ফটাঢোল

ফটা প্ৰেম – চাহিন জাফ্ৰি

কলেজীয়া জীৱনত এদিন ধুনীয়া ল’ৰা এটা মোৰ ভাল লাগিছিল। ভাল মানে ‘লাভ এট ফাৰ্ষ্ট চাইট’ আৰু দেই। কলেজৰ পৰা ওলাই আহোঁতে গে’টৰ সন্মুখত ব্লেক পালচাৰ খন লৈ ৰৈ থকা সেই মিঠা বৰণীয়া লৰাটো দেখিয়েই কিবা এটা ভাল লাগি গ’ল। ক্লিন চেভ কৰা নাছিল সি, সামান্য দাঢ়ি গজা দুখন গাল আৰু গভীৰ চকু দুটা…! সঁচাই কিবা এটা ভাল লাগিল মোৰ। ল’ৰাবোৰৰ ক্লিন চেভ ফেচ এনেয়ো পছন্দ নহয় মোৰ, একেবাৰে গুচোৱা পিঁয়াজটোৰ নিচিনা লাগে। মানে সেই বিশেষ ঠাইখিনি জোখতকৈ বেছি বগা হৈ সাইলাখ বান্দৰটোৰ নিচিনা হৈ পৰে…।

যা হওক, লৰাজনক ভালকৈ চালোঁ, বৰ চিন্তাত থকা যেন লাগিল। ভাবিলোঁ, তাৰ বা মনত কি ইমান দুখ! আই ঐ দেহী বেয়াই লাগিল বেচেৰালৈ। মোৰ সুধিবলৈয়ে মন গ’ল কি কাৰণত বা সি চিন্তিত হৈ আছে, মই কিবা সহায় কৰিব পাৰোঁ নেকি! ভাবি থাকোঁতেই দেখিলোঁ, মোৰ ওচৰলৈ লগৰ এজনী দৌৰি আহিছে, তাইৰ বোলে বি.এফ.(প্ৰেমিক)টো অহাৰ কথা আছিল, তাইক নিবলৈ, কিন্তু কিবা কামত ফচিল, সেয়ে মোৰ লগতে যাব তাই। বেয়া নাপালোঁ মই, কিন্তু পটককৈ মনলৈ ভাবটো আহিল, সেই লৰাটোও চাগে জি.এফ.(প্ৰেমিকা)ক নিবলৈ আহি সেইখিনিত ৰৈ আছেহি! মনটো অকণমান সেমেকি গ’ল। আকৌ তালৈ এবাৰ চাই পঠিয়ালোঁ, তাৰ উদাস চাৱনিটো দেখি আকৌ মোৰ দুখ লাগিল, কোন বা সেইজনী, বেচেৰাটোক এইদৰে ‘ৱেইট’ কৰাই থৈছে, খঙেই উঠিল মোৰ তাইৰ ওপৰত।

ফটা মুখ খন চম্ভালিব নোৱাৰি লগৰ জনীক কৈয়েই পেলালোঁ, বোলো- “কোন ঔ সেইজনী মৰতী, বয়ফ্রেণ্ডক এনেকৈ ৰখাই থৈছে! বৰ বদমাছ ছোৱালী দেই, ল’ৰাটো কিন্তু বৰ হেণ্ডছম, মোৰ হ’লে বৰ ভাল লাগিছে দেই লৰাটো!

তাই বা মোক কি উত্তৰ দিলে, মোৰ আৰু শুনাৰ ধৈৰ্য ন’হল। আমাৰ ৰিক্সাখন আঁৰ হৈ নোযোৱালৈকে মই তালৈকে চাই থাকিলোঁ। ঘৰ আহিও ভাবিলোঁ নেক্সট্ যদি তাক লগ পাওঁ, তেন্তে মাত এষাৰ দিম, কিন্তু কি বুলিনো মাতিম আৰু কেনেকৈ মাতিম তাকহে ভাবি নাপালোঁ!

সেইদিনা হ’বলা ৰাতি সপোনতো তাকেই দেখি আছিলোঁ, এতিয়া অৱশ্যে মনত নাই! বাৰু যি হওক, ইয়াৰ পিছদিনাখনহে আচল খেলখন জমি উঠিল!

আমাৰ ক্লাছৰ ‘ঐশ্বৰ্য্য ৰায়’ বুলি খ্যাত আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে (যি ইতিমধ্যেই বিবাহিতা) মোক জৰুৰী কথা এটা আছে বুলি মাতি লৈ গ’ল। তাইৰ অৱশ্যে প্ৰেম বিবাহ হৈছিল, খুব সোনকালেই তাইক বিয়া দিছিল ঘৰৰ পৰা। প্ৰায় আধা-আধি কলেজৰ ল’ৰাবোৰৰ হাৰ্ট ব্ৰেক কৰি তাই ‘ৰেড টেগ’ লগাই কলেজ আহিছিল। কিন্তু তাইৰ মুখখন বৰ চোকা আছিল, কালৈয়ো ভয় নকৰিছিল আৰু খাৰাং-খাচকৈ কথা শুনাই দিছিল।

তাই মোক জৰুৰী কথা এটা ক’ম বুলি কোৱাত মোৰ চিন্তাই লাগিল, কি বা হ’ল!

খং নে ক্ষোভত ফোঁপাই-জোপাই তাই মোক ক’বলৈ ধৰিলে-
: ঐ শুনাচোন, কালি কোনোবা এজনী ছোৱালীয়ে মোৰ ‘হাজবেণ্ড’ক(পতিদেৱ) বৰকৈ লাইন দি আছিল আৰু জানা তাই মোকো হেনো বৰ বেয়াকৈ কৈছে, মই বোলে বদমাছ! তাইক পাই লওঁ মই ৰ’বা, ঠিকছে এপালি দিম! তুমি জানা নেকি বাৰু কোন সেইজনী ছোৱালী?

মই বোলো মনতে, “কৃষ্ণ! কৃষ্ণ প্ৰভু! মোক ৰক্ষা কৰা। মইতো জানি বুজি একো কৰা নাছিলোঁ!” তথাপিও তাইৰ ওচৰত লাজত পৰিবলৈ মন নগ’ল আৰু সেয়ে চমুৱাই কৈ থলোঁ, “মই একো গম নাপাওঁ নহয়..”। অমুকী সিমানতেই তাপ মাৰিলোঁ আৰু!

ক’ৰ পৰানো কথা কেনেকৈ ক’ত পায়হি, ভাবি আচৰিত লাগিল। তাই মোক সন্দেহ কৰা নাইতো? অৱশ্যে তাইৰ কথাত তেনেকুৱা যেন নালাগিল।
মোৰ নিজৰ ওপৰতে হাঁহি উঠিল- কিহে পাইছিল বাৰু মোক লোকৰ মালত চকু দিবলৈ? এতিয়া পা মজাটো! ঠিক সেই মুহূৰ্ততে অমুকীৰ ‘লাভ এট ফাষ্ট চাইট’ ক’ত উৰা মাৰিলে গমেই নাপালোঁ! নিমিষতে অমুকীৰ হাৰ্টখনো ‘ব্রকেন’ হৈ টুকুৰাবোৰ গাৰ্লছ্ কমন ৰুমতে বাগৰি পৰি থাকিল। অমুকীয়েনো আৰু কি কৰিম! নেক্সট্ ক্লাছলৈ বুলি খৰ-খেদাকৈ কোব ল’লোঁ।

পিছে তাৰপৰা এটা বৰ দৰকাৰী কথা শিকিলোঁ, “নজনা-নুশুনাকৈ অচিনাকি মালত চকু দিব নালাগে! পেৰেম হোৱাটো দূৰৰ কথা, মান-সন্মানো যাব পাৰে!” সেই তেতিয়াৰ পৰা যে কাণত ধৰিলোঁ আজিলৈকে কোনো ল’ৰাকে মূৰ তুলি নোচোৱা হলোঁ! প্ৰমাণটোতো ৰাইজে পাইছেই নহয় জানো??

☆ ★ ☆ ★ ☆

9 Comments

  • ৰাজশ্ৰী শৰ্মা

    বৰ দুখ লগা লাভ এট ফাৰ্ষ্ট চাইট।

    Reply
  • deepjyoti handique

    হাঃ হাঃ হাঃ হয় দেই ।

    Reply
  • HEMANTA KAKATI

    বচ কৰ পগলী, অব ৰুলাওগে ক্যা?

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়িলোঁ৷ সঁচা কথাবোৰ পঢ়িবলৈ বেছি মজা হয়, নহয়নে?

    Reply
    • Anonymous

      হয়..!! সঁচা কথা একেবাৰে এইটো।

      Reply
  • Anonymous

    বেচ জমিছিল খেলখন? ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *