ফটাঢোল

ভূত – বিকাশ শইকীয়া

ৰংদৈ এখন সৰু চহৰ৷ চহৰৰ মাজেদি এটি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে৷ চহৰখনৰ নাতি দূৰৈৰ পৰাই ৰাষ্টাটোৰ দুয়োকাষে কিছুমান গছ বন গজি সৰু সুৰা হাবি সদৃশ পৰিবেশ সৃষ্টি কৰিছে৷ ঠায়ে ঠায়ে খাল, পুখুৰী আদিও আছে৷ খাল পুখুৰীবোৰত চেঙেলী মাছ, চেঙা মাছ আদিৰ বাসস্থান৷ আজি বছৰ ধৰি বহু মানুহে মাছ ধৰিছে৷ লেতেকু, পনিয়ল, জামু আদি গছৰ ফল খাই আহিছে৷ কেতিয়াবা কেতিয়াবা দুই এটা বান্দৰো দেখা যায়৷ বিভিন্ন চৰাই চিৰিকটি আদিৰে ভৰা অঞ্চলটোৰ সহজ সৰল মানুহখিনিয়ে পৰিৱেশটো মনোৰম কৰি ৰাখিছে৷
ধীৰে ধীৰে জনবসতি বাঢ়িল৷ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনো বাঢ়িল৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে এঠাইৰ পৰা আন ঠাইলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাকৰ সংখ্যা আৰু বাঢ়ি গ’ল৷ ট্ৰাক ড্ৰাইভাৰৰ আপ্যায়নৰ বাবে ৰাষ্টাটোৰ দুই কাষে লাইন হোটেলবোৰ গঢ় লৈ উঠিল৷

লাইন হোটেলবোৰ দিনত বন্ধ থাকে ৰাতিহে বোলে সিহঁতৰ ব্যৱসায় হয়৷ অঞ্চলটোৰ বহু যুৱক হোটেলৰ কাম কাজত জড়িত হৈ পৰিল৷ চলি থাকিবলৈ সংস্থাপনৰ দিহা হ’ল৷

কিছুদিনৰ পিছত অঞ্চলটোত খবৰ ওলালে বোলে সেই অঞ্চলত ভূত আছে৷ ৰাতি বগা সাজত ভূত ওলায়,বাকো ওলায়! সৰু সৰু পুখুৰীবোৰত বাকে মাছ ধৰি খায়৷ সেই অঞ্চলতে সৰুৰে পৰা ডাঙৰ হোৱা দুই বাল্যবন্ধু নগেন আৰু খগেনে নিজ চকুৰে বোলে ভূত আৰু বাক দুইটাই দেখিছে৷ কেতিয়াবা ভূতে কান্দে, কেতিয়াবা হাঁঁহে৷ বাকৰ বোলে এটা জোলোঙা থাকে৷ মাছবোৰ ধৰি তাতে ৰাখে৷ এইবোৰ বোলে সিহঁতে নিজ চকুৰে দেখিছে৷ প্ৰমাণ হিচাপে ৰাতি বগা সাজত ওলোৱা ভূতৰ ভিডিঅ’ দেখুৱাই দিলে৷

ভিডিঅ’ দেখি সকলো ৰাইজ অবাক হ’ল৷ সঁচাকৈ ভূত আছে৷ ভূত দেখাৰ পিছত বোলে নগেনৰ ৰাতি প্ৰচণ্ড জ্বৰ উঠিল৷ খগেনে মায়ঙৰ বেজৰ ওচৰৰ পৰা দোল তাবিজ অনাই পিন্ধালতহে জ্বৰ কমিছে৷

লাহে লাহে মানুহখিনিৰ মনত ভূতে থিতাপি ল’লে৷ কোনোৱে ভূতলৈ ভয় নকৰোঁ বুলি দিনত ক’লেও ৰাতি ৰাতি কিন্তু সৰুপানী চুবলৈও বাহিৰ ওলাই আহিব ভয় কৰা হ’ল৷ ভিডিঅ’বোৰ দিনক দিনে বিস্তাৰিত হৈ পৰিল৷ মানুহৰ মনত ঠাইখন দেওলগা ঠাইলৈ পৰিণত হ’ল, কাৰণ দুই এখন ট্ৰাক সেই ঠাইত দুৰ্ঘটনাত পতিত হৈছে৷

কিছুদিনৰ পিছত চহৰত পঢ়িবলৈ যোৱা ৰমেন আহিল৷ ঘৰৰ মানুহৰ কাঢ়া আদেশ – ৰাতি বাহিৰ নোলাবি, ভূত ওলাইছে৷ নগেনক ভূতে পাই কথমপি মৰাৰ পৰা বাচি আহিছে৷ ৰমেনে যিমানেই ভূত নাই বুলি কৈ গ’ল সিমানেই প্ৰমাণ কৰিবলৈ এটা এটাকৈ কাহিনী শুনাই গ’ল৷
শেষত ৰমেনেও সিদ্ধান্ত ল’লে, সঁচাকৈ যদি এই বিজ্ঞানৰ যুগত ভূত আছে তেন্তে সিও ভূূূূতটো চাব৷ ৰমেন গৈ নগেন আৰু খগেনৰ কাষ পালেগৈ৷ ভূত কেনেকৈ দেখিব সুধিলে৷ নগেনে বোলে ৰাষ্টাটোৰ কাষৰ সেই ডাঙৰ গছজোপাৰ তলত ৰাতি বাৰ বজাত সদায় ওলায়৷ সিহঁত যিমান বাৰ গৈছে সিমান বাৰ দেখিছে৷ ৰমেনে বোলে,

: আজিও ওলাবনে ৰাতি বাৰ বজাত?

সিহঁতে বোলে,

:  ওলাব৷ কেতিয়াবা হাঁহিব, কেতিয়াবা কান্দিব৷ তোৰ কিন্তু ভীষণ ভয় লাগিব৷ ভয়ংকৰ ভূত৷

ৰমেনে বোলে,

: ঠিক আছে৷ আজি ৰাতি বাৰ বজাত আহিম৷

ৰমেন সন্ধ্যাতে গৈ গছজোপাৰ ওপৰত উঠি থাকিল৷

বাৰ বজাৰ আগে আগে সঁচাকৈ বগা সাজত এটা ভূত আহিল৷ গছজোপাৰ তলত বহি কেতিয়াবা ভূতটোৱে হাঁহিছে,কেতিয়াবা কান্দিছে৷ ৰমেনে গছৰ ওপৰৰ পৰা ভিডিঅ’ কৰি থাকিল৷ কিছুসময় এনেদৰে পাৰ হ’ল৷ ৰমেনৰ মনত ভাব আহিল, ভূতটো কিবা চিনাকি চিনাকি লাগিছে! ৰমেনে সকলো বুজি উঠিল৷ লাহে লাহে গছজোপাৰ পৰা তললৈ নামি আহি ভূতটোক ধৰিলে গবা মাৰি৷

লগে লগে উৰহি গছৰ ওৰ ওলাল৷ ভূতটো বেলেগ কোনো নহয়,নগেন নিজেই৷

অঞ্চলৰ ৰাইজৰ আগত নগেন খগেনক হাজিৰ কৰালে৷ নগেন আৰু খগেনে সকলো কথা বিবৰি ক’লে৷

সিহঁতে ভূত আছে বুলি অঞ্চলত প্ৰচাৰ কৰিছিল৷ নিজে এটা ভূত হৈ আনটোৱে ভিডিঅ’ বনাই ভিডিঅ’ ভাইৰেল কৰিছিল৷ ইয়াৰ অন্তৰালত থকা কাৰণটো হ’ল ৰাতি লাইন হোটেলত ট্ৰাকবোৰ ৰাখে৷ ট্ৰাকৰ ৰচি সিহঁতে কাটি দিয়ে আৰু হোটেলৰ পৰা ট্ৰাক ওলাই যাওঁতে ৰাষ্টাত ট্ৰাকৰ সামগ্ৰী পৰি যায়৷ সিহঁতে সেইবোৰ বুটলি ঘৰলৈ লৈ আহে৷ ভূত আছে বুলি বাকী ৰাইজক ভয় দেখুৱাই দিলে যাতে ৰাতি কোনো বাহিৰ নহয় আৰু সিহঁতৰ কাম সুকলমে কৰি যাব পাৰে৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *