প্ৰফেচন – শংকৰজ্যোতি বৰা
দুদিন মানৰ পৰা মনটো বহুত বেয়া৷ ভিতৰি ভিতৰি বৰ অশান্তিত ভুগি আছোঁ৷ আমাৰ অঞ্চলৰ মই এজন সফল সামাজিক ব্যক্তি৷ সৰুৰে পৰা সামাজিক প্ৰায়বোৰ অনুষ্ঠানতে দেহেকেহে লাগি দিওঁ৷ তাৰ মাজতে পঢ়া শুনা সমাপ্ত কৰি সৰু হ’লেও চৰকাৰী চাকৰি এটাতো সোমালোঁ৷ যিটোৱে সামাজিক ক্ষেত্ৰত মোক এটা ভাল পজিচন দখল কৰাত বহুত সহায় কৰিলে৷ কথাবোৰ ধুনীয়াকৈয়ে চলি আছিল৷ এদিন হঠাৎ মোৰ সমবয়সীয়া বন্ধু জংঘলৰ পৰা উভটি আহিল৷ দুদিন মানতে সি প্ৰায়বোৰতে প্ৰভুত্ব দেখুৱাবলৈ ধৰিলে৷ ৰাইজেও তাক মোতকৈ অধিক গুৰুত্ব দিবলৈ ধৰিলে৷ এক ডেৰ লাখত তিনিদিন চলা বিহুখনৰ বাজেট এদিনতে দহলাখ পোৱালেগৈ৷ আগতে আমাক অনুনয় বিনয় কৰি পাছশ টকা দিয়া কেঞাপট্টিৰ কেঞা বেপাৰীয়ে তাৰ কথাতে এক লাখলৈকে চান্দা দিয়া হ’ল৷ আগতে মোৰ কথা মতে চলা মোৰ জুনিয়ৰ সোপাও এতিয়া তাৰ আগে পিছে থাকিবলৈ ধৰিলে৷ মই নিজে হীনমন্যতাত ভুগিবলৈ ধৰিলোঁ৷ নাই নহয়৷ এনেকৈ নহ’ব৷ কিবা এটা কৰিবই লাগিব৷ কিন্তু কৰিম কি? মোৰ নিচিনা দহ হাজাৰ দৰমহা পোৱা এটাই লাখ টকা খৰচ কৰিম ক’ৰ পৰা৷ কিবাকৈ পইছা কামাবই লাগিব৷ কিন্তু কেনেকৈ?
প্ৰায় এপষেক চিন্তা কৰাৰ পিছত বুদ্ধি এটা ওলাল৷ আমাৰ শ্মশানৰ লগতে থকা কালি মন্দিৰটোলৈ নতুন পূজাৰী এজন আহিছে৷ মই এনেই ধৰ্ম চৰ্ম বৰ ভাল নেপাওঁ৷ কিন্তু নতুনকৈ অহা পূজাৰীজন মই ভালকৈ চিনি পাওঁ৷ আগতে সি মোৰ বন্ধু এটাৰ ঘৰত বনকৰা ল’ৰা হিচাপে আছিল৷ সন্যাসী হৈ কালি মন্দিৰলৈ অহা বেছিদিন হোৱা নাছিল৷ দুদিন মানতে অঞ্চলটোত তাৰ কথা সকলোৰে মুখে মুখে৷ সি বন্ধুজনৰ ঘৰত চোৰ কৰি পলাই গৈছিল৷ বন্ধুজনে তাহাঁতৰ ঘৰত চোৰ কৰি পলাই যোৱা নাৰায়নেই যে, হিমালয়ত সাধনা কৰি মহান তান্ত্ৰিক হৈ কালি মন্দিৰলৈ আহিছে খবৰটো মোক দিছিল৷ ভালদৰে প্লেন কৰি এদিন কোনো নথকাত নিশা নমান বজাত কালি মন্দিৰলৈ গ’লোঁ৷ দুটামান চেঙেলীয়াই নাৰায়ন বাবাৰ লগত বাবা টানি আছিল৷ মোক দেখি পলাই পত্ৰং দিলে৷ বাবা আৰু মই অকলে৷ মই সুধিলোঁ,
: তই নাৰায়ণ নহয়?
সি বোলে,
: বাবা, তুমিতো মোক চিনিয়েই পাইছা?
থালৰ কে জবৰদস্ত কাণতলীয়া এটা বাবাৰ গালত চিপকাই দিলোঁ৷ বাবা দুহাত মান আঁতৰত হামখুৰি খাই পৰিল৷ তান্ত্ৰিকৰ দৰে কঁপি কঁপি বাবাই কিবা বিৰবিৰাবলৈ ধৰিলে৷ মূৰত থকা খোপাৰ নিছিনা জটা খুলি ককাললৈ ওলমি পৰিল৷ কঁপি কঁপি বিৰবিৰাই মন্ত্ৰ মাতি থকা বাবাক দেখি মই হেন খামিডাঠ মানুহটোও ভিতৰি কঁপি উঠিলোঁ৷ বাবাই ওচৰতে থকা মোনাটোৰ পৰা হাঁড় এডাল উলিয়াই কিবাকিবি মাতিবলৈ ধৰিলে৷ নাই নহ’ব৷ মই নিজকে পুনৰ সাজু কৰি ল’লোঁ৷ ওচৰ চাপি পুনৰ দুখন গালত একেৰাহে দুটা পূৰ্ণহতীয়া বহাই দিলোঁ৷ বাবাই মন্ত্ৰ মতা এৰি হাঁড় চাৰ দলিয়াই মোৰ চৰণত৷
: ভোলাদা, মই অহাকালিয়ে এই মন্দিৰ এৰি গুচি যাম৷ মোক আৰু নামাৰিব৷
কাঁড় একদম জেগাত৷ মই তাক উঠাই বহালোঁ৷ তাক বাবা এটা বনাবলৈ ক’লোঁ৷ সি বিনা বাক্যবয়ে মোৰ কথা পালন কৰিবলৈ ধৰিলে৷ কলেজ এৰাৰ পিছত প্ৰায় দহ বছৰ মানৰ মোৰত বাবা টানিলোঁ৷ প্ৰায় আধাঘণ্টা মান তাৰ লগত কথা পাতি মন্দিৰ এৰিলোঁ৷
পিছদিনা পুৱা প্ৰায় দহমান বজাত পুনৰ মন্দিৰত৷ নাৰায়ন বাবাই পোন্ধৰজন মান পুৰুষ মহিলাক জ্ঞান বিলাই আছে৷ মই গৈ তাক চিধাই দুদিনৰ ভিতৰত মন্দিৰ এৰিবলৈ দম দিলোঁ৷ দুজনমান ভক্তই মোক ওলোটাই ক’লে যদিও বৰকৈ ক’বলৈ সাহ নকৰিলে৷ মোৰ সামাজিক অৱস্থিতিটোৰ বিষয়ে তেওঁলোক অৱগত৷ মোক জোকাই লোৱাৰ সাহস ফটকৈ নকৰে৷ কিন্তু ই কি? বাবাইহে মোক ওলোটাই কিবাকিবি ক’বলৈ ধৰিলে৷ আঁতৰি নগ’লে মোৰহে বিপদ হ’ব বুলি মোক সোনকালে আঁতৰিবলৈ নিৰ্দেশ দিলে৷ মাথা একদম গৰম হৈ আহিল৷ এপালি দিওঁ বুলি তালৈ চোঁচা লৈ চৰ মাৰিবলৈ লওঁতেই ভক্তসকলে দেখিলে বাবাক চৰ মাৰিবলৈ যোৱা মই দঙা হাতৰ সৈতেই থৰ লাগিলোঁ৷ কপি কঁপি থৰ লগা ভাগেই একাতি হৈ মাটিত পৰি গ’লো৷কপি কঁপি মাটিত পৰি থকা মোৰ মুখেৰে ফেন ওলাবলৈ ধৰিলে৷ নাৰায়ন বাবাৰ ক্ৰোধিত দৃষ্টি তেতিয়াও মোৰ ওপৰত৷ মুহূৰ্ততে বনজুইৰ দৰে অঞ্চলটোত খবৰটো বিয়পি পৰিল৷ মন্দিৰ লোকে লোকাৰণ্য৷ মোৰ পৰিয়ালৰ মানুহো খবৰ পাই মন্দিৰ পালেহি৷ মানুহজনী কান্দি কাটি বিয়াকুল৷ বাবাক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, মোক যাতে ঠিক কৰি দিয়ে৷ মোৰ ভুলৰ বাবে ক্ষমাও বিছাৰিলে৷ উপস্থিত ৰাইজৰ লগতে বহুত ভক্তয়ো মোক ঠিক কৰি দিবলৈ বাবাক অনুৰোধ কৰিলে৷ বাবাৰ মন কুমলিল৷ ধ্যানত বহি কিবাকিবি মন্ত্ৰ মাতিবলৈ ধৰিলে৷ প্ৰায় দহ মিনিট মান মন্ত্ৰ মতাৰ পিছত কমণ্ডুলটোৰ পৰা পানী লৈ মোৰ গাত চটিয়াই দিলে৷ কঁপি থকা মোৰ দেহাটো ঠিৰ হ’ল৷ এঙামুুৰি এটা দি শুৱাৰ পৰা সাৰ পোৱাৰ নিছিনাকৈ মই চকু মেলিলোঁ৷ শ্ৰীমতীয়ে একেকোবে আহি মোৰ মুখখন মচি দিলেহি৷ তাইৰ আদেশতে দুয়োটা বাবাৰ চৰণত দীঘল দি পৰিলোঁ৷ মই নিজেও বাৰে বাৰে বাবাক মাফ খুজিবলৈ ধৰিলোঁ৷ বাবাই মোৰ মূৰত হাত ফুৰাই মাফ কৰাৰ কথা ক’লে আৰু ময়ে যে আজিৰ পৰা তেওঁৰ প্ৰধান শিষ্য সকলোৰে আগত চিনাকি কৰি দিলে৷ ভক্তিত মই গদগদ হৈ পৰিলোঁ৷ সকলোৱে বাবাৰ জয়ধ্বনি দিবলৈ ধৰিলে৷ এঘণ্টামান তাতে কটাই ঘৰলৈ ওভটিলোঁ৷
ৰাতি এঘাৰমান বজাত পুনৰ বাবাৰ ওচৰ পালোঁগৈ৷ বাবা এটা জলাই লৈ দিনটোৰ আমদানিখিনি হিচাপ কৰিলোঁ৷ অবিশ্বাস্য৷ প্ৰথম দিনাই ত্ৰিছ হাজাৰৰো অধিক টকা৷ অতি সোনকালে মোৰ পচন্দৰ মানুহ সুমুৱাই মন্দিৰ উন্নয়ন সমিতি এখন বনাই ল’লোঁ৷ আৰু প্ৰায় এবছৰতে মই মোৰ হেৰুৱা প্ৰতিপত্তি ঘূৰাই পালোঁ৷ আমদানিৰ কথা নকওঁৱেই৷ জংঘলী বন্ধুৱেও মোক ঢুকি নেপাব৷ কেঞাপট্টিৰ কেঞা বেপাৰীয়ে প্ৰায় বিছ লাখ টকাৰে নাৰায়ন বাবাৰ মন্দিৰটো বনাই দিছে৷ বাবাৰ আশীৰ্বাদত তাৰ ব্যবসায় বোলে দুগুণ জোৰত চলিছে৷ মোৰ মানুহজনীয়ে আজিও বাবাক মাৰিবলৈ গৈ মই ফিট হৈ যোৱাটো, বাবাৰ মাহাত্ম্য বুলিয়েই বিশ্বাস কৰে৷
☆ ★ ☆ ★ ☆
8:57 pm
ভাল লাগিল