ফটাঢোল

মোৰ গুল্টি পূৰাণ – পৰশমণি কাশ্যপ

স্কুলৰ পৰা আহি ঘৰ পাইছিলোহে মাথোন। হঠাতে দুৰৰ পৰাই দেখিলো ধেপেচী আহি আছে অকলে। পথটো খালি। ভৰ দুপৰীয়া বাটত পৰুৱা এটাও নাই। মনটো কুটকুটাই উঠিল। পুৰণি হিচাপ এটা আছে। এবছৰৰো পুৰণি।

: বাবা¸ ভাত বাঢ়িছো আহ।

মায়ে চিঞৰিছে।

: বাথৰুমৰ পৰা আহিছো ৰহ!

ৰিঙিয়াই গেঞ্জিৰ তলত গুল্টিখন লুকুৱাই কৰদৈজোপাত উঠিলো। আমাৰ পদুলিৰ কাষতে পুৰণি কৰদৈজোপা। আনদিনা কাৱৈ মাছ ভজা হলে সোনকালে ভোক লাগে। কিন্তু আজি তাইক দেখাৰ পিছত ৰব নোৱাৰিলোঁ। সুযোগ সদায় পোৱা নাযায়তো। পাতঠেনাৰ মাজত সোমালে দূৰৰ পৰা একো দেখা নাযায়। দুৰত্ব মাথোন কেইমিটাৰমান।

: আই ঐ¸ মৰিলোঁ।

চিঞৰ মাৰি ধেপেচীয়ে নিলাজৰ দৰে টিকা মোহাৰি বহি পৰিল। ভাল লাগি গল মোৰ¸ দুষ্ট হাঁহিটো ফুটি উঠিল।

“মুঝচে পাংগা¸ বদলা বদলা হিন্দুস্থান।”

: কি হল অ’ আই।

কানুহঁতৰ মাকে দেখা পাই সুধিলে।
কি কব ধেপেচীয়ে! ৰাষ্টাত পৰুৱা এটাও নাই।

: দুখ পালো ইয়াতে খুড়ী। কোনোবাই শিলগুটি দলিয়ালে নেকি!

ইফালে সিফালে চাই ধেপেচীয়ে কৈ উঠিল।

: কোনে মাৰিব অ’ আই! কোনো নাই দেখোন। শিলগুটি চিটিকিল বোধহয় যা।

টিকা মোহাৰি মোহাৰি ধেপেচী ৰৈ থাকিল।
দোষ্টি হওক বা দুচমনী পুৰা ইমানদাৰিত কৰিব শিকিছোঁ নতুনকৈ।

‘‘কুত্তে¸ মে তেৰা খুন পি যাওংগা।’’

শুক্ৰবাৰ¸ শনিবাৰে ৰাতি কাৰেন্ট থাকিলে ধৰ্মেন্দ্ৰৰ চিনেমাবোৰ চাই বেলেগ জৌচ আহি যায়।

এদিন বিনা দোষতে ধেপেচী বায়ে ঘৰত গালি খুৱাইছিল। কলেজত পঢ়ি আছে তাই। শকত ফেঁচা নাকৰ ছোৱালীজনীক সকলোৱে ধেপেচী বুলিয়েই জানে। অৱশ্যে এই বিষয়টো তাইৰ জ্ঞাত হয়নে নহয় একো নাজানোঁ। আবেলি আগফালৰ বাৰীৰ পকা অমিতা পাৰিবলৈ ফৰ্মুটিয়াই আছিলো। অমিতাত লগাব পৰা নাছিলোঁ। এপাকত গৈ ৰাষ্টাৰে গৈ থকা ধেপেচীবাইৰ আগত পৰিলগৈ। ভয়তে ভিৰাই লৰ মাৰিলো। ধেপেচীবায়ে ভাবিলে তাইকে মৰা বুলি।

: মই অমিতা পাৰিবহে খুজিছিলো।

নাই ধেপেচীয়ে নামানে। মায়ে চেকনী বিচৰাত সন্ধিয়াতো লুকাই থাকিলো। আইতা নামঘৰৰ পৰা অহাৰ পিছত কোনে কি কৰিব পাৰে। অদম্য খং এটাই বাঁহ লৈছিল মনত। ধেপেচীয়ে ইয়াৰ মূল্য ভৰিবই লাগিব।

গুণগুণাই গুণগুণাই ভাতৰ পাতত বহিলোঁ। হয়তো ফুৰ্তিতে দুটামান ভাত বেচিকৈ খালোঁ। বহুদিনীয়া ইচ্ছা এটা পূৰণ হৈছেতো!

আচলতে সৰুতে খুউব অঘাইটং আছিলোঁ। একেবাৰে বাঘৰ আগতেল খোৱা। বংশৰ প্ৰথম সন্তান¸ এপাল মানুহৰ চকুৰ আগত গৰু এৰাল দিয়াৰ দৰে ডাঙৰ হৈছো। মুৰত নলয় ওকনিয়ে খাব¸ মাটিত নথয় পৰুৱাই খাব। সেয়াই আইতাজনী। দুষ্টামি কৰিলে মায়ে সামান্য গালি দিলেও আইতাৰ মাক গালি। যিদিনাই মুকলি পাইছিলো উদঙীয়া গৰুৱে পঘা চিঙি দৌৰাৰ দৰে বদমাছি কৰিছিলোঁ। হাইস্কুল পোৱাৰ পিছত বান্ধোন অলপ শিথিল হৈ আহিছিল। এৰাল দিবলৈ ইতিমধ্যে ভাইটি-ভন্টিয়ো আহিল। সময়ে সময়ে ময়ো সিঁহতক ৰখিবলৈ গৰখীয়া যেন হ’লোঁ।

যদিও মোৰ বংশত কোনো চিকাৰী নাছিল ¸ তথাপি চিকাৰৰ অদম্য হেঁপাহ এটা জাগিছিল মনত। চিকাৰ কৰাৰ ক্ষমতা সাহসী মানুহৰ লক্ষণ। গুলিৰ ৰবৰ যিমানে বেছি দীঘলকৈ টানিব পাৰে¸ সিয়েই আমাৰ বাঘৰ আগতেল খোৱা গেঙত দলপতি হিচাপে স্বীকৃতি পায়। তাকে দেখি শুনি হাটলৈ গৈ পাঁচটকাৰে ৰবৰ এডাল কিনি আনি গুল্টি এখন সাজিলোঁ। লগৰ আটাইকেইটাৰে আছে¸ মোৰহে নাছিল। বাৰীত আতেফলৰ ডাল এটা কাটি ঢেঁকীঘৰত থকা ফটা চাইকেলৰ টিউবটোৰে বান্ধি লগৰ কেইটাই সাজি দিলে মোক হাথিয়াৰটো। কি যে ফুৰ্তি মনত। মোৰো আছে অস্ত্ৰ। কৃষ্ণৰ অস্ত্ৰৰ নাম যদি সুদৰ্শন হয়¸ তেন্তে মোৰো গুল্টিখনৰ নাম সুদৰ্শন হব পাৰে। মোৰ দুষ্টামিবোৰ দেখি আইতাই কৃষ্ণ গোঁসাইৰ দৰে বুলি মিচিকিয়াইছিল। ৰঙা নীলা ফিটাৰে ধুনীয়াকৈ গুল্টিখন ৰবিবাৰে টিভিত দেখা বীৰবোৰৰ ধনুৰ ধৰে সজাই তুলিছিলো।

ঘৰৰ কাষৰে জংঘল বাৰীৰ পৰা উঁই মাটি আনি আমি বাটলু গুটি সাজো। মাৰ যে কিমান গালি। কাৰোবাৰ চকুমুখে লাগিলে কি হ’ব।
কিন্তু কোনে শুনে! বৰতাৰ গুল্টি মৰাৰ ট্ৰেইনিং। লৰালিতে তেওঁলোকেও মাৰিছিল হেনো! কত যে কাহিনী উপকাহিনীয়ে আমাক প্ৰেৰণা দিছিল! সেই সময়ত গুল্টি মৰাত বৰতা পাকৈত আছিল হেনো!

স্কুল বন্ধৰ দিনতো আমি গুল্টি বাহিনীয়ে পথাৰত গৈ গুল্টি মাৰি থাকো। বাটলু নাপালে মাৰ্বল খেলি লাভ হোৱা মাৰ্বলেৰে অনুশীলন কৰো।

: ঐ বাবা¸ গুল্টিখন লৈ আহচোন।

মাঁহতে বাটলুমাৰি কেৰ্কেটুৱা খেদিবলৈ মতা হ’ল। আমাৰ ঘৰতো লাহে লাহে মোৰ গুল্টিখনৰ গুৰুত্ব বাঢ়ি আহিছিল।

কেৰ্কেটুৱাই নাৰিকল কেইজোপাত উৎপাত আৰম্ভ কৰিছিল। পুৰঠ নহওঁতেই কেইবাঠোকো নষ্ট কৰিছিল। আইতাহঁতে টিং বজায়ো ৰক্ষা কৰিব পৰা নাছিল। এইম কৰি লৈ বাটলুমৰাৰ লগেলগে কেৰ্কেটুৱা ভিৰাই লৰ মাৰে। লক্ষ্যভ্ৰষ্ট হয়। মোৰ হাতখন মিহি হোৱা নাছিল। লগৰ বোৰৰ আগত সেয়াই লাজ লাগে। সৰুআপা আৰু কানুই পাতৰ আঁৰত লুকাই থকা হাইতালো মাৰি দিয়ে। মই মাৰিলেই উৰি যায়।

আইতাই হাঁহ কেইটামান পুহিছিল। মায়ে কেইজনীমান ছাগলী। ফাপৰে খোৱা কুকুৰ এটাই এদিন হাঁহ এজনী কামুৰি লৈ গ’ল। সেইদিনাৰ পৰা সি আমাৰ ঘৰখনৰ শত্ৰু হৈ পৰিল। আগতে আহিলে মায়ে ভাত কেইটামান দিছিল। সেইদিনাৰ পৰা দেখিলেই খেদা হ’ল। তাক দেখিলেই মাৰ্বল বা বাটলুগুটি লৈ এইম কৰি তাৰ পেটলৈ মাৰো। কেংকেকাই সি লৰ মাৰে। আকৌ মাৰো। তাৰ দুখ পালে মোৰ ৰং লাগে।

আমাৰ ঘৰৰ পৰা কেইঘৰমান এৰিয়েই বাটৰ কাষত এঘৰৰ এজোপা প্ৰকাণ্ড খেজুৰ গছ আছিল। খেজুৰ লগা দিনত সকলো লৰা-ছোৱালীয়ে খেজুৰ খাব যাওঁ। দলিয়াই পঠিওৱা সৰহভাগ শিলগুটি আধাৰ পৰাই উভতি আহে। গুল্টি খনেৰে যি পাৰো সৰাও।

ঐ চাও আহ¸ কোনে কিমান ওপৰলৈ মাৰিব পাৰে?

সৰু আপাৰ চেলেঞ্জ আমাক।

মোৰ সেউজীয়া ৰবৰডাল আটাইতকৈ দীঘল হৈ বলি আকাশ ফালি ওপৰলৈ যায়গৈ। সিঁহতে চাই থাকে। মোৰ নিজকে বেলেগ যেন লাগে। মোৰ উৎপাতত ককাৰ দিনৰ কাঠৰ ঘৰটোৰ মাৰলিত ঘৰচিৰিকাৰ জনসংখ্যা কমি আহিল। অলেখ হত্যা কৰাৰ পিছত চাগে সিঁহতৰ মিটিং বহিল। দেশ পৰিত্যাগ কৰিলে সিঁহতে।

: এই সামান্য জীৱটোক মাৰি কি পালি ক চোন! ইখিনি মাংসৰে পেটে ভৰিব নে মূৰে ভৰিব!

মাৰ স্পষ্ট অভিযোগ। কোনে শুনে মাৰ কথা। চিকাৰ কৰাৰ আনন্দৰ মোহত বন্দী আমি। ৰামায়ন মহাভাৰতৰ দিনৰ কোনোবা মহাবীৰ যেন লাগে নিজক। ৰবিবাৰে দুপৰীয়াটো হও চন্দ্ৰকান্তাৰ বিৰেন্দ্ৰ কুমাৰ¸ সৰু আপা তেজ সিং¸ কানু বদ্ৰীনাথ। সিতো চুবাৰ নকুলহঁতৰ লগত গুল্টি যুঁজ লাগে।

ক্লাছ চেভেন পোৱাৰ পিছত দুষ্টামি বাঢ়ি আহিল। ডাঙৰ হৈছো যেতিয়া অলপ ঘুৰিবও পৰা হলো। ৰঙা ৰেঞ্জাৰখন চলাই ঘুৰি ফুৰোঁ। গৰু চৰাবলৈ কোনোদিন পথাৰলৈ যাব লগা নহয়। তথাপি স্কুলবন্ধৰ দিনা পুৱাৰ ভাতসাঁজ খাই চিকাৰত ওলাই যাওঁ।

কৰদৈ জোপাত ফল লাগিলেই ক’ৰবাৰ পৰা তিঁয়াজাক আহি চব তহিলং কৰে। পুৱালৈ তলখনত কেঁচা কৰদৈৰ সৰু টুকুৰাবোৰ পৰি থাকে। মাঁহতৰ আফচোচ¸ গাঁওখনৰ ভিতৰত আমাৰ কৰদৈ জোপাই আটাইতকৈ ভাল। পকিলে একেবাৰে কমলা টেঙাৰ দৰে ৰসাল¸ সোৱাদ হয়। কাৰোবাৰ ঘৰত কিবা সবাহ পাতিলেই টক বনাবলৈ খুজিব আহে। আইতাই না নকৰে। কেতিয়াবা দিনতো তিঁয়াই তলখন লেতেৰা কৰে। মাৰ খং উঠে। সেইদিনা স্কুলৰ পৰা আহি তলখন লেতেৰা দেখি চিকাৰলৈ ওলালো। একান্তমনে কলকলাই চৰাইকেইটাই কেঁচা কৰদৈ খাই আছিল। দুইমিনিট এইম কৰি মাৰ্বলটো এৰি দিলোঁ। ধপধপাই তিঁয়া এটা পৰি গ’ল। ভাল লাগি গ’ল মনটো। আজি এবাৰতে বধ কৰিব পাৰিছো। বীৰত্বৰ চাক্ষুস প্ৰমাণ ওচৰৰ পৰা চাবলৈ কাষলৈ আগবাঢ়িছিলোহে¸ দেখিলো ডালৰ পৰা চৰাইবোৰ নামি আহিছে। পৰি থকা চৰাইটোৰ ওচৰতে ৰৈ কিবা কৈছে। সৰু পোৱালিটোৱে ঠোঁট লগাই চাইছে। এসময়ত ধপধপাই ধপধপাই চৰাইটো মৰিল। মনটো বেয়া লাগিল মোৰ। প্ৰথমবাৰৰ বাবে মৃত্যু দেখিলোঁ। ছে: ! বৰ বেয়া কাম এটা কৰিলোঁ। আজিলৈ বহুত বধ কৰিলোঁ¸ কিন্তু এনেকৈ দেখা নাছিলোঁ। মই কাষ পোৱাৰ লগে লগেই জাকটো উৰি গল। মায়ে দেখা পাই ইচ-ইচ আচ-আচ কৰি উঠিল। গালি খাই আজি মোৰ বেয়া নালাগিল। সেয়া মোৰ প্ৰাপ্য।

ব্লেডেৰে ৰবৰডাল কাটি গুল্টিখন চৌকাত সুমুৱাই দিলোঁ। মায়ে একো নক’লে। ৰাতিলৈ মনটো বেয়া লাগি থাকিল। সেইদিনাৰ পৰাই চিকাৰ অভিযান সমাপ্ত হ’ল।

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *