ফটাঢোল

জোনবাইৰ দেশলৈ – সমুজ্জ্বল কাশ্যপ

(২০০৮ চন)

ডুমুনীচকীৰ পৰা ৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সোণাপুৰ গাঁও। একমাত্ৰ বাছ আস্থানটোৰ পৰা চাৰি কিলোমিটাৰমান আগুৱাই গ’লেই আঘোণাৰ ঘৰখন। ঘৰ বুলিবলৈ বাঁহৰ চাৰিবেৰৰ ওপৰত তেনেই সাধাৰণভাৱে বান্ধি থোৱা খেৰৰ চালি দুখন।

বৰনদীৰ পানীয়ে বছৰি তিনিবাৰকৈ ভাঙি পেলোৱা পঁজাটোত পত্নী আৰু দুই সন্তানৰ সৈতে আঘোণাৰ সৰু পৰিয়ালটো। সম্পত্তি বুলিবলৈ ঘৰৰ সম্মুখত মাটি অলপ আছে। সেই মাটিখিনিত বিভিন্ন শাক-পাচলিৰ খেতি কৰি নিজৰ পৰিয়ালটো যেনে তেনে পোহ-পাল দি আহিছে। ‘পোনা’ আৰু ‘কণ’ পঢ়াত ভাল, কিন্তু আৰ্থিক অৱস্থাটোৰ বাবে সিহঁতে স্কুললৈ যোৱা বাদ দিছে।

এদিন বন্ধু এজনৰ পৰামৰ্শ মতে আঘোণাই বিভিন্ন শাক-পাচলি, ফল-মূলৰ বীজ আনি বিজ্ঞানসন্মতভাৱে খেতি আৰম্ভ কৰে। হাইব্ৰিড শাক-পাচলিৰ খেতি। স্বামী-স্ত্ৰী আৰু ল’ৰা দুটা মিলি খেতিডৰাত অশেষ কষ্ট কৰে। তেওঁলোকৰ কষ্ট সাৰ্থক কৰি, সেইবাৰ খেতি যথেষ্ট ভাল হয়। সাপ্তাহিক বজাৰত আঘোণাৰ শাক-পাচলিৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে। আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে কিছু সকাহ পায়। লাহে লাহে আঘোণাই ইটোৰ পিছত সিটোকৈ নতুন নতুন শাক-পাচলিৰ খেতি কৰি যায় আৰু আন খেতিয়কসকলকো এইবিষয়ে বিভিন্ন উপদেশ দিয়ে। অকল সোণাপুৰেই নহয়, সমগ্ৰ দৰং জিলাতেই আঘোণা জনপ্ৰিয় হৈ উঠে।

চাৰিওফালে আঘোণাৰ কথা বিয়পি পৰে। অসমৰ বিভিন্ন ঠাইৰ পৰা আঘোণাৰ পৰামৰ্শ বিচাৰি খেতিয়কসকল সোণাপুৰলৈ আহে। আঘোণাই যাকেই যেনেদৰে পাৰে হাইব্ৰিড শাক-পাচলিৰ বিষয়ে শিকাই যায়। তেওঁৰ একাগ্ৰতা দেখি কেইবাটাও বেচৰকাৰী সংস্থা আগুৱাই আহে আৰু তেওঁলোকৰ জৰিয়তে আঘোণা চৰকাৰৰ দৃষ্টিগোচৰ হয়। কৃষিকৰ্মত পৰীক্ষা-নিৰীক্ষা চলোৱা বাবে অসম চৰকাৰে তেওঁলৈ সহায় আগবঢ়ায়।

আঘোণাৰ বাবেই সোণাপুৰলৈ এতিয়া কেইবাখনো বাছ চলে। ‘পোনা’ আৰু ‘কণ’ৰ স্কুলো পুনৰ আৰম্ভ হৈছে। লাহে লাহে আঘোণাৰ খেৰী ঘৰটোও দুটা কোঠাৰ পকীঘৰ হৈছে।

*

দিনবোৰ সুকলমে পাৰহৈ গৈ আছিল।
এনেতে এদিন ‘ড্ৰেগন ফল’ৰ খেতি কৰা প্ৰথমজন অসমীয়া খেতিয়ক হিচাপে আঘোণা সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ লʼবলৈ দিল্লী অভিমুখে ৰাওনা হ’ল। ৰাষ্ট্ৰপতি ভৱনত পুৰস্কাৰ লোৱাৰ সময়ত বৰপুত্ৰ ‘পোনা’ও লগত আছিল।

