অহা-যোৱা – মাতু কুকুৰাচোৱা
আজি ৰহিলা খুৰীৰ মনত অপাৰ আনন্দ… পুৱাই বিছনাৰপৰা উঠিয়েই লৰা-লৰিকৈ কামবোৰ কৰি গাটো পুখুৰীতে জোবোৰা মাৰি আহি ৰঙা চাহ পানী বাটিৰ লগতে ভজা পিঠা মিঠৈ এটা খাই কোবাকুবিকৈ পাকঘৰত সোমালে।আনন্দ লাগিবৰে কথা… ক’ত দিনৰ পাছত আজি চহৰলৈ যাব… আগতে কেতিয়া গৈছিলে ভালকৈ মনতেই নপৰে।
যিমান পাৰে সোনকালে পাকঘৰৰ কাম সামৰি আগদিনাই বাকচৰপৰা উলিয়াই থোৱা মুগা মেখেলা আৰু পাৰি দিয়া ভইলৰ চাদৰখন পিন্ধি দদাইক ক’লে
: হেৰি মই ভাত-পানী সব ঠিক কৰি থৈছোঁ,লৈ খাব দেই। মই বাইদেউৰ ঘৰলৈকে যাওঁ। তেওঁ আকৌ দেৰি হ’লে খং কৰিব।
দদায়ে খৰি ফালি থকাৰ পৰাই মূৰটো দাঙি খুৰীক ক’লে,
: হ’ব যা মই লৈ খাম, পিছে এটা কথা দেই ভালকৈ যাবি আৰু নবৌৰ লগ নেৰিবি।
খুৰীয়েও ” ইচ নাজানোহে যেনিবা” বুলি মুখতে ভোৰভোৰাই ওলাই গ’ল।
দুয়োগৰাকী বাচত উঠি অলপ দুৰ যোৱাৰ পাছতেই খুৰীৰ পেট কলমটিয়াবলৈ ধৰিলে…দেৰি হ’ব বুলি মিঠৈটোৰ বাহিৰে একো খোৱাও নহ’ল, তাতে বহুত দিনৰ পাছত বাচত উঠাৰ বাবে কিবা অকটা গোন্ধতে সিফেৰাও হ’ল… তথাপিও মনত জোৰ থাকিলে দেহাই কি কৰিব পাৰে…মনৰ জোৰতে চহৰত ঘূৰি ফুৰি,দুই-এপদ বস্তুও কিনিলে… মুঠতে দিনটো ৰহিলা খুৰীয়ে বেচ ফূৰ্টিৰে পাৰ কৰিলে…
খুৰীৰ লগত যোৱা জা-গৰাকী আকৌ বিভিন্ন সামাজিক কামত জড়িত থকা মানুহ… কেইবাটাও কাম লৈ তেওঁ চহৰলৈ গৈছে… বাকী থকা কাম এটা কৰিবৰ বাবে চহৰৰ চাৰিআলিৰ কাষতে থকা অফিচটোলৈ যাব লগা হ’ল…কিমানো আৰু খুৰীক টানি ফুৰিব… সেইবাবে চাৰিআলিৰ কাষতে থকা দোকান এখনৰ মুখতে খুৰীক ৰবলৈ কৈ তেওঁ অফিচটোলৈ গ’ল…খুৰীয়েও ইফালে-সিফালে চাই ৰৈ থাকোঁতেই হঠাতে দেখিলে অলপ আঁতৰত ৰৈ থকা মানুহজনে হাতবাউলি দি মাতি আছে…খুৰীয়ে নেদেখা ভাও জুৰিলে,পুনৰ চাই দেখিলে আকৌ মাতিছে…চুচুক-চামাকৈ খুৰীয়ে যাবলৈ বুলি দুখোজ আগবঢ়ালেও ভেঁ ভেঁ কৈ অহা-যোৱা কৰি থকা গাড়ীবোৰৰ বাবে আগবাঢ়িবই নোৱাৰে… কিন্তু মানুহজনে মাজে মাজে হাতবাউলি মাতি থকা দেখি খুৰীয়ে সাহস কৰি অলপ আগুৱাই গ’ল…কৰ বা মানুহ, কিয় বা মাতিছে,কিবা বিপদো হ’ব পাৰে…দেহি ঐ… নহ’লেনো অচিনাকী মানুহ এজনীক বাৰে বাৰে মাতেনে? এইবাৰ পিছে খুৰী অলপ আগুৱাই যাওঁতেই মানুহজনে খুৰীক ৰবলৈ ইংগিত দিলে…খুৰীয়েও ৰৈ দিলে… বেলেগ কাৰোবাক মাতিছে বুলি পুনৰ ইফালে-সিফালে চালে… নহয় মানুহজনেও দেখোন খুৰীৰ ফালেই চাই আছে…অলপ পাছতে আকৌ মতা দেখি খুৰী গৈ ওচৰ পাওঁতেই আকৌ ৰবলৈ ক’লে…খুৰী উভটি আহি “মৰিলেও মৰ এইবাৰ মাতিলেও নাযাওঁ ” বুলি ৰৈ থাকিলে নিজৰ ঠাইত… ইফালে জা-গৰাকীও আহি পোৱা নাই…আঁৰ চকুৰে মানুহজনলৈ চালে,উৱা এইটোৱে এতিয়াও মাজে মাজে মাতি আছে…খুৰীৰ লাজতে চকু চলচলীয়া হ’ল, মনতে ভাবিলে ভালেহে ঘৰত মানুটোয়ে “ভালকৈ যাবি বুলি কৈছিলে…” ” হ’ল বুলিনো ইমান নিলাজ মানুহ থাকেনে…বিপদতে পৰিলি যেনিবা… ইমান মানুহৰ মাজত মোকহে মাতি আছ যে ওচৰতে থকা কাৰোবাক ক’লেও হয় দেখোন…”বুলি ভাবি খুৰীয়ে খংতে ” তোৰ ফালে নাচালে কি কৰিবি…”ভাবত দোকানৰ ৱালখনৰ ফালে মুখ কৰি ৰৈ থাকিলে… কিছুসময়ৰ পাছত জা-গৰাকী আহি মাত দিলে,
: অ ন-ছোৱালী তই বেৰখনত কি চাই আছ?
খুৰীৰ চকুত পানী দেখি সুধিলে,
: অই কি হ’ল, কোনোবাই কিবা ক’লে নেকি…?
খুৰীয়ে বোলে, বাইদেউ অ সৌটোলৈ চাওকচোন অথনিৰেপৰা মোক হাতবাউলি মাতে আৰু গৈ ওচৰ নাপাওঁ গৈয়ে আকৌ ৰবলৈ কয়…বলকচোন ঠিকচে দুপাত দি থৈ আহোঁ…চিনি পোৱা নাই… গাঁৱৰ আজলী বুলি ভাবিছে…
জাকে মানুহজনলৈ চাই ৰহিলা খুৰীক ক’লে,
: সেই পুথাৰে তোক মতা নাই,গাড়ীবোৰক যাবলৈ-ৰবলৈ কৈছে…সেইজনক ট্ৰেফিক পুলিচ বুলি কয় বেঙী…কাক মাৰ গাঁৱত মাৰিবি… তাক মাৰি জেল খাব নালাগে ঘৰলৈ বল….
☆ ★ ☆ ★ ☆
8:12 am
হাঃ হাঃ!বঢ়িয়া
9:14 am
উঃ ৰাম!শেষ হোৱাৰ আগমুহুৰ্ত্তলৈকে বুজিয়েই নাপালো যে খুৰীক কোনে মাতিলে আৰু কিয়! আকৌ মতাৰ পিছতেই ৰ’বলৈ কিয় কয়!হাঃ হাঃ হা।
2:24 pm
Moja lagil porhi
2:50 pm
ভাল লাগিল দেই পঢ়ি ।