ফটাঢোল

জীৱনৰ ৰং – ৰূপজ্যোতি নাথ 

মঞ্চৰ ওপৰত থকা মাইক্ৰ’ফোনৰ আগত ঠিয়হৈ বিভিন্ন ঠাইৰ পৰা অহা কবিসকলে পাঠ কৰি যোৱা প্ৰতিটো কবিতাকেই গভীৰভাৱে ৰসাচ্ছাদন কৰি আমাৰ কবি মহোদয় আপ্লুত হৈ পৰিছে৷ কবিতা বুলিলে পাগল নহলেও কবি সন্মিলনলৈ গলে নিজৰ ভাগৰ কবিতা এটা পাঠ কৰাৰ সুযোগ এটা লাভ কৰাৰ লগতে বিদ্বত মহলৰ সতে কিছু অন্তৰঙ্গ আলাপ কৰাৰো সুবিধা এটা লাভ কৰিব পাৰি৷ অৱশ্যে এনেবোৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিলে নিজৰ সামাজিক স্থিতিটো‍ও অলপ উত্তৰণ হোৱা বুলি আমাৰ কবি মহোদয়ে অনুভৱ কৰে৷ নহ’লেনো দূৰ-দূৰণিৰ পৰা কবি সন্মিলনত উপস্থিত থাকিবৰ বাবে তেওঁলৈ আমন্ত্ৰণী পত্ৰ আহেনে বাৰু! কলেজীয়া দিনতে প্ৰেমত পৰি কবি হোৱা আমাৰ কবি মহাশয়ে জীৱনৰ পাকচক্ৰত পৰি কবিতাক বিসৰ্জন দিছিলেই৷ পিছে নিজৰ জীৱনত চপাই লোৱা পত্নীৰ পৰা পোৱা তিতা-কেঁহাবোৰে তেওঁক পুনৰ কবিতাৰ মাজলৈ ঠেলি দিলে৷ হয়, তেওঁ আজিকালি জীৱনৰ কবিতা লিখে৷ জীৱনৰ হা-হুতাহত বন্দী আমাৰ কবি মহাশয় আজিকালি জীৱনবোধৰ কবিতাৰ বাবে পাঠক-শ্ৰোতা সমাজত অলপ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে৷ সেয়েহে আজিৰ কবি সন্মিলনত তেওঁ এজন আমন্ত্ৰিত মুখ্য কবি৷ ইতিমধ্যে মঞ্চত কবি এজনে কবিতা এটা পাঠ কৰা শেষ হ’ল৷ ঘোষকে শ্ৰুতিমধূৰ কাব্যশৈলীৰে কবিলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী কবি অৰ্থাৎ আমাৰ কবি মহাশয়ক মঞ্চলৈ আহ্বান জনালে-
ঃ এইবাৰ আমাৰ মাজলৈ আহ্বান জনাইছোঁ সকলোৰে পৰিচিত বিশিষ্ট কবি, যাৰ কবিতাত জীৱনে প্ৰতিপল ৰং সলায়, যাৰ কবিতাৰ মাজত আমি বিচাৰি পাওঁ জীৱনবোধৰ এক বলিষ্ঠ নিদৰ্শন, তেখেত হ’ল আমাৰ সকলোৰে সন্মানীয় শ্ৰীযুত জীৱনান‍ন্দ বৰুৱা৷ তেখেতক আমি মঞ্চলৈ কবিতা পাঠৰ বাবে আহ্বান জনালোঁ৷
ঘোষণা শুনি কবি মহাশয় খপ্‌জপ্‌কৈ নিজৰ পিন্ধি থকা চশমাযোৰ ঠিক কৰি ল‍ৈ মঞ্চত উঠিলগৈ৷ সকলোলৈকে সাদৰ-সম্ভাষণ জনাই তেওঁ কবিতা পাঠ কৰিবলৈ বুলি জেপত ভাজ কৰি থোৱা কাগজখিলা হাত‍ত তুলি ল‍’লে৷ কাগজখিলাৰ ভাঁজটো খুলি চাই কবি মহাশয় উচপ খাই উঠিল৷ হে হৰি! এইখনচোন পত্নীয়ে লিখি দিয়া এখন বৰ দীঘল বজাৰ‍ৰ তালিকাহে৷ ইটো-সিটোকৈ প্ৰতিটো জেপত সন্ধান কৰিও কবি মহাশয়ে ৰাতি দুপৰলৈ টোপনি খটি কৰি লিখা কবিতাটো কিন্তু বিচাৰি নাপালে৷ লগে লগে কবি সন্মিলনলৈ আহিবৰ সময়ত পত্নীয়ে কোৱা কথা কেইআষাৰ তেওঁৰ কাণত বাজি উঠিল-

ঃ হেৰি, কিনো সদায় কবি সন্মিলনলৈ গৈ জেপৰ টকাকেইটা পানী কৰি থাকেহে৷ ইমান কবি হোৱাৰ চখ আছে যদি কিতাপ এখনকে নুলিয়াই কিয়৷ ৰাইজৰ আগত কৈ ময়ো গৌৰৱ কৰিব পাৰিম৷ আৰু শুনক কবিতা গাই ফুৰিলে পেট নভৰে৷ ঘৰত চাউল-দালি একো এটা নাই৷ মাইনাৰ চেণ্ডেল, বাবুৰ জোতা, ঘৰ‍ৰ বজাৰ সকলো মই ধুনীয়াকৈ কাগজত লিখি টেবুলৰ ওপৰতে থৈ দিছো৷ ওভটি আহোঁতে লৈ আহিব৷

– ইছ্..ইছ্.. তাৰমানে কবি মহাশয়ে টেবুলৰ ওপৰত থকা কবিতাটোৰ সলনি বজাৰ‍ৰ তালিকাখনহে জেপত লৈ আহিল৷ ইতিমধ্যে সন্মুখত বহি থকা কাব্যপ্ৰেমী শ্ৰোতা-দৰ্শকবৃন্দই তেওঁৰ ফালে চাই ফিচিঙা-ফিচিঙি কৰিব ধৰিছে৷ জেপৰ পৰা ৰুমালখন উলিয়াই তেওঁ মুখ‍খন এনেয়ে এবাৰ মচি ল‍’লে৷ নাই… তেওঁ ৰাতি নিজে লিখা কবিতাটোৰ এটা শাৰীও এই মুহূৰ্ত‍ত মনলৈ অহা নাই৷ এক অস্থিৰ অৱস্থাত পৰি কবি মহোদয় ঘামি উঠিল৷ এইফালে সন্মুখৰ কাব্যপ্ৰেমীৰ মাজত মৃদু গুঞ্জন উঠিল-
“কি হ’ল? … কিয় ৰৈ আছে তেওঁ? “
লাজে অপমানে জৰ্জৰিত হৈ কবি মহাশয়ে অৱশেষত বজাৰ‍ৰ লিষ্টখন হাত‍ত তুলি ল‍’লে৷ মাইক্ৰ’ফোনটোত এবাৰ ফু মাৰি তেওঁ আৰম্ভ কৰিলে-

মোৰ কবিতাৰ শিৰোনাম-

“বজাৰ‍ৰ তালিকা“

এখন তালিকাৰ স’তে
সহবাস কৰিছো অহৰহ
কিনাবোৰ নিঃশেষ কৰি
জেপত কঢ়িয়াইছো পত্নীৰ অভাৱৰ দিনলিপি
দহ কেজি আইজং চাউল, এক কেজি দালি
লগত নিমখ, চাহপাত আৰু চেনি
মিঠাতেলৰ লিটাৰবোৰ কেনি বাৰু যায়
বইলৰ সলনি ফ্ৰাই কৰি খায়
ব্ৰয়লাৰ মাংসৰ সতে এপোৱা ভাঙন
আলু, বেঙেনা আৰু লগত বেচন
তিঁয়হ, গাজৰ, ভেণ্ডি, তিতাকেৰেলা
স্কোৱাচ, পিয়াজ, নহৰু, লেচেৰা
কেঁচাবোৰ বেছিকে কিনি শুকাব নোৱাৰি
বিলাহী দামত কিনি খাবও নোৱাৰি
ৰঙালাউৰ দৰেই ঘূৰণীয়া জীৱনৰ সপোন
জলকীয়াৰ জালে এৰিবই নোখোজে চোন
পত্নীৰ ব্লাউজ, ছোৱালীৰ চেণ্ডেলৰ ফিতা
ল’ৰাৰ বাবে লাগে আকৌ বাটাৰ চামৰাৰ জোতা
নোটবোৰ উৰুৱাই সুখবোৰ কিনিছো
হেঁপাহৰ ঘৰখন ধৰি ৰাখিব খুজিছো
নিজৰ বাবে কি লাগে পিছে কাকনো কম
ত‍থাপিও ভাবো.. জীৱন তই যে বৰ অনুপম৷
ধন্যবাদ৷

  কাব্যপ্ৰেমী ৰাইজৰ বিপুল হাত‍ তালি আৰু প্ৰশংসাৰ মাজতে ঘোষকে কৈ উঠিল – বাঃ জীৱন দৰ্শনৰ কিযে এক অনবদ্য কবিতা…..
মুখত কৃত্ৰিম হাঁহি এটা ফুটাই লৈ কবি মহাশয়ে দাঁতকৰচি মনতে ভাবিলে- আজি ঘৰলৈ যাই লওঁ ৰহ, জীৱনৰ ৰং তাইক দেখুৱাই দিম৷

☆ ★ ☆ ★ ☆

3 Comments

  • ডলী তালুকদাৰ

    বাহ!বাহ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া লাগিল।

    Reply
  • ইন্দ্ৰ মোহন বৰা

    জীৱনৰ কবিতা…ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *