কৰ্প’ৰেট্ – ৫ – অমিতাভ মহন্ত
নতুন অফিচ এটাত জইন কৰিছোঁ৷ অফিচটো ভালেই৷ সুন্দৰকৈ সজোৱা অফিচ৷ ডিজাইনাৰ ৱাল, চেণ্ট্ৰেল এচি, কেণ্টিন ইত্যাদি ইত্যাদি৷ তাতে মোক এটা এই মস্ত কেবিন দিছে৷ কেবিনটোত দুজন মানুহে আৰামত বক্সিং কৰিব পাৰে, সত্ৰীয়া নাচিব পাৰে… অৱশ্যে বিহু নাচিলেও আপত্তি নাই৷ অলপ বেছি মাটিৰ গোন্ধ টাইপ ফীল এটা আহি যাব৷ মোৰ দৃঢ় বিশ্বাস, ঠাণ্ডাৰ দিনত অলপ এডজাষ্ট কৰি ৰাইজ বহিলে কেবিনতেই সৰু-সুৰাকৈ পিকনিক এটা খাই দিব পৰা যায়৷ মানুহবোৰো উদাৰ, মহৎ, সাহসী, সুচৰিত্ৰ ইত্যাদি ইত্যাদি গুণেৰে বিভূষিত৷
দুখ মাত্ৰ এটাই! ডেটা এচিষ্টেণ্টৰ পোষ্টটো খালী আছে৷ ডেটা এছিষ্টেণ্ট মানে MIS এক্সিকিউটিভ্ আকৌ৷ গোটেই ‘ৰিজন’ৰ সমস্ত তথ্য ধুনীয়াকৈ সজাই পৰাই ৰাখিব, দৰকাৰ পৰিলেই এনালাইছিছ্ কৰি দিব… কাম বুলিবলৈ এয়াই৷ চেলচ্ ব্ৰাঞ্চত ডেটা এনালাইছিছ্ নকৰাকৈ ষ্ট্ৰেটেজী প্লেন কৰা আৰু এমাজনৰ অৰণ্যত টৰ্চ-মেপ নোহোৱাকৈ পোলাৰ বিয়েৰ বিচৰা একেই কথা৷
হাই ফাই একো বিচৰা নাই৷ থাৰ্ড পাৰ্টী পে’ ৰোল, মাহত কাটি-কুটি হাতত ষোল্ল হাজাৰ পৰিব৷ এক্সেলত ঘাগু আৰু যেনেতেনে গ্ৰেজুৱেট্ হ’লেই কাম চলি যায়৷ এই পোষ্টত ৰকেট চাইণ্টিষ্টৰ দৰকাৰ নাই, ৰকেট উৰাব নালাগে৷ ডেটা উৰাই নিদিলেই হ’ল৷
এই দুদিন বহুকেইটা ইণ্টাৰভিউ ল’লোঁ৷ কাৰোবাৰ যদি প্ৰিভিয়াচ্ ৱৰ্ক এক্সপেৰিয়েন্স ৰাসত বিষ্ণু সঁজা, কোনোবাটোৱে আকৌ হাতত নটা আঙুঠি পিন্ধি থানোচৰ খাৰখোৱা অৱতাৰ হৈ আহিছে৷ এটা আকৌ ইণ্ডিয়ান আইডলৰ অডিচনত ৰিজেক্ট হৈ মোৰ ইয়াত আহি বহি আছে হতাশ হৈ মাথাটো ভকভ-কাবলৈ লওঁতেই তেখেত আহিল৷
প্ৰথম দৰ্শনতেই পছন্দ হৈ যোৱা চেহেৰা৷ চালাক চতুৰ মুখ, বডীত এডুকেচন- এডুকেচন ভাব এটা আছে৷ ভাল পৰিয়ালৰ ল’ৰা, আৰু কি লাগে? কোনোবা বেঙ্গলোৰৰ ইঞ্জিনিয়াৰিং কলেজত চীট পাইছিল, দেউতাকৰ কেন্সাৰ ধৰা পৰা বাবে পঢ়া নহ’ল৷ যোৱা পাঁচ বছৰত মাত্ৰ এবাৰ চাকৰি সলাইছে৷
ইমপ্ৰেছিভ! ভি লুকআপ, পাইভ’ট্, মেক্ৰ’ মোটামুটি জানে, বাকীখিনি শিকাই ল’ম৷ পজিটিভ পৰিৱেশ এটা পাইছোঁ৷ বোলো অলপ আউট্ অফ বক্স কথা সোধা যাওক৷ কিমান আৰু অফিছিয়েল!
: বাৰু কোৱাচোন, প্ৰিয় খেল কি?
: ফুটবল চাৰ৷ আনডাউটেডলী৷
: ৱাহ৷ কোন দল প্ৰিয়?
: অফক’ৰ্চ জুভেণ্টাছ!
কৰ্পৰেট ৰুল, আমাক অনুমতি নিদিয়ে৷ ‘হাৰাচমেণ্ট’ত পৰি যায়৷ নহ’লে বাপুটিক চলৌপ চলৌপকৈ দুটা চুমা বহাই দিলোঁহেতেন৷ মুখত এতিয়াও হেপ্পীডেণ্ট আছেই৷ আনন্দাশ্ৰু গোপনে ৰাখি মাত দিলোঁ, “গুড গুড৷ তুমি অলপ বহা মই আহি আছোঁ৷”
বাহিৰলৈ আহি অংশুমানক বিছাৰিলোঁ৷ কেণ্ডিডেট তাগৰা আছে৷ ৰূপকথাক কৈ অাজিয়েই অফাৰ লেটাৰ প্ৰছেছ কৰাই দিব লাগিব৷
অৱশেষত, মনে মিলা এজন পালোঁ৷ কেবিনলৈ আহিলোঁ৷ তৃপ্তিৰ চাৱনিৰে বাপুটিৰ ফালে চালোঁ৷ মনমোহিনী হাঁহি এটা মাৰি বহি আছে৷ অলৰেডী চিলেক্টেড্৷ তথাপি অলপ আড্ডাকে মৰা যাওক৷ এনেও আজি চাৰ্ভাৰ ডাউন৷ কিনো কৰিম৷
: বাৰু কোৱা তোমাৰ প্ৰিয় বিষয় কি?
: সাহিত্য আৰু সাহিত্যৰ ইতিহাস চাৰ৷
আগতে লিখিলোঁৱেই৷ চলৌপ চলৌপকৈ অফিচত চুমা খোৱাত মানা আছে৷
: ৱাহ ৱাহ৷ বাৰু কোৱাচোন চৰ্যাপদৰ উৎপত্তি কেতিয়া?
এজ এক্সপেক্টেড্, কনফিডেণ্ট উত্তৰ আহিল,
: সম্ৰাট অশোকৰ ৰাজত্বকালত চাৰ৷
কোৱা বাহুল্য যে বাপুটিৰ কনফিডেন্স দেখি মই খুবেই মোহিত, কিন্তু সেই কনফিডেন্স বোধহয় মোৰ চকুৱে মুখে ঠিক ফুটি উঠা নাছিল৷ স্মাৰ্ট ল’ৰা, মাইণ্ড পঢ়ি ল’লে৷
: অহ চৰি চাৰ, নন্দ বংশৰ সময়ত৷
চিঁ চিঁ কৈ মাতটো ওলাল৷
: কি?
ল’ৰা আচৰিত৷ চকু কপালত তুলি মাত দিলে,
: নহয়? মোগল তেন্তে৷
মোৰেই ভুল৷ বোধহয় মোৰ চকুৱে মুখে কনফিডেন্স ফুটি উঠা নাই৷ একৰ পিছত এক ৰাজবংশৰ নাম কৈ গৈ আছে৷
: টোগলক চাৰ?
.
.
.
: বাবৰ? অশোক?
.
.
: আহোম?
বচ্! ৰখাই দিলোঁ৷ আৰু এবাৰ সুযোগ দিলে সৰ্বানন্দ সোণোৱালৰ নাম লৈ লোৱাৰ পুৰা চান্স আছে৷ সৰু ব্ৰেক এটা ল’লোঁ৷ ৱাছৰুমলৈ গৈ মুখত পানী মাৰি ফ্ৰেছ হৈ বহিছোঁ৷
: বাৰু কোৱাচোন তোমাৰ প্ৰিয় সাহিত্যিক কোন?
: চাৰ, সৌৰভ কুমাৰ চলিহা৷
বিংগো! চৰ্যাপদ নজনাটো বৰ এটা ডাঙৰ কথা নহয়৷
: তুমি জানানে এইটো তেখেতৰ ছদ্মনাম৷ তেখেতৰ প্ৰকৃত নাম হ’ল……
: চাৰ জানো জানো!
: কোৱাচোন৷
: চাৰ, শীলভদ্ৰ৷
মই স্তব্ধ, শোক আৰু আতঙ্কৰ মাজৰ পৰ্যায় এটাত আছোঁ৷ তথাপি সুধিলোঁ৷
: তেখেত পুৰণা দিনৰ লেখক৷ নতুন চামৰ মাজত কোন পছন্দৰ?
: নতুননো ক’ত চাৰ আজিকালি! শইকীয়া চাৰ যোৱাৰ পিছত……
ঠিকেইতো কৈছে৷ ক’তনো আজিকালি!
: তথাপি কোৱাছোন৷ নতুনৰ মাজতো বহুকেইজন ভাল, প্ৰতিভাসম্পন্ন আগুৱাই আহিছে৷
ল’ৰাটো হঠাৎ এগ্ৰেছিভ হৈ পৰিল৷ হাত, ভৰি, মূৰ জোকাৰি আৰম্ভ কৰিলে,
: ঠিকেই ছাৰ৷ কেইজনমান ওলাইছিল বাৰু৷ পিছে…
: পিছে কি?
: অসমীয়া সাহিত্য এতিয়া শেষ চাৰ৷ এনেই লেখা মানুহ নাই তাৰ ওপৰত আকৌ আৰম্ভ হৈছে নতুন ঢৌ, কিবা বোলে ফেচবুকত সাহিত্য ৰচনা৷ আজিকালি চাৰ ফেচবুকত গোটেইবোৰ সাহিত্যিক৷ তথাপি মানি ল’লোহেঁতেন যদি বোলে ফেচবুকত লেখাতেই কথা শেষ হয়৷ কিন্তু নাই, কেইজনমান ওস্তাদে আকৌ কিতাপো উলিয়াই দিছে৷ এজনক এবাৰ ফেচবুকত এই লৈ ফালি থৈছোঁ৷ কিন্তু নাই, লাজ চৰম নাই৷ এইবাৰ গ্ৰন্থমেলালৈ গৈছিলোঁ চাৰ৷ ‘কথানিনাদ’ বুলি কিতাপ এখন ভুলতে কিনি দিলোঁ৷ কিবা নামটো দেখি কথাৰামায়ণ টাইপ ফীল এটা আহিল৷ কি জঘন্য কিতাপ চাৰ৷ যি ৰকম ভাষাৰ হেৰি, সেইৰকম গল্পৰ অৱস্থা৷
একেঢোকে আধালিটাৰ পানী গিলি লাহেকৈ মাত দিলোঁ৷
: গোটেইখন পঢ়িলানে? পিছফালে কিজানি ভালেই…
: না না চাৰ, সম্ভৱেই নহয়৷ বিয়া এখনত ধুনীয়াকৈ পেকিং কৰি গিফ্ট দিহে শান্তি! অসমীয়া সাহিত্যৰ খুব দুৰৱস্থা চাৰ, এইবোৰো কিতাপ প্ৰকাশ হয়…ছিঃ ছিঃ…
মোক এজন ডেটা এচিষ্টেণ্টৰ দৰকাৰ৷ হাই-ফাই একো বিছৰা নাই৷ থাৰ্ড পাৰ্টী পে’ ৰোল, মাহত কাটি-কুটি হাতত ষোল্ল হাজাৰ পৰিব৷ এক্সেলত ঘাগু আৰু যেনে-তেনে গ্ৰেজুৱেট্ হ’লেই কাম চলি যায়৷
অসমীয়া সাহিত্যত ৰাপ নাথাকিলে ভাল৷ কোনোবা আছে যদি ক’বচোন!
☆ ★ ☆ ★ ☆
7:46 am
হাঁ হাঁ৷ভাল লাগিল৷
8:05 am
হাঃ হাঃ, মজা লাগিল অমিতাভ, পিচে গল্পটোত “কথানিনাদ”খন যে তোমাৰেই মহৎ কাব্য সেয়া মেনচন কৰিব লাগিছিল আকৌ৷
8:15 am
হা হা হা। ভাল লাগিল।
8:16 am
বঢ়িয়া লাগিল৷
9:28 am
????☹️?????????,
মন্তব্য ৰ ভাষা নাই, সেয়ে…একেষাৰে অত্যুত্তম বুলিলো।হাঁহিৰ খোৰাক যোগোৱাৰ বাবে ধন্যবাদ।
4:27 pm
খুওব ভাল লাগিল।