পিতৃসত্য – গুঞ্জৰ দাস
যেনেকৈ দেশতকৈ মোমাই ডাঙৰ নহয়, তেনেকৈয়ে সফ্ৰীআমতকৈ (মধুৰীআমতকৈ) প্ৰেম ডাঙৰ নহয়!
১৯৯৯ চনৰ জুলাই মাহ৷ শিলচৰ ক্ষেত্ৰীয় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষান্মাসিক বিৰতি৷ একেই সময়তে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ গৰম বন্ধ (তেতিয়ালৈকে semester/trimester break অহা নাই)৷ আজিৰ দিনত হ’লে যেন গাখীৰতে মহৰ খুটি৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই সময়ত না আছিল মোবাইল ফোন অথবা না আছিল ঘৰে ঘৰে লেণ্ডলাইন ফোন৷ যদি প্ৰেয়সীয়ে খবৰ পঠিয়াইছে যে অমুক তাৰিখত লগ ধৰিব লাগিব তেন্তে সেয়া পাত্থৰ কী লকীৰ৷ নহ’লে পুৰা গৰম বন্ধ বৰবাদ হোৱাটো খাটাং৷
তেনেকুৱা এটি দিনেই আছিল ১৮ জুলাই, ১৯৯৯; ৩ বজাত ৰিক্সাখন গজিয়াৰ চ’ক পাৰ হ’ব আৰু শুভলগ্ন মাথো ৫ মিনিট! ৫ মিনিট সময়ৰ ভিতৰত ৰিক্সাত বিৰাজমতী প্ৰেয়সী আৰু বন্ধুৰ চাইকেলৰ আগফালে বিৰাজমান প্ৰেমিকৰ প্ৰেমৰ আদান প্ৰদান হ’ব৷ যেন কেথলিক আৰু প্ৰটেষ্টাণ্ট প’পৰ মাজত কিউবাত হোৱা এক ৰূদ্ধদ্বাৰ বৈঠক৷
যথাসময়ত প্ৰেমিকৰ বন্ধু চাইকেল লৈ প্ৰেমিকৰ ঘৰৰ পিনে ধাৱমান হ’ল৷ উদ্দেশ্য, প্ৰেমিকত নিজৰ চাইকেলৰ আগত বহাই প্ৰেয়সীৰ সৈতে ৫ মিনিট কথা পতাই দিয়াটো৷ বিশ্বাস কৰক, এইটো সেই সময়ত এটা পুণ্যৰ কাম৷ কেতিয়াবা সেই বন্ধুকো এই বন্ধুৰ দৰ্কাৰ হৈ যাব পাৰে৷
যি নহওক, প্ৰেমিকৰ বন্ধু ২:৩০ বজাতেই চাইকেল লৈ প্ৰেমিকৰ ঘৰৰ হাজিৰ৷ কিন্তু এয়া কি, প্ৰেমিক দেখোন মধুৰিআমৰ গছৰ ওপৰত বিৰাজমান৷ তাকো চোকা দা লৈ৷ কেচটো কি, নগেন নেকি! আচলতে নগেন নহয়, সেইটো আছিল সুৰেন, বীৰেন, হৰেন সকলো৷
প্ৰেমিকৰ শিক্ষক পিতৃৰ কঠোৰ আদেশ “সফ্ৰীআমোৰ ঠানি কেইদেল লাম্বা হৈ ভেণ্টিলেটৰ ভাঙবা লাগছে , উঠি কাটি ফেলো“
মাতৃদেৱীৰ ফালে কাতৰ ভাৱে চালেও দংগল চিনেমাখনৰ নিচিনা মাৰ উত্তৰ “এক ছাল কে লিয়ে ভুল ভি যা কে তেৰি এক মা ভী হেয়”
অৱশেষত, ভগৱান ৰামৰ কথা মনত পেলাই পিতৃসত্য পালন কৰাটোৱেই শ্ৰেয় বুলি ভাবি প্ৰেমিক উঠিল সফ্ৰীআমৰ গছত৷ ২:৫৫ মিনিটত ভেণ্টিলেটৰ বিধংসী সফ্ৰীআমোৰ ঠানিক নিৰ্মূল কৰা হ’ল আৰু প্ৰেমিক নামি আহিল ধৰালৈ৷ নেক্সট মিছন- গতিশীল প্ৰেম (এজন ৰিক্সাত আৰু এজন চাইকেলত)৷ থাৰ্ড আম্পায়াৰত ৰান আউট হোৱাৰ নিচিনাকৈয়ে ৰিক্সাখন পাৰ হৈ গ’ল, চাইকেলখন গজিয়াৰ চ’ক গৈ পোৱাৰ আগতে৷
ৰৈ গ’ল মাথো প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ ধোঁৱাৰ কুণ্ডলী৷ সন্মুখৰ প’ষ্টাৰখনত নজৰ পৰিল- ক্ষন্তেক জিৰাওক, এটা চাৰমিনাৰ খাওক৷
☆ ★ ☆ ★ ☆
8:30 pm
বাপ্ৰে!কি প্ৰেম আছিল
11:02 pm
???? বঢ়িয়া লাগিল বাবু ।
11:22 am
সুন্দৰ দাস
11:23 am
সুন্দৰ দাস
11:26 am
বঢ়িয়া দাস
9:09 am
he he nice one