ফটাঢোল

মোৰ আইতা – প্ৰদীপ বৰা

মোৰ আইতা মানে মোৰ ডাঙৰজনী জীৰ ডাঙৰজনী জীয়েকৰ আইতাক৷ সেইগৰাকী মোৰ কি হ’ব আপোনালোকৰ দৰে গুণী-জ্ঞানী ফটা পঢ়ুৱৈক বেলেগে বুজোৱাৰ নিশ্চয় সকাম নাই! ‘মোৰ আইতা’, মানে মোৰ প্ৰথম নাতিনীৰ আইতা,….মানে মোৰ দহ বছৰীয়া নাতিনী কুঁহিৰ আইতাক। যেতিয়া তাই অসমীয়া ভাষা সাহিত্যৰ ৰাজ্যত পদাৰ্পণ কৰে তেতিয়াৰ পৰাই তাই আইতাকক ‘মোৰ আইতা’ বুলিয়েই এড্ৰেছিং কৰি আহিছে। বাৰ তাৰিখৰ পৰা কুঁহি, কুঁহিৰ মাক ৰেখা, ৰেখাৰ মাক পদুমী মানে ‘মোৰ আইতা’ আৰু মোৰ আইতাৰ মালিক মানে মই… আমি চাৰিওটাই গুৱাহাটী মহানগৰীত কমচেকম ষোল্ল তাৰিখ পৰ্যন্ত শৰীৰৰ কিছুমান অঙ্গ প্ৰত্যঙ্গৰ ওভাৰলিং কৰিব লাগিব৷

এঘাৰ তাৰিখে মোৰ আইতাই বোলে মই ফেনখনৰ তলত মজিয়াতে অলপ দীঘল দিম৷ কোনোবাই মোক বিচাৰিলে প্ৰথমে সুধিবি মোৰ দৰ্শণ কিয় বিচাৰিছে৷ যদি মোক কিবা দিম বুলি আহিছে তহঁতি দিব খোজা বস্তুটো লৈ থ’বি বা এইক্ষেত্ৰত প্ৰয়োজন হ’লে মোক জগাই দিবি৷ তাৰ বাদে অন্য কথাত যদি আহিছে তেন্তে মই নাই বুলি ক’বি, যদি মোৰ শয়ন কক্ষলৈ আহে তেন্তে ক’বি যে মোৰ টোপনি গৈ আছে আৰু মোৰ দেহাটো ভাল নাই বুলি ক’বি৷ দৰ্শণাৰ্থীসকলে দুই এজনে আঁতৰি গৈছে যদিও একোজনে কয় তেখেতৰ লগত ডাঙৰ দৰকাৰ আছে একোজনে কয় আইতাক কিবা দি যাম৷ কিবা দি যাম বুলি কোৱাজনে হেনো নিজেই মোৰ আইতাক লগ ধৰি কিবা দি যাব হেনো৷ উপাই-নাপাই কিবা দি যাম বোলাজনক শয়ন কক্ষলৈ যাবলৈ দিয়া হ’ল৷ জোনাকীৰ মাত শুনিয়েই মোৰ আইতাই টোপনিৰ ভাও ধৰিলে। কিন্তু জোনাকীও সিমান সহজে হাৰ মানি যোৱা ভকতনী নহয়৷ চিঞৰত তাল ফাল লগাইছে৷ উপাই নাপাই মোৰ আইতাই গেঙেৰি মাৰি ক’লে, “তইনো মোক কি হাতীৰ কণীটো দিবি৷ এনেকৈ যে চিঞৰি আছ।” জোনকীয়ে বোলে, খুউব দৰকাৰী বস্তু এটা দিবলৈ আহিছোঁ।

“উস, এনেকৈ পাতনি মেলি নাথাক কি দিয় দে সোনকালে৷ মই অলপ হেঁপাহ পলুৱাই শুই লওঁ।”

জোনাকীয়ে বোলে আমি আপোনাক কিনো দি সন্তুষ্ট কৰিম বোলো কেইবাদিনো ঘৰত নাথাকে যে গতিকে এক কেজি মান শুভেচ্ছাকে দি যাওঁ আৰু দুপৰীয়াৰ চাহটোপাও ইয়াতে ধৰি যাওঁ৷… কথা শুনি মোৰ আইতা মানে পদুমীৰ মুখেৰে যেন জুইৰ ফিৰিঙটিহে ওলাব৷ চাওঁচোন কুঁহি, “ঢেঁকীথোৰাটো আন এই মৰতীক শুভেচ্ছা দিয়াৰ পুৰস্কাৰটো দিয়ে দিওঁ।”জোনাকীয়ে প্ৰাণটাকি দৌৰি পলায়ন কৰি নিজৰ জীৱটো যেনিবা ৰক্ষা কৰিলে৷

দিনটোৱে বাগৰ মাৰিলে, বাৰ তাৰিখ সমাগত৷ আজিয়েই কুঁহিহঁতে দীঘলীয়া যাত্ৰাৰ পাতনি মেলিব৷ কুঁহি, মাক ৰেখা, মাকৰ মাক মোৰ আইতা ওৰফে পদুমী আৰু পদুমীৰ স্বামী দেৱতা হৰি মাষ্টৰ ৰাতিপুৱাই সাজি-কাচি ওলাল গুৱাহাটীলৈ। বাটত যেনিবা মাষ্টৰৰ কোনোবা দেখি-শুনি নোপোৱা ককায়েক এজনৰ কাজত অংশ ল’ব লাগে৷ মানে এডগৰা দিব লাগে৷ নামডকাৰ কিছু পিছতেই আমি তাত উপস্থিত হৈ ভকত সেৱা কৰি উঠিছোঁহে আহিল ডবাপিটা বৰষুণজাক গুজৰি গুমৰি৷ ৰাস্তাৰ তলত চোতালখন। কেতিয়ানো তলেতলে ঢাৰিৰ তলত পানী সোমাল মোৰ আইতাই তত ধৰিবকে নোৱাৰিলে। বৰষুণৰ প্ৰকোপত দেখোন গোহালি ঘৰ এটাও পৰি গ’ল। গাজনিৰ শব্দত কাণ তাল মাৰিছে৷ কোনোবা এজনে কৈছে সেয়া হেনো মৃতকৰ খং উঠিছে৷

লাহে লাহে সময়বোৰ পাৰ হ’ল। আজিয়েই কুঁহিহঁত গুৱাহাটীলৈ যাব। সকামৰ ঘৰৰপৰা আঠ বজাত বোকাখাত নগৰত প্ৰৱেশ কৰিলে৷ তাতে আকৌ চেনেল গগৈয়ে যাত্ৰীসকলক গাড়ীৰ সুবিধা কৰি দিয়ে৷ চেনেলে আমাক অকমান আৰাম কৰিবলৈ কৈছে, বোলে চিন্তা নকৰিব ঢেৰ গাড়ী৷ টিকটৰ মূল্যটো দিয়ক। মোৰ আইতাই ক’লে, বোপাই বাচৰ গেলেৰীত যাব নোৱাৰিম কিন্তু, ভগা কঁকাল। চেনেলে বোলে খুড়ী আপুনি মোৰ “মাৰ লগৰ মা” আপোনাকনো কিয় পিছৰ চিট দিম। সুপাৰ এখন কথমপি ৰাখিছিলহে চেনেলে আমাক টালি-টোপোলাসহ খৰ-খেদাকৈ উঠাই দিলে৷ আমি ভিতৰে ভিতৰে চলন্ত অৱস্থাত টিপা ধৰি গৈ গৈ গেলেৰীৰ আগৰ চিটটো পালোঁগৈ। চিটকেইটা দেখোন পিছলৈ ঠেলিবলৈ তাৰ ছাবি কেইটাইও কাম নকৰে৷ কুঁহিয়ে বোলে বহক আৰু যেনেতেনে ঈশ্বৰকে চিন্তা কৰি “মাৰ লগৰ মা”৷ ইফালে আগৰ যাত্ৰীসকলে চিটবিলাক এনেদৰে হেলনীয়া কৰিছে যে আমাক হেঁচা মাৰিহে ধৰিব যেন। আপুনি “মাৰ লগৰ মা” বুলি চেনেলে আজি বেয়া ঠগিলে। ৰাস্তাত চলন্ত গাড়ীৰ একোটাহঁত হাইজাম্পত আমাৰ কামিহাড়বিলাক যেন ডাল ডালকৈ ওলাই যাব! মই বোলো মাৰ লগৰ মা গৈ থাকা। দুজনমানে আকৌ একেবাৰে ফুল ভলিউমত নাক পেঁপা বজোৱাত ব্যস্ত।

আমি যেনিবা থেতেলা বেঙেনা হৈ যেনতেন গণেশগুৰি ওভাৰ ব্ৰিজৰ এইপাৰেই মহানগৰীৰ মাটিত অৱতৰণ কৰিলোঁ৷ এতিয়া বৰষুণত তিতি তিতি মিছন হোটেলৰ বাবে পদযাত্ৰা৷ হোটেল পালেও ৰূম নাই, ৰূম পালেও চাৰিজনৰ বাবে বিচনা নাই৷ মোৰ আইতাৰ খোজকঢ়াৰ সমস্যা। আমি পঞ্চাশ মিটাৰ গৈ আকৌ মোৰ আইতাৰ বাবে কাৰবাৰ দোকানৰ ছালিৰ তলত অপেক্ষা কৰিব লাগে। আধা ভিজা শৰীৰেৰে গৈ আমি ৰাজধানী হোটেলতে থিতাপি লোৱাৰ ব্যৱস্থা কৰিলোঁ। গা-পা ধুই এতিয়া আহিল বিনা চেনিৰ লাল চাহৰ চিন্তা৷ মোৰ আইতাই যেনিবা ঘৰতে ফ্লাক্সত লাল চাহ অলপ আনিছিল। কিন্তু তেওঁৰ বাবে কেটলীৰ ভাপত বনোৱা ইডলী টাইপৰ পিঠা বাধ্যতামূলক৷ মোৰ আইতাক হোটেলতে এৰি আমি কিনকিনিয়া বৰষুণত তিতি কেটলীৰ মুখত বনোৱা পিঠাৰ অভিযান চলালোঁ৷ এক কিলোমিটাৰমান গৈ সেইবিধ দ্ৰব্য উপলব্ধ হ’ল৷ কিছু সময়ৰ পিছত হাস্পতালৰ পৰা ফোন আহিল বোলে আজি আপোনালোকৰ ডাক্তৰ নাহে গতিকে কাইলৈ আহিব দহ বজাত। আমি বোলো গুৱাহাটী পাই হোটেল ল’লোঁৱেই৷ — আপোনালোক আজি ঘৰলৈ ঘূৰি যাওক, কাইলৈ আহিব৷ মোৰ আইতাই ফোনটো কাণত তুলি বোলে “কি কথা কৈছেহে এতিয়া গোলাঘাটলৈ ঘূৰি গৈ আকৌ দেখোন লগে লগে ঘূৰি আহিব লাগিব।” —

“তেনেহলে ২৪ ঘণ্টা ইয়াতে অপেক্ষা কৰক৷”

মোৰ আইতাই বোলে ডাক্তৰবিলাকৰ ওপৰত ৰাইজে এনেয়ে বিক্ষোভ নকৰে দে। — নাপায় হে তেওঁলোকক তেনেকৈ ভাবিব।

আমি গণেশগুৰিত এখন হোটেলত ভাতৰ বাবে বন্দোৱস্ত কৰিলোঁ৷ মই ক’লোঁ যে, নাতিনীজনীক হাফপ্লেট দিব। মালিকে ক’লে তাইক ফ্ৰীকেই দিম৷ আমি ভালেই পালোঁ৷ মোৰ আইতাই এটা বুদ্ধি পাঙিছিল বোলে আমি তিনিটাই ভাত নলওঁ, কেৱল নাতিনীজনীৰ ফ্ৰী ভাতটোকে লৈ আটাইকেইটাই ডকছি খাম। মই বোলো সিমান তললৈ নামিব নোৱাৰি আৰু দে!

আবেলি মোৰ আইতাৰ লগত নাতিনী তললৈ নামি আহিল৷ সোঁফালে বাওঁফালে চাবলৈ নাই মোবাইলৰ সৰু দোকান এখনত বিচাৰি দিলে নহয় বিনা চেনিৰ লাল চাহ৷ পৰিস্থিতি নোগোন্ধাওঁতেই যেনিবা কুঁহিয়ে মোৰ আইতাক টানি আনিলে৷ কিন্তু কি হ’ব এইবাৰ আকৌ মোবাইল ৰিপেয়াৰিং দোকানত মেৰি বিস্কুট? খোজকাঢ়ি যাওঁতে মোৰ আইতা বহুত পিছত থাকি যায়। দ্বিতীয় দিনা ৰাতি সেই একেখন হোটেলত ভাত খাবলৈ যাওঁতে আকৌ লাগিল অথন্তৰ। আমি তিনিটাই হাত মুখ ধুই ভাতৰ অৰ্ডাৰ দিছোঁ। অ’ মোৰ আইতা নাই দেখোন? ছেহঃ বৰ ডাঙৰ বদনাম হ’ব এতিয়া। তেওঁৰ পিঠিৰ মিনিবেগটোতে মোবাইলটো আছে কিন্তু ধৰিবলৈ হুচ নাই৷ ফুটপাথৰ এটা দিশত কুঁহি আৰু মাকক পঠিয়ালোঁ আৰু বিপৰীত দিশত মই অনুসন্ধানৰ কামত নামি পৰিলোঁ৷ ৰেখাৰ ফোনটো এক্টিভ আছে নাই পৰীক্ষা কৰি ল’লোঁ৷ মনত অনেক দুঃচিন্তা! ঘৰলৈ কেনেকৈ খবৰ দিম! কোন থানাত খবৰ দিম? টি ভি চেনেলক জনাম নেকি? ইত্যাদি৷ কিছু সময়ৰ পিছত যেনিবা কুঁহিৰ চকুত মোৰ আইতাই ধৰা দিলে।

পিছদিনা ৰূপনগৰত মোৰ এভাগ সভা আছে৷ তালৈকে আটাইকেইটা আগবাঢ়িলোঁ। দিনটো আটাইকেইটাই তাতে দকছি খাম আৰু ৰাতি অতিথিশালাত ফ্ৰীকৈ থাকিম৷ মিটিং হ’ল। আটাইকেইটাৰে দুসাঁজকৈ খোৱাও হ’ল। কিন্তু ৰাতি মোৰ আইতা তাত কোনোপধ্যেই নাথাকে৷ সন্ধিয়া সময়ত পুনৰ ভঙাগড়৷ হোটেলৰ বাবে হাবাথুৰি৷ এখন হোটেলত ভাড়া ১৭০০ টকা। মোৰ আইতাই বোলে চেন্নাইত আমি ১৩০০টকাত এচি ৰুমত থাকি আহিছোঁ। ৰিচেপচনিষ্টে ক’লে বোলে চেন্নাইলৈকে যাওক গৈ তেন্তে৷ মোৰ আইতাই বোলে হেৰি এতিয়া ৰাতিখন চেন্নাইলৈ নাযাওঁ আৰু! অন্য ফালে চাওঁ বলক৷ অন্য এখন হোটেলত সোমালোঁ তাত আৰু এখোপ চৰা। ২৪৫০ টকা। মই বোলো কম-বেচ ন’হবনে? — ২০০০ টকা দিব লাগিব। ব্ৰেকফাষ্ট ফ্ৰী ৷ — কেইটা আইটেম থাকিব? — ছটামান আইটেম পাব৷ মই পেটেপেটে ভাবিলোঁ পণ্ডিছেৰীৰ হোটেল জিঞ্জাৰত দেখোন ব্ৰেকফাষ্টৰ নামত দিনটোৰ বাবে পেট ভৰাই খাইছিলোঁ৷ মজা হ’ব ইয়তো আমি ৰাতিপুৱাই ব্ৰেকফাষ্টৰ নামত দিনটোৰ বাবে পেট ভৰাই খাই ল’ব পাৰিম। ৰূম ৰেজিষ্টাৰ কৰাৰ পিছত মোৰ আইতাৰ আকৌ বিনাচেনিৰ লাল চাহৰ টেনডেন্সি প্ৰকট হৈ উঠিল। এতিয়া ফুটপাথত গৈ থাকা মিটাৰৰ পিছত মিটাৰ৷ মোৰ আইতাই বোলে বিগবজাৰত বিচাৰি চোৱা হওক৷ মইহে বোলো ইয়াত সোমাই লাল চাহ বিচাৰি মৰিব খুজিছা, মানহানিৰ কেচ দি লক আপত ভৰাই থ’ব। মই ক’লো, হে দেবী নিজ গুণে সন্তুষ্ট হৈ বিনা চেনিৰ লালচাহৰ লোভ সম্বৰণ কৰি হোটেলত সোনকালে প্ৰৱেশ কৰোঁ ব’লা, নহ’লে বাৰ ঘণ্টা থাকি ২০০০ টকা ভৰিব লাগিব। ২০০০ টকা দিম যেতিয়া অলপ সৰহ সময় থাকোঁ ব’লা৷ অগত্যা উপাই নাপালে তাতে ২০ টকা দি বিনাচেনিৰ লাল চাহ খাই ল’বা৷ আমি তাত এটা কথাই ভাল পালোঁ যে হোটেলখনৰ বিছনাখন ইমানেই ডাঙৰ আছিল যে মোৰ নাতিনীজনী গোটেইৰাতি পঠালিকে শুলতো আমাৰ তিনিটালৈ যথেষ্ঠ জেগা আছিল৷

মহানগৰীত মোৰ আইতাক লৈ এটাই সমস্যা হৈছিল যে ঘাই পথৰ ইপাৰ সিপাৰ হওঁতে তেওঁ প্ৰায় কন্দনামুৱা হৈ পৰিছিল। আমি হাস্পতালৰ কাম শেষ কৰি কলাক্ষেত্ৰ দৰ্শণ কৰিবলৈ গ’লোঁ৷ তাত মোৰ আইতা আৰু মোৰ নাতিৰ অপাৰ আনন্দ৷ মোৰ আইতাই মোৰ নাতিনীক গ্ৰাহ গজেন্দ্ৰৰ প্ৰতিমূৰ্ত্তি দেখুৱাই —

“সৰোবৰে গ্ৰাহে ধৰি আছে৷ গজেন্দ্ৰ প্ৰিয়াক পাইয়া পাছে৷ আকাশে গৰুণ্ড স্কন্ধে চক্ৰ ধৰি হৰি৷ দেখি সুবৰ্ণৰ পদ্ম ধৰি৷ বোলে দুখে আৰ্তনাদ কৰি৷ নমো ভগৱন্ত গুৰুলৈ উদাস কৰি৷”…..

উক্ত ঘোষা ফাঁকিৰ এটি সুন্দৰ ব্যাখ্যা আগবঢ়ালে৷ আমাৰ কুঁহিৰ মোৰ আইতা মোৰ ককা আৰু মোৰ মাৰ (সম্বোধনবিলাক কুঁহিৰ সাপেক্ষে) পাঁচ দিনীয়া আমোদজনক ভ্ৰমণ কাহিনীৰ কথা কৈনো কৈ থাকিলে ওৰকে নপৰে৷ তথাপিও আৰু এটা আমোদজনক কথাৰে কাহিনীৰ সামৰিব বিচাৰিছোঁ।

গুৱাহাটীৰ পৰা ঘূৰি আহোঁতে আমনিত বহুত গাড়ী ৰাখিছিল৷ এইবাৰ তিনিওজনী হেৰোৱাৰ উপক্ৰম হৈছিল৷ মই চাহ অকন খাই ৰত্নগিৰিত উঠিলোঁ৷ এওঁলোকে অহা গাড়ীৰ নম্বৰ মনত নেৰাখিলে। অন্য এখন ৰত্নগিৰিত উঠিবলৈ উদ্যত হৈছিল। ভাগ্য ভাল এজন লোকে যেনিবা বুজাই দিলে “এইখনত গ’লে আকৌ গুৱাহাটী পাবগৈ।” ইফালে গাড়ী ষ্টাৰ্ট দিলেই৷ মই যেনিবা ড্ৰাইভাৰক অলপ ৱেইট কৰিবলৈ কৈ তেওঁলোকক আগবঢ়াই আনিলোঁগৈ৷ “হেৰা তোমালোক অহা ৰত্নগিৰিত গোটেই ব’ডিটোত ইমান ডাঙৰকৈ ষ্টাইলত ‘ৰত্নগিৰি’ বুলি লিখা আছিল জানো?”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *