বিদ্যাসাগৰ – পার্থপ্ৰতীম চৌধুৰী
দীপক সৰুৰে পৰাই অলপ জধলা ধৰণৰ৷ নতুন কাপোৰজোৰ পিন্ধিলেও যেন কিবা পুৰণি এজোৰহে পিন্ধিছে তেনেকুৱা লাগে৷ প্ৰায় প্ৰতিবাৰেই পূজাৰ সময়ত লগৰবোৰে সুধে,
: এইবাৰ নতুন কাপোৰ নললি?
আনকনো কিমান ক’ব এই নতুন কপোৰজোৰ দেউতাকে পূজা বুলিয়েই আনি দিছে৷ সেইবাবেই ক্লাছ নাইনত পঢ়ি থাকোঁতেই দীপকে দেউতাকক ক’লে,
: দেউতা, এইবাৰ পূজাত নতুন কাপোৰ নালাগে দিয়া৷ মোৰ কেইবাজোৰো ভাল কাপোৰ আছেই৷
শিক্ষক দেউতাকেও ভালেই পালে, যে ল’ৰাটোৱে কম বয়সতে বাহ্যিকতা পৰিত্যাগ কৰিব পাৰিছে৷ সেইবাৰ তেওঁ পূজাৰ সময়ত দীপকক কেইবাখনো কিতাপ কিনি দিলে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি দীপক কলেজ পালে৷ স্কুল ইউনিফৰ্মৰ পৰাও ৰেহাই পালে৷ টেৰিকটনৰ চাৰ্ট পেণ্ট আৰু এজোৰ চেন্দেলেই হৈ পৰিল তাৰ চিৰাচৰিত বেশ৷ স্নাতক শ্ৰেণীত দুই এটা জিন্সৰ পেণ্ট পিন্ধা আৰম্ভ কৰিলেও দীপকৰ মূল বেশৰ কিন্তু বিশেষ সলনি হ’ল৷
স্নাতকোত্তৰ শ্ৰেণীৰ বাবে বিশ্ববিদ্যালয়ত নাম ভৰ্ত্তি কৰি জীৱনত প্ৰথমবাৰৰ বাবে সি হোস্তেললৈ আহিল৷ হোস্তেলৰ নবাগত আদৰণি সভা যোৱাৰ কিছুদিন পিছতেই দীপকৰ বেশভূষাত আকৌ সলনি হ’ল৷ চাৰ্ট গুচি টী-চাৰ্ট হ’ল, চেন্দেল গুচি হাৱাই চেন্দেল হ’ল৷ জিন্স-টি চাৰ্ট, হাৱাই চেন্দেলেৰেই বিশ্ববিদ্যালয়ৰ দুবছৰ পাৰ হৈ গ’ল দীপকৰ৷ বিশ্ববিদ্যালয়ৰ পিছত ঘৰ, বেকাৰ জীৱন, জিন্স, টি-চাৰ্ট, হাৱাই চেন্দেলেৰ লগত দীঘল দাঢ়ি যোগ হ’ল৷ কেইদিন মান হাতত ৰঙা সূতা, ৰুদ্ৰাক্ষও ওলমিল৷ অবধাৰিত ভাবে বেকাৰ জীৱনৰো অন্ত হ’ল নিজৰ চহৰতে থকা মহাবিদ্যালয়খনতে প্ৰবক্তা পদত৷ আৰম্ভ হ’ল এক সমস্যাবহুল জীৱন৷ নতুকৈ আনুষ্ঠানিক কাপোৰ ল’ব লগা হ’ল৷ কিন্তু দাঢ়িখিনি থাকিল৷ কিন্তু কলেজৰ পৰা অহাৰ লগে লগেই আকৌ জিন্স, টি-চাৰ্ট৷
অক্টোবৰ মাহ, বিয়াৰ বতৰ৷ দীপকে সাধাৰণতে ঘৰুৱা বিয়াৰ নিমন্ত্ৰণ ৰক্ষা নকৰে, সেয়া মাক বা দেউতাকৰে দায়িত্ব৷ কিন্তু ঘৰৰ পৰা অলপ দূৰৰ বিয়া এখনলৈ অসুস্থ দেউতাকে যাব নোৱাৰা হোৱাত দীপকৰ মূৰতে পৰিল সি আটাইতকৈ বেয়া পোৱা কামটো৷ যথা দিনত এমাহ নুখুৰোৱা দাঢ়ি, তিনিমাহ নকটাকৈ থকা চুলি আৰু জিন্সৰ চাৰ্ট-পেণ্ট পিন্ধি দীপক সাজু৷ দেখিয়েই মাকৰ অৱস্থা কাহিল৷
: চুলিখিনি নাকাটিলি নাই, মুখৰ জংঘলখিনিতো গুচাই ল৷
: হ’বদে, যাওঁতে বজাৰতে কিবা এটা কৰিম দে৷
: অলপ চাফ চিকুন হৈ যাবি৷
: কিয়? মই যে যাবলৈ ওলাইছোঁ সেইটোৱে ডাঙৰ ঘটনা৷ আৰু চুলি ডাঢ়ি কাটিব লগা হ’লে বাদ দিলোঁঁ৷
: নালাগে যা চুলি ডাঢ়ি কাটিব, দেউতাৰৰ পুৰণি বন্ধুৰ ল’ৰাৰ বিয়া, নগ’লে বেয়া হ’ব৷
: যাম ঠিকে আছে কিন্তু বিয়া ঘৰৰ কাকো যে মই চিনি নাপাওঁ! মই বিয়া ঘৰত গৈ ক’ম কি?
: তই চিনি নাপালেও দৰাই তোক চিনি পায়, বিয়াত মাতিবলৈ আহোঁতে কৈছে নহয়, আৰু কাকো একো ক’ব নালাগে মনে মনে বহি থাকিবি৷ এইজনে কলেজত বা কি শিকায়!
: হ’ব দে তোৰ ৰেকৰ্ডখন থৈ দে, মই আহোঁ৷
বজাৰত ৰৈ দৰাৰ বাবে উপহাৰ এটা কিনি দীপক বিয়াঘৰ পালে৷ ৰভাৰ সন্মুখতে মূল তোৰণত কাষতে আলহী আদৰিবলৈ ৰৈ থকা ব্যক্তিকেইগৰাকীয়ে দীপকৰ পিনে কেৰাহীকে চালে যদিও “আহক আহক” বুলি অইনক মতাৰ দৰে একো নক’লে৷ দীপকেও সোনকালে যাব পাৰিলেই ৰক্ষা বুলি বাট নাচাই ৰভাৰ ভিতৰলৈ সোমাই গ’ল৷ ৰভাৰ ভিতৰত সোমাইয়ে দীপকে দৰাক দেখি আগবাঢ়ি গ’ল৷ দৰাই দীপকক দেখিয়েই মাত লগালে,
: অ ভাইটি আহিলা? বৰ ভাল লাগিল, সেইদিনা তোমাক লগ নাপালোঁ, তথাপিও যে আহিছা বৰ ভাল পালোঁ৷
দীপকেও সেই চেগতে দৰাৰ হাতত উপহাৰটো দি ৰভাতলিত এখন চকীত বহি পৰিল৷ সেইসময়ত ৰভাতলিত কিছু ভিৰ হৈছিল যদিও সি চিনাকি কোনোবাক দেখে নেকি বুলি চালে যদিও তেনেকুৱা কাকো চকুত নপৰিল৷ তাৰ চাৰিওপিনে বহা মানুহখিনিয়ে একেবাৰে ধুনীয়া আনুষ্ঠানিক চাৰ্ট-পেণ্ট, মহিলাখিনিয়ে পাটৰ মেখেলা চাদৰ, শাৰী ইত্যাদি পৰিধান কৰি বহি আছে৷ তেওঁলোকৰ মাজতেই সি জাকত জিলিকা হৈ বহি থাকিল৷ কিছু সময় বহাৰ পিছতে মানুহ এগৰাকীয়ে দীপকক দেখি মাত লগালে,
: ছাৰ, ভালনে?
দীপকে চিনি নোপোৱে সত্বেও সহাৰি জনালে৷ মানুহজনে জানিছিলেই য দীপকে তেওঁক চিনি পোৱা নাই৷
: ছাৰ আপুনি মোক চিনি পোৱা নাই! মোৰ ছোৱালীজনী আপোনাৰ ছাত্ৰী, পল্লবী৷
: অ’, হয় নেকি?
: দৰা মোৰ ভতিজা হয়৷ পল্লবীও আছে মই তাইক খবৰ দি আছোঁ ৰ’ব৷ পিচে খোৱা বোৱা কৰিলেনে?
: নাই বহিছোঁহে৷
: আপুনি অলপ বহক দেই, মই আহিছোঁ৷
একমাত্ৰ কথা পাতিব পৰা মানুহজনো গুচি গ’ল৷ দীপকে উপায়বিহীন হৈ অপেক্ষা কৰিবলৈ ধৰিলে৷ এগৰাকী অতি স্মাৰ্ট মহিলাই নিমন্ত্ৰিতসকলক ভোজনালয়লৈ মাতি নিয়া বিষয়টোত আগ ভাগ লৈ আছিল৷ কিছু সময় পিছত দীপকে লক্ষ্য কৰিলে যে তেওঁ দীপকৰ চাৰিওপিনে বহি থকা মানুহবিলাকক ভিতৰলৈ মাতি নিছে, কিন্তু মাজতে দীপক ৰৈ গৈছে৷ প্ৰতি বাৰেই দীপকে ভাবে এইবাৰ ভিতৰলৈ যাব পাৰিম, কিন্তু মহিলাগৰাকীয়ে তাৰ চকুৰ পিনেই নাচায়৷ দীপকৰ অকৰা খঙটো লাহে লাহে উঠি আহিবলৈ ধৰিলে৷ প্ৰায় এঘণ্টা সময় অতিবাহিত হ’ল, সি এতিয়া গুচি যাবও নোৱাৰে, বহি থাকিবও নোৱাৰে৷ ডিঙি মেলি দীপকে চাৰিওপিনে চালে পল্লবীৰ দেউতাক বা পল্লবী কাৰোবাক দেখে নেকি? কিন্তু নাই কাৰো দেখাদেখি নাই৷ হঠাৎ দূৰত এবাৰ পল্লবীৰ দেউতাকক দেখিলে দীপকে, কিন্তু তেওঁ হয়তো ভবাই নাই যে ইমান পৰে দীপক বহি থাকিব বুলি, সেইবাবেই তেওঁ দীপকৰ পিনে চোৱাই নাই৷ হঠাৎ তেওঁ দীপকক দেখি আগবাঢ়ি আহিল৷
: ছাৰ, আপুনি আছেই নেকি? মই ভাবিলোঁ আপুনি গ’লেই নেকি? পিচে খোৱা লোৱা হ’লনে?
দীপকে লাহেকৈ নাই খোৱা বুলি ক’লে (কেনেকে নো কয়, যে তাৰ জিন্সৰ চোলা, দীঘল দাঢ়ি দেখিয়েই যে তাক অসামাজিক প্ৰাণী বুলি ভদ্ৰমহিলা গৰাকীয়ে অৱজ্ঞা কৰি আছে!)পল্লৱীৰ দেউতাকে লগে লগে ব্যস্ত হৈ,
: আহক, আহক ইছ! ইমান সময় এনেয়ে বহি আছে৷
দীপকেও অলপ শংকাৰে ভদ্ৰমহিলাক কৰবাত দেখে নেকি এবাৰ চাই পল্লবীৰ দেউতাকৰ পিছে পিছে আগবাঢ়িল৷ তেওঁ দীপকক আগবঢ়াই নি ঠিক ডাইনিং ৰূমৰ ওচৰ পাওঁতেই কোনোবাই মতাত দীপকক ক’লে
: ছাৰ আপুনি যাওক, ভিতৰত ঠাই আছে, মই আকৌ এপিনে যাব লাগে৷ হেৰা, এই ছাৰক বহুৱাই দিবাদেই৷
বুলি কাৰোবাক ইচাৰা কৰি মানুহজন আঁতৰিল।
দীপক ডাইনিং ৰূমত ঠিক সোমাব খোজোঁতেই সন্মুখতে দেখে ভদ্ৰমহিলা৷ উগ্ৰ গোন্ধ থকা সুগন্ধি লগোৱা মহিলা গৰাকীয়ে,
: ৰ’ব ৰ’ব, ক’ত যায়? ভিতৰত ঠাই নাই, পিছত আহিব৷
বুলি তাৰ প্ৰতি বাক্যবাণ উচ্চাৰণ কৰিলে। শিল পৰা কপৌৰ দৰে সি এটি লহমাৰ বাবে থৰ পৰিল।
: ছাৰ, ইয়াতে আছে? দেউতাই ক’লে মোক আপুনি অহা বুলি। আহক ছাৰ, ভিতৰলৈ আহক ছাৰ।
দীপকে ঘূৰিয়েই দেখিলে, পল্লবী, তাৰ ছাত্ৰীগৰাকী৷ কথাষাৰ কৈ উঠাৰ পিছতেই তাই ভদ্ৰমহিলাক দেখি উচ্চাৰিলে,
: মাহী, এয়া আমাৰ ছাৰ, মই যে কৈ থাকোঁ! ছাৰ, এয়া মোৰ মাহী।
ভদ্ৰমহিলাই মুখখন মেলি নমস্কাৰ এটি দিবলৈ ওলাইছিল। দীপকে তেওঁক নমস্কাৰ জনাই ফোঁঁ-ফোৱাই বিয়া ঘৰৰ পৰা ওলাই গুচি আহিল৷ ৰভাতলীৰ কিছু দূৰত ৰখাই থোৱা গাড়ীখনৰ ওচৰলৈ আহি চাবি উলিয়াবলৈ পকেটত হাত সোমাই দিয়াত কাগজৰ টুকুৰা এটা হাতত লাগিল৷ কাগজটুকুৰা উলিয়াই চালে, গ্ৰন্থপীঠ বোলা কিতাপৰ দোকানখনৰ কিতাপ কিনা ৰছিদ, দীপকে বিয়াত উপহাৰ হিচাপে দিয়া কিতাপখন “Isvar Chandra Vidyasagar: A Story of His Life and Work”.
☆ ★ ☆ ★ ☆
1:06 am
ভাল লাগিল পঢ়ি
11:23 pm
ধন্যবাদ
1:21 am
পার্থ ছাৰ একদম “গড মুন নৌলেজ ছি” লেখা এইটো ??
11:24 pm
ধন্যবাদ, ৰক্তাভ
5:36 am
ভাল লাগিল পঢ়ি । আজিকালি বাহ্যিকতাক হে প্ৰাধান্য দিয়া হয় ।
11:25 pm
থেংকু, বৌ
8:05 am
ভাল লাগিল৷ পিচে আজিৰ সমাজত বাহ্যিকতাও অলপ জৰুৰী
11:27 pm
সচাকৈয়ে! মানুহে ‘কি ভাবে’ তাতকৈ যেন ‘কেনেকুৱা দেখে’, সেইটোহে বেছি গুৰুত্বপূৰ্ণ
9:01 am
ভাল লাগিল
11:27 pm
ধন্যবাদ