাম আছিল মাত্ৰ ২০ পইচা। এদিনৰ কথা, চিনেমা পূৰ্ণদমে চলি আছে। বাওঁহতীয়াই (অমিতাভ বচ্চনে ) গুণ্ডাটোক ফাইটত বক্সিং, গোৰ মাৰি আছে । একোটা একোটা বক্সিঙৰ কোবত গুণ্ডা ক’ৰবাত উফৰি পৰিছে , ময়ো ফাইটৰ উত্তেজনাত বেঞ্চৰ পৰা ঠিয় হৈ হৈ যাওঁ। তেনে সময়তে মোক লগত থকা বাইদেৱে কাগজৰ ভাঁজ কৰি থোৱা এটকা পইছা এটা দি ক’লে দোকানৰ পৰা মিঠা-পাণ আনিবলৈ। মই কিন্তু ফাইটৰ কোবত বাইদেউৰ কথাটো ভালকৈ নুশুনি মিঠা-পাণটোহে শুনিলো মাত্ৰ। ময়ো মিঠা-পাণ দিছে বুলি ভাবি চিনেমাৰ ফাইটৰ কোবত জপাই থোৱা এটকীয়া পইছাটোকে মুখত ভৰাই দিলোঁ। যিহেতু ফাইট চলি আছিল, সেইবাবে লাহে লাহে চোবাই আছিলােঁ। কিন্তু যেতিয়া ফাইট শেষ হ’ল তেতিয়া মনলৈ আহিল- আৰে, শুকান শুকান লাগিছে এইটো কি পাণ; চুপাৰী-টুপাৰী নাই, মিঠাও নাই। মুখৰ পৰা উলিয়াই দেখোঁ এটকীয়া পইছা। ভাগ্য ভাল, জোৰকৈ চোবোৱা নাছিলোঁ বাবে পইচাটো ফুটি ফাটি নগʼল। মাত্ৰ তিতি থাকিল। মই ভয় আৰু লাজত কথাটো একো নকʼলো, মনে মনে পইচাটো চোলাৰ ওপৰত কাষলটিৰ তলত ভৰাই থʼলোঁ যাতে কাষলটিৰ গৰম পাই শুকাই যায়। পিছত বাইদেউৱে পাণ আনিবলৈ কোৱাত মই বোলো, ৰ’বি চিনেমাৰ ৰীলটো শেষ হʼবলৈ দে বুলি কৈ সাৰিলোঁ।
☆ ★ ☆ ★ ☆
9:28 pm
হাঃ হাঃ!জমনী দেই
10:07 pm
মজা লাগিল দেই পাণ…..????
1:29 pm
আজিকালি তেনেকুৱা ৩০ টামান খাব পাৰিলে ভাত নেখালেও হ’ব ৷