ফটাঢোল

এটা নষ্ট ৰাতিপুৱা – আদিত্য জ্যোতি বৰঠাকুৰ

এই দুনীয়াখনত যে মানুহবোৰ আছে, আচলতে এই মানুহসোপাৰ কাণ্ড-জ্ঞান বোলা বস্তুটোৰ সাংঘাটিক অভাৱ আজিকালি, চাল্লা গোটেই দুনীয়াখন ফটুৱাৰে ভৰি পৰিল৷ এই আজি ৰাতিপুৱাৰ কথাকে ধৰক, ঘৰৰ গেটৰ সন্মুখত কোনোবাই তামোলৰ পিকেৰে ৰঙা-ৰাঙলি কৰি থৈ গৈছে৷ মানুহে ইমান যত্নেৰে ঘৰ-বাৰী সাজি চাফ-চিকুনকৈ থাকিবলৈ লয় আৰু এচামে য’তে ত’তে ঘৰৰ আগত লেতেৰা কৰি থৈ যায়৷ হেৰ’, পিককন যদি চম্ভালিব নোৱাৰ, নেখাবি আক’ তামোল৷ মনতে এইসোপাকে পাগুলি ঘৰৰ সন্মুখত পিক পেলোৱাজনক গুৱালগালি এজাউৰি দি সি অফিচলৈ বুলি ওলাল৷

দিনটোৱেই বেয়া আজি তাৰ৷ আনদিনা ঘৰৰ জাবৰ-জোথৰবোৰ মূলৰাস্তাৰ ওচৰৰ নলাটোৰ কাষত পেলাই থৈ আহেগৈ, এই চেগতে অলপ ফুৰাও হয়, ‘ফ্ৰেছ বতাহো’ ল’ব পাৰি৷ সদায়ৰ দৰে আজি ৰাতিপুৱাও সেই কামেই কৰিবলৈ গৈছিল, কৰিবলৈ লৈছিলো, কিন্তু অচিনাকি ডেকা ল’ৰাটোৱে যিমানহে কথা শুনালে৷ ভোৰভোৰাই ভোৰভোৰাই অলপ আঁতৰত থকা ডাষ্টবিনটোত পেলাইছে সি শান্তি পালে৷

আচলতে আজিকালিৰ ল’ৰা-ছোৱালীবোৰ বৰ উশৃংখল হ’ল, কাক, কেনেকৈ কথা ক’ব লাগে নাজানে৷ কাণফুলি, হেডফোন-চেডফোন লগাই গোটেইটো একেবাৰে সমাজৰ কথা চিন্তা কৰিব পৰা হ’লেই৷

এইবোৰকে ভাৱি ভাৱি অফিচলৈ আহি থাঁকোতে হঠাৎ তাৰ ফ’নটো বাজি উঠিল৷ এইসময়ত ফ’ন আহিলে বৰ দিগদাৰ পায় সি, অফিচলৈ লৰালৰি….১০:৩০ বাজিলেই৷ চৰম বিৰক্তিৰে ৰাস্তাৰ মাজতে মুখত থকা তামোলৰ পিকখিনি পেলাই সি ফ’নটো ধৰিলে৷ এতিয়া আৰু গাড়ী ৰখাই কথা পতাৰ সময় নাই৷ বৰ ব্যস্ত সময় এইকন৷ চাৰিওফালৰ পৰা গাড়ী-মটৰৰ হৰ্ণ, মানুহ-দুনুহ, ৰিক্সা-ঠেলাৰে গিজগিজাই থকা সময় এইকন৷ পাছফালৰ পৰা এটাই অনৰ্গল হৰ্ণ বজাই আছে৷ “চাল্লা, গাড়ী চলাব জানেই নে নাজানে এইচবে৷” এহাতে ফ’নটো ধৰি গাড়ী চলাই ব্যস্ত চহৰখনৰ চাৰিআলিৰ প্ৰথমটো চিগনেলত ৰঙা লাইটৰ বাবে ৰ’ব লগা হ’ল। ইতিমধ্যে ফ’নত কথা পতাও হৈ গ’ল৷ সেউজীয়া লাইট জ্বলাৰ লগে লগে গাড়ীখন আগবঢ়াবলৈ লৈছিল, চিগনেলত সেই সময়ত কৰ্তব্যৰত আৰক্ষী বিষয়াজনে তাক ৰ’বলৈ ইংগিত দিলে৷ গাড়ী চলাওঁতে চিট বে’ল্ট বন্ধা, জেব্ৰা ক্ৰচিং মানি চলা, ফ’নত কথা নপতা আদিৰ সম্পৰ্কে ধেৰ কিবাকিবি বুজালে আৰু ভৱিষ্যতে নকৰিবলৈ সঁকিয়াই দিলে৷ কিন্তু এতিয়া আৰু সেইবোৰ শুনি থকাৰ ধৈৰ্য্য নাই, ইতিমধ্যে ১১:০০ বাজিবৰ হ’ল৷ সোনকালে অফিচ পাবগৈ লাগে৷ অৱশ্যে দেৰি হোৱাৰ বাবেই সোনকালে অফিচ পোৱাৰ বাবে সি লৰালৰি কৰা নাই, এই নিউজ চেনেলৰ মানুহবোৰ যেতিয়াই তেতিয়াই আহি যায় বুলিহে সি লৰালৰি কৰিছে৷

ৰাতিপুৱাই মূৰটো গৰম হ’ল যেতিয়া আজি দিনটোলৈ হ’ল আৰু….অফিচৰ ওচৰৰ ৰামপদৰ হোটেলখনত ধুনীয়াকৈ চাহ একাপ খাইহে টেবুলত বহিবগৈ বুলি সি ৰাস্তাতে ঠিক কৰি ল’লে৷ অফিচৰ চৌহদত গাড়ীখন গেটৰ ওচৰত অলপ ‘কায়দা’ কৰি যাতে ছুটিৰ সময়ত আন গাড়ী আঁতৰি যোৱাৰ বাবে ৰ’বলগীয়া নহয়, ৰখাই সি গাড়ীৰ পৰা নামিল৷ অফিচৰ বৰাই তাৰ গাড়ীখনৰ ওচৰতে পেৰেককৈ এগাল মান পিক পেলাই তাক সম্ভাষণ জনালে “Good Morning, Sir!”

তামোলৰ ৰঙা পিকখিনি দেখিয়েই তাৰ মূৰটো গৰম হৈ গ’ল, সি চিঞৰিবলৈ ধৰিলে….মুখৰ পৰা আখৈ ফুটাদি ইংৰাজী ফুটিছে তাৰ “What’s the good about this morning বে’!”

ৰামপদৰ দোকানৰ টেপৰ পৰা উচ্চস্বৰত ভাঁহি আহিছে

“দে’খ তেৰী দুনীয়া কা হালট, ক্যা হ’ গয়ী ভগৱান কিটনা বদল গয়া ইনচান….”

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *