ফটাঢোল

শিক্ষক দিৱস – ঋতুপৰ্ণ শৰ্মা

কাষৰে হাজৰিকা খুৰা প্ৰায়ে আহে আমাৰ ঘৰলৈ। সম্পূর্ণ নাম বলদেৱ হাজৰিকা। দেউতা নাথাকিলে মোৰ লগতে কথাৰ মহলা মাৰে। সোনতলী চৰকাৰী বালক বিদ্যালয়ৰ পৰা অৱসৰ লোৱা তেওঁৰ আজি প্ৰায় ১০ -১২ বছৰ মানেই হ’ল। নামটো যিদৰে বলদেৱ দেখাটো ঠিক তেনেকুৱা হৃষ্ট পুষ্ট বলবান মানুহ। কথাবোৰো খাৰাংখাচ, স্পষ্ট। কোনোবাই বেয়া পাব সেইটোক লৈ তেওঁ মূৰ নঘমায়। বেয়াটোক বেয়া, ভালটোক ভাল বুলি বুলি কোৱাটো তেওঁৰ স্বভাৱ৷ সেয়েহে প্ৰায়বোৰ মানুহেই তেওঁৰ সতে কথা পাতিবলৈ অলপ সংকোচ কৰে। মই পিছে তেওঁক বেয়া নাপাওঁ। যিকোনো একোটা ঘটনাকে বিভিন্ন দৃষ্টিৰে চাব পৰা তেওঁৰ চিন্তাশক্তিক মই শ্ৰদ্ধা কৰোঁ|

: ডেকা ল’ৰা, আছা ঘৰতে? দেউতাৰা পিছে আছেনে নাই?
: নাই নহয় খুৰা। দেউতা অলপ ওলাই গৈছে।
: একো নাই দিয়া। তোমাৰ লগতে অলপ কথা পাতোঁ। যদিহে তুমি ফ্ৰী আছা।
: হ’ব হ’ব আহক,প্ৰথমে আপুনি বহি লওকচোন।

চকীখনত বহিয়েই খুৰাই আৰম্ভ কৰিলে –
: দেখিলানে বাৰু কাৰবাৰটো! এনে দিন এটাও যে দেখা পাম ভবাই নাছিলোঁহে।
: কি হ’লনো খুৰা? অলপ বুজায় কওকচোন।
: এই শিক্ষক দিৱসৰ কথা ক’লোঁহে। আমিও শিক্ষক আছিলোঁ দিয়াচোন। শিক্ষক দিৱস আমিও পালন কৰিছিলোঁ৷ পিছে এতিয়া শিক্ষক দিৱসৰ নামত এইবোৰ কি হ’ব ধৰিছেহে!
: ক’ত কি হ’লনো খুৰা?
: এহ্,ক’ত থাকাহে তুমি! একো গমেই পোৱা নাই নেকি? কালি মোৰ নাতিটোৱে মোবাইলত যি দেখুৱালে চাই বিচুৰ্তি খালোঁহে। শিক্ষক দিৱসৰ নামত এগৰাকী শিক্ষয়িত্ৰীয়ে যি নৃত্য কৰিছে ছাত্ৰৰ লগত! আকৌ এখন জুনিয়ৰ কলেজত বিহুগীতৰ লগত যিহে নৃত্য দেখিলোঁ। বুকুখন বিষাই যায় জানানে!

: হয় দিয়ক খুৰা, বৰ বেয়া হৈছে কথাবোৰ!
: আমি আচলতে এইবোৰ কাৰণত নতুন প্ৰজন্মক দোষ দি লাভ নাই বুজিছানে! দোষ আমাৰেই। আমি যি পথ দেখুৱাম সিহঁতো সেই পথেৰেই যাব দিয়াচোন।
: মানে! আপুনি কি ক’ব বিচাৰিছে বুজায় কওকচোন।

: যান্ত্ৰিকতা বুজিছা; যান্ত্ৰিকতা। তুমি এটা কথা মোক কোৱাচোন- এনেধৰণৰ অনুষ্ঠান তুমি আমাৰ কোনোবা চৰকাৰী বিদ্যালয়ত দেখিছানে?
: নাই দেখা খুৰা।- মই কৰবাত দেখিছোঁ নেকি মনত পেলাবৰ চেষ্টা কৰিলোঁ৷
: চোৱা, যিকেইখন শিক্ষানুষ্ঠানত তুমি এইবোৰ দেখিছা সকলোবোৰ ব্যক্তিগত শিক্ষানুষ্ঠান। চৰকাৰী বন্ধবোৰ প্ৰায়ে তেওঁলোকে নামানে। ৰাতিপূৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ক্লাছ। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যি ব্যৱধান থাকিব লাগে সেয়া নাই। গতিকে তেওঁলোকে শিক্ষক দিৱসৰ দিনটোত ইমানেই উপভোগ কৰে যে কেতিয়াবা সীমা চেৰাই যায়। আমাৰ দিনত শিক্ষক দিৱস পালন কৰিছিলোঁ, এতিয়া শিক্ষক দিৱস উপভোগ কৰে, এঞ্জয় কৰে। যন্ত্ৰ বুজিছা, আমি সকলোবোৰ দিনক দিনে যন্ত্ৰ হৈ গৈ আছোঁ। গতিকে আনক দোষ দিয়াৰ আগতে আমি নিজক চিকুটি চাব লাগিব। নিজকে সংশোধন কৰিব লাগিব। যন্ত্ৰ হোৱাৰ প্ৰতিযোগিতা কমাব লাগিব।

অনৰ্গলভাৱে কৈ গ’ল খুৰাই। মই মাথোঁ চাই ৰ’লোঁ খুৰাৰ মুখলৈ। চাই ৰ’লোঁ এজন অৱসৰপ্ৰাপ্তৰ মৰ্মবেদনা।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *