ফটাঢোল

বিবাহ বাৰ্ষিকীৰ উপহাৰ – নীলাক্ষী কাকতি

শনিবাৰে ৰাতিপুৱা সাঁত বাজিছিল৷ আচলতে টোপনি ছয় বজাতেই ভাঙিছিল ৰমেশৰ এলাৰ্মৰ টিঙটিঙিয়া শব্দত৷ এনেই সি বিছনাত ইকাটি-সিকাটি কৰি আছিল৷ সাধাৰণতে প্ৰায়বোৰ ব্যক্তিগত কোম্পানীৰ অফিচসমূহ বন্ধ থাকে৷ কিন্তু ৰমেশে কাম কৰা কোম্পানীটোৱে ১৫ আগষ্ট বা ২৬ জানুৱাৰীতো বন্ধ দিলে এনে লাগে যেন কোম্পানীটোৱে দেশক টকা ধাৰহে দিছে৷

বৰ গধুৰ মন এটা লৈ ৰমেশে বিছনাৰ পৰা নামিল৷ লাহেকৈ পৰিবাৰ গীতি আৰু ছয়বছৰীয়া লহৰৰ ফালে চালে৷ গীতিয়ে টোপনিতে দাঁত কৰচি আছে৷ ৰমেশে মনতে ভাবিলে বোধকৰো দিঠকত হ’ব লগা অনাগত ভৱিষ্যতৰ এখন ৰণৰ প্ৰস্তুতি চলিছে সপোনত! গতিকে গীতি উঠাৰ আগতেই নিজৰ কামখিনি কৰি লোৱাই ভাল হ’ব বুলি ৰমেশে লাহেকৈ FM ৰেডিঅ’টো বজাই দিলে৷ তাৰপিছত টাৱেলখন লৈ বাথৰূমত সোমাল৷ ৰেডিঅ’ত তেতিয়া “ৰাম্বা হো হো…” চলি আছে৷ ৰমেশে দাঢ়িখিনি কাটিবলৈ লৈছিলহে মাথো হঠাৎ বাথৰূমৰ দৰ্জাত প্ৰচণ্ড শব্দ হ’ল৷ থতমত খাই ৰমেশে দৰ্জাখন খুলি দেখে যে গীতিয়ে বাহিৰত কালিমাৰ ৰূপ ধাৰণ কৰি আছে৷

: তোমাৰ মূৰত ঘিউ জাতীয় কিবা আছেনে?

: উৱা! কি হ’ল বাৰু?

: এই কাউৰী পুৱাতে কিয় ইমান জোৰকৈ ৰেডিঅ’ বজাইছা বাৰু? আৰু…আৰু এয়া তুমি কি কৰিছা?

: কি কৰিলোঁ আকৌ?

: এসপ্তাহৰ মুৰত দাঢ়ি খুৰাবা আৰু অত দীঘল দীঘল দাঢ়িয়ে গোটেই চিংকটোত জমা হৈ ফুটাবোৰ বন্ধ কৰি দিব৷ যোৱাবাৰ প্লাম্বাৰ মাতিব লগা হৈছিল মনত আছেনে?

ৰমেশে এবাৰ Gillette Fusion ৰ পাঁচখন ব্লেড থকা ৰেজৰখনৰ ফালে আৰু এবাৰ গীতিৰ ফালে চাই ক’লে,

: হেৰা মই দাঢ়িহে কাটিছোঁ৷ মূৰ খুৰাইছোঁ নেকি?

: হয় হয়৷ মইহে বজাৰৰ পৰা চুলি কিনি আনি বাথৰূমত জমা কৰিছোঁ!

: হ’ব হ’ব৷ আৰু কিবা ক’বানে?

: একো নকওঁ৷ নামাতিবা মোক৷

সাধাৰণতে স্বামীক অশান্তি দিবলৈ পত্নীসকলৰ বহুত উপায় থাকে৷ কিন্তু আটাইতকৈ ভয়ানক মানসিক নিৰ্যাটনটো হৈছে মাতবোল নকৰা৷ আচলতে বহু সময়ত স্বামীজনে বুজিয়ে নাপায় পত্নীয়ে খং কিয় কৰিছে আৰু যেতিয়া বুজি পায় তেতিয়া এইটোত মাথা মাৰিব লগা হয় যে তেওঁৰ দোষ ক’ত!

: হেৰা কোৱাচোন মইনো কি ভুল কৰিলোঁ? যিমান পাৰি সিমান কোমলকৈ ৰমেশে শুধিলে৷

: নাই নাই৷ তোমাৰ ক’ত ভুল হ’ব? ভুল মোৰহে৷ মইহে ৰাতিপুৱাই উঠি চুবুৰীয়াক ৰেডিঅ’ শুনাইছোঁ৷ কুমুদটো চাফা কৰাটো দূৰৰে কথা চিটটোও তলত দি নিদিয়া৷ গা ধুই উঠি টাৱেলখন থ’বা বিছনা নাইবা আলনাত৷ ভাত খাই হাত ধুই উঠি আলনাত যি আছে তাৰে হাত মুখ মচিবা৷ আৰু নো কি কৰা?

: হ’ব হ’ব দিয়া৷ চব মোৰে ভুল৷ মই গা ধুওঁ৷ তুমি ব্ৰেকফাষ্ট তৈয়াৰ কৰা৷ আজি বচক কোম্পানী এটাৰ টেণ্ডাৰ এখন তৈয়াৰ কৰি দিব লাগিব৷

: হ’ব দিয়া৷ তুমি গা ধোৱা৷ অ আৰু এটা কথা৷ আজি অফিচৰ পৰা সোনকালে আহিবা৷ নীলু খুৰীৰ ভায়েকৰ ছোৱালীৰ বাৰ্থডে আছে৷

: কি! তোমাৰ পৰিয়ালত কিমান নিমন্ত্ৰণ থাকেহে?আজি সাঁত বছৰে মই হিচাপ কৰি তত্‌ পোৱা নাই তোমাৰ পৰিয়ালত কিমান মানুহ আছে! আজি যদি কাৰোবাৰ জন্মদিন কাইলৈ শ্ৰাদ্ধ৷ পৰহি যদি কাৰোবাৰ পূজা তাৰ পিছদিনা বিয়া৷ তোমাৰ পৰিয়ালত এতিয়া কোনোবাই গেঞ্জী জাঙিয়া কিনিলেও খবৰ ল’ব যাব লাগিব চাগে৷

: হেৰা বেছি কথা নক’বা৷ তুমি এটা মস্ত নমুনা৷ দেখিছিলানে মোৰ মামাৰ ছোৱালী ৰিংকি আৰু গিৰিয়েকে ভণ্টিৰ বিয়াত কিমান ধুনীয়া চালচা নাচিছিল? তুমিতো এইবোৰ শ্ব অফ বুলি কোৱা৷

: নহয়নো কি? তুমি আৰু মই ইজনে সিজনক ভাল পাওঁ৷ তাতে আকৌ নাচি বাগি দুনীয়াক জহাব কিয় লাগে?

: হ’ব হ’ব৷ তোমাক কথা কৈ লাভ নাই৷ মই বিচাৰোঁ তুমি মোৰ পৰিয়ালৰ মানুহৰ ঘৰত হোৱা উৎসৱ পাৰ্বনবোৰত যোৱা৷ চবে মোক তোমাৰ কথা শুধে৷ মইহে জানো মই কিমান লাজ পাওঁ৷

: হে ভগৱান! এখন দুখন তোলনী বিয়া বাদ দি মই তোমাৰ লগত ক’ত যোৱা নাই কোৱাচোন? তাতে আকৌ তোমালোকৰ পৰিয়ালত যিমানহে নমুনা আছে৷

: কথা ভালদৰে ক’বা৷ মোক চাবলৈ আহোঁতে তোমাৰ মাৰাই কি কৈছিল? “তোমাৰ চুলিখিনি নিজৰ নে?” হাৰে নিজৰ নহয় কি আনৰ হ’ব নে? নমুনা তোমালোকৰো আছে মনত ৰাখিবা৷

: নহয় অ আচলতে মায়ে ভাবিছিল ইমান ধুনীয়া চুলি কাৰোবাৰ থাকিব পাৰে নেকি?

ৰমেশে একেবাৰে দুৰ্বল অংশটোত টোকৰ মাৰিলে গীতিৰ৷ প্ৰশংসা কাৰনো প্ৰিয় নহয়?

: হ’ব দিয়া যি কৰা কৰিবা৷ পিচে কালিৰ প্ৰগ্ৰেমটোৰ বিষয়ে কি ভাবিছা?

“কালিৰ প্ৰগ্ৰেম! কালি কি আছে?”
মনতে ভাবিলে ৰমেশে৷ হঠাৎ মনত পৰি তাৰ গাটো জিকাৰ খাই উঠিল৷ ৰক্ষা৷ গীতিয়ে শুধি মনত পেলাই দিলে বুলিহে৷ কালি দেখোন সিহঁতৰ বিৱাহ বাৰ্ষিকী!এতিয়ালৈকে বাৰু সি কিবা না উপহাৰ কিনিছে না কিবা প্লেনিং কৰিছে৷ এতিয়া কিবা এটা মিছাকৈ হ’লেও ক’ব লাগিব৷ নহ’লে ছুনামী যে ঘৰলৈ আহিব সেইটো ধুৰূপ৷

ৰাস্তাৰ পৰাই অফিচলৈ যোৱা বাটত ৰমেশে বন্ধু মোহনক ফোন কৰিলে৷ মোহন এই বিষয়বোৰৰ সমাধান দিয়াত সুনাম আছে৷ কলেজত তাক সকলোৱে ‘লাভগুৰু’ বুলিয়ে মানিছিল৷ ৰমেশে ফোনটো মোহনলৈ বুলি লগালে৷

: হেল্লো, বন্ধু আজি কি মনত পৰিল?

: ৰ চোন৷ তোৰ সহায় এটা লাগে অ’৷

: কি হ’ল? পত্নীক কিবা জগৰ লগালি নেকি?

: তেনে বুলিয়ে ভাবি ল৷ কালি আমাৰ এনিভাৰ্চেৰী৷ এতিয়ালৈ মই গীতিৰ কাৰণে একো কিনা নাই৷ এনেকৈ থাকিলে আমাৰ এনিভাৰ্চেৰীৰ দিনাই ডিভোৰ্চ হোৱাটো খাটাং৷

: হেহ৷ কি কথা কৱ? কিবা এটা কিনি দি দিলেই হ’লচোন৷

: তাকে৷ পিচে বচে মোক খাই মাৰিছে৷ টেণ্ডাৰৰ ফাইল এটা আজিয়ে শেষ কৰি দিব লাগে৷ এতিয়া তয়ে কচোন৷ উপহাৰেই দিম নে ফাইলৰ কামেই শেষ কৰিম?

: তই যে বুৰ্বকেই বনি থাকিলি৷ লাঞ্চৰ সময়ত কাপোৰ এযোৰ কিনোতে কিমান সময় যাব?

: নাই নাই৷ গীতিক মই কাপোৰ নিদিওঁ৷ যোৱাবাৰ কাপোৰ এযোৰ হাতত তুলি দিওঁতে এনেকৈ মুখৰ ভাঁজ এটা দিলে যেন মই মৰা নিগনী এটাহে হাতত দিছোঁ৷

: তেন্তে সোণৰ কাণফুলি এযোৰকে দে৷

: নাই অ’৷ তাইৰ সোণ পিন্ধিলে এলাৰ্জি হয়৷

: ৱাঃ! তই কি ভাগ্যৱান! এনে এলাৰ্জি যদি সকলো ঘৈণীয়েকৰে থাকিলে হয়! বাৰু বাদ দে৷ গীতিৰ ফেচবুক একাউণ্ট আছে নে নাই?

: আছে৷

: থিক আছে৷ তেন্তে তাইক ভাল মোবাইল এটাকে দে৷

: উম৷ আইডিয়াটো বেয়া নহয়৷ বাৰু বহুত ধন্যবাদ৷ কালিলৈ এপাক মাৰিবি আমাৰ তালৈ৷

: অ’কে৷ বাই৷

অফিচলৈ দৌৰাদৌৰিকৈ আহি কেবিনত সোমায়েই ৰমেশে ‘বৰুৱা এণ্ড কো:’ৰ ফাইলটো উলিয়াই ল’লে৷ তাৰ অলপ পিছতে অফিচৰ পিয়ন হালৈয়ে আহি ৰমেশক বচে মতা বুলি খবৰ দিলে৷

: ছাৰ মে আই কাম ইন?

: অ বৰা আহক৷ টেণ্ডাৰৰ কোটেশ্বনৰ কামটো শেষ হ’লনে?

: অ ছাৰ তাৰ ওপৰতেইকাম কৰি আছোঁ৷

: যিমান পাৰি সিমান সোনকালে কৰক৷ মোক দিনৰ ভিতৰতে ফাইল ৰেডি লাগিব৷ আজিয়েই বিদিংৰ কাম হ’ব৷

: হ’ব ছাৰ৷

ৰমেশে বচৰ ওচৰৰ পৰা আহিয়েই তিনিঘণ্টা এনেদৰে কামত লাগিল যে পাহৰিয়েই থাকিল যে গীতিৰ বাবে মোবাইল কিনিব লগা আছে৷ দুপৰীয়া দুই বজাত ফাইলটো শেষ কৰি যেতিয়া বচক সি সেইটো দিলে হঠাৎ যেন বচ ‘মগেম্বো’ৰ সলনি ফিল্মি বাবা আলোকনাথ হৈ পৰিল৷

: ৱেল ডান বৰা৷ ভেৰী গুড৷ আপুনি আমাৰ অফিচৰ আটাইতকৈ এফিচিয়েণ্ট কৰ্মচাৰী৷

: থেংকিউ ছাৰ৷

: বাৰু আপুনি এতিয়া যাওক৷ লাঞ্চ কৰক গৈ৷

অফিচৰ পৰা ৰমেশে বাহিৰে বাহিৰে দৌৰাদৌৰিকৈ মোবাইল শ্ব’ ৰূম এটালৈ গ’ল৷ আচলতে মোহনৰ আইডিয়াটো সি ভালেই পাইছিল৷ গীতিৰ মোবাইলটো প্ৰায়ে আজিকালি হেং মাৰে৷ এনেয়ো তাইক দুদিন পিছত এটা মোবাইল দিবই লাগিল হয়৷ গতিকে এক গুলীত দুই চিকাৰ৷

: ছাৰ কওক৷ কি কোম্পানীৰ মোবাইল দেখুৱাম?

: ভিনদেউ আপুনি ইয়াত?

এটা চিনাকি মাতত ৰমেশে ঘূৰি চালে৷

“হ’ল আৰু মোৰ চাৰপ্ৰাইজ!”
ৰমেশে পিছফালে গীতিৰ ভনীয়েক চিংকিক দেখি মনতে ভাবিলে৷

: অ’ চিংকি দেখোন৷

: উম৷ পিচে আপুনি ইয়াত কি কৰিছে? নতুন মোবাইল কিনিব নেকি?

: নাই নাই৷ মই চাৰ্জাৰ এটাহে কিনিবলৈ আহিছোঁ৷

ৰমেশে ভালদৰে জানে যে চিংকিক মোবাইলৰ কথা কোৱা মানে টিভিত ব্ৰেকিং নিউজ দিয়া একে কথা৷

: চাৰ্জাৰ ল’বলৈ ইমান দূৰ কিয় আহিব লাগে? ওচৰতে কৰবাৰ পৰা ল’ব পাৰিলে হয় দেখোন!

চিংকিয়ে লাহে লাহে CID চিৰিয়েলৰ ACP প্ৰদ্যুমনৰ ৰূপ লৈছে৷

: বাহিৰৰবিলাক সাধাৰণতে ডুপ্লিকেট থাকে৷ সেয়েহে ইয়ালৈ আহিলোঁ৷ আচ্ছা তুমি কোৱাচোন তুমি ইয়ালৈ কিয় আহিছা?

: হুম৷ মই বাক এটা মোবাইল উপহাৰ দিম৷ কালি আপোনালোকৰ এনিভাৰ্চেৰী যে৷ প্লিজ ভিনদেউ বাক নক’ব হাঁ৷

“হে ভগৱান গীতিলৈ আকৌ গিফ্ট কিনিবলৈ নতুনকৈ ভাবিব লাগিব!”
ৰমেশে মনে মনে ভাবিলে৷

: জানে ভিনদেউ এইটো মোবাইল কালি মাৰ্কেটলৈ আহিছে৷ পূৰা ৩২ মেগাপিক্সেল কেমেৰা আছে৷

: ৩২মেগাপিক্সেল! গীতি মংগল গ্ৰহত যাব নেকি ফটো উঠিবলৈ? মোৰটোত ৩.২ মেগাপিক্সেল কেমেৰা আছে৷ মোৰ মোবাইলটোৰ পৰাও ভাল ফটো তুলিব পাৰি৷

: ভিনদেউ আপুনি যে বাবা আদমৰ জামানাৰ মানুহ৷ ইয়াত মুনলাইট ফাংচন আছে৷ ৰাতিৰ আন্ধাৰতো সুন্দৰ ফটো তুলিব পাৰি৷

ৰমেশে মনতে ভাবিলে এনেয়ে গীতিৰ চেলফি লোৱাৰ কোব কম আছিল নে যে এতিয়া ৰাতি ফেঁচাৰ দৰে ফটো উঠিব!

: বাৰু তুমি কিনা৷ মই চাৰ্জাৰটো লওঁ৷

শ্ব’ ৰূমৰ পৰা ওলাই ৰমেশৰ হাতত এটাই বস্তু থাকিল৷ সেই চাৰ্জাৰটো যিটো বৰ্তমান তাৰ একো কামত নাহে৷

ক্ৰিং ক্ৰিং….

: হেল্লো ৰমেশ৷ আকৌ কি হ’ল?

: নক’বি আৰু৷

এইবুলি মোহনক সি গোটেই ঘটনাটো বিবৰি ক’লে৷

: এতিয়া কি কৰিবি?

: তয়ে ক৷

: এটা কাম কৰ৷ তই আগতে কলেজত কবিতা লিখিছিলি নহয়? দুটামান তাইৰ ওপৰত কবিতা লিখি তই গীতিক দে৷ তাই ভাল পাব৷

: ধুৰ! কবিতা কি OLX ত পোৱা বস্তু নেকি? তাতে মূৰৰ পৰা সেইবোৰ কেতিয়াবাই নাইকিয়া হ’ল৷

: তেন্তে তই যি ক’ৰ কৰ৷ মই শ্ৰীমতীৰ লগত চিনেমা চাবলৈ যাওঁ৷

ফোনটো থৈ ৰমেশে কিছু সময় টলকা লাগি থাকিল৷ হঠাৎ যেন তাৰ দিমাগৰ বট্টি জ্বলি উঠিল৷ সি জুকাৰবাৰ্গৰ কৃপাত ফেচবুকৰ গীতিৰ প্ৰফাইলৰ পৰা কেইখনমান ফটো ডাউনলড্ কৰি উলিয়াই ল’লে৷ তাৰপৰা প্ৰিণ্ট আউট উলিয়াই ভিন্নৰঙী কাগজত ফটো কেইখন পেষ্ট কৰি তাৰ তলে তলে গীতিৰ বিষয়ে ভাললগা কথা কেইশাৰীমান লিখিলে৷ গোটেই কামখিনি কৰি উঠামানে সন্ধিয়া লাগিছিল৷ সি ধামধুমকৈ অফিচৰ পৰা ঘৰমুৱা হ’ল৷

টিং টং…

: দেউতা৷

গীতিয়ে দৰজাখন খুলি দিয়াত লহৰ জাঁপ মাৰি ৰমেশৰ কোলাত উঠিল৷ ৰমেশে মন কৰিলে গীতিৰ মুখখন ফুলি আছে৷

: লহৰ দেউতাক কোৱা তেওঁ আজি অফিচতে থাকিব লাগিছিল৷

: লহৰ মাক কোৱা দেউতা সময় মতেই আহিছে৷

: দেউতাক কোৱা আমি আজি বাৰ্থ দে পাৰ্টি খাবলৈ যোৱা কথা আছিল৷

: মাক কোৱা দেউতাই নাযায় বুলি ৰাতিপুৱাই কৈ গৈছিল৷

সাধাৰণতে সিহঁতে নমতাকৈ থাকিলে লহৰক যোগাযোগৰ মাধ্যম হিচাপে লয়৷ লহৰে এবাৰ মাকৰ ফালে আৰু আনবাৰ দেউতাকৰ ফালে চাই যোগাযোগৰ মাধ্যম হোৱাত সম্পূৰ্ণ অনীহা প্ৰকাশ কৰি ক’লে,

: মই কাৰ্টুন চাওঁ দেই৷ মোৰ হোমৱৰ্ক শেষ হ’ল৷

: তুমি মোৰ কথা নাৰাখা মানে? এইবাৰ গীতিয়ে মাতটো কান্দোনৰ সুৰত উলিয়াই ক’লে৷

: মোৰ বহুত ভাগৰ লাগিছে৷ গোটেই দিনটো বচে মোৰ মূৰটো চোবালে৷ হাত ভৰি নচলা হৈছে৷ তোমালৈ এটা চাৰপ্ৰাইজ আনিছোঁ৷ মোৰ বেগটো খুলি চোৱা৷

চাৰপ্ৰাইজৰ কথা শুনি গীতিয়ে লৰালৰিকৈ বেগটো খুলিলে৷

: ক’তা? একো নাইতো? মিছা কথা ক’বলৈ ঠাই নাপালা ন?

: কি কোৱাহে? মই নিজ হাতে দুঘণ্টা সময় খৰচ কৰি এটা বস্তু বনাইছোঁ৷ চাওঁ মোক দিয়া বেগটো৷

ৰমেশে বেগটো চলাথ কৰিলে৷ কিন্তু নিজ হাতে বনোৱা গিফ্টটোবিচাৰি নাপালে৷ তেতিয়াহে তাৰ মনত পৰিল দৌৰাদৌৰিতে সি অফিচৰ ড্ৰয়াৰতে সেইটো এৰি থৈ আহিল৷

: হুহ৷ মোক গিফ্ট দিব৷ বাহিৰলৈ নোযোৱাৰ বাহানা তোমাৰ৷

: অ বাহানা মাৰিছোঁ যদি মাৰিছোঁ৷ ওলায়েই যাওঁ ঘৰৰ পৰা৷ গোটেই দিনটো অফিচত গাধৰ দৰে কষ্ট কৰিম আৰু ঘৰ আহি তোমাৰ গালি শুনিম৷

ধুম…
খং, দুখ আৰু ভাগৰত ৰমেশে দৰ্জাখন জোৰকৈ মাৰি ঘৰৰ পৰা ওলাই আহিল৷ বাহিৰত বহুতকেইটা কুকুৰে তহলি আছিল৷ তাক দেখি সিহঁতে জোৰকৈ ভুকিবলৈ আৰম্ভ কৰিলে যেন সি সিহঁতৰ এলেকাৰ নতুন প্ৰতিপক্ষ৷

: অ বৰা দেখোন! এই ৰাতি ইয়াত কি কৰি আছে?

: অ শইকীয়া দা৷ নাই ৰাতি তৰা গণিবলৈ ওলাই আহিছোঁ৷ আপুনি খোজ কাঢ়ক৷ বৰ বেয়াকৈ পেটটো ওলাইছে আপোনাৰ৷

প্ৰতিৱেশী শইকীয়াক অলপ টানকৈয়ে ক’লে ৰমেশে৷
শইকীয়াই অদ্ভূত ধৰণে তালৈ চাই তাৰপৰা গুচি গ’ল৷ আধাঘণ্টামান তেনেদৰেই সি খোজকাঢ়ি থাকিল৷ হঠাৎ বৰষুণৰ টোপাল কেইটামান তাৰ গাত পৰাতহে তাৰ ভাৱ আহিল যে সি ঘৰ যোৱাই ভাল হ’ব৷ অলপ বেছিকৈয়ে খং কৰিলে সি৷ যিমান পাৰে সিমান জলদি সি ঘৰ পালেহি৷

: হে ভগৱান!

ঘৰৰ দৰজাত এটা প্ৰকাণ্ড তলা৷ তলাটোত কাগজ এখন এঠা মাৰি থোৱা আছে৷ লিখা আছে
“মই আৰু লহৰ বাৰ্থদে খাবলৈ যাওঁ৷ ভাত বনোৱা আছে খায় ল’বা৷ আমি বাহিৰে বাহিৰে মাৰ ঘৰলৈ যাম৷ আজি তাতে থাকিম৷
ইতি
গীতি”

ৰমেশে তাৰ চাৰ্ট আৰু পেণ্টৰ পকেটকেইটা খেপিয়াই চালে৷ খঙতে তাৰ ভাগৰ ঘৰৰ চাবিপাট, মোবাইল আৰু গাড়ীৰ চাবি সকলো সি ডাইনিঙতে এৰি থৈ আহিছিল৷ বৰষুণ বেছি জোৰকৈয়ে দিবলৈ আৰম্ভ কৰিছিল তেতিয়া৷

☆ ★ ☆ ★ ☆

16 Comments

  • Rimjhim Borthakur

    বেচেৰা ৰমেশ। ভাল লাগিল

    Reply
  • Rintumoni Dutta

    গল্পটো পঢ়ি থাকোতে নিজকে নায়ক বুলি ভাবি ল’লো। পঢ়ি উঠিহে সংজ্ঞা ঘুৰি আহিছে। একদম “ঘৰ ঘৰ কি কাহানী”

    ভাল লাগিল নীলাক্ষি

    Reply
  • HEMANTA KAKATI

    কিচন, ৰমেশৰ দুৰাৱস্থা!

    তামাম লিখিছা নীলাক্ষী, একদম নিজকে আয়নাত দেখা হেন পালো৷ তোমাৰ চেন্স অৱ হিউমাৰৰ জবাব নাই৷

    কেলেপ কেলেপ কেলেপ!

    Reply
  • Anonymous

    নেপায় দেই এনেকে কাজিয়া কৰিবলৈ

    Reply
  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল পঢ়ি৷ ৰসাল আৰু সাৱলীল একদম

    Reply
  • অঞ্জলি

    কি ধুনীয়া লিখিছা

    Reply
  • ডলী

    বঢ়িয়া!বহুত ধুনীয়া লিখিছা নীলাক্ষী।

    Reply
  • সংসাৰৰ সৰু সৰু ঘটনাবোৰ বৰ সুন্দৰকৈ উপস্থাপন কৰিলা নিলাক্ষী।

    Reply
  • Devika Sharma

    সাৱলীল উপস্থাপন ?

    Reply
  • ৰাজু কুমাৰ নাথ

    উফ্‌ প্ৰভু,এনে এগৰাকীৰ পাল্লাত নেপেলোৱাৰ বাবে ধন্যবাদ দেই।

    Reply
  • বাগ্মীতা বাৰ্বী

    ঘৰ ঘৰ কী কাহানী? ধুনীয়াকৈ উপস্থাপন কৰিছা নিলাক্ষীবা

    Reply
  • সকলোকে ধন্যবাদ

    Reply
  • সুমন শেখৰ কলিতা

    ভাল লাগিল

    Reply
  • Chandana Das

    বেচেৰা ৰমেশ টো।বৰ সুন্দৰ উপস্থাপন।ভাল লাগিল

    Reply
  • ৰিমঝিম ৰিমা

    বেচেৰা ৰমেশ ?? ..খুব ধুনীয়া লাগিল পঢ়ি ..

    Reply
  • MITHU saikia

    Bhal lagil porhi

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *