ফটাঢোল

পত্নী সকলৰ মনৰ কথা – দীপাংক বৰা

( শিৰোনামটো দেখি ভুল নুবুজিব । তেৰা সৱৰ মনৰ কথা বুজিব পৰা ক্ষমতা মোৰতো নায়েই…  স্বয়ং ব্ৰহ্মাৰো নাই । কথাবোৰো মোৰ নহয় । মই মাথোঁ নিমিত্তহে । দুদিনমান আগতে পুৰণা বাতৰি কাকত কিনিবলৈ অহা বেপাৰীটোৰ বস্তাৰ ভিতৰত বিবাহিতা মহিলা এগৰাকীৰ  ডায়েৰী এখন উদ্ধাৰ হৈছিল ।  সেইখনৰ কিয়দংশহে সম্পাদিত ৰূপত   ৰাইজৰ আগলৈ আগবঢ়াইছোঁ । )

পত্নী বিলাকক লৈ সৃষ্টি কৰা কৌতুক, হাস্যৰসাত্মক তথা ব্যংগাত্মক লেখাবোৰ পঢ়ি কেতিয়াবা বিৰাট খঙ উঠে মোৰ । সমজুৱাকৈ ব্যক্ত কৰিব নোৱৰা অশ্ৰাব্য গালি কিছুমান মুখলৈ আহে ।  আমি নাৰীবিলাক নাথাকিলে এই মতা মানুহবোৰ দুদিনতকৈ বেছি সংসাৰ চলাব নোৱাৰে । তথাপিতো পেংলাই কৰাৰ কোব কি নাচাবা ! আমাৰ এওঁতো আৰু এখোপ চৰা । প্ৰত্যেক কথাতে  মাইকী মানুহৰ প্ৰতি অৱজ্ঞাসূচক মনোভাৱ  । মুখেৰেতো কয়েই, মাইকী মানুহৰ প্ৰকৃতিগত স্বভাৱক লৈ কাকতে পত্ৰই ব্যংগাত্মক লেখা-মেলাও কৰে ।

মানুহটোক এসেকা কেনেকৈ দিব পাৰি বহুদিনৰ পৰা ভাবি আছিলো । ঘৈণীয়েকবিলাকৰ বদনাম গাই আমাৰ এওঁ লিখা লেখা এটা পঢ়ি আশা কৰিছিলোঁ মই দিব নোৱাৰিলেও আন কোনোবাই দিব চাগৈ ভালকৈ এসেকা । কিন্তু কোনেও দেখোন একো আপত্তি নকৰিলে । অৱশ্যে কোনোবাই মোৰ অজানিতে ফোনত গালি-চালি পাৰিলে যদিও গম নাপাওঁ ।  মোৰ পৰা যিহে কথা লুকুৱায় ! আন নেলাগে, সেই লেখাটো প্ৰকাশ হোৱা আলোচনীখনেই বহুদিন মোৰ পৰা  লুকুৱাই থৈছিল । শাহুৱে নেদেখুৱালে পঢ়িবলৈকে নেপালোঁ হয়,  নাৰীৰ প্ৰতি ইমান অপমানজনক লেখা এটা । হুঁহ.. ঘৈণীয়েকৰ বদনাম গাই লেখক চেলাবলৈ ওলাইছে । সংসাৰৰ মিছা কথা এগাল কৈ আভুৱা ভাৰি প্ৰেমত পেলাই বিয়া পাতিলে । উৱা, বিয়া হৈ শহুৰৰ ঘৰ গচকিলোঁ নে নাই .. মোট সলোৱা সাপডালৰ নিচিনাকৈ মানুহটোৰ ৰূপ-গুণ সকলো সলনি হৈ গ’ল ।

বিয়াৰ আগতে কি চাবা.. মিছা কথাৰ কোব । একো বেয়া বস্তু নাখায়, নাচায়, নুশুঙে । মহাত্মা গান্ধীৰ তিনিওটা বান্দৰৰ গুণ তেওঁৰ মাজতেই যেন বিদ্যমান ।

প্ৰেম কৰি থাকোঁতে নকয় কি ! ময়েই বোলে তেওঁৰ সংগী.. একমাত্ৰ বন্ধু । বিয়াৰ পাছত সন্ধিয়া হ’ল কি নহ’ল.. লগৰমখাৰ লগত আড্ডা দিবলৈ দৌৰ । মহা আড্ডাবাজ । প্ৰেম কৰি থাকোঁতে ঘণ্টাৰ পিছত ঘণ্টা মোৰ লগত কটাব পৰা মানুহটোৰ বিয়াৰ পাছত মোলৈ সময় নোহোৱা হ’ল । আগতে মই অলপ সময় মনে মনে থাকিলেই… “কি হ’ল তোমাৰ… কিয় মন মাৰি আছা.. কিবা এটা কোৱানা” বুলি তেল মৰাৰ কোব কি নাচাবা, আৰু এতিয়া.. হুঁহ… অলপ সময়টো বাদেই দুই-তিনিদিন  নামাতিলেও নোসোধে কি হ’ল বুলি ।
বিয়াৰ আগতে কৈছিল, ময়েই হেনো তেওঁৰ ভাল লগা একমাত্ৰ ছোৱালী । মোৰ বাদে ক’তো চকু নপৰেই । উঃ ৰাম… মতা মানুহনো ইমান মিছলীয়া হ’ব পাৰেনে…  (আমি মাইকী মানুহবোৰেও ইমান মিছা কথা নকওঁ ভাই )!  চকু নিদিয়ে ক’ত….। কথাবোৰ শুনিলে এতিয়া ফেপেৰি পাতি আহিব, কাক চোৱা দেখিছোঁ বুলি । সঁচা কথা হজম কৰিব নোৱাৰে যে । কিন্তু নাচায় কাক ! অকলে থাকিলে ক’ত কি কৰি ফুৰেতো নাজানোৱেই । মই স্বয়ং ঘৈণীয়েকজনী লগত থাকোঁতেই আনৰ ফালে যিটোহে টেলেকা-টেলেক চাৱনি মাৰে । এই মতা মানুহবোৰৰ  চাৱনিটোৰ আঁৰত লুকাই থকা অপ্ৰকাশ্য মনোভাৱটোৰ কথা ভাবি লাজেই লাগে কেতিয়াবা । ছিঃ… । ঘৰত থাকোঁতেও এনেকুৱা কৰে যেন টিভিটোহে তেওঁৰ জীৱন সংগী । আৰু টিভিতনো চায় কিসোপা বুলি ভাবিছে… এফ টিভি, এম টিভি… আৰু বুজি পাওক বা নাপাওক, সংসাৰৰ ইংৰাজী চিনেমাসোপা । কম কাপোৰ পিন্ধা যখিনীকেইজনীয়ে কি গাইছে, কি কৈছে সেইবোৰ চায় নে বেলেগ কিহবাত চকুকেইটা পিটপিটাই  ফুৰে.. নাজানো বুলি ভাবিছে এই অমুকীয়ে । টিভিৰ ৰিমোট অনবৰত হাততেই থাকে । মই অহা যেন গʼম পালেই চেনেল সলনি কৰি ৰামদেৱৰ আস্থাত লগাই কপালভাটি, অনুলোম-বিলোম কৰাৰ ভাও ধৰে ।  আৰু আমি মাইকী মানুহবোৰে  চাই ভালপোৱা চিৰিয়েলবোৰ ফটুৱা বুলি যে কয়.. কিয় বুলি ভাবিছে ? সেইবিলাকত যে এক্ট্ৰেছ কিজনী  গা ঢাকি ওলায়…। ওলাওকচোন সেইকেইজনী চুটি কাপোৰ পিন্ধি; পিছদিনাৰ পৰা দেখিব চিৰিয়েলৰ ভক্ত হৈ পৰিব । পাৰিলে ৰিপিট টেলিকাষ্টো চাব । সেইবিলাক কথা ক’লে এতিয়া মোক সন্দেহবাদী, ঠেক মনৰ বুলি কৈ পেংলাই কৰিব । সন্দেহ নকৰিম কিয় ! মোক কিবা কওঁতে, কথাই কৈছে নে কাজিয়াই কৰিছে ধৰিব নোৱাৰি…ইফালে বেলেগ মাইকী মানুহক কথা কোৱাৰ সুৰ কি শুনিবা…। গানেই গাইছে নে কবিতাই মাতিছে  ধৰিবকে নোৱাৰি । কি মোলায়েম সুৰ ।

বহুদিন খাতিৰ-বাতিৰ কৰাৰ পিছত দুদিনমান ৰাতিপুৱা গাড়ী শিকাবলৈ নিছিল । এদিনতেনো মই কেনেকৈ গাড়ী চলাবলৈ শিকি পেলাম বাৰু ! দুখন ভৰিৰে তলফালে ব্ৰেক, ক্লাট্‌চ আৰু এক্সিলাৰেটৰ চম্ভালিম নে ওপৰফালে দুহাতেৰে  ষ্টিয়েৰিং আৰু গিয়েৰ চম্ভালিম । বাপৰে…. কি গালি ! যেন গাড়ীৰ আবিষ্কাৰ  তেওঁহে কৰিছিল । কেনেকৈ চলাব লাগে তেওঁহে জানে আৰু এই সংসাৰত । মোৰ মাথাত বোলে একোৱেই নাই । গাঁৱলীয়া ফাৰ্মাচীত পোৱা ভুচি-মাৰ্কা মেডিচিনৰ দৰে জাবৰেৰে ভৰা । বাৰু, সেইবিলাক বাদ দিয়ক । গাড়ী চলাবলৈ শিকাৰ দ্বিতীয় দিনা ৰাতিপুৱাই গালি-শপনি সোপা হজম কৰিব নোৱাৰি চকুৰ পানী, নাকৰ পানী একাকাৰ কৰি আধাতে গাড়ী শিকা বাদ দি ৰিক্সাত গুছি আহিলোঁ.. মোক আৰু নিবিচাৰিবা বুলি কৈ । পিছে যামনো কʼলৈ, একমাত্ৰ মানুহটোক এৰি । অলপ পিছত ঘৰলৈ ঘূৰি আহি ময়েই ব্ৰেকফাষ্ট বনাই খুৱাই অফিচলৈ পঠাবলগীয়া হ’ল সেইপাতক ।  দুদিনমান পাছত চুবুৰীয়া শইকীয়ানী ওলালহি, ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতে মোক গাড়ী শিকা দেখিছে দুদিনমান… তেওঁৰো গাড়ী শিকাৰ মন । শইকীয়াদাই গাড়ী চলাব নাজানে কাৰণে পাৰ্ট-টাইম ড্ৰাইভাৰ ৰাখিছে যদিও ৰাতি-বিয়লি কেতিয়াবা ভীষণ অসুবিধা হয় । একেলগে শিকিব পাৰিম নেকি সোধাত ধৰ্ম সংকটত (!) পৰিছিলোঁ ।

ৰাতি কথাটো এওঁক কওঁতে বৰ গুৰুত্ব নিদিয়া যেন লগাত (আপাত দৃষ্টিতহে চাগৈ ! ) মই  ভালেই পাইছিলোঁ । কিন্তু পিছদিনা পুৱা শইকীয়ানী গাড়ীত উঠাৰ পাছৰে পৰা এওঁৰ উৎসাহ কি দেখিবা । আৰু কথাৰ সুৰবোৰ… কথা নহয় যেন গানহে গাইছিল । মই লগত নাথাকিলে চাগৈ শইকীয়ানীক কোঁচত বহুৱাই  দুহাতত ধৰি শিকালে হয় ! সেইদিনাৰ পৰা গাড়ী শিকা বাদ দিলো । দৰকাৰ হ’লে ৰিক্সাত বা টেম্প’তে উঠিম । আৰু শইকীয়ানীয়েও এওঁৰ ওচৰত গাড়ী শিকাৰ কোনো দৰকাৰ নাই । প্ৰয়োজন হ’লে শইকীয়াদাই শিকি ল’ব এওঁৰ পৰা ।

বাৰু বাদ দিয়ক সেইবোৰ… নহ’লে কোনোবা চকুচৰহাই ভাবিব, নিজৰ গিৰিয়েকটোৰ বদনাম গাই ফুৰা  এইজনী কেনেকুৱা ঘৈণীয়েক । জীৱনসংগীৰ বদনাম গোৱাটো স্বামীসকলৰহে বিবাহসিদ্ধ অধিকাৰ ।
মহান স্বামী দেৱতাৰ কথা কৈ থাকিলেতো ওৰকে নপৰিব । আদৰ্শ ভাৰতীয় গিৰীয়েক বুলিলে যি বুজা যায়, তাৰ জীৱন্ত অৱতাৰ । সকলোবোৰ গুণেৰে বিভূষিত । পানী গিলোচো লৈ খাব নিবিচাৰে । আন কাপোৰ-কানি ধোৱাতো বাদেই পাৰিলে তেৰাৰ আণ্ডাৰৱেৰটোও বেলেগে ধুই দিব লাগে । ছোৱালীজনী হোৱাৰ পাছৰে পৰা ল’ৰাটো বুজন হ’ল বুলি তাৰ  সৈতে বেলেগ এটা কোঠাত শোৱা আৰম্ভ কৰিছে । আচল কথা, মোৰ পৰা মুক্তি লভাৰ লগতে ৰাতি কেঁচুৱাৰ কান্দোনৰ বাবে টোপনি ক্ষতি হোৱাৰ ভয় । কেঁচুৱাৰ লগত ৰাতি টোপনি ক্ষতি কৰাটো ঘৈনশণীয়ে বিলাকৰহে দায়িত্ব ।
বছৰে-দুবছৰে মই এসপ্তাহ-দহদিনৰ বাবে মাৰ ঘৰত থকাকৈ যাম বুলি ক’লে বাহিৰত নেদেখুৱাই যদিও জানো নহয় তেৰাৰ মনে মনে কি স্ফূৰ্তি লাগে  । অহাৰ দুদিনমান আগৰে পৰা “কেতিয়া আহিবা কেতিয়া আহিবা” সুধি তৎ নোহোৱা কৰে । মৰমত বুলি ভাবিছে.. নহয়, মই ঘূৰি অহাৰ আগদিনা ভগা লোহা, টিন বটল গোটাই ফুৰা ল’ৰা এটা মাতি আনি মই নথকাৰ সুবিধাত লগৰ মখাৰে সৈতে অস্থায়ী বাৰলৈ পৰিৱৰ্তন কৰা  ঘৰটো  পুনৰ মাইকী মানুহৰ বাসোপযোগী  কৰাৰ বাবেহে খাটাং তাৰিখটো লাগে । চোফাৰ কুচনৰ মাজৰ পৰা ওলোৱা কাজু, বাদাম আৰু চিকেনৰ টুকুৰা নাইবা কোঠাৰ চুকে-কোণে পৰি ৰোৱা ভেকেটা ভেকেট গোন্ধোৱা চিগাৰেটৰ অৱশিষ্টবোৰৰ বাবে ধৰাও পৰে । কিন্তু নিলাজৰ লাজ নাই । পোন্ধৰ বছৰ এনেকৈয়ে চলি আহিছে, চলি থাকিব বুলিয়েই ভাবে ।

এবাৰ বিয়াৰ অলপ দিন পাছতে এওঁ অফিচত কিবা জৰুৰী কাম থকাৰ অজুহাতত নাযায় বুলি কোৱাত ঘৰৰ ওচৰৰে শৈশৱৰ বান্ধৱী এজনীৰ বিয়া খাবলৈ বুলি অকলেই বাচত যাবলৈ ওলাইছিলোঁ । পিছদিনাই ঘুৰি অহাৰ কথা । দুপৰীয়া মোক বাচত উঠাই দি তেওঁ অফিচলৈ গৈছিলগৈ । বিধিৰ বিপাক । অলপদূৰ গৈ ৰাস্তাতে বাচখন বেয়া হোৱাত সন্ধিয়াৰ কানিমুনি পৰত  ঘৰলৈ ঘূৰি আহি দেখো সাংগোপাংগৰে সৈতে তেওঁলোকৰ  মজলিচ্ বহি গ’ল ইতিমধ্যে । ইফালে বাহিৰত বেলি ভালদৰে বহাই  নাই তেতিয়ালৈকে । স্বচক্ষে সেই মজলিচ্ দেখাৰ পাছত  মোৰো সুধিবলৈ একো নাছিল, তেওঁলোকৰো ক’ব লগা একো নাছিল ।  অলপ পিছত বিৰক্ত হৈ ওলাই যোৱা কোনোবা এজনে বাহিৰৰ বাৰাণ্ডাত ভৰি থৈয়েই অশ্লীল শব্দ এটাৰে সৈতে কোৱা শুনিলোঁ, “চেঃ..সন্ধিয়াটো বৰ্বাদ হৈ গ’ল !” বেচেৰাহঁতলৈ বেয়াও লাগিছিল ।  এবাৰ ভাবিছিলো ওভোতাই মাতি আনি সন্ধিয়াটো উপভোগ কৰিবলৈ কওঁ । কিন্তু নাই, নামাতিলোঁ । আসৈতো পাবই, লগতে তেওঁলোকৰ  শ্ৰীমতীহঁতেও মোক কি বুলি ভাবিব ঠিকনা নাই । কাৰণ সেইকেইজনীও ঘৈণীয়েকহে ।

এনেকুৱা অলেখ কথা আছে । আগতে কৈছোঁৱেই নহয়, স্বামীপুৰাণ গাবলৈ গ’লে এই জনমত শেষ নহ’বগৈ । গতিকে পৰ জনমৰ শুভ লগনত এইপাতৰ সৈতে আকৌ বিয়া-চিয়া হয় যদি তেতিয়া গাম দিয়ক সেইসোপা কথা  ।

( পুনশ্চ : এইবোৰ মোৰ কথা নহয় দেই ।  মই মাথো লেখকহে ।)

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *