অতি সাম্প্ৰতিক – নিৰ্মালি সন্দিকৈ
শহুৰেকৰ গাঁৱৰ নামঘৰত জেছিকাৰ আজি প্ৰথমটো দিন৷ অনিন্দ্যৰ লগত মাহেকে পষেকে গাঁৱলৈ আহি থাকিলেও তাই এই প্ৰকাণ্ড নামঘৰটোত সোমাই পোৱা নাছিল৷ নামঘৰ বুলিলে জেছিকাৰ সৰুতে দেখা এনায়েকৰ গাঁওখনত দেখা নামঘৰটোহে মনলৈ আহে৷ সেয়া আছিল পদূলিমূৰৰ বকুল দুজোপাৰে তিনিশ ঘৰ গৃহস্থীৰ এটা বিশাল নামঘৰ। দীঘলীয়া বাটচ’ৰাটোৰে সোমালেই গহীন গহীন লগা এক পৰিৱেশ৷ প্ৰকাণ্ড পাচি খৰাহি, আৰু পিতলৰ টৌ চৰিয়াত খুন্দ খাই থকা গাজিমগু, ঠোকে ঠোকে মনোহৰ, চেনি আৰু জাহাজীকল, দম দম নাৰিকল, মুঠিত বান্ধি অনা কুঁহিয়াৰ, জন্মাষ্টমীৰ কেঁচা পিঠাগুড়িৰ লাড়ু, বতৰৰ বিভিন্ন ফলমূলেৰে দেখিলেই লোভলগা প্ৰসাদৰ পাতখিলা, বছৰেকীয়া ভাওনাৰ আখৰা আৰু ভাওনাৰ পিছদিনা ৰজা ৰাণীৰ পোছাকৰ পৰা ছিগি পৰা মণি বুটলাৰ সোঁৱৰণিৰে জেছিকাৰ বুকু ভৰি আছে৷ হৰেশ্বৰ ককাৰ গলগলীয়া মাতৰ ভাগৱত পাঠ, নীল মামাৰ প্ৰসংগ আৰু নামৰ আৰম্ভণিতে গোৱা ৰত্নককাৰ বৰগীতে তাইক অন্য এখন জগতলৈ লৈ গৈছিল৷
গাঁৱৰ জীয়ৰী বোৱাৰীয়ে নামঘৰত কিবা পাঠ প্ৰসংগ, উৎসব পাৰ্বন হ’লেই উঠি পৰি কাম বন কৰে৷ কোনেও হেলা নকৰে৷ কাম কৰাটোও যেন তাত এক উৎসৱেই!জেছিকাৰ মামীয়েক তিনিজনীয়ে আন আইসকলৰ সৈতে গোবৰ মাটিৰে নামঘৰৰ মজিয়া লিপে, ডেকাসকলে চৌহদটো চাফ চিকুণ কৰে, চেমনীয়াবোৰে ভাওনাৰ আগদিনা ৰঙীণ কাগজত নক্সা কাটি মৰাপাটৰ জৰীত ময়দাৰে আঠা লগায়, সৰুবোৰে এনেই ইফাল সিফালকৈ ঠাইখিনি মুখৰ কৰি তোলে৷ দূৰণিৰ পৰা আহিব লগা ভকতসকলৰ সেৱা সুশ্ৰুষাৰ বাবে ক’তো ক্ৰুটি নাৰাখিবলৈ গাঁওবুঢ়াই সকলোকে তদাৰক কৰে৷
জেছিকাহঁতৰ কলনিৰ নামঘৰতো একেই৷ উচ্চ পদস্থ চাকৰিয়াল বুলি হাজৰিকানী বৰমাই ভকতৰ চুৱা পাত নোতোলাকৈ নাথাকে৷ কলেজৰ অধ্যাপিকা ননীমাহীয়েও বাচন বৰ্তন ধুই নামঘৰটো সৰা মচাত সদায় আগভাগ লয়৷ পুৰুষসকলে নামঘৰৰ প্ৰতিটো অনুষ্ঠানতে টকা পইচাৰ হিচাপ খেলিমেলি নকৰাকৈ খৰচ কৰে, নামঘৰীয়াক পা-পইচা দিয়ে৷ কোনে কিমান নিয়াৰিকৈ কাম কৰিব পাৰে তাৰ যেন অঘোষিত প্ৰতিযোগিতা! মাহ প্ৰসাদৰ লগত সকলোৱে ঘৰতে ৰন্ধা পায়স অকণ, লাড়ু পিঠা, বতৰৰ ফলমূল দিবলৈ অলিখিত নিয়মেই বনাই লৈছে৷
শৈশৱতে দেখা এনায়েকৰ গাঁৱৰ নামঘৰৰ সেই পৰিৱেশটো তাই অনিন্দ্যৰ গাঁৱতো দেখা পাবলৈ ৰোমাঞ্চিত হৈ আছিল৷ নামঘৰ সোমায়েই শাহুৱেকৰ সৈতে তাই সেৱা ল’বলৈ বহিল৷ বিড়ীৰ গোন্ধ এটাই তেতিয়াই তাইক আমনি কৰিলে৷ মেণ্ঠলৰ পোহৰত দেখিলে, কঠত বহি কেইবাজনো বয়োবৃদ্ধ ভকতে বিড়ীত সুখটান দিছে৷ তাইৰ মনটো বিতৃষ্ণাৰে ভৰি পৰিল৷ জীয়ৰী বোৱাৰীবোৰে জুম জুমকৈ বহি মেল মাৰিছে৷ যিকেইঘৰ গৃহস্থীয়ে ভাদমহীয়া নাম উপলক্ষে শৰাই আগবঢ়াইছে, তেওঁলোকে চাহ বিস্কুট বিলাইছে৷ কিন্তু আন কোনেও তাত হাত উজান দিয়া নাই৷ কম পোহৰ পৰা এচুকত জেছিকা বহি থাকিল৷ অনিন্দ্য এতিয়াও অহা নাই৷ শাহুৱেকে নিজৰ মোবাইলটো তাইৰ হাতত থৈ সমনীয়া দুগৰাকীমানৰ সৈতে নাৰিকল ৰুকিবলৈ উঠি গ’ল৷
কাৰেণ্ট আহিলত কম পোহৰৰ লাইট দুটামান জলি উঠিল৷ জেছিকাৰ চকুত পৰিল মণিকূটৰ ভিতৰত মদৰুৱা বৰণ ধৰা গোঁসাই কাপোৰেৰে এভাগ বিবৰ্ণ সিংহাসন৷ নামঘৰৰ খুঁটাবোৰত মাদ্ৰাজী গামোচাৰ বিজ্ঞাপণ৷ গোটেই নামঘৰভাগতে এলান্ধু আৰু মকৰাজালে চানি ধৰিছে৷ আনহে নেলাগে পিতলৰ বন্তিগছো তেলচিকটি লাগি ক’লা বৰণ লৈছে৷ গাঁৱৰ আইসকলে হাতত গোবৰ মাটি ল’ব নোখোজে আজিকালি৷ চিৰিয়েল চাই, বিয়নি মেল মাৰি, চহৰ ফুৰিবলৈ গৈ আজৰি হয় মানে নামঘৰ ভাগৰ কথা ভাবিবলৈ নহয়গৈ৷ ডেকামখাও সেই খোল তালত ঘূণে খালেও নামঘৰমুৱা নহয়৷ পুলত বহি পাবজী খেলি থাকে নাইবা ব্লু ফিল্ম চায় আৰু খাবৰ সময়ত নামঘৰলৈ আহি খাই বৈ গুছি যায়৷
আবেলিতে শাহুৱেকে এইবোৰ কথা অলপকৈ তাইক কৈছিল যদিও তাই বিশেষ একো ভবা নাছিল৷ শহুৰেকে ঘৰৰ গোঁসাইঘৰতে কীৰ্তনখন মেলি লৈ তাইক সুধিছিল,
: মাইনা যোৱা জানো? গৈ বৰ ভাল নেপাবা কিন্তু৷
তথাপি শাহুৱেকক লগ দিবলৈকে আৰু নামঘৰৰ সুখকৰ স্মৃতিকণ পুনৰাই ঘূৰাই পাবলৈকে তাই ওলাল৷
জেছিকাই মানুহবোৰৰ আলেখলেখ চাই থাকিল৷ তিনিবস্ত্ৰ পিন্ধি ভকতৰ বেশ ল’লেও পুৰুষসকলৰ মাত কথা আচৰণত ভক্তিৰ লেশমানো নাই৷ জীয়ৰীবোৰ বাদেই বোৱাৰীবোৰেও পাউট কৰি চেল্ফী উঠাত ব্যস্ত৷ জেছিকাক থতমত খুৱাই দুজনীমানে পৰকীয়া প্ৰেমিকৰ কথাও গুণগুণাই আলোচনা কৰিলে৷ জেছিকাৰ বৰ অকলশৰীয়া লাগিল৷ হতাশা আৰু বেজাৰত তাইৰ মনটো কোচ খাই আহিল৷ এসময়ত পাঠ ব্যাখ্যা আৰম্ভ হ’ল৷
ব্যাখ্যাকাৰে মোনাৰ পৰা উলিওৱা সৰু নলীয়া কটাৰী এখনেৰে পাণ এবিৰা ভাং কুটাৰ দৰে মিহি মিহিকৈ ৰুকি বিষয়ীৰ অধোগতি বুজাবলৈ ধৰিলে৷ তামোলৰ পিক ভৰ্ মুখত কি শব্দ ফুটিল, কোনেও নুবুজিলে৷
পাঠত কাৰো মন নাই৷ দুজনীমানে ফোন কৰি গিৰিয়েকহঁতক ক’লে, আজি অমুকাৰ ঘৰৰ সিদ্ধান্ন দিছে৷ খানাটো ইয়াতে খাই যকহি৷ মই ঘৰলৈ গৈ বনাবগৈ নোৱাৰোঁঁ৷
জেছিকাৰ ধৈৰ্যৰ সীমা পাৰ হ’ল৷ তাই শাহুৱেকক কওঁ নকওঁকৈ ক’লে,
: ব’লকচোন মা, ঘৰলৈ যাওঁগৈ৷ মোৰ দেখোন বমি বমি লাগিছে৷
☆ ★ ☆ ★ ☆
7:29 pm
আজিকালিৰ বাস্তব ছবি খন সুন্দৰ কৈ তুলি ধৰিচা !!!
10:21 pm
বাস্তৱ ছবি, ভাল লাগিল পঢ়ি
7:04 am
ভাল লাগিল পঢ়ি নিৰ্মালি
7:04 am
ভাল লাগিল নিৰ্মালি
12:14 pm
আজিৰ আমাৰ সমাজৰ এক বাস্তৱ চিত্ৰ।
ভাল লাগিল।