ফটাঢোল

ৰাস – এক নষ্টালজিয়া : কমলা দাস

ৰাস বুলি ক’লে এতিয়াও নষ্টালজিক হৈ পৰোঁ! আমি সৰু থাকোঁতে আমাৰ ঘৰৰ ওচৰতে ৰাস থলীখন হোৱা বাবে পাঁচ দিনীয়া ৰাসত প্ৰতি দিনেই গৈছিলোঁ । ৰাসৰ জিলাপী, বেলুন, নাগৰ দোলা আৰু খাৰু মনি আদিৰ আকৰ্ষণত এদিনো নোযোৱাকৈ থাকিব নোৱাৰিছিলোঁ। তাৰ ভিতৰত মুখ্য আকৰ্ষণ আছিল চিনেমা আৰু থিয়েটাৰ চোৱা। কেতিয়াবা আইতাৰ লগত যাত্ৰা পাৰ্টিও চাইছিলোঁ। (আমি খোলা গান বুলি কৈছিলোঁ) ডালমুগ চোবাই চোবাই মাটিত ধানখেৰৰ ওপৰত বহি খোলা গান চোৱাৰ মজাই বেলেগ আছিল! পিছে প্ৰায়েই নাটক আধা মান চোৱাৰ পাছতেই টোপনিয়ে হেঁচা মাৰি ধৰে! তেতিয়া আইতাৰ ওচৰত খেৰৰ ওপৰতে উৰা কাপোৰখন উৰি শুই থাকোঁ। নাটক শেষ হলে আইতাই জগাই দি উঠাই লৈ আহিছিল।

খোলা গান চাবলৈ সকলোৱে মাটিত খেৰৰ ওপৰত বহিছিল। দুই এজনী বড়ো তিৰোতাই ঘৰৰ পৰাই পিৰা একোখন লৈ আহিছিল বহিবলৈ। পিৰাত বহিলে সিহঁতে ওখ হোৱা বাবে পিছৰ বিলাকে চাবলৈ অসুবিধা পাইছিল। সেই কাৰণে পিছৰ বিলাকে সিহঁতক মূৰত পৰাকৈ সৰু সৰু খেৰৰ নুৰা দলিয়াছিল! কোনে দলিয়ায় ধৰিব নোৱাৰি সিহঁতে পিছলৈ চাই চাই ঠিকছে গালি পাৰিছিল! সিহঁতে দিয়া গালিবোৰ মই একান্ত মনে শুনিছিলোঁ। হুদু, ফেচাঁ, মৰণ নহা, খাবা জীবা নাপো, গজমূৰা, লাউমূৰা, মৰঙত মৰা, শগুনে খাৱা, বাঘৰ পিঠাল খাৱা আদি আজিৰ দিনত আপুৰুগীয়া গালিবোৰ সিহঁতে তেতিয়া পাৰিছিল। আৰু মই সেই গালিবোৰ শুনি মনতে সেইবোৰৰ অৰ্থ উলিয়াবলৈ চেষ্টা কৰিছিলোঁ।

আজি কিছুবছৰ আগতে এবাৰ বৰপেটাৰ পৰা হাউলিৰ ৰাস চাবলৈ গৈছিলোঁ আমাৰ পৰিয়ালটো। লগত ননন্দ, ননন্দ জোঁৱাই আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী তিনিটা। আবেলি সময়ত আমি ওলালোঁ। ভাগিনীজনীয়ে সিহঁতৰ চুৱেটাৰকেইটা এটা পলিথিনৰ পেকেটত ভৰাই লৈছে আহোঁতে ঠাণ্ডা লাগিলে পিন্ধিবলৈ।জোঁৱাইয়ে ক’লে, তহঁতে বজাৰলৈ গৈ থাক। মই মানুহ এজনক কথা এটা কৈ গৈ আছোঁ। একেলগে বাচত উঠি যাম। বৰপেটাৰ পৰা হাউলিলৈকে দহ মিনিটৰ মূৰে মূৰে বাচ যায়। আমিও আহিলোঁ বজাৰলৈকে। বাচে চিঞৰিয়েই আছে হাউলি হাউলি কৈ। ল’ৰা ছোৱালীকেইটাৰ এনেয়ে ৰাস চাবলৈ যোৱাৰ উৎসাহ, তাতে আকৌ বাচখনে মাতিয়েই আছে। সিহঁতে বাচত উঠিবলৈ উত্ৰাৱল হ’ল। ডাঙৰ ল’ৰাটোৱে গৈ উঠিলেই। সি উঠা কাৰণে আমিও উপাই নাপাই জোঁৱাইলৈ বাট নাচালোঁ আৰু! গোটেইকেইটাই গৈ ৰাসৰ থলী পালোগৈ। ল’ৰা ছোৱালীকেইটাই গৈ পাই ফূৰ্তিতে কি কৰিব কি নকৰিব লাগিল! ইফালে হুইছেলৰ ফুৰ্ৰ শব্দ, সিফালে গৰম গৰম জপিয়াই থকা জিলাপী! মাইকত অহৰহ মাতিয়েই আছে  নাগৰ দোলা, ঘোঁৰা, এৰোপ্লেনত উঠিবলৈ। ল’ৰা ছোৱালীকেইটাই ইফালে দৌৰি সিফালে দৌৰি আমাক ঘূৰাই লৈ ফুৰিছে। এবাৰ জাপ ধৰিলে এৰোপ্লেনত উঠিবলৈ লাগে! আমি নুঠো বুলি কোৱাত ননন্দজনীয়ে তেওঁৰ ল’ৰা ছোৱালী কেইটাক ‘তহঁতেই উঠ’ বুলি কৈ সিহঁতক টিকট কাটি দিলে। সিহঁত তিনিটা এৰোপ্লেনত উঠিবলৈ লাইন পাতি থাকোঁতে জোঁৱাইও আহি পালে। আহি পাই সিহঁত ক’ত বুলি সুধিলে। আমি ক’লো সিহঁত এৰোপ্লেনত উঠিবলৈ গ’ল। জোঁৱাইয়ে ক’লে, তহঁতে কি কৰি আছোঁ, আহ আহ আমিও উঠো! আমি নাযাওঁ বুলি কোৱাত সিহঁত দুই জনে উঠিবলৈ গ’ল। এৰোপ্লেনৰ দুই জনীয়া চিটত এখনত মাক বাপেক, আন এখনত ল’ৰা ছোৱালী দুটা আৰু আন এখনত ডাঙৰ ল’ৰাটো উঠিল। মাক দেউতাকেও উঠা কাৰণে সিহঁতৰ আনন্দ লাগিল।

সিহঁতে কোনো এজনেই আগতে এৰোপ্লেনত উঠি পোৱা নাই! উৎসাহত উঠিব গ’লেও ভয়ও কৰিছে। সেইখন আকৌ ঘূৰাই দিলে ঘৰৰ্ শব্দ হোৱাৰ লগতে তল ওপৰ কৰি ডুলি ডুলি ঘুৰে। মানুহ ভৰ্তি হোৱাৰ পাছত সিহঁতক দিলে ঘূৰাই! ঘৰৰ্ শব্দ কৰি ঘূৰাৰ লগে লগে দৰ্জা নোহোৱা এৰোপ্লেনৰ পৰা ল’ৰা ছোৱালী দুটা ওলাই যাওঁ যাওঁ হ’ল! সিহঁতে বিকট চিঞৰ লগালে মা মা কৈ! ছোৱালীৰ হাতৰ পৰা চুৱেটাৰৰ টোপোলা তলত সৰি পৰিল! ল’ৰাৰ ৰঙা চছমাও উৰি গল! ৰাখা ৰাখা কৈ সিহঁতে ভয়তে কান্দিব ধৰিলে! সিফালে যি ল’ৰা ছোৱালীয়ে ভয়তে মা মা কৈ কান্দিছে, মাকৰ ওচৰ পালেই নিৰ্ভয় বুলি ভাবিছে! সেই মাকে আকৌ সিহঁততকৈও বেছি ভয়াতুৰ হৈ কান্দিছে আইঐ মৰিলোঁ, বাপ্পাঐ মৰিলোঁ দে আজি বুলি! সিহঁতে ঘূৰি থাকোঁতে মাকক দেখি আছে! সিহঁতৰ সাহস মাকেই যদি ইমান কান্দিছে ল’ৰা ছোৱালীৰটো কথাই নাই! সিহঁতে দুগুণ জোৰেৰে হৰাওৰাৱে কান্দিছে! মুঠতে এৰোপ্লেন ঘূৰি ঘূৰি শেষ নোহোৱালৈকে সিহঁতে সন্মিলিত সুৰত ইজনে সিজনক চাই চাই কান্দি থাকিল।

☆ ★ ☆ ★ ☆

8 Comments

  • Mridula

    মোৰ বিৰাট ভয় লাগে । নু ঠোৱে

    Reply
    • কমলা দাস

      মই ও নুঠো দেই ।
      পঢ়া বাবে ধন্যবাদ জনালোঁ মৃদুলা

      Reply
  • Chandana Das

    বাইদেউ ময়ো চাইছোঁ এই খোলা গান দুবাৰ।ভাল অভিনয় কৰে।এৰোপ্লেনত এবাৰ উঠিছোঁ।আৰু সকলোতকৈ ডাঙৰ চকৰীটো যে (আমি নাগৰ ডালা কওঁ) তাত এবাৰ উঠিছোঁ।ভয়তে গ’ল শুকাই গৈছিল।নামিব নোপোৱা যেন পালোঁ।আৰু জীৱনত নুঠো বুলি ভীষ্ম প্ৰতিজ্ঞা কৰিলোঁ।আমি সৰু থাকোঁতে হাউলীলৈ ৰাস চাব ভাৰা বাছত গৈছিলোঁ।গাওঁৰ ল’ৰাবোৰে ঠিক কৰিছিল।গাওঁৰ সকলোৱে লগ হৈ গৈছিলোঁ।বহুত ভাল লাগিছিল।এতিয়া এই সকলোবোৰ নষ্টালজিয়া হ’ল।কেতিয়াবা বৰ দুখ লাগে

    Reply
    • কমলা দাস

      আজিকালি ৰাস চাব গলেও আগৰ নিচিনা আনন্দ পোৱা নাযায় । ধন্যবাদ জনালোঁ

      Reply
  • ডলী

    হাঃ হাঃ।মই এৰোপ্লেন,চকৰীত উঠিব বহুত ভয় কৰো।

    Reply
    • কমলা দাস

      মই ও নুঠো কেতিয়াও

      Reply
  • Gunjar Das

    ভাল লাগিল ।

    Reply
  • Atul Nath

    মজা জমিছিল?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *