চেক মেট – কাবেৰী মহন্ত
: বিশ্বাস কৰানে মোক?
: মানে?
: এঠাইলৈ যাব পাৰিবা মোৰ লগত? চিন্তা নকৰিবা, একো নহয়.. সিমানখিনি বিশ্বাস কৰিব পাৰিবা, মই ভাবোঁ!
সুশান্তৰ চকুলৈ চালে পৰীয়ে মূৰ তুলি, পাৰি তাক ’সিমানখিনি’ বিশ্বাস কৰিব.. চকুত থকা বন্ধুত্বৰ বিশ্বাসখিনি তাই মানি লʼলে৷ চিনাকি গুৱাহাটীখনত এনেয়ো পৰীৰ দিনে-পোহৰে ভয় নালাগে, ইয়াতেই ডাঙৰ হৈছে, এতিয়া বিশ্ববিদ্যালয়লৈকে আহি তাইৰ প্ৰায় প্ৰতিটো চুক-কোণেই চিনাকি হৈ উঠিছে মহানগৰখনৰ৷
: ক’লৈ যাব লাগিব? কিবা কাম আছে তোমাৰ?
– জেনেটিক্সৰ নোটকপিখন জপাই তাই তাক সুধিলে৷
: আৰে, ওলাবাচোন৷ বছ বৰাচাৰৰ ক্লাছৰ পাছত ৰেদি থাকিবা- কাইলৈ এনেয়ো তাৰ পাছত চেমিনাৰ আছে, ক্লাছ মিছ নহয় দিয়া৷ চিন্তা নকৰিবা, খাই নেপেলাওঁ.. এনিৱে, তোমাৰ কামৰ বাবেই যাম!
এইবাৰ পৰীয়ে মূৰটো ঘূৰাই চকুত আশ্চৰ্যৰেই সুধিলে-
: মোৰ কি কাম আকৌ?! বেছি স্মাৰ্ট নেদেখুৱাবা, ময়েই খাই থʼম খং উঠিলে৷
: ইট্ছ্ আ চাৰপ্ৰাইজ! বছ কালি ৰেদি হৈ আহিবা..
কথাষাৰৰ লগতে সুশান্তই মুখত অলপ দুষ্টালি, অলপ স্ফুৰ্তিৰ হাঁহি এটা ওলোমাই ক্লাছৰ পৰা ওলাই গ’ল ৷ পৰীয়ে সি যোৱাৰ দিশে চাই ৰ’ল.. বেছি চালাকি দেখুৱাবলৈ যোৱা নাইতো ই? সুশান্তই দেখোন তাইৰ খু-দুৱনিক পাত্তাই নিদিলে!
দিনটো বাকী থকা ক্লাছবোৰত মন দি থাকিলেও তাইৰ মাজে মাজে সুশান্তৰ কথাটোৱে আহি টুকুৰিয়াই থাকিলহি, কি কথা থাকিব পাৰে তাৰ? ফাইনেল পৰীক্ষালৈ মাত্ৰ দুমাহমানহে বাকী, তাৰপাছত সিহঁত সকলোৱে জীৱনৰ নিজা নিজা পথত বাট বুটলিব, এতিয়া তাৰ কিবা মতিভ্ৰম হোৱা নাইতো? কিন্ত সি দেখোন তাইৰ কামৰ কথাহে ক’লে, ক’তা তাইতো তাক একো কাম নাই দিয়া! আনৰ ওপৰত ভাৰসা কৰি চলাৰ পৰীৰ এনেয়ো অভ্যাস নাই, অভিমানী মনটোৱে তাইক নিজৰ কাম সদায় নিজেই কৰাত সাহস দিয়ে৷ অৱশ্যে আজিকালি সিহঁতৰ মাজত ব্যক্তিগত আৱেগ, ৰুচি এইবোৰ শ্বেয়াৰ হয়.. জেনেটিক্সৰ স্পেচিয়েল পেপাৰৰ সিহঁত পাঁচটা লৰা-ছোৱালী দিনটো প্ৰায়েই একেটা ৰুমতে কটাবলগীয়া হয়, তাৰবাবেই ইতিমধ্যে ইটোৱে সিটোক বুজি উঠিছে৷ তিনিজনী ছোৱালী আৰু দুটা লʼৰাৰে সিহঁতৰ গ্ৰুপটোৰ এটাৰো ভাৱ নহয় যে ই লʼৰা, তাই ছোৱালী.. বয়সৰ মেচুৰিটি আৰু বন্ধুত্বৰ মৰম- সকলোবোৰ মিলি এক টান বান্ধোনে সিহঁতক মেৰিয়াই ৰাখিছে৷
ৰাতিও হোষ্টেললৈ আহি মনটো পৰীৰ উৰি উৰি সুশান্তৰ কথাতে পাকঘূৰণি খাই থাকিলহি৷ কি কাম দিছিল তাই তাক? কাইলৈ যদি সি কিবা উল্টা-পুল্টা কৰে সুদাই নেৰে তাক তাই৷ ইমানখিনি সাহস তাই তাক কেতিয়া দিলে! সকলোৰে লগত মিলি থাকিলেও মৰ্যাদাৰ সীমাৰেখা এডাল তাই কাকো নজনোৱাকৈ আঁকি ৰাখে- তাৰ ভিতৰত সেইখন তাইৰ নিজৰ পৃথিৱী, সেই দুৱাৰখন তাই কাকোৱেই খুলি দিব নিবিচাৰে… অৱশ্যে সি নিবনো ক’ত তাইক? লংকেশ্বৰ, উমানন্দ অথবা মালিগাঁও? মালিগাঁও শব্দটোৱে তাইক হঠাতে জোকাৰি গ’ল! কি কামৰ কথা কʼলে সুশান্তই?? প্ৰায় এক বছৰৰ আগতে দিয়া কামটো?? একাষে গাৰুটোক সাৱটি শুই থকা পৰী খপ্জপ্কৈ বিচনাত উঠি বহিল.. নহয়, হʼবই নোৱাৰে! ইতিমধ্যেই তাই নিজকে চিনি পাইছে, তাইৰ নিজৰ অভিমানী মনটোক তাই সামৰি লব পাৰিছে৷
নহয়, ইয়াৰ চাগে কিবা বজাৰ কৰিবলগীয়া আছে নিজৰ ঘৰুৱা৷ আগতেও তাই সুশান্তক সহায় নকৰা নহয়.. পূজাই-বিহুৱে ঘৰলৈ যোৱাৰ আগমুহূৰ্তত মাক আৰু ভনীয়েকলৈ গিফ্ট কিনিবৰ সময়ত সি তাইৰ পছন্দক সন্মান কৰে৷ ঘৰৰ মানুহেও বোলে ভালপায় চইছবোৰ.. এই কথাবোৰে পৰীক কোনোদিনে আমনি নকৰে৷ সুশান্তৰ স্থান তাইৰ জীৱনৰ দলিচাত সুনিৰ্দিষ্ট৷ কিন্ত যদি? যদি ভাৱটোৱে নাকৰ তলত বিন্দু বিন্দু ঘামৰ কণিকাই পৰীক তিয়াই গ’লহি..
একবছৰ? হʼব পাৰে, সময়ৰ হিচাপ নাৰাখিলেও অকেজনটো তাইৰ মনত আছে৷ য়ুথ ফেষ্টিভেল.. চিনাকিটো সাধাৰণেই আছিল চাগেʼ, মালিগাঁৱত ঘৰ? পুৰণা আৰ্টছ বিল্ডিঙৰ হলটোত ইনদ’ৰ প্ৰতিযোগিতা কিছুমান অনুষ্ঠিত হৈছিল৷ কেৰম, দবা, পাঞ্জা আদি খেলসমূহৰ সাধাৰণতে খেলুৱৈ কেইজনৰ বাদে দৰ্শক গণিবলগীয়াকৈহে থাকে৷ সৰুৰে পৰা দবা খেলৰ প্ৰতি থকা তীব্ৰ নিচা আৰু ঘৰত খেলি থকাৰ অভ্যাসৰ বাবেই তাই সেইবাৰ দবা খেলৰ প্ৰতিযোগিতাত নামিছিল৷ আন খেলসমূহত লৰা-ছোৱালীৰ ভাগ থাকিলেও এই খেলৰ প্ৰতিযোগী কমন আছিল৷ প্ৰথম দুখন অনায়াসে পৰীয়ে জিকিছিল, ৰুমমেটজনীক তায়েই পঠিয়াই দিছিল, বিৰক্তিৰে বহি থকাতকৈ টিফিনত আবেলিৰ আহাৰটোকে গোটাই থʼবলৈ৷ তৃতীয় ৰাউণ্ডটোৱেই কোৱাৰ্টাৰ ফাইনেল আছিল আৰু যথেষ্ট সময়ৰ পাছত তাই বিজয়ী হৈছিল ধৈৰ্যৰ বিনিময়ত৷ পৰীৰ যে কিমান স্ফূৰ্তি লাগিছিল সেই সময়ত.. এখন হাত আগবাঢ়ি আহি তাইক শুভেচ্ছা জনাইছিল পাছফালৰ পৰা আহি৷ আনন্দতে তায়ো হাত আগবঢ়াই দিলে.. উস্! এক শিহৰণে ভিতৰলৈকে তাইক কঁপাই গ’ল! কি আছিল সেই স্পৰ্শত!! অলপ সময়ৰ বাবে নিজকে বিচাৰি পোৱা নাছিল তাই!
: গ্ৰেট! ইউ প্লেইদ চ’ ৱেল.. কাইলৈ সাজু হৈ আহিবা, ছেমি ফাইনেলৰ বাবে.. লেট্ছ্ ছি হু উইন্চ!
– মিচিকিয়া হাঁহিৰে সি আঁতৰি গৈছিল ।
মানে? তাইৰ প্ৰতিদ্বন্দ্বী এইমাত্ৰ ভিতৰৰ মানুহজনীক কঁপাই যোৱা সিয়েই কাইলৈ? খেলৰ আগতেই পৰীক এক নাৰ্ভাছনেছে আৱৰি পেলালে৷ কি আছিল তাৰ স্পৰ্শত! হে ভগৱান! অন্তত কাইলৈৰ খেলখন জিকাই দিবা.. লাগিলে ফাইনেলত বেলেগ কাৰোবাৰ লগত তাই বেয়াকৈয়ে হাৰিলেও কথা নাই।
নোৱাৰিলে জিকিব তাই পাছদিনা৷ যথেষ্ট সাৱধানে চালবোৰ দিলেও এটা সময়ত পৰীয়ে হাত দাঙি দিবলগীয়া হৈছিল৷ কি জানো হৈছিল তাইৰ.. সুন্দৰকৈ খেলখনত মনোনিৱেশ কৰি আছিল তাই, বছ অকনমাণ অন্যমনস্কতা আৰু তাইৰ পৰাজয়! সি তাইৰ অন্যমনস্কতাৰ সুযোগ লোৱা নাছিলতো? হʼবওতো পাৰে, কথাটোৱে পৰীক আজি এক বুজাব নোৱৰা দুখত চকু চল্চলীয়া কৰি তুলিলে৷ খেলৰ মাজত সি কিয় সুধিছিল তাইৰ ঘৰৰ কথা? কোন কোন আছে ঘৰত! মালিগাঁৱত সি খুৰাকৰ লগত থাকে.. নিজেই কৈ আছিল সি৷ তাৰ প্ৰশ্নজালত তাই ভৰি দিয়াৰ অন্যমনস্কতাৰ ফল হাতে হাতে পাইছিল.. “চেক মেট৷” তাইৰ উপায় নাছিল, তাই হাৰিছিল।
সেই চিনাকি পাছলৈ ওচৰ চাপি আহিছিল৷ সুশান্তৰ বন্ধু হিচাপে প্ৰায়েই কেণ্টিনত সিহঁতৰ লগা-লগি হৈছিল৷ অজানিতে তাইৰ মনটোত কিছুমান আৱেগে টুকুৰিয়াইছিলহি৷ এক দুৰ্বলতাৰ বীজ লাহে লাহে অংকুৰিত হʼবলৈ যেন আৰম্ভ কৰিছিল.. পাকে-প্ৰকাৰে অনুভৱবোৰ সুশান্তৰ আগত তাই কৈছিল, বিশ্বাসেৰে ৷ তাইৰো জানিবৰ মন গৈছিল অকল তাইৰে এনে হৈছেনে? সুশান্তক তেতিয়াই তাই কাম এটা দিছিল.. তাৰ মনটো পঢ়ি চোৱাৰ, তাৰ হৃদয় জুপি চোৱাৰ৷ কিন্ত সুশান্তই কিবা সুধিছিল নে নাই তাৰ উত্তৰ পৰীয়ে আজিলৈকে নাপালে৷ লাহে লাহে এটি এটিকৈ তাই নিজৰ অনুভৱবোৰ আলফুলে সামৰি গৈছিল, সময়বোৰ কঠিন আছিল.. ৰাতিপুৱাৰ ৰঙা পৰি থকা চকু কাজলৰ আঁৰত লুকুৱাছিল তাই৷ থাকক.. নিজৰ ভাৱেই থাকক সকলো, পাৰিছিল তাই৷
আকৌ মৌ-মাখিৰ গুণ্গুণনিৰ দৰে অভিমানবোৰ উজাই আহিল পৰীৰ আজি৷ নাকৰ পাহি দুটা মাজে মাজে ফুলি উঠিল তাইৰ৷ হʼব.. তাই ৰেদি, সুশান্তই কোৱাৰ দৰেই, সিমানখিনি বিশ্বাস তাইক কৰিব লাগিব সিও৷
…কাছাৰীঘাটত দূৰৰ পৰাই দেখিলে, সি ৰৈ আছে পৰী আৰু সুশান্তৰ বাবে৷ সঠিককৈ অনুমান কৰিছিল মানে তাই! বাছৰ পৰা নামিয়েই অকণো খোকোজা নলগাকৈ সুশান্তক তাই সুধিব লাগে বাবেই সুধিলে-
: কোৱা, কিয় আনিলা মোক ইয়ালৈ?
: এৰা-এৰি হোৱাৰ আগেয়ে তোমাক এটা উপহাৰ দিম বুলি ভাবিলোঁ, বন্ধুত্বৰ চিন বুলিয়েই ভাবিব পাৰা৷ তুমি দিয়া কামটো যে? যোৱা.. সি বহুদিনৰ পৰাই কামুৰি আছিল..
কিছু সময়ৰ বাবে পৰী নিস্তব্ধ হৈ ৰ’ল.. সুশান্তৰ চকুত চকু থৈ তাই উত্তৰ দিলে-
: বেয়া নাপাবা সুশান্ত, এই উপহাৰৰ এতিয়া ভেলিদিটি আছে বুলি মই নাভাবোঁ৷ তোমালোকৰ বন্ধুত্ব সদায়েই থাকক, মোক ক্ষমা কৰি দিবা৷
কথাষাৰৰ কোনো প্ৰতিক্ৰিয়া তাই নিবিচাৰিলে, সুশান্তৰ মাতকো আওকাণ কৰি তাই ৰাস্তাটো পাৰ হ’ল.. গন্তব্যস্থান নোচোৱাকৈয়েই যাত্ৰীৰে ভৰি থকা চিটিবাছখনত তাই জাঁপ মাৰি উঠিল৷ হেৰাই যাব খোজে তাই অলপ সময়ৰ বাবে অচিনাকি ভীৰৰ মাজত….
☆ ★ ☆ ★ ☆
8:40 pm
তই নাই দিয়া বুলিয়ে ভাৱি আছিলো । পঢ়ি ভাল লাগিল । অলপ দীঘল কৰিব পৰা হলে ভাল আছিল ।
লিখিবলৈ এৰি নিদিবি ।
8:55 pm
ব্যংগাত্মক নহলগৈ,সামৰণিটো খৰখেদা হ’ল অলপ
8:31 am
ভাল লাগিলে পঢ়ি কাবেৰী বা
11:18 am
বহুত ধন্যবাদ ডলী৷
8:36 am
ভাল লাগিল বহুত বা। আৰু অকমাণি দীঘল হ’লে শেষৰ খিনি।
11:20 am
উম৷ মইও সামৰণিটোলৈ নিজেই অলপ অসন্তুষ্ট৷ পঢ়াৰ বাবে ধন্যবাদ
9:27 am
ভাল লাগিল বহুত৷
11:21 am
বহুত ধন্যবাদ দেই
10:10 am
পঢ়ি ভাল লাগিল। সামৰণি তাৎক্ষণিক যদিও পঢ়ি বেয়া লগা নাই।
11:28 am
বহুত ধন্যবাদ পঢ়াৰ বাবে আৰু উৎসাহৰ বাবে৷
1:00 pm
পিছৰ খিনি সময় পালে লিখি উলিয়াব । অকণমান থাকি যোৱাৰ দৰে লাগিল, পঢ়ি ভাল লাগিল।
2:22 pm
বহুত ধন্যবাদ পঢ়াৰ বাবে৷ চেষ্টা কৰিম৷ ছোৱালীজনীৰ ষ্ট্ৰং মন এটা দেখুৱাবৰ যত্ন কৰিছিলোঁ, সামৰণিটো খৰখেদা কৰিলোঁ৷ মন্তব্যৰ বাবে আকৌ ধন্যবাদ
1:01 pm
পিছৰ খিনি সময় পালে লিখি উলিয়াব । অকণমান থাকি যোৱাৰ দৰে লাগিল, পঢ়ি ভাল লাগিল।
2:23 pm
ধন্যবাদ
1:13 pm
এইটো আজি হে পঢ়িলো । ভাল লাগিল
2:23 pm
বহুত ধন্যবাদ বাইদেউ
2:29 pm
পাৰ ভাল লাগিল
5:07 pm
অশেষ ধন্যবাদ পঢ়িচোৱাৰ বাবে৷
3:21 pm
মোৰ ভাল লগিল। মোৰ মতে আৰু দীঘল কৰাৰ আৱশ্যক নাই, গল্পৰ পূৰ্বৰাগ আৰু অস্তৰাগ পাঠকলৈ এৰি দিয়া হৈছে,মোৰ বোধেৰে সেয়া গল্পকাৰৰ এক কৌশল
5:10 pm
বহুত ধন্যবাদ দাদা৷ it means a lot to me..
5:23 pm
গল্পটো পঢ়ি ভাল লাগিল৷ শেষৰ ফালে আৰু অলপ বিচাৰিলোঁ৷
8:44 pm
অশেষ ধন্যবাদ পঢ়াৰ বাবে
9:11 pm
ভাল লাগিল, মানে বহুতেই ভাল লাগিল৷ ending superb. suspense maintained very well??????????????
8:12 am
ধন্যবাদ
2:44 pm
ভাল লাগিল পঢ়ি ।
7:45 pm
বহুত ধন্যবাদ দেই পঢ়াৰ বাবে
10:16 am
মই কিন্তু বহুত ভাল পালো কাবেৰী৷ ব্যংগ নহলেও অলপ বুকুত মোচৰ মাৰি দিব পৰা৷ চেকমেট নামটোো দেখিয়েই চালো- ময়ো বহুদিন আগত একে নামত কিবা এটা লিখিছিলো৷
বঢ়িয়া লিখিছা৷
7:47 pm
আপোনাৰ উৎসাহৰ বাবে বহুত ধন্যবাদ দাদা৷ ফুলি যাওঁ একেবাৰে
7:43 am
সুন্দৰ হৈছে
8:05 am
বহুত ধন্যবাদ ৰশ্মিবা৷