ফটাঢোল

হাঁহি উঠা কথা – অনিমা দাস

(১)
কলেজত পঢ়ি থকা সময়ৰ কথা। মই প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰী আছিলোঁ। ব্যাৱহাৰিক শ্ৰেণীবোৰ আৰম্ভ হৈছে ।বেচিন এটাত পেট্ৰিদিচ এখন লৈ ধুই আছোঁ।কোনোবাই মোৰ পিনে ৰʼ লাগি চাই থকা যেন লাগিল। মূৰ তুলি চাই দেখিলোঁ নাইতো, কোনেওচোন চাই থকা নাই। অলপ আঁতৰত তৃতীয় বর্ষৰ লʼৰা দুজনে কথা পাতি আছিল।
হয়তো মোৰ কথা পাতি আছিল। মই চোৱাৰ লগে লগেই কথা পতাৰ ভাও দিছে। মই সিহঁতক একো নুসুধিলোঁ।

সেই সময়ত মই আগতে কাকো মাতি কথা পতা নাছিলোঁ। কোনোবাই মোক মাতিলেহে মাতোঁ। কথা পাতিলেও কিবাকৈ মুখৰ পিনে নোচোৱাকৈ কথা পাতোঁ। মই নিজে মাতি কথা পাতিবলৈ বৰ টান পাওঁ। চিনাকি মানুহ দেখিলেও নিজে মাতি কথা নেপাতোঁ।
মই কি কথা পাতিম, কি কি সুধিম- সেইবোৰ ভাবি নেপাওঁ।

লৰা বন্ধুৰ লগত কমকৈ কথা পাতিছিলোঁ।বন্ধু-বান্ধৱী পাতিবলৈ ভয়। কোনোবাই মাতিলে মাৰ ৰঙা চকু দুটালৈ মনত পৰি যায়।যেন মোৰ ফালে চাই কৈ আছে, “ঐ, তোক কলেজত পঢ়িবলৈ পঠাইছোঁ নে বন্ধু-বান্ধৱী পাতিবলৈ পঠাইছোঁ।”

মোৰ কমকৈ কথা কোৱা স্বভাৱটোৰ বিষয়ে মোৰ সহপাঠী বান্ধৱীয়ে গʼম পাইছিল। মোৰ বান্ধৱীগৰাকী বেছ কথাচহকী আছিল।লৰা-বুঢ়া কাৰ লগত কেনেকৈ কথা পাতিব লাগে সকলো জানিছিল। বান্ধৱীগৰাকী মোৰ লগত থাকিলে কেতিয়াবা দুয়োৰে চিনাকি মানুহ ওলালে মোৰ ভাগৰ কথাখিনিও কৈ শেষ কৰিছিল।

এদিন কথাচহকী বান্ধৱীগৰাকীৰ লগত বজাৰলৈ গʼলোঁ। বজাৰত আমাৰ সমনীয়া লʼৰা এজন লগ পাই বান্ধৱীগৰাকীয়ে কথা পাতিবলৈ ধৰিলে। দুয়োৰে কথা শেষ হʼলত লৰাজনে মোক মাতি সুধিলে-

: তুমি মোক মতা নাই কিয়?

মই বোলো মইতো তোমাক চিনি পোৱা নাই।

লৰাজনে মোৰ উত্তৰ শুনি হা-হা-হাকৈ হাঁহিবলৈ ধৰিলে আৰু হাঁহি হাঁহি কʼলে-

: আমি দেখোন একে ক্লাছতে পঢ়োঁ।

(২) একেখন বাছৰ যাত্ৰী–

দুবছৰমান আগৰ কথা। স্কুল বন্ধ পালেই মই মা-দেউতা আৰু ভাইটি-ভন্‌টিহঁতৰ খবৰ লʼবলৈ প্ৰায়ে ঘৰলৈ যাওঁ। ঘৰলৈ গʼলে অকলেই যাওঁ। গৃহস্থৰ ব্যস্ততাৰ অন্ত নাই।মোৰ লগত যাবলৈ সময় নাই। বাঁহগাজৰ গৱেষণাত ব্যস্ত। গুৱাহাটী ইউনিভাৰ্চিটিলৈ সঘনাই অহা-যোৱা কৰি আছে।

এবাৰ তেওঁ ইউনিভাৰ্চিটিলৈ যোৱা আৰু মই ঘৰলৈ গৈ এৰাতি থাকি অহাৰ তাৰিখ মিলি গʼল। মই ঘৰৰ পৰা আহোঁতে আধা ৰাস্তাৰ পৰা হʼলেও একেলগে তেওঁৰ লগত অহাৰ চুক্তি কৰিলোঁ। চুক্তিমতে মই ঘৰৰ পৰা ওলালে তেওঁ জালুকবাৰীত বাছত উঠিব। মই উত্তৰ গুৱাহাটীৰ পৰা আহি বেজেৰাত ৰৈ দিম আৰু তেওঁ অহা বাছখনত উঠি বাকীখিনি ৰাস্তা মঙ্গলদৈৰ ঘৰলৈ একেলগে আহিম।

যথা সময়ত মই বেজেৰাত আহি পাই বাছত উঠিবলৈ ৰৈ আছোঁ। তেওঁ আহি পোৱা সময়টো মিলিছে। এনেতে বাছ এখন আহি ৰʼল। মই বাছখনত উঠি দিলোঁ। উঠিয়েই তেওঁ বাছখনত আছে নে নাই প্ৰথম চিটৰ পৰা শেষলৈ চকু ফুৰাই চালোঁ। নাই তেওঁ বাছখনত নাই। মই প্ৰথম শাৰীত চিট এটা পাই বহি লʼলোঁ। চিটত বহি লৈ ভাবিবলৈ ধৰিলোঁ। ইমান আশা কৰি আধা ৰাস্তাৰ পৰা হʼলেও একেলগে যাম বুলি আহিলোঁ, তেওঁ সকলো পণ্ড কৰি দিলে।

মই আকৌ নতুনকৈ ভাবিবলৈ ধৰিলোঁ। এই কথাই কথা নহয়। মঙ্গলদৈৰ ঘৰলৈ বাছষ্টেণ্ডৰ পৰা খোজ কাঢ়ি মাত্ৰ পাছমিনিট মানৰ বাট।বাছষ্টেণ্ডৰ পৰা হʼলেও একেলগে ঘৰলৈ যাবলৈ তেওঁক ফোন কৰিলোঁ—–

: তুমি কোন ঠাই পাইছা?

তেওঁৰ পৰা উত্তৰ আহিল,

: মই ছিপাঝাৰ পাইছোঁ।

: মইও ছিপাঝাৰ পাইছোঁ।

মই কʼলোঁ।

তেওঁ হয়তো বেলেগ বাছত গʼল। আহি আহি বাছখন বাছষ্টেণ্ডত ৰʼল। বাছৰ পৰা নামি লৈ থিয় হৈছোঁ। এনেতে পিছফালৰ পৰা তেওঁ মাত লগালে,

: তুমিও এইখনতে আহিলা? মই তোমাক উঠা দেখাই নেপালোঁ।

বাছ যাত্ৰীৰ কোনোবাই আমাক চাইছে নেকি চালোঁ। নাই কোনেও আমাক মন কৰা নাই।বাছৰ ভিতৰতে আমি ইজনে সিজনক ফোনত কথা পতা কথাটো কোনেও গʼম পোৱা নাই।
পিছত মই জনামতে তেওঁ হেনো মই বাছত উঠাৰ সময়ত নিদ্ৰাদেৱীৰ কোলাত শুই আছিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *