কলেজৰ দিনবোৰ – ৰঞ্জু হালৈ মুনি
মেট্ৰিক পাছ কৰাৰ আগৰে পৰাই আমাৰ উচ্ছাহ-উদ্দীপনাৰ শেষ নাই। কিয়নো কলেজলৈ যাম, নতুন নতুন বন্ধু-বান্ধৱী লগ পাম। ভাবিলেই কিবা মনটো ভাল লাগি যায়। কিন্তু এইবোৰৰ মাজতো এটা চিন্তা লাগি আছিল। সেয়া হ’ল ‘ৰেগিং’ৰ চিন্তা। ‘ৰেগিং’ মানে কি বুজি পোৱা নাছিলোঁ যদিও সকলোৰে মুখত ‘ৰেগিং’ শব্দটো শুনি শব্দটোৰ প্ৰতি কিবা এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ। মনতে ভাবিছিলোঁ কিবা নিশ্চয় বেলেগ বস্তু এই ‘ৰেগিং’টো। নহলেনো ইমান জনপ্ৰিয় হ’বনে! তেতিয়ালৈ আমি অজ্ঞ আছিলো ‘ৰেগিং’ সম্পৰ্কে।
যথা সময়ত আমাৰ কলেজলৈ যোৱাৰ সেই শুভ দিনটো আহিল। শুভ দিন বুলি এইবাবেই কৈছোঁ যে আমাৰ বাবে কলেজৰ দিনটো পৰম আকাংক্ষিত আছিল। দাদাহঁতে পঢ়ি অহা কলেজখনতেই ময়ো নাম লগালোঁ। বৰ বেছি দূৰ নহয় কলেজলৈ।প্ৰথমদিনা দাদাৰ লগতেই গ’লোঁ কলেজলৈ। সৰু দাদা তেতিয়া দ্বাদশ শ্ৰেণীত। মই গৈ ভৰিখন থৈছোঁহে কলেজৰ দুৱাৰ মুখত, আহিল নহয় এজন “অ বোলো এইজনী তোৰ ভনীয়েৰ নিকি? আজি ৰেগিং কৰিম।” মই ভয়তে পেপুৱা লাগিলো। যিটো শব্দ শুনি শুনি শব্দটো ভাল লাগিবলৈ ধৰিছিল আজি সেই শব্দটো শুনিয়ে ভয়ত পেপুৱা লাগিছোঁ। কলেজৰ প্ৰথম দিনটোতেই সেই শব্দটোৰ মুখা-মুখি হ’ব লাগিব বুলি সপোনটো ভবা নাছিলোঁ।
প্ৰাৰ্থনাৰ শেষত শ্ৰেণীকোঠাত বহিলোঁ। সকলো নতুন মুখ। মাজতে দাদাই আহি কৈ গৈছে “একো ভয় নকৰিবি। তোক কোনেও ৰেগিং নকৰে।” শ্ৰেণী কোঠাত সকলো নতুন বন্ধু-বান্ধৱী। কাকো চিনি নাপাওঁ। যিহেতু প্ৰথম দিন, সেইদিনা বৰ বিশেষ ক্লাছ হোৱা নাই। কেৱল উপস্থিতিতি লৈয়েই ছাৰজন গুচি গ’ল।
মাজে মাজে ওপৰৰ শ্ৰেণীৰ ল’ৰাবোৰ আহি আমাৰ শ্ৰেণীৰ ছোৱালীবোৰক মাতি মাতি লৈ যায়। মই আচৰিত হৈ মোৰ কাষতে বহা লগৰজনীক সুধিলোঁ কিয় মাতি নিছে বুলি। তাই যিষাৰহে ক’লে মই মূৰ্ছা যাবলৈহে বাকী। বোলে এইয়া ৰেগিং কৰিবলৈ মাতি নিছে। কৃষ্ণ,কৃষ্ণ! কি পাল্লাত পৰিলোঁ বুলি কোনোমতে ধৈৰ্য্য ধৰি থাকিলোঁ। অলপ পিছতেই সেই ছোৱালীজনী আহি পালে। মই দৌৰি গৈ তাইৰ হাত এখনত ধৰি চুক এটালৈ টানি নিলোঁ। তাই অবাক। তাইক কিয় মাতি নিছিল সুধিলোঁ। তাই ক’লে ৰেগিং কৰিবলৈ বুলি। একেবাৰে নিৰ্ভীক উত্তৰ। মই পুনৰ বাৰ কিবা সুধিবলৈ মুখ মেলোঁতেই আমাৰ ফালে ল’ৰা এজন আহি থকা দেখিলোঁ।ভয়তে তাইৰ পিছফালে লুকুৱাবলৈ ধৰোঁতেই ল’ৰাজন আহি আমাৰ ওচৰ পাই ওচৰতে থকা ডেক্স খনত টুকুৰিয়াই দিছে, “তোমাক কৈছোঁ, তুমি এইফালে আহা।” কথাখিনি কৈয়েই ল’ৰাজন গপ গপাই গুচি গ’ল। মোৰ অৱস্থা ফাট দিয়া বসুমতী পাতালে লুকাওঁ। ল’ৰাজনৰ পিছে পিছে গৈ মই এটা কোঠাত সোমালোঁ। সেই কোঠাটোত আগৰে পৰাই কেইজনমান ল’ৰা বহি আছিল। মই গৈ তেওঁলোকৰ কাষত থিয় হৈ ৰ’লোঁ। তেওঁলোকে কিবা কথা পাতি আছিল। সেইখিনি সময়তে আকৌ মোৰ মূৰটোত ইমান ওকণীয়ে খজুৱাবলৈ ধৰিলে নহয় কি যে হ’ব! ইফালে ল’ৰাকেইজনৰ আগত মূৰটোত হাত দিবও নোৱাৰোঁ। কি কৰোঁ কি নকৰোঁকৈ ভাবি থাকি শেষত মূৰটো খজুৱাবলৈ ধৰিলোঁ। চুলিবোৰ আউল-বাউল হৈ গ’ল। তথাপিও মই কিন্তু এৰা নাই। ল’ৰা কেইজনে মোৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলে। কি কৰিছে এইজনীয়ে বুলি। দুই এবাৰ নখত সোমাই অহা ওকণীবোৰো চাওঁ। মোৰ আচৰণ দেখি এটা সময়ত ল’ৰাবোৰে মোক নিজেই ক’লে “তুমি যোৱাগৈ বুলি।” কিন্তু তাৰ পিছত প্ৰায়ে মোক কলেজত সেই ল’ৰা কেইজনে ওকণী ভণ্টী বুলি মাতিবলৈ ধৰিলে।
আকৌ এইবাৰ আহিল নৱাগত আদৰণী সভা। এই সভাখন কেনেকুৱা তাকো নাজানো! গতিকে সভাখনৰ প্ৰতি এক তীব্ৰ আকৰ্ষণ অনুভৱ কৰিছোঁ মনে মনে। নিৰ্দিষ্ট দিনত সভাখন আৰম্ভ হ’ল। চা -চিনাকি পৰ্ব চলি আছে। ইজনে সিজনৰ নামটো কাগজ এটুকুৰাত লিখি দিয়ে। বেলেগ এজনে সেই নামটো মাতি দিয়ে। তেতিয়া নাম মতা গৰাকীয়ে ষ্টেজলৈ গৈ নিজৰ নাম পৰিচয় কব লাগে। কোনোবাই যদি গান গাব জানে তেওঁক গান গাব দিয়া হয় আৰু কোনোবাই কবিতা আবৃত্তি কৰিব জানিলে কবিতা আবৃত্তি কৰিব দিয়ে। এইবাৰ মাইক্ৰফোনৰ সন্মুখত ডাঙৰকৈ ওকণী ভণ্টী বুলি মতা শুনিলোঁ। ‘ওকণী’ নামটো প্ৰথমতে ধৰিব পৰা নাছিলোঁ যদিও ল’ৰাকেইজনে মোৰ ফালে চাই গিৰ্জনি মাৰি হাঁহিবলৈ ধৰা দেখি মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে সিহঁতে আচলতে মোকেই কৈছে। লাহে লাহে ষ্টেজলৈ গৈ নিজৰ পৰিচয়টো দিলোঁ। এজনে আগবাঢ়ি আহি সুধিলে ওকণীৰ অভিজ্ঞতা সম্পৰ্কে। মই অলপ সময় মনে মনে থাকি ওকণী সম্পৰ্কে এক দীঘলীয়া ভাষণ আৰম্ভ কৰিলোঁ। ওকণি আমাৰ বাবে কিমান উপকাৰী, দন লাগি মাতবোল বন্ধ হৈ থকা বান্ধৱী গৰাকীক কেনেকৈ মনে মনে ওকণী দলিয়াই দিব লাগে ইত্যাদি বহু কথা ক’লোঁ। মোৰ ভাষণ শুনি মোক ওকণী সম্পৰ্কে সোধা ল’ৰাজনে ক’লে, “হ’ব হ’ব তুমি যোৱা”। বীৰদৰ্পে ষ্টেজৰ পৰা নামি আহিলোঁ। সিদিনাৰ পৰা আৰু মোক তেনেকৈ নমতা হ’ল।
☆ ★ ☆ ★ ☆
4:56 pm
ভাল লাগিল
5:33 pm
ওকনি ভন্তিলৈ শুভেচ্ছা থাকিল ৷
10:20 am
হা হা হা
ভাল লাগিল