পিছে তেওঁলোকৰ এই আনন্দৰ সময়চোৱাত, বাটতে ঘাট পাতি থকা ধুমুহা‌জাকৰ কথা কোনেও কল্পনা কৰা নাছিল।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা অসম ভৱনলৈ উভতি অহাৰ বাটত দিল্লীৰ কনৌট প্লেচৰ ওচৰত কেইবাখনো গাড়ীয়ে আঘোণা উঠি অহা অটোখন আগচি ধৰিলে। কোনেও একো বুজি পোৱাৰ আগতেই দুয়োকে মুখত ক’লা কাপোৰেৰে বান্ধি আঁতৰাই লৈ যোৱা হ’ল।

সেইযে গ’ল, মানুহজনৰ ক’তো একো খবৰেই নোলাল। ইফালে গাঁৱত স্বামী আৰু পুত্ৰৰ শোকত মামনিয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। সৰু পুতেক ‘কণ’ক বুকুত সাৱটি সিহঁত দুটা ঘূৰি আহিব বুলি কেৱল পদূলি মূৰলৈ চাই ৰ’ল।

চৰকাৰৰ ফালৰপৰা আঘোণাক বিচাৰি উলিওৱাৰ কোনো তৎপৰতা দেখা নগ’ল। পত্নীৰ নামত কিছু আৰ্থিক সাহায্য দি বিষয়টো গাপ দিবলৈহে চেষ্টা কৰা হ’ল।

আৰু মামনি…
দিনৰ পিছত মাহ, আৰু মাহৰ পিছত বছৰ মানুহজনৰ অপেক্ষাত কটাই দিলে।

*

(২০১৯ চন)

পদাৰ্থবিজ্ঞানৰ স্নাতক হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ ওলাইছে কণ। গুৱাহাটীৰ হোষ্টেলত থাকিব। তাৰ অনুপস্থিতিত গাঁৱৰে এগৰাকী মহিলা মাকৰ লগত থাকিব। মানুহগৰাকীয়েও আপত্তি কৰা নাই……. তেওঁকো এজন সঙ্গীৰ প্ৰয়োজন।

জানুৱাৰী মাহৰ সন্ধিয়া, পিঠিত বেগটো ওলোমাই ‘কণ’ ঘৰৰ পৰা ওলাল। মাকৰ চকুদুটা সেমেকা, ল’ৰা ঘৰৰ পৰা আঁতৰি থাকিব, চিন্তাৰ কথাই। তাতে আকৌ কোনোদিনে বাহিৰ নোলোৱা ল’ৰা।

: মা….মই আহিছোঁ। — ভৰি দুখন চুই কণে মাকক সাৱটি ধৰিলে।

: যা। ……ভালদৰে খোৱা-মেলা কৰিবি।

: হ’ব বাৰু, মই ফোন কৰিম।

: ভালদৰে থাকিবি দেই……। – মাতটো অলপ থোকা-থুকি হৈছে মামনিৰ।

: হ’ব দে। মই পোৱালি হৈ থকা নাই নহয়।

: বেগত তই ভাল পোৱা নাৰিকলৰ লাড়ু দুটামান আৰু কৰ্দৈৰ আচাৰ দিছোঁ, খাবি।

: ঠিক আছে। তই ভালদৰে থাকিবি। – মাকৰ দুগালেৰে বাগৰি অহা চকুপানীখিনি মচি ‘কণ’ ওলাই আহিল।

মাকে অলপ আগুৱাই আহি বাৰান্দাৰ খুঁটাটোত আউজি সি ওলাই যোৱা বাটৰ পিনে চাবলৈ ধৰিলে। বাহিৰত বাঁহৰ জেওৰাখন আঁতৰোৱাৰ শব্দ হ’ল কিন্তু এন্ধাৰৰ মাজেৰে একো নেদেখিলে। জানুৱাৰী মাহৰ সন্ধিয়া, কুঁৱলীৰ চাদৰে গোটেইখন ঢাকি থৈছিল।

আজিৰ পৰা ১১ বছৰ আগতে ঠিক একেদৰেই বৰপুত্ৰ আৰু স্বামী ওলাই গৈছিল একেটা বাটেৰে….!!

: ২১ বছৰ হ’ল কণৰ, এতিয়াও মাকৰ লগত একেলগে শুৱে। অকলে হোষ্টেলত কেনেকৈ থাকিব, কি খাব..!!?? — কথাবোৰ ভাবি ভাবি মানুহজনীৰ মনতো ভাগি পৰিছিল।

*

কেঁকুৰীটো পাৰ হৈ সি বাঁহজোপাৰ আঁৰত ক’লা ৰঙৰ দীঘলীয়া গাড়ী এখন ৰৈ থকা দেখিলে। ইফালে সিফালে চাই ওচৰত কোনো নথকা বুলি নিশ্চিত হৈ গাড়ীখনত সোমাই পৰিল। সি উঠা মাত্ৰকে গাড়ীখন সেই ঠাইৰ পৰা আঁতৰি গ’ল।

: কিহে ডেকা ল’ৰা, একেবাৰে সাজু হৈ আহিছা? – গাড়ীখনৰ আগফালে বহি থকা টংকেশ্বৰ খুড়াই মাত দিলে।

: একদম সাজু খুড়া।

: মাই সন্দেহ কৰিছে নেকি? – ডিঙিটো পিছলৈ বেঁকা কৰি খুড়াই কণৰ মুখলৈ চালে।

: নাই! কিন্তু এনেকৈ মিছা কথা কৈ আহিব মোৰহে ভাল লগা নাই…..! – মাকৰ মুখখন কণৰ চকুৰ আগত ভাঁহি আহিছিল।

: একো নাই, আমিবোৰ আছো নহয়।

: ওঁ। – মনে মনে কণে মূৰটো দুপিয়ালে।

: ওঁ মানে..? হাঁহিব লাগেহে ডেকা ল’ৰা, কিয় মন মাৰি আছা….?? ইমান ভাল কাম এটাত ওলাইছা তুমি…..!!

কণে হাঁহিবলৈ চেষ্টা কৰিছিল, কিন্তু হাঁহিটো ভালদৰে ওলাই নাহিল। এটা অজান আশংকাত তাৰ কলিজাটোৱে তেতিয়া ধপ্‌ধপাই আছিল। তাৰ অৱস্থাটো দেখি, গাড়ীখনত আগৰে পৰা বহি থকা আন কেইজনমান ব্যক্তিয়ে হাঁহি দিলে। কণে তেতিয়াহে মন কৰিলে সি অকলশৰীয়া নহয়, আন দুজন মানুহো আছে তাত। মনত অলপ সাহস গোটাই পৰিস্থিতিৰ লগত সহজ হ’বলৈ চেষ্টা কৰিলে।

*

টংকেশ্বৰ খুড়া।
মানুহজনৰ ঘৰ ক’ত কোনেও নাজানে। গাঁৱৰ চাৰিআলিটোৰ কাষৰ দোকানখনত সৰুৰেপৰাই তেওঁক দেখি আহিছে। বয়স ৫০ৰ ওপৰত যদিও মনটো এতিয়াও ২৪ বছৰীয়াটো হৈ আছে। অনবৰতে হাঁহি-স্ফূৰ্ত্তি কৰি থকা মানুহজনক গাঁৱৰ সকলোৱে ভাল পায়। কথাৰ মাজতে সম্মুখত থকাজনৰ পেটত গুদ্‌গুদাই দিয়াটো তেওঁৰ স্বভাৱ। সৰুবোৰে কথাটোত বৰ আমোদ পায়, কিন্তু ডাঙৰবোৰে অলপ অস্বস্তিবোধ নকৰাও নহয়।

সিদিনা নৈৰ পাৰত বহি তেওঁ যিখিনি কথা ক’লে, তাৰ জীৱনলৈ এটা সাংঘাটিক পৰিৱৰ্তন আনিবলৈ সেয়া যথেষ্ট আছিল। প্ৰথমতে তেওঁৰ কথাবোৰ বিশ্বাস কৰিবৰ টান হৈছিল যদিও কথাখিনিৰ সত্যাসত্য বিছাৰি চাবলৈ সি মান্তি হৈছিল। এই বিষয়ে ক’তো একো নুলিয়ায় বুলি চৰ্ত কৰিবলগীয়াও হৈছিল।

মাকক অকলশৰে এৰিবলৈ মনটোৱে মনা নাছিল। দুয়ো ইটোৱে সিটোক এৰি আজিলৈ থাকি পোৱাই নায়। গুৱাহাটীৰ হোষ্টেলত থাকিম বুলি মিছা কৈ আহিছে মাকক।

যিটো কামত ওলাইছে, সফল হ’লে জীৱনৰ বহুতো খেলিমেলিৰ সমিধান ওলাই পৰিব– এই ভাবিয়েই টংকেশ্বৰ খুড়াৰ কথাত সি সন্মতি দিছিল। গাড়ীখনৰ পিছৰ ছিটত বহি, যোৱা কিছুদিনত হৈ যোৱা বিভিন্ন নাটকীয় কথাবোৰ এফালৰ পৰা সি ভাবি গ’ল।

*

: দেউতালৈ মনত পৰেনে, কণ?

: কিয় নপৰিব খুড়া, সদায়ে পৰে। মাৰ মুখখন দেখিলে আৰু মনত পৰে। ক’ত, কেনেকৈ বিচাৰি উলিয়াম তাকেই ভাবি থাকোঁ। জীয়াই আছেনে নাই, সেয়াও নাজানো।

: মই যদি কওঁ তোমাৰ দেউতা জীয়াই আছে………!

: আপুনি কেনেদৰে জানিলে? – অলপ আচৰিত হৈছিল কণ।

: তোমাৰ দেউতা চন্দ্ৰত আছে। – কণৰ মুখলৈ বেঁকাকৈ চাই তাৰ মনৰ ভাৱটো জানিবলৈ চেষ্টা কৰিলে টংকেশ্বৰ খুড়াই।

: কি…!!? চন্দ্ৰত….!!?? কেনেকৈ…?…. কি ধেমালি কৰিছে এইবোৰ খুড়া……!!??? – কপালৰ সিৰবোৰ কোচ খাই আহিছিল তাৰ।

: মই কেতিয়াও ধেমালি নকৰোঁ। সেয়া মোৰ কাম নহয়।

: মোৰ দেউতা..জীয়াই আছে…!! আৰু আছেগৈ চন্দ্ৰত!

: তোমাৰ দেউতা আৰু দাদা দুয়োজনেই জীয়াই আছে।

: এইবোৰ কি কৈছে খুড়া? কিয় ধেমালি কৰি আছে..?

: ঠিকেই কৈছোঁ। শুনি আচৰিত হৈছা নহয়?

: হ’ব নালাগিছিল নেকি? মোক ভালদৰে ক’বনে… কথাটো আচলতে কি??

: ২০০৮ চনত তোমাৰ দেউতাক ‘ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা’ৰ ফালৰ পৰা চন্দ্ৰলৈ পঠিওৱা হৈছিল। কেইজনমান বিজ্ঞানীয়ে চন্দ্ৰৰ মাটি অধ্যয়ন কৰিবলৈ তেওঁক লগত লৈ গৈছিল। তোমাৰ দেউতাই কোনো আনুষ্ঠানিক শিক্ষা অবিহনে মাটিৰ গুণাগুণৰ বিষয়ে ভালদৰে জানে আৰু সেয়েহে তেওঁক এই অভিযানৰ বাবে লোৱা হৈছিল।

: কি?…..আৰু দাদা?

: তোমাৰ দাদা সেইসময়ত দেউতাৰ লগতে আছিল আৰু গোপনে তেওঁক অনুসৰণ কৰি মহাকাশযানখনত সোমাই পৰিছিল। সকলোৰে লগত তোমাৰ দাদাও চন্দ্ৰ গৈ পোৱা কথাটো আমি পিছত গʼম পাইছিলোঁ।

: আমি মানে ….? আপুনিও এইবোৰত জড়িত আছে!!?

: ময়ো সেই মহাকাশ বিজ্ঞান সংস্থাটোৰ এজন কৰ্মচাৰী। তোমালোকৰ পৰিয়ালটোৰ সুৰক্ষাৰ বাবে যোৱা ১০ বছৰৰ পৰা ইয়াত নিয়োজিত হৈ আছোঁ।

: এইবোৰ কি কৈছে….!! মই একো বুজা নাই। এয়া জানো সম্ভৱ? মোৰ বিশ্বাস হোৱা নাই খুড়া।

: নিশ্চয় সম্ভৱ। তোমাৰ দেউতাই উদ্ভাৱন কৰা বিভিন্ন হাইব্ৰিড শাক-পাচলি আৰু আন কিছুমান উদ্ভিদৰ ওপৰত গৱেষণা কৰাৰ বাবে কৃষি বিজ্ঞানীৰ দলটো চন্দ্ৰলৈ পঠিওৱা হৈছিল, ২০০৮ চনত। “চন্দ্ৰযান-১” অভিযানৰ লগত, সম্পূৰ্ণ গোপনে কৰা হৈছিল সেই কামটো।

: কি কৈছে এইবোৰ….?? কিয় এই বিষয়ে আমাক একো জনোৱা হোৱা নাই আজিলৈ..??

: ‘চন্দ্ৰযান-১’ ত যে মানুহ আছিল, সেয়া চৰকাৰে সদৰি কৰিব বিচৰা নাছিল।

: কিন্তু ইমান বছৰে কি কৰিছে? তেওঁলোক কেতিয়া ঘূৰি আহিব? আৰু আমাৰ সুৰক্ষাৰ বাবে আপুনি ইয়াত থকা কথাটো নুবুজিলোঁ।

: সেইটোৱেই সমস্যা।

: কিয়? – উত্তেজিত কণৰ চকুদুটা তিৰ্‌বিৰাই আছে।

: ২০০৯ চনত আমাৰ চুবুৰীয়া দেশৰ পৰা যোৱা এটা মহাকাশযাত্ৰীৰ দলে ভাৰতীয় বিজ্ঞানীৰ দলটোক চন্দ্ৰৰ বুকুত বন্দী কৰে। চন্দ্ৰৰ বুকুত গোপনে স্থাপন কৰা স্পেচ চেণ্টাৰ এটাৰ বিষয়ে ভাৰতীয় বিজ্ঞানীসকলে গʼম পাইছিল। ভাৰতৰ লগতে আন বহুতো দেশৰ ওপৰত চোৰাংকৈ নজৰ ৰখাৰ উদ্দেশ্যে সেইটো বনাইছিল সিহঁতে। আমাৰ বিজ্ঞানীকেইজনক সিহঁতে বন্দী কৰি থৈছে।

: কি কয়…?? চন্দ্ৰত এনেদৰে মানুহ যোৱা সম্ভৱ জানো..?

: সম্ভৱ হৈছে। বহু বছৰৰ পৰা চন্দ্ৰলৈ বিভিন্ন দেশৰ মানুহ অহা-যোৱা কৰি আছে। এই কথাবোৰ গোপনে ৰখা হয়। মহাকাশ বিজ্ঞানৰ প্ৰগতিৰ বিষয়ে আমি কল্পনাও কৰিব নোৱাৰোঁ। চৰকাৰী-বেচৰকাৰী এনেকুৱা বিভিন্ন প্ৰচেষ্টা অহৰহ্ চলি আছে, যিবোৰৰ বিষয়ে সৰ্বসাধাৰণ মানুহক জানিবলৈ দিয়া নহয়।

: চৰকাৰে কি ব্যৱস্থা লৈছে এইবিষয়ত? দেউতা আৰু দাদাক ঘূৰাই আনিব পাৰিবনে?

: তেওঁলোকক ঘূৰাই অনাৰ কাম আইনীভাৱে প্ৰায় সম্পন্ন হৈ উঠিছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক হেঁচাত চুবুৰীয়া দেশখনে আটাইকেইজন বন্দীকে মুকলি কৰি দিবলৈ সন্মত হৈছে। চৰ্ত মতে বন্দীকেইজনৰ পৰিয়ালৰ কোনোবা তালৈ গʼলে তেওঁলোকক মুকলি কৰি দিয়া হ’ব। তাত গৈ পৰিয়ালৰ লোকসকলৰ ‘ডি এন এ’ টেষ্ট কৰিব আৰু সেইমতে তেওঁলোকক মুকলি কৰা হ’ব।

: তাৰ মানে মই ……যাব লাগিব …..চন্দ্ৰলৈ..??!!

: তেনেকুৱা বুলিয়েই ধৰা।

আনন্দত আত্মহাৰা হৈ পৰিছিল কণ। চন্দ্ৰলৈ যাব বুলি নহয়, দেউতাক আৰু দাদাক জীয়াই আছে বুলি শুনিহে। দৌৰি গৈ মাকক যেন এতিয়াই সকলো ক’ব, চিঞৰি চিঞৰি গোটেই গাঁওখনকে জনাব। কিমান আনন্দ তাৰ। কিন্তু টংকেশ্বৰ খুড়াই এই বিষয়ে কাকো একো ক’ব নোৱাৰিব বুলি সকীয়াই দিছিল।

টংকেশ্বৰ খুড়াই কৈছিল, চুবুৰীয়া দেশখনে ‘চন্দ্ৰযান-১’ৰে মহাকাশলৈ যোৱাসকলৰ পৰিয়ালবোৰক নিঃশেষ কৰিবলৈ বিচাৰি ফুৰিছে, যাতে কাৰো ডি এন এৰ চেম্পল পোৱা নাযায়। চন্দ্ৰৰ পৰা সিহঁতে বন্দীসকলক ঘূৰাই পঠিয়াব বিচৰা নাই। কিন্তু ভাৰত চৰকাৰে সকলোৰে সুৰক্ষাৰ দিশত কাঢ়া নজৰ দি আহিছে।

*

: ব’লা ডেকা ল’ৰা, নামিবৰ হ’ল।

টংকেশ্বৰ খুড়াৰ মাতত খকামকাকৈ সাৰ পালে কণে। টোপনিটোৱে হেঁচি ধৰিছিল তাক! এনেদৰে কিমান দেৰি গাড়ীত বহি আছিল একেবাৰে মনত নাই। বাহিৰত যথেষ্ট পোহৰ দেখি সি ইফালে-সিফালে চালে, কিন্তু সেয়া দিনৰ নে লাইটৰ পোহৰ ভালদৰে বুজি নাপালে।

: আমি এতিয়া ক’ত খুড়া?

: এয়াৰপৰ্ট, গুৱাহাটী এয়াৰপৰ্ট। হে হে হে।

টংকেশ্বৰ খুড়াৰ কথামতে গাড়ীখনৰ পৰা সি নামি আহিল। নামিয়েই খুড়াৰ ৰূপটো চালে। ক’লা চুট পৰিহিত মানুহজন আজি সম্পূৰ্ণ বেলেগ যেন লাগিছে। ধুতিখন মেৰিয়াই পাঞ্জাবী চোলাটোৰ জেপত সুমুৱাই লোৱা টংকেশ্বৰ খুড়াক আজি জোতা-মোজা, লংপেণ্ট-চুটেৰে দেখি প্ৰথমতে ভালদৰে ধৰিবই পৰা নাছিল। খুড়াৰ পিছে পিছে আটাইকেইজন এয়াৰপ’ৰ্টৰ ভিতৰলৈ সোমাই গ’ল।

‘স্পাইচজেট’ৰ সৰু প্লেনখনলৈ লৈ যোৱা হ’ল তাক। এৰোপ্লেনত এয়া প্ৰথম উঠিছে কণ। প্লেনখনে উৰা মাৰোঁতে বৰ ভয় খাইছিল সি। টংকেশ্বৰ খুড়াৰ হাতখনত খামুচি নিজকে সংযত কৰিবলৈ চেষ্টা কৰিছিল। চিঞৰটো কোনোমতেহে ওলোৱা নাছিল।

গুৱাহাটীৰ পৰা তিনিঘণ্টা যাত্ৰাৰ অন্তত প্লেনখন বাঙ্গালুৰু পালে। এয়াৰপৰ্টৰ পৰা চিধাই তাক ‘বিমানপুৰা’ নামৰ ঠাইডোখৰলৈ লৈ যোৱা হ’ল।

ইউ. আৰ. ৰাও চেটেলাইট চেণ্টাৰ গেষ্ট হাউচৰ ১৬ নম্বৰ কোঠাটোৰ ভিতৰত তাৰ থকাৰ ব্যৱস্থা কৰা হ’ল। ইয়াত এটা ট্ৰেইনিং হ’ব। টংকেশ্বৰ খুড়াই কৈছিল, ট্ৰেইনিংৰ শেষত তাৰ লগতে আন তিনিজন মানুহক মহাকাশলৈ পঠিয়াব।

: মাৰ কাৰণে একো চিন্তা নকৰিবা, তেওঁক মই যি ক’ব লাগে কম। তেওঁ সম্পূৰ্ণ সুৰক্ষিত থাকিব। তুমি মাত্ৰ ভালদৰে ট্ৰেইনিংটো পূৰা কৰা আৰু সুকলমে কামটো কৰি ঘূৰি আহা।

: ঠিক আছে খুড়া।

: খুড়া নহয়, চাৰ বুলি কʼবা মোক ইয়াত। সন্মান এটা আছে ভাই। হে হে সে সে!!!

: ঠিক আছে বাৰু। মাক ভালদৰে চাব।

: একদম বিন্দাছ থাকা তুমি।

*****

২২ জুলাই। ২০১৯।
সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা গৌৰৱৰ দিন। আজি দ্বিতীয়খন ভাৰতীয় মহাকাশযান চন্দ্ৰলৈ উৰা মাৰিব। “চন্দ্ৰযান-২”!!

নিৰ্ধাৰিত সময়মতে দুপৰীয়া ২ বাজি ৪৩ মিনিটত, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোট্টাৰ ‘সতীশ ধাৱান স্পেচ ৰিচাৰ্ছ চেণ্টাৰ’ ৰ ২ নং লঞ্চপেডৰ পৰা “প্ৰজ্ঞান” নামৰ লুনাৰ ৰভাৰখন, “বিক্ৰম” নামৰ লেন্দাৰখন আৰু “লুণাৰ অৰবিটাৰ”খন লৈ “জি. এছ্. এল. ভি. এম. কে.” ৰকেটটোৱে মহাকাশলৈ উৰা মাৰিলে। দেশৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা হ’ল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয় মহাকাশ বিজ্ঞনীসকললৈ শুভেচ্ছাবাণী পঠিয়ালে। সমগ্ৰ দেশত উখল-মাখল পৰিবেশৰ সৃষ্টি হ’ল। চন্দ্ৰৰ বুকুত ভৰি দিবলৈ ওলোৱা চতুৰ্থখন দেশ হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হ’ল ভাৰত।

চন্দ্ৰযানৰ লগত সমান্তৰালভাৱে চলোৱা গোপন অভিযানটোৰ বিষয়ে আন চাৰিজন বিশেষ ব্যক্তিয়ে গʼম পাইছিল। এওঁলোক হৈছে “ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা”ৰ চীফ শিবানন, চিকিউৰিটি অফিচাৰ টংকেশ্বৰ শৰ্মা, ড০ পুৰুষোত্তম ৰাণা আৰু স্বয়ং ভাৰতৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়া। এক গোপন স্থানৰ পৰা এওঁলোকে চন্দ্ৰযানৰ গতিবিধি নিৰীক্ষণ কৰি আছিল।

“প্ৰজ্ঞান” নামৰ লুণাৰ ৰভাৰখনৰ এটা গোপন কক্ষত কণৰ লগতে আন তিনিজনক সুমুৱাই দিয়া হ’ল। এওঁলোক চাৰিজনৰ উপৰি চন্দ্ৰযানত এগৰাকী মহাকাশ বিজ্ঞানী আৰু এজন সামৰিক বিষয়াও আছিল।

২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা জুনলৈ এওঁলোকৰ ট্ৰেইনিং হৈছিল। ট্ৰেইনিঙৰ সময়ছোৱাত এওঁলোকে প্ৰফেছাৰ পুৰুষোত্তম ৰাণাৰ তত্বাৱধানত মহাকাশৰ সকলো ৰহস্য আয়ত্ত কৰি লৈছিল।

ৰকেটৰ পৰা বিচ্ছিন্ন হৈ আগষ্টৰ ২০ তাৰিখে চন্দ্ৰৰ কক্ষপথত ভাৰতীয় মহাকাশ যানখন প্ৰৱেশ কৰে।

৭ চেপ্তেম্বৰ!
ৰাতিপুৱা ১ বাজি ৪৫ মিনিটত “বিক্ৰম” নামৰ লেন্দাৰখনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ যো-জা চলাইছে। ঠিক তেনেতে “প্ৰজ্ঞান”ৰ গোপন কোঠাৰ পৰা ওলাই সামৰিক বিষয়াজন “বিক্ৰম”ত প্ৰৱেশ কৰে আৰু যানখনৰ ‘কমিউনিকেশ্বন চিষ্টেম’টো বিকল কৰি দিয়ে। উদ্দেশ্যে আছিল যানখন অৱতৰণ কৰাৰ সময়ত বিশ্ববাসীৰ পৰা লাইভ ভিজুৱেলছবোৰ লুকুৱাই ৰখা।

চাৰিওফালে হাহাকাৰ লাগি পৰিল। যান্ত্ৰিক বিজুতিৰ বাবে “চন্দ্ৰযান-২” অভিযান অসফল হোৱা বুলি মিডিয়াত প্ৰচাৰ কৰি দিয়া হ’ল। সকলো ভাৰতীয়ৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকল নিৰাশ হৈ পৰিল।

সেই সময়চোৱাত সকলোৰে অজ্ঞাতে লেন্দাৰ “বিক্ৰম” নিৰ্ধাৰিত সময় মতে চন্দ্ৰত অৱতৰণ কৰিলে। আটাইকেইজন ব্যক্তি চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱা মাত্ৰকে চন্দ্ৰৰ বুকুত থকা গোপন স্পেচ চেণ্টাৰটোলৈ লৈ যোৱা হ’ল। পৰিয়ালৰ মানুহখিনি দেখি সকলো আনন্দত আত্মহাৰা হৈ পৰিল। সময় অপচয় নকৰি সকলোৰে ‘ডি এন এ’ টেষ্ট হ’ল আৰু সেইমতে সকলোকে ভাগে ভাগে পৰিয়ালৰ সদস্যৰ হাতত গতাই দিয়া হ’ল।

দুয়োটাকে জীৱিত অৱস্থাত দেখি আনন্দত কণে পাহৰি গৈছে তাৰ কৰ্তব্য। সাৱটি ধৰিছে দুয়োকে। শৰীৰৰ পোছাকযোৰৰ বাবে ভালদৰে স্পৰ্শ কৰিব পৰা নাই দেউতাকক। পোনাক চুই চাইছে, সি সম্পূৰ্ণ বেলেগ হ’ল দেখিবলৈ।

সামৰিক বিষয়াজনে আৱেগিক হ’বলৈ মানা কৰিছিল সকলোকে। যেনে-তেনে নিজকে সংযত কৰি প্ৰয়োজনীয় ডকুমেণ্টবোৰ অদলা-বদলি কৰি ততাতৈয়াকৈ আটাইকে ৰভাৰযানখনলৈ অনা হ’ল। আৰু ৮ চেপ্তেম্বৰৰ পুৱাই আন এখন ৰভাৰযান চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱী অভিমুখে ওভতনি যাত্ৰা আৰম্ভ কৰিলে।

**

এই তথ্যবোৰ অতি সোনকালেই হয়তো মিডিয়াত প্ৰচাৰ হ’ব বা নহ’বও পাৰে। চন্দ্ৰৰ বুকুত প্ৰকৃততে কি হৈছিল সেয়া পৃথিৱীবাসীৰ বাবে চিৰদিনলৈ হয়তো সাঁথৰ হৈ ৰ’ব।

চন্দ্ৰত এতিয়া ৰাতি, পৃথিৱীৰ ১৫ দিনৰ অন্তত চন্দ্ৰত ৰাতিপুৱাব। হয়তো চন্দ্ৰত ৰাতিপুৱালে ‘বিক্ৰম’ৰ সৈতে সম্পৰ্ক স্থাপন হোৱা বুলি ঘোষণা কৰা হ’ব। তাৰ পিছত পাঁচ বছৰলৈকে চন্দ্ৰযান মহাকাশত থাকিব।

২০০৮ চনত, ‘চন্দ্ৰযান-১’ ৰ সময়ত হোৱা ঘটনাটোত জড়িত কেইটামান পৰিয়ালৰ মুখত হাঁহি ঘূৰাই অনাৰ এই দীঘলীয়া প্ৰয়াসৰ অৱশেষত সফল সমাপ্তি ঘটিল, ‘চন্দ্ৰযান-২’ ৰ জৰিয়তে।

ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থাৰ গোপন কমিটীখনে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই চেষ্টাৰ শলাগ ললে। ‘চন্দ্ৰযান-১’ আৰু ‘চন্দ্ৰযান-২’ ৰ সফল টেষ্টিঙৰ পিছত ভাৰত চৰকাৰ এতিয়া চন্দ্ৰৰ বুকুত থকা গোপন স্পেচ চেণ্টাৰটোৰ বিষয়ে আমেৰিকাৰ লগত আলোচনাত ব্যস্ত। এই বিষয়ে হয়তো, অতি সোনকালেই আনুষ্ঠানিকভাৱে চন্দ্ৰলৈ মানুহ পঠিওৱা হ’ব।

……..

আৰু সোণাপুৰৰ ঘৰখনত….

মাকৰ চকুদুটা পিছফালৰ পৰা ঢাকি কণে তেওঁক বাহিৰলৈ লৈ আনিলে। চোতালত থিয় হৈ থকা ‘আঘোণা’ আৰু ‘পোনা’ৰ সম্মুখলৈ আনি মাকৰ চকুৰ পৰা হাতদুখন লাহেকৈ আতঁৰাই দি কʼলে…….

: জোনবাইৰ দেশৰ পৰা তোলৈ তৰা আনিছোঁ, মা….!!

মামনিয়ে এবাৰ কণৰ মুখলৈ আৰু এবাৰ সম্মুখত থিয় হৈ থকা মানুহ দুজনলৈ চাই ৰ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *