ফটাঢোল

চানগ্লাছ – চিত্ৰলেখা দেৱী 

আজিৰ পৰা পাঁচ বছৰ মানৰ আগৰ কথা৷ মোৰ সোঁ-চকুটোত বেয়াকৈ কিবা ইন্‌ফেকচন হৈ মণিত ঘাঁ লাগি গ’ল৷ ডাক্তৰে অন্য চিকিৎসা কৰাৰ উপৰিও ৰাতিপুৱাৰেপৰা বেলি পৰালৈকে চানগ্লাছ পিন্ধি থকাটো কম্পালচৰি কৰিলে। আমাৰ শ্ৰীমানে আনি দিয়া চানগ্লাছযোৰ সেই দিনাৰেপৰা পিন্ধিবলৈ লাগিলোঁ।

ইয়াৰ আগতে মই চানগ্লাছ পিন্ধা নাছিলোঁ। এতিয়া পিন্ধা দিনাৰেপৰা বতৰ ডাৱৰীয়া হ’বলৈ ধৰিলে। এনেয়ে ঠাণ্ডাৰ দিন, তাতে যদি বৰষুণ এজাক দিয়ে কিমান ঠাণ্ডা হ’ব? বাকচৰপৰা চবৰে ডাঠ ডাঠ চুৱেটাৰবোৰ উলিয়াই থ’লোঁ। সেইকেইদিন চকুৰ অসুখৰ বাবে স্কুলৰ পৰা ছুটি লৈ আছোঁ বাবে যেনিবা ৰক্ষা, বেছি ঠাণ্ডাত তিতি যাব নেলাগিব। পিচে বৰষুণচোন নিদিয়েহে নিদিয়ে। গধূলি চানগ্লাছ খুলি মোৰ নিজৰ চশমাযোৰ পিন্ধো আৰু নিজে মন্তব্য দিওঁ, “বৰষুণ নিদিলেচোন৷” ঘৰৰ আনকেইটা প্ৰাণীয়ে অবাক হৈ মোলৈ চোৱা দেখোঁ৷ মই পিচে পাত্তা নিদিওঁ। এদিন আকৌ শ্ৰীমানে অলপ বিৰক্ত হৈয়েই ক’লে,

: কিনো ইমান খৰাঙত বৰষুণ বৰষুণ কে থাকা হে?

: ওৱা! এইজনক কিহে পালে আক’! যাঃ! কৈ থাক।

তেনেতে এদিন ছোৱালীজনীৰ আৰ্টস্কুলৰ পৰীক্ষা হ’ল। তাই পৰীক্ষা হলত লগৰজনীৰ লগত নিজে চিট বিচাৰি বহিলগৈ (চিট নাম্বাৰ লগোৱা নাছিল )৷ মই ক’ত বহিছে চাবলৈ গৈ দেখোঁ যে তাই আন্ধাৰ মুন্ধাৰ হৈ থকা বেঞ্চ এখনত বহিছে। মই তাইক লগৰজনীৰ সৈতে তাৰ পৰা উঠাই আনি খিৰিকীৰ ওচৰত বহুৱালোহি; বোলো বৰষুণ দিলে সেইখিনি ঠাইত আন্ধাৰ হ’ব৷ লাইটও নাই৷ ছোৱালীয়ে একো নামাতিলে যদিও ঘোপাকৈ মোলৈ চালে। তাত থকা আন ল’ৰা-ছোৱালীৰ অভিভাৱক সকলেও মোলৈ অদ্ভুত ভাবে চালে৷ চাওক নিজৰ ল’ৰা-ছোৱালীহঁতে আন্ধাৰ হ’লে কেনেকৈ পৰীক্ষা দিব তাক চিন্তা নকৰি আক’ মোলৈ চায়৷

পৰীক্ষাৰ পৰা ওলাই অহাত ছোৱালীজনীৰ হাতত ছাতিটো দি ক’লোঁ বোলো বৰষুণ দিলে মেলি ল’বি। তাই জকজকাই উঠিল,

: তোমাৰ নো হৈছে কি মা? অথনিও চিট সলনি কৰিছা?

অলপ পাছত কিবা এটা ভাবি তাই মোৰ চানগ্লাছযোৰ খুলি দিলে৷ ওৱা বতৰটো লগে লগে সলনি হ’ল যে! মানে এইযোৰে দহদিনমান মোক ৰ’দ নেদেখুৱাই বৰষুণ বৰষুণ খেলিলে মোৰ লগত।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *