লটিঘটি – ডলী তালুকদাৰ
: হেৰা, আহা ভাত হ’ল৷
মানুহজনৰ মাতটোত মই ধহমহকৈ সাৰ পালোঁ৷ ছেঃ! বহু দেৰি হ’ল চাগে৷
চুলিকোছাৰ সাঠন লগাই মই বিছনাৰ পৰা ঠিক নামিব লওঁতেই কথাটো মনত পৰিল৷ অ’, ভাত কিয় খাম মই? মই খঙ কৰিহে বিছনাত পৰিছিলোঁ৷
: নাখাওঁ মই ভাত৷ সেইসোপা তুমিয়েই খোৱাগৈ৷
: নহয়য় মানে ভুল হৈ গ’ল অলপ৷ আচলতে চিঠিখনো যে হেৰুৱালোঁ৷ দিনটো একেবাৰে পাহৰি গ’লোঁ৷ হ’ব দিয়া, এনে ভুল আৰু নকৰোঁ৷
মানুহজনে সেমেনা-সেমেনিকৈ ক’লে৷
মই একো এটা উচ্চাৰণ নকৰি বিছনাত বহি থাকিলোঁ৷ মানুহজনে আৰু দুবাৰমান মোক ভাত খাবলৈ অনুৰোধ জনালে৷ আজি বোলে চিকেনৰ চৰ্চৰীয়া বনাইছে তেওঁ৷ মোৰ মন মুহিবলৈ তেওঁ মোক ক’লে৷ মই খঙটো আকৌ দেখুৱাই বিছনাত পৰিলোঁ৷ মানুহজনে হুমুনিয়াহ এটা কাঢ়ি কোঠাটোৰ পৰা লাহে লাহে ওলাই গ’ল৷
মোৰ লাহে লাহে কথাটো পুনৰ মনলৈ আহিল৷ দিনটোৰ তিতা অভিজ্ঞতাই মোক পুনৰ জোকাৰি গ’ল৷
আজি দুপৰীয়াৰ কথা৷ বিয়াঘৰ এখনত বহি আছোঁ৷ দুঘণ্টা মান হ’বৰ হ’ল৷ ভৰ দুপৰীয়া সময়৷ আমাক বিয়াঘৰৰ কেইজনমানে আমি ভাত খাম নে নাই সেয়া সুধিছে৷ বাৰেপতি তেওঁলোকে আমাক কথাটো সুধিছে৷ মোৰ লাহে লাহে অঁকৰা খঙ এটা উঠি আহিছে৷ হাৰে বিয়া খাব মাতি আকৌ কিয় সুধি আছে ভাত খাম নে! খাই আহিছোঁ নেকি? খাবইতো আহিছোঁ ন? আৰু এই দুপৰীয়া সময়ত ভাত নাখাই কি খাম আদি বিভিন্ন প্ৰশ্নই মনটোত খকা-খুন্দা কৰি আছে৷
হঠাৎ খঙৰ ভমকত মই এওঁক ক’লোঁ,
: কি হে, শ্বিলঙৰ মানুহবোৰে বিয়া খাব মাতি এনেকে কয় নেকি?
মুখেৰে ভোৰভোৰাই থাকি মোৰ মানুহজনক ভালকৈ এজাউৰি দিলোঁ৷
তেওঁ কৰুণভাবে মোক ক’লে,
: মোক কিয় গালি দিছা? মনে মনে থাকা৷ শুনিব৷ ইয়াতে গধূলিহে আহে মানুহে বিয়ালৈ৷ তোমাৰহে দুপৰীয়া অহাৰ উৎপাত বেছি৷ কি ঠিক ইহঁতে ৰাতিলৈহে কৰিছে আয়োজন!
: হ’লেও বিয়া পাতিছে যেতিয়া দিনতো আহিব পাৰে কোনোবাই৷ সকলোৰে সুবিধা অসুবিধাৰ কথা আছে৷ সেইবুলি ভাত খামনে সেয়া সোধা কথা নেকি? কি ইয়াৰ মানে?
আমাৰ বিয়া যোৱা ছমাহ মান হৈছে৷ মানুহজনৰ কৰ্মক্ষেত্ৰত মানে চেৰাপুঞ্জীত আহি ময়ো থিতাপি লাগিছোঁ৷ এওঁৰ বন্ধু এজনৰ ভায়েকৰ বিয়ালৈ আমাক এমাহমান আগতে নিমন্ত্ৰণ কৰিছিল৷ সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ শ্বিলঙত অৱস্থিত তেওঁলোকৰ বাসভৱনত আমি এয়া উপস্থিত হৈছোঁহি৷
চেৰাপুঞ্জীৰ পৰা শ্বিলঙলৈ ডেৰ ঘণ্টা মান সময় লাগে৷ ৰাতিলৈ কুঁৱলীৰ প্ৰকোপ বেছি বাবে আমি দুপৰীয়াই তেওঁলোকক সস্ত্ৰীক মাত লগাবলৈ আহিছোঁ৷
ইমানখিনিলৈ ঠিকেই আছিল৷ আমাক দেখাৰ লগে লগে বন্ধুজনে আদৰি নিলে৷ বিয়াঘৰ বহুত মানুহেৰে গিজগিজাই আছে৷ কিন্তু কি আচৰিত! বিয়াঘৰত কোনো ৰভা বা তেনেধৰণৰ ব্যৱস্থা নাই৷ সঁচাকৈয়েই আমি প্ৰথমতে এনে এক অনাড়ম্বৰহীন আয়োজনত আচৰিত হ’লোঁ যদিও “তাতে আমাৰ কি আহে যায়” ধৰণৰ ভাৱ এটা লৈ এয়া বিয়াঘৰত বহি আছোঁ৷
প্ৰথমতে আমাক চৰ্বত যাচিছিল৷ সেয়া আমি গলাধঃকৰণ কৰিলোঁ৷ ফল-মূলৰ কাঁহীখনৰো দুই-এপদ খোৱাৰ পিছত আমাক মিঠাই, ভূজিয়া আৰু বিস্কুটেৰে আপ্যায়িত কৰা হ’ল৷ দুপৰীয়াৰ সময়৷ পেটে কলমলাই আছে৷ গতিকে চাহ-মিঠাই খোৱাত আমি কাৰ্পণ্য নকৰিলোঁ৷
এয়া প্ৰায় দুঘণ্টা মান বহিলোঁ৷ ইয়াৰ মাজতে আমাক আকৌ চৰ্বত আৰু মিঠাই দিয়া হ’ল৷ মই লাহেকৈ হাতৰ ঘড়ীটোলৈ চালোঁ৷ এয়া চাৰি বাজি চল্লিশ মিনিট৷ এতিয়ালৈ মই ভাত-পানী খাই জিৰাই-শঁতাই গাটো পোনাই লওঁ৷ এসাঁজ ভাত আৰু এটি ভাতঘুমটিৰ মাদকতাত আবেলিটো সতেজ কৰি তোলোঁ৷ আমি ভাত খোৱা মানুহ৷ অকল ফল, চৰ্বত আৰু মিঠাইৰে ক’ত পেট তুষ্ট হ’ব?
এওঁ লাহে লাহে অধৈৰ্য হৈ পৰিল৷ ইফালে দৰা-কইনা কাৰোৱেই দেখাদেখি নাই৷ ভোকাতুৰ মানুহ দুটা বিবৰ্ণ হোৱা বৰ্ণনা এয়া৷ পাটৰ কাপোৰ, গহনাই মোক যেন হেঁচা মাৰি ধৰিছে৷ মোৰ অৱস্থা নোহোৱা হৈছে৷ এওঁৰো কোট, টাই আৰু জোতাই যেন মানুহজনক আৰু বেছি অৱসন্ন কৰি তুলিছে৷ হাতত থকা উপহাৰৰ টোপোলাটোৰো যেন ওজন বাঢ়িবলৈ আৰম্ভ কৰিছে৷ এইয়া যেন এসাঁজ ভাতৰ বাবে এক অনন্ত অপেক্ষা৷
দুপৰীয়াটোৱে লাহে লাহে মেলানি মাগিছে৷ না আমাক খাবলৈ মাতিছে, না দৰা-কইনা ওলাই এষাৰি কথা পাতি আমাৰ দেহ-মন জুৰ পেলাইছে৷ কেৱল বিয়া ঘৰৰ মানুহবোৰে মাজে মাজে পৰ্দাৰ ফাঁকেৰে বহাকোঠালৈ জুমি চোৱা আমাৰ চকুত পৰিল৷ তেওঁলোকে আমালৈ জুমি চাই আৰু খাচী ভাষাতে কিবা এষাৰি কয়৷ মাজে মাজে ঘৰৰ গৃহস্থ আৰু এওঁৰ বন্ধুৰ ভাত খাম নে নাখাম সেই পুৰাতন প্ৰশ্নই আমাক ব্যতিব্যস্ত কৰি তুলিছে৷ সেই প্ৰশ্ন যেন আৱহমান এক ধ্বনি হৈ আমাৰ কাণত গুমগুমাই আছে৷
মোৰ মানুহজন অলপ লাজকুৰীয়া৷ তেওঁ লাহেকৈ ক’লে,
: আমি খাই আহিছোঁ৷
আমি যোৱাৰ বাবে সাজু হ’লোঁ৷ বিয়ালৈ অনা উপহাৰটো দৰা-কইনা ওলাই নহা বাবে ককায়েকজনক দিবলৈ মোৰ মানুহজন সাজু হ’ল৷ সেই সময়তেই ককায়েকে আমাক আচৰিত কৰি তুলিলে৷ তেওঁ ক’লে,
: আৰু অলপ সময় বহক দেই৷
মানুহজনৰ কথাই আমাক আচৰিত কৰি তুলিলে,
: দৰা-কইনা পিকনিকলৈ গৈছে৷ আহি পাবই অলপ সময়ৰ ভিতৰতে৷ আপোনালোক আজি আহিব বুলি গম নাপাওঁঁ যে সেইকাৰণে গ’ল৷ নহ’লে যাব মানা কৰিলোহেঁতেন৷
আমি আচৰিত হ’লোঁ৷ বিয়াৰ দিনাই দৰা-কইনা পিকনিকলৈ গৈছে? কথাবোৰ যেন সাঁথৰ হৈ আমাৰ মনত পাকঘূৰণি খাবলৈ আৰম্ভ কৰিলে৷
এনেতে দৰা-কইনা আহি পালে৷ নৱ-দম্পতীয়ে আমাৰ সতে চিনাকি হ’ল৷
হঠাৎ দৰাই আমাক সুধিলে,
: আপোনালোকে বিয়াৰ দিনা কিয় আহিব নোৱাৰিলে? কিবা অসুবিধা হ’ল নেকি?
বিয়াৰ দিনা নাহিলোঁ? আজি বিয়া নহয় নেকি আচলতে? মই এওঁৰ মুখলৈ চালোঁ৷ মানুহজনৰ মুখখন সেই সময়ত যেন কেহেৰাজ বৰণ লৈছে৷
এনেতে দৰাই মাত লগালে,
: আচলতে আজি পোন্ধৰ দিন হ’ল যে আমাৰ বিয়া হোৱা সেইকাৰণে এওঁৰ মানে কইনাৰ কাজিনবোৰ এটা পিকনিক আয়োজন কৰিছিল৷ আপোনালোক আহিব বুলি গম পালে আমি ঘৰতে থাকিলোঁ হয়৷ ভালকৈ একো খুৱাবও নোৱাৰিলোঁ৷ গতিকে প্লীজ এতিয়া নাযাব৷ ডিনাৰ কৰি যাব৷
কচম খোদা কি! দৰাৰ কথাত শ্বিলঙৰ ঠাণ্ডাতো মই জ্বৰত ঘমা দি ঘামিবলৈ আৰম্ভ কৰিলোঁ৷
এনেতে এওঁ মানে পতিদেৱে লাহেকৈ ক’লে,
: ও, হয়তো৷ পাঁচ তাৰিখে আছিল নহয় বিয়া আপোনাৰ? মানে সেইদিনা আমি গুৱাহাটীলৈ গ’লোঁ৷
মোৰ পতিদেৱে বিয়াৰ তাৰিখটোৱেই পাহৰি থাকিল৷
বিয়া ঘৰত অতিথি বুলি ভবা মানুহবোৰ যে আচলতে সেই যৌথ পৰিয়ালটোৰ সদস্য আছিল, সেয়া মই পিছতহে ধৰিব পাৰিলোঁ৷
’টং, টং টং৷ ’ এয়া দেৱাল ঘড়ীটোৱে তিনি বজাৰ সংকেত দিলে৷ পেটটোৰ কলমলনিত মই সম্বিত ঘূৰাই পালোঁ৷
লাহে লাহে পাকঘৰটোত সোমাই আমাৰ দুয়োটাৰ বাবে ভাত সাজিলোঁ৷ বহাকোঠাত টোপনি মাৰি থকা মোৰ মানুহজনক লাহেকৈ মাতিলোঁ,
: আহা, অলপমান খোৱাহি৷
খকমককৈ সাৰ পোৱা মোৰ মানুহজনে কোনো বাক্য ব্যয় নকৰি বাধ্য ছাত্ৰৰ লেখীয়া আহি ভাতৰ পাতত বহিল৷
☆ ★ ☆ ★ ☆
12:59 pm
তামাম লাগিল ডলী৷ বৰ মজা
1:13 pm
সুন্দৰ, ভাল লাগিল৷ বানান কেইটামানৰ ভুল চকুত পৰিল৷
2:21 pm
ইমান ডাঙৰ লটিঘটি কৰাইছে বা???
2:29 pm
মজ্জা লটিঘটি।এইটোৰে কিন্তু সুকীয়া আমেজ এটা আছে দেই।
5:17 pm
হা হা হা কি যে হব ।
6:32 pm
দিনটো লঘোনহে হ’লগৈ বিয়াৰ নামত মানে!
11:23 am
সাংঘাতিক অভিজ্ঞতা দেখোন
1:58 pm
ভাল লাগিল
2:52 pm
মজ্জা…..এই অভিজ্ঞতা মোৰো আছে
6:57 pm
তামাম বুলিলো
9:30 pm
মোৰ তোমাৰ পতিদেৱৰ চেহেৰাটোহে
মন ৈ আহিছে । ভাল বিয়া খুৱালে দেই।?
10:53 pm
আইঐ দেহি । কম লটি ঘটি হোৱা নাই দেই ।