ফটাঢোল

মাৰ সৈতে মাৰ দৰ্শন – শুভ্ৰজিৎ ৰয়

সম্প্ৰতি বিজ্ঞাপনধৰ্মী এখন চুটি ছবিয়ে চ’ছিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰিছে, যাৰ বিষয়বস্তু ‘মাৰ সৈতে মাৰ দৰ্শন’। সামাজিক বাৰ্তাবাহী এই চুটি ছবিৰ আঁৰৰ কথা এই যে সপৰিয়ালে উৎসৱ পালন। একান্নবৰ্তী পৰিয়ালৰ পৰা নিউক্লিয় পৰিয়াললৈকে সমাজ ব্যৱস্থাৰ এই ৰূপান্তৰক কোনো এক ভাষ্যকাৰে তুলনা কৰিছে দুৰ্গাপ্ৰতিমাৰে সনাতনীৰ পৰা থিমলৈ পৰিবৰ্তনকে। এই পৰিবৰ্তন বহু ক্ষেত্ৰত অপ্ৰিয় হ’লেও সময়ৰ পৰিবৰ্তনকে আমি অৱহেলা কৰিব নোৱাৰোঁ।

দুই দশক পূৰ্বে শৰৎকাল অহাৰ লগে লগে পূজাৰ মাদকতা আকাশে বতাহে অনুভূত হৈছিল। কঁহুৱাৰ শুভ্ৰ আভা আৰু শেৱালিৰ মোহনীয়া সুবাসে শৰতক আমাৰ কাষলৈ আনিছিল কিন্তু ক্ৰমবৰ্ধমান নগৰীকৰণৰ জৰিয়তে আমি লাহে লাহে প্ৰকৃতিৰ পৰা আঁতৰলৈ গৈ আছোঁ। সেয়েহে এই আভা আৰু সুবাসক আমি চহৰীয়া পৰিবেশত বিচাৰি ফুৰোঁ।কংক্ৰিটৰ বনত/জংঘলত আমি শৰতক বিচাৰি ফুৰোঁ। কেলেণ্ডাৰে শৰৎ অহা বুলি জনালেও আমি প্ৰকৃতিৰ ওচৰত শৰতক বিচাৰি নাপাওঁ। শৰতক বিচাৰি পোৱা যায় চ’ছিয়েল মিডিয়াৰ বেৰত। একো একো গৰাকী মডেল-অমডেলে দেৱী দূর্গাৰ সাজ-পাৰ পিন্ধি আবিৰ্ভূত হয় চ’ছিয়েল মিডিয়াৰ বেৰত ‘লাইক’ এৰি ‘কমেণ্ট’ বুটলিবলৈ। তেনে কিছুমান ছবিত শৈল্পিক কৌশল থাকিলেও তাৰে অধিকাংশ ছবিতেই পোৱা নাযায় আধ্যাত্মিকতাৰ পৰশ। কিছুমান ছবি ইমানেই অতিৰঞ্জিত হৈ পৰে যে, সেইবোৰক লৈ ট্ৰলিং ৰ সূত্ৰপাত হয়। এই পৰিৱৰ্তনবোৰ যোৱা দুই তিনি বছৰে পূজাৰ বতৰত পৰিলক্ষিত হৈ আছে।

পৰিবৰ্তনৰ পূজাৰ দ্বিতীয় শিতানত উল্লেখনীয় হৈ পৰে পূজাত বিশ্বায়নৰ প্ৰভাৱ। বজাৰ অৰ্থনীতিৰ উল্লেখনীয় কাৰক হিচাপে বহু ব্যক্তিৰ জীৱিকা জড়িত হৈ থাকে এই উৎসৱৰ লগতে। বিশেষকৈ বস্ত্ৰ উদ্যোগৰ লগত জড়িত ব্যক্তিসকলৰ বাবে শাৰদীয় উৎসৱ এক উপাৰ্জনৰ সময়। কিন্তু মুক্ত বজাৰ আৰু অনলাইন শ্বপিং ৰ এই যুগত ক্ৰয়ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে বস্ত্ৰ উদ্যোগৰ অৰ্থনীতিৰ গতি সলনি হৈছে। আন আন জীৱিকাৰ ব্যক্তিসকলৰ বাবে পূজাৰ সময়চোৱাত যি উপাৰ্জন হয়, গোটেই বছৰৰ বাবে ই সম্পদৰূপে থাকি যায়- যেনে মৃৎশিল্পী, মণ্ডপসজ্জাৰ বনুৱা, আলোক ব্যৱস্থাপনাৰ কৰ্মীসকল। টুনি বাল্বৰ পৰা এল.ই.ডি. লাইট, এই ইতিবাচক পৰিবৰ্তনক আমি শলাগ ল’ব লাগিব। আনহাতে বহু পূজা মণ্ডপতে থিমৰ আঁৰত হেৰাই যায় পূজাৰ আধ্যাত্মিক গুৰুত্ব। ঘোষিত নাইবা আঘোষিত বহু প্ৰতিযোগিতাৰ দৌৰভাগত পূজাৰ আয়োজক সকলে পূজাৰ আধ্যাত্মিক গুৰুত্বক পাহৰি যায়। এনে স্থলত লাহে লাহে পূজাৰ আড়ম্বৰে পূজাৰ শ্বাস্বত স্বকীয়তাক গ্ৰাস কৰি পেলায়।

তৃতীয় শিতানত আমি যান্ত্ৰিক মূল্যবোধৰ কথা আলোচনা কৰিব পাৰোঁ। এটা সময়ত পূজামণ্ডপত সোমাই দেৱীপ্ৰতিমাক  সেৱা কৰি ফোঁট-নির্মালীৰ ফুল লোৱা প্ৰচলন আছিল। আজিকালি এই প্ৰচলন একেবাৰে নাইকিয়া হ’ল বুলি ক’ব নোৱাৰিলেও এইটো নিশ্চিত যে এই মূল্যবোধক ক্ৰমে স্থানচ্যুত কৰিছে চেল্ফিয়ে। মণ্ডপত সোমোৱাৰ লগে লগে প্ৰতিমাৰ সন্মুখত থিয় হৈ অকলে নাইবা বন্ধু-বান্ধৱৰ লগত এটা চেল্ফি উঠা বাঞ্ছনীয়, নহ’লে চ’ছিয়েল মিডিয়াত গুৰুত্ব লাঘৱ হ’ব। আনহাতে নিউজ চেনেলবোৰৰ চেল্ফি আৰু সুন্দৰী প্ৰতিযোগিতাকো এই মূল্যবোধ স্খলনৰ বাবে দায়ী কৰিলে ভুল নহ’ব। এই স্খলন কোনো এক বিশেষ বয়সৰ মাজত সীমাবদ্ধ নহয়, স্মাৰ্টফোন আৰু বিনামূলীয়া ইণ্টাৰনেট সেৱাৰ দৌলতত সকলো বয়সৰ ব্যক্তিয়েই আসক্ত। কোনো এক বোলছবিৰ সংলাপ – ‘ আমি আজিকালি সপৰিয়ালে গ্রুপ ফটো নুঠোঁ, সবে আত্মকেন্দ্ৰিক, সেয়েহে চেল্ফিত মগন’। শাৰদীয় উৎসৱক আমি পৰিয়ালৰ মিলন উৎসৱ বুলিও বিবেচনা কৰোঁ, কিয়নো দেৱী দুর্গা সপৰিয়ালে মৰ্ত্যভূমিত অৱতৰণ কৰে। পৰিবৰ্তনমুখী সমাজ ব্যৱস্থাত সপৰিয়ালে কথা বতৰাৰ অভ্যাস আমি হেৰুৱাইছোঁ। কিয়নো মোবাইলৰ মহিমাত আমি ভাৰ্চুৱেল জগতত নিজকে বিচাৰি ফুৰোঁ। লুডু-কেৰমৰ দৰে ইনডোৰ খেলবোৰে সপৰিয়ালে আমোদ লাভৰ সুবিধা দিছিল। আনহাতে মোবাইলৰ অন্তৰ্জালত আমি লাহে লাহে নিউক্লিয় পৰিয়ালৰ ভিতৰতে আৰু একো একোখন নিউক্লিয় পৰিয়াল গঢ় দি আছোঁ। জাকজমকতাৰ আঁৰত চ’ছিয়েল মিডিয়াত আমি বিচাৰি ফুৰোঁ সুখ, কিন্তু অজানিতে আমি পৰিয়ালৰ সুখৰ পৰা বঞ্চিত। এই যান্ত্ৰিকতাৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰিলে অহা দিনবোৰত আমি হৈ পৰিম একো একোজন যন্ত্ৰমানৱ।

এই যান্ত্ৰিকতাৰ পৰা নিজকে ৰক্ষা কৰাৰ বাৰ্তাকেই বহন কৰে আলোচ্য চুটি ছবিয়ে। ব্যস্ততাপূৰ্ণ কৰ্মজীৱন আৰু সফলতাৰ প্ৰতিযোগিতাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু পৰিয়ালৰ সৈতে সুস্থ সময় যাপনৰ প্ৰয়াস আমি কৰিবই লাগিব। চুটি ছবিখনত দেখুওৱাৰ দৰে বৃদ্ধাৱস্থাৰ অকলশৰীয়া জীৱনত সন্তান সন্ততিৰ প্ৰয়োজনীয়তা সবেই অনুভৱ কৰে কিন্তু প্ৰকাশ কৰিব নোৱাৰে।আনহাতে সন্তান সন্ততিয়ে যান্ত্ৰিক ব্যবস্থাৰ কাৰণে এই প্ৰয়োজনীয়তাক দৃষ্টিগোচৰ কৰিব নোৱাৰে। কিন্তু কোনোবাই যদি বিবেকৰ জোকাৰণি দিয়ে তেনেহ’লে বহুতৰে চকু মেল খায় আৰু এই মোক্ষম সময়টোকে আমি সুব্যৱহাৰ কৰিব পাৰোঁ। ‘মাৰ সৈতে মাৰ দর্শন’ এ এই বাৰ্তাকেই বহন কৰে যে পৰিয়াল আৰু বয়োজ্যেষ্ঠৰ প্ৰতি আমাৰ দায়বদ্ধতাক আমি হেৰুৱালে লাহে লাহে ভাৰসাম্য বিঘ্নিত হ’ব, যি ভাৰসাম্য পৰিয়ালৰ পৰা বৃহত্তৰ সমাজলৈকে বিস্তৃত।

সময়োচিত পৰিবৰ্তন আমাৰ গতিশীল জীৱন ধাৰাৰ পৰিপূৰক। কিন্তু শ্বাস্বত মূল্যবোধক আহুতি দি অহা পৰিবৰ্তনক আমি দীৰ্ঘস্থায়ী কৰিব নোৱাৰোঁ। যন্ত্ৰৰ ব্যৱহাৰে বিবেকক যান্ত্ৰিক কৰি পেলোৱাটো কেতিয়াও অভিপ্ৰেত নহয়। আশা কৰোঁ এই শাৰদীয় উৎসৱে আমাৰ বিবেকক পুনৰুজ্জীৱিত কৰক।আমি আকৌ ঘূৰি যাওঁ শিপালৈ। মূল্যবোধৰ চহকী আমাৰ সমাজ ব্যৱস্থাই অক্ষুণ্ণ ৰাখক স্বকীয় বৈশিষ্ট্য। সৰ্বোপৰি প্ৰজন্মৰ ব্যৱধান থাকিলেও প্ৰতিটো পৰিয়ালৰ আদৰ্শই হওক একোটাকৈ উদাহৰণ। ‘মাৰ সৈতে মাৰ দৰ্শন’ –  চ’ছিয়েল মিডিয়াৰ এই আলোড়ন হওক এক সামাজিক বিৱৰ্তনৰ নবাঙ্কুৰ।

☆ ★ ☆ ★ ☆

2 Comments

  • বাগ্মীতা বাৰ্বী

    এইটো ভাল লাগিল পঢ়ি

    Reply
  • Hemanga dutta

    মনলৈ আহি থকা খু-দুৱনিবোৰ..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *