ফটাঢোল

মোবাইল মহাকাব্য – পৰিস্মিতা বৰদলৈ

ৰিধিমাই স্কুল বাছত উঠিয়েই সদায় বহা চিটটোত বহি আজি আহিবলগীয়া ৰচনাৰ বিষয়বোৰ ভাবি আছে৷ হওঁতে তাই কেইবাখনো ৰচনা মুখস্থ কৰি আহিছে৷ চমুটোকাও চাইছে৷ কিন্তু চমু টোকা পাঁচটা বিষয়ৰ ওপৰত লিখিবলৈ আহিব, তাতকৈ এটা বিষয়ৰ ওপৰত লিখিবলৈ অহা ৰচনাখন লিখা কামটোৱেই উজু হ’ব, এইবুলি ভাবিয়েই স্কুল পোৱালৈকে তাই চিটটোত আউজি লৈ চকুমুদি ৰচনা কেইখন আওঁৰাই থাকিল৷

স্কুলত শিক্ষকে সেই তিনিখন ৰচনাৰ ভিতৰতে যিকোনো এখন আহিব বুলি কৈয়ে থৈছে৷ সেয়ে তাই বেলেগ চাই অহা নাই৷ সেইকেইখনকে উৰাইঘূৰাই মুখস্থ কৰিছে এইকেইদিন৷ পিচে তাইৰ আটাইতকৈ ভালকৈ পাৰিব বুলি যিটো বিষয় ভাবিছে সেই বিষয়েই যদি নাহে৷ তেতিয়া!

কেতিয়ানো বাছখন আহি স্কুলৰ সন্মুখ পালেহি গমেই নাপালে তাই৷ বেগটো পিঠিত লৈয়ে তাই নামি গ’ল বাছৰপৰা৷ স্কুলৰ গেটেদি সোমাই গৈ ৰোল নং মাৰি থোৱা কাগজখনত নিজৰ ৰূম নংটো চাই তাই আগবাঢ়িল লাহেলাহে৷

নিৰ্দিষ্ট বেঞ্চখনত বহি কলমৰ সাফৰটো কামুৰি কামুৰি ৰিধিমাই বেল বজালৈকে ৰৈ থাকিল৷ পৰীক্ষক সোমাই আহিল৷ প্ৰশ্নকাকত বিলালে৷ ৰিধিমাই প্ৰশ্নকাকতখন হাতত লৈ চিধাই শেষপৃষ্ঠাটো চাবলৈ ধৰিলে৷ তাতে তাইৰ ৰচনা বিষয়টো ‘কমন পৰা’ দেখি তাই যেন সাতজাঁপহে মাৰিব এনে লাগিল৷ বাকী প্ৰশ্নবোৰ ওপৰেওপৰে চাই পাছত কৰিব বুলি ভাবি প্ৰথমে ৰচনাখনৰপৰাই আৰম্ভ কৰিব বুলি ভাবিলে৷

এইবাৰ ৰিধিমাই লিখি গ’ল

“মোবাইল ফোন আৰু ইয়াৰ প্ৰয়োজনীয়তা”

পৰিচয় : মোবাইল ফোন মানে হৈছে গতিশীল ফোন৷ মানে আপুনি যিফালেই গতি কৰিব ইয়ো সেইফালেই গতি কৰিব৷ আপুনি ফুৰিবলৈ গৈছে, আপোনাৰ পায়খানা কৰিব লাগিছে, আপোনাৰ সৰুপানী চুবৰ হৈছে, আপুনি কিটচ্চেনত সোমাইছে, পাৰ্লাৰলৈ গৈছে, স্বাস্থ্য সচেতনসকলে জিমলৈ গৈছে৷ মুঠতে আপুনি য’লৈকে নাযাওক কিয় এইবিধ ফোনে আপোনাৰ লগ নেৰে৷ সেয়ে ইয়াৰ নাম ‘মোবাইল ফোন’৷ পিচে আজিকালি মোবাইল ফোনক স্মাৰ্টফোন বুলিও কোৱা হয়৷ কিয় সেইবিষয়ে আমি বিষদভাৱে বৰ্ণনা কৰিম৷

বৰ্ণনা : মোবাইল ফোনক স্মাৰ্ট ফোন বুলি এইবাবেই কোৱা হয় যে আজিকালিৰ চলমান সময়ৰ লগত তাল মিলাই চলাত আমাক এই স্মাৰ্টফোনে যথেষ্ট পৰিমাণে অৰিহণা যোগাই আহিছে৷ তলত উদাহৰণ সহ বিশ্লেষণ আগবঢ়োৱা হ’ল৷

ধৰা হ’ল কোনো এটা বিষয়ৰ ওপৰত আপোনাৰ বৰ বিশেষ আইডিয়া নাই, কিন্তু সেই বিষয়টো এতিয়া ট্ৰেণ্ডত আছে৷ ক’ব পাৰে এটা Burning topic.কিন্তু আপুনি এই ট্ৰেণ্ডত থকা টপিকটোৰ বিষয়ে নজনাটো একেবাৰে smartness ৰ পৰিপন্থী হোৱা নাইনে? চিন্তা নকৰিব আপোনাৰ স্মাৰ্টফোনটো থাকোঁতে আপুনি স্মাৰ্ট হৈ নথকাৰ প্ৰশ্নই নাহে৷ চিধাই আপুনি আপোনাৰ ফেচবুক একাউণ্টৰ ৱালত বা হোৱাটচএপৰ ষ্টেচাচত দুই বা চাৰিলাইন লিখি দি কাম সামৰক৷ আপুনি নিশ্চিন্ত থাকক৷ আপোনাৰ এটা আপডেটে মাৰ্কেটত কিদৰে তোলপাৰ লগাই দিব আপুনি ক’বই নোৱাৰিব৷ অজস্ৰ লাইক, কমেণ্টেৰে, এজনে আনজনক কৰা আক্ৰমণাত্মক মন্তব্যই বেলেগক কিবা কৰিলেও বা নকৰিলেও আপোনাৰ জি কে লেভেল বঢ়াবই বঢ়াব৷

দ্বিতীয়তে আপোনাৰ পপুলাৰ হ’বৰ মন আছে নেকি? বাৰু পপুলাৰ হ’ব নোৱাৰিলেও তেনেকুৱা টাইপ ফিলিং এটা অনাৰ ব্যৱস্থা কিন্তু এই স্মাৰ্টফোনে কৰি দিব পাৰে৷ কেনেকৈ? ধৰি লওক যিকোনো এখন বহুলচৰ্চিত চিনেমা নাইবা এটি বিতৰ্কিত গীত বা ৰাজনৈতিক বাতৰি চচিয়েল মিডিয়াত তোলপাৰ লগাই আছে৷ আপুনি তলেতলে সবৰে প’ষ্টবোৰ পঢ়ি আৰপৰা এটুকুৰা তাৰপৰা এটুকুৰা জোৰাটাপলি লগাই প’ষ্ট কৰি দিয়কচোন আপোনাৰ ৱালত৷ হৈ যাব আপুনি মিনিটৰ ভিতৰতে পপুলাৰ৷ দেখিলেনে কিমান কিটিপ এই স্মাৰ্টফোনৰ?

এইবাৰ আহোঁ আগৰ সেই নাৰদ, শকুনি, মন্থৰা আদি মহাকাব্যিক চৰিত্ৰলৈ৷ সেইবোৰ আছিল কৌটিকলীয়া চৰিত্ৰ৷ পিচে সেই চৰিত্ৰ আপুনি আজিও ৰূপায়ণ কৰিব পাৰে এই স্মাৰ্টফোনৰ জৰিয়তেই৷ আপুনি প্ৰথমেই সকলোৰে লগত ভাল হৈ থকাৰ অভিনয় কৰক৷ সুখদুখৰ বতৰাও লওক হোৱাটচএপতেই বা মেছেঞ্জাৰতেই৷ তাৰপাছত লাহেকৈ আপোনাৰ আগত কোৱা কথাবোৰৰ স্ক্ৰীণশ্বট যুগুত কৰক৷ বচ কাম হৈ গ’ল৷ এতিয়া সেয়া বিলাই ফুৰি আপুনি যুদ্ধৰ সোৱাদ লওক আৰু নিজকে নাৰদ কিম্বা শকুনি কিম্বা মন্থৰাৰ দৰে অনুভৱ কৰি গৰ্ব কৰক৷

ৰ’ব ইমানতেই শেষ হোৱা নাই৷ ধৰি লওক আপোনাৰ তামাম বিৰক্তি লাগে বেলেগে কৰা কিছুমান কামকাজ দেখি৷ লাগিলে সেয়া কাৰোবাৰ ব্যক্তিগত কথাই হওক৷ ধৰক কোনোবাই হোৱাই নোহোৱাই ফটো আপলোডাইছে, কিবাকিবি লিখিছে কবিতা, গল্পৰ নামত শব্দৰ শ্ৰাদ্ধকে পাতিছে৷ পিচে তাত আপোনাৰ ক্ষতি একো হোৱা নাই৷ কিন্তু তথাপি পেটেপেটে কথাটো আপোনাৰ হজম নাইহোৱা৷ সেয়েহে দিলে নহয় আপুনি ৱালত এহালিচা লিখি৷ পিচে কেতিয়াবা আকৌ এনেকুৱাও হয়৷ যাৰবাবে লিখিছিল তেওঁৰ আকৌ কাঁহীৰ পাতেও গা নলৰে এইবোৰ কথাত৷ অৰ্থাৎ তেওঁ নিজৰ কৰা কাম কৰিবই৷ গতিকে আপোনাৰ টাইম ওৱেষ্ট, ডাটা ওৱেষ্ট, চকুৰ পাৱাৰ ওৱেষ্ট৷ গতিকে এইবোৰ কামৰপৰা আপুনি বিৰত থকাই শ্ৰেয়৷

পাৰ্শ্বক্ৰিয়া : মোবাইল ব্যৱহাৰ পিচে কিছুমান পাৰ্শ্বক্ৰিয়া নথকা নহয়৷ ধৰক আগতে আপুনি শোৱাপাটীৰপৰা উঠিয়েই খিৰিকীখন খুলিছিল৷ খিৰিকীৰে দেখা পোৱা সেউজীয়া প্ৰাণভৰি উপভোগ কৰিছিল৷ কিন্তু এতিয়া সৌ মোবাইলৰ ভিতৰৰ চৰাইজনীৰ মাতত চকুদুটা মেলিয়েই হাতৰ তলুৱাতে অলপপৰ তাৰ লগত চকুকেইটা নিবদ্ধ নকৰিলে আপোনাৰ চোন কিবা খালী খালী লাগে৷ নহয়নে? আপুনি হয়তো গমেই পোৱা নাই৷ মোবাইল মহাকাব্যখনে যে আপোনাৰ চকুৰ ৰশ্মিও কাঢ়ি লৈছে উপজি পুৱাৰ এই অভ্যাসটোৰদ্বাৰা৷

একেদৰেই দিনটো টলৌটলৌকৈ ঘূৰি ফুৰোঁতে আপুনি হয়তো পানী এটোপা পিবলে সময় পোৱা নাই৷ পিচে সেই কাৰোবাক টিটকাৰি দিয়া কমেণ্টত ৰিপ্লাইটো দিয়াত আকৌ কৃপণালি নাই কৰা আপুনি৷ সাৱধান দেই৷ কেতিয়াবা ডিহাইড্ৰেচন হৈ মুখেৰে ‘হাফৌ হাফৌ’ আৱাজ কৰি থাকোঁতে আপোনাক আপোনাৰ মোবাইলটোৱে নতৰাইহি৷

ৰাতি আগতে আপুনি শিতানৰ গাৰুটোতকৈ কাকো ভাল নাপাইছিল৷ কিন্তু সতিনী খাটিবলৈকে আহিল নহয় এই মোবাইলজনী৷ যি আপোনাৰ টোপনিৰ লগতে স্বাস্থ্যৰো হানি ঘটাইছে৷

সামৰণি: আচলতে মোবাইল বৃত্তান্তৰ কথা কৈ থাকিলে ওৰকে নপৰে তথাপি এই মোবাইলটো হাতত থাকিল বুলিয়েই বা ফেচবুক, হোৱাটচএপবোৰ ওলমিলহি বুলিয়েই যে কেৱল আমি টিকটাক টিকটাক কৈ নিজৰ সময়ৰ টিকনিৰ আগত মৰগাঁঠি মাৰিম তেনে হ’লে নহ’ব৷ স্মাৰ্ট হ’বৰ বাবেই স্মাৰ্টফোনৰ আৱশ্যক নহয়৷ বৰঞ্চ স্মাৰ্টফোনৰ ব্যৱহাৰ কৰি আনৰ অপকাৰ নকৰি নিজৰো উপকাৰ সাধিব পৰাটোহে স্মাৰ্টলোকৰ কাম৷

টংটংটং

ৰিধিমাই দেখিলে অতপৰে দহ নম্বৰৰ ৰচনাখন লিখোঁতেই চোন তিনিঘণ্টা পাৰ হ’ল৷ মানে পৰীক্ষাত তাই ফেইল? খাটাং৷

::হে’ৰা ইমানকৈ বে’লটো বাজিছে৷ দুৱাৰখন খোলাগৈ নাই কিয়? বাথৰূমৰ পৰা ওলাই আহিব লগীয়া হৈছে মোৰ৷

স্বামী অম্বৰীষে ভোৰভোৰাই দুৱাৰ খুলিবলৈ যোৱা দেখিহে ৰিধিমাই ভাবে,

“মইতো এতিয়া সেই স্কুলত ৰচনা লিখি থকা সৰু ৰিধিমা নহয়৷ মইচোন এতিয়া তজবজীয়া স্মাৰ্ট বোৱাৰী৷ পিচে বেলিদুপৰ হ’লহি৷ মইনো বাৰু সাৰ পাব নালাগেনে এতিয়ালৈকে৷”

শিতানৰ মোবাইলটিয়ে তেতিয়া যেন খিলখিলাই হাঁহি উঠিছিল ৰিধিমাৰ মনটো পঢ়ি পেলাই৷

☆ ★ ☆ ★ ☆

4 Comments

  • Rimjhim Borthakur

    সুন্দৰ

    Reply
  • HEMANTA KAKATI

    তামাম ৱাগিল পৰিস্মীতা৷ পুৰা মোবাইল হিষ্টৰী৷

    Reply
  • পলাক্ষী বৰদলৈ

    পঢ়ি ভাল লাগিল পৰিস্মিতা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